Class 5 Environment Chapter 7 আহাৰৰ প্ৰয়োজনীয়তাঅসমৰ সংস্কৃতি

Class 5 Environment Chapter 7 আহাৰৰ প্ৰয়োজনীয়তাঅসমৰ সংস্কৃতি, SEBA Chapter 7 আহাৰৰ প্ৰয়োজনীয়তাঅসমৰ সংস্কৃতি Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

আহাৰৰ প্ৰয়োজনীয়তাঅসমৰ সংস্কৃতি

Join Telegram channel

Chapter – 7

অনুশীলনী

১। উত্তৰ লিখা-

(ক) মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা।

উত্তৰঃ মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম হল সত্ৰীয়া নৃত্য আৰু ভাওনা।

(খ) চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা।

উত্তৰঃ চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম হল ডুগডুগী, সাতসৰী, গলপতা, জোনবিৰি আদি। 

(গ) তিনিবিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত তিনিবিধ বাদ্য যন্ত্ৰৰ নাম লিখা।

উত্তৰঃ তিনিবিধ নৃত্যৰ নাম হল বিহুগীত,সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য। গীতসমূহৰ লগত জড়িত তিনিবিধ বাদ্য যন্ত্ৰৰ নাম হল ঢোল, খোল, ভোৰতাল।

(ঘ) চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা।

উত্তৰঃ চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম হল- পিঠাগুড়ি, তিলপিঠা, ঘিলাপিঠা, টেকেলিপিঠা আদি।

(ঙ) শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা।

উত্তৰঃ শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম হ’ল- ৰংঘৰ আৰু অগ্নিগড়।

(চ) অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা।

উত্তৰঃ অসমত থকা দুটা মন্দিৰ নাম হ’ল- কামৰূপৰ নৱগ্রহ মন্দিৰ আৰু কামাখ্যা মন্দিৰ।

দুটা দৌল নাম হ’ল- শিৱদৌল আৰু জয়দৌল। 

দুখন সত্ৰৰ নাম হ’ল- আউনীআটি সত্ৰ আৰু  কমলাবাৰী সত্ৰ। 

২। খালী ঠাই পূৰ কৰা-

(ক) ব’হাগত__________________পালন কৰা হয়।

উত্তৰঃ ব’হাগত বহাগবিহু পালন কৰা হয়।

(খ) খেৰাই পূজা__________________পালন কৰে।

উত্তৰঃ খেৰাই পূজা বড়ো সকলে পালন কৰে।

(গ) বিহু_______________জাতীয় উৎসব।

উত্তৰঃবিহু জাতীয় উৎসব।

(ঘ) মিছিংসকলে_________________পালন কৰে।

উত্তৰঃ মিছিংসকলে ‘আলি-আয়ে-লৃগাং’ পালন কৰে।

(ঙ) কৰম পূজা__________________পালন কৰে।

উত্তৰঃ কৰম পূজা আদিবাসী সকলে পালন কৰে।

৩। অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে দহটা বাক্য লিখা।

উত্তৰঃ অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান উল্লেখযোগ্য। তেখেতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজখনক সমন্বয়ৰ দোলেৰে বান্ধিলে। মহাপুৰুষ শংকৰদৱেৰ অবিহনে অসমীয়া সংস্কৃতিৰ কথা ভাবিব নোৱাৰি। তেখেতে কীর্তন, দশম, গীত-মাত, ভাওনা- সবাহ, নামঘৰ, আৰু খোল-তালকে ধৰি ভিন্ন বাদ্যযন্ত্র আদিৰ সৃষ্টি কৰি অসমৰ সংস্কৃতিৰ বৰঘৰটি সুদৃঢ় কৰি থৈ গৈছে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নামঘৰক ‘জাতীয় নাটশালা’ কোৱা হয়। য’ত ভাওনা সবাহৰ উপৰি সমাজক আগুৱাই নিয়াৰ চৰ্চা চলে। তেখেতে সৃষ্টি কৰা সত্ৰীয়া নৃত্যই ভাৰতীয় নৃত্যকলাৰ লগত ফেৰ মাৰিব পৰা হ’ল। 

৪। চমুটোকা লিখা-

(ক) বিহু।

উত্তৰঃ অসমৰ জাতীয় উৎসৱ ‘বিহু’। বিহু তিনিটা- ব’হাগ মাহত ব’হাগ বা ৰঙালী বিহু, মাঘত মাঘ বিহু বা ভোগালী বিহু আৰু কাতিত কাতি বিহু। ব’হাগত কৃষকে পথাৰত ন-গুটি সিঁচে আৰু মাঘত খেতি চপায়। কাতিত ভৰা পথাৰ এখন কামনা কৰে আৰু খেতিডৰা পোক-পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ চাকি জ্বলায়। জাতি-ধর্ম নির্বিশেষে সকলো অসমীয়াই বিহু উৎসৱ পালন কৰে। জাতীয় উৎসৱ বিহু কৃষিভিত্তিক উৎসৱ। অসমৰ শতকৰা পয়সত্তৰ ভাগ মানুহ কৃষিৰ লগত জড়িত বাবে জাতি- জনজাতি সকলোৱেই মিলি এই উৎসৱ মানে। 

(খ) পুতলানাচ। 

উত্তৰঃ অসমৰ সংস্কৃতিৰ জগতখনত অতি প্রাচীন কালৰেপৰা প্ৰচলিত হৈ অহা এটা নাট্য অনুষ্ঠান হৈছে পুতলানাচ। সুত্ৰধাৰৰ সহায়ত পুতলাবোৰক নচুওৱা হয়। ৰামায়ণ, মহাভাৰত আদিৰ পৌৰাণিক কাহিনীবোৰ পুতলা চৰিত্ৰৰ সহায়ত উপস্থাদিন কৰা হয়। 

(গ) অসমীয়া ভাষা।

উত্তৰঃ অসমৰ স্থানীয় ভাষা হৈছে অসমীয়া ভাষা। ভাষাই সংস্কৃতিৰ ভেটি টনকিয়াল কৰে আৰু সকলোকে একগোট কৰি এখন বহল সমাজ গঢ়ি তোলাত সহায় কৰে। ভাষাটোৰ দুটা ৰূপ- এটা কথিত আৰু এটা লিখিত। অসমীয়া ভাষাই লিখিত ৰূপ পোৱাৰ আগতে মানুহৰ মুখে মুখে নানা গীত-পদ যেনে- বিহুনাম, আইনাম, বিয়ানাম, নিচুকনি গীত আদি কথিত ৰূপত প্রচলিত হৈ আছিল। এতিয়া এইবোৰ লিখিত ৰূপত পোৱা যায়। সেইদৰে ফকৰা-যোজনা, সাঁথৰ, সাধুকথা আদিও প্রচলিত। এই আটাইবিলাকে অসমীয়া সংস্কৃতিৰ পথাৰখন জীপাল কৰি ৰাখিছে।

(ঘ) সত্রীয়া নৃত্য।

উত্তৰঃ সত্রীয়া নৃত্যৰ জনক হৈছে মহাপুৰুষ শংকৰদেৱ।সত্রীয়া নৃত্যত তাল,খোল বাধ্য যন্ত্ৰৰ ব্যৱহাৰ কৰা হয়। মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা এই নৃত্যই ভাৰতীয় নৃত্য কলাৰ লগত ফেৰ মাৰিব পৰা হল।

(ঙ) উৎসৱ-পার্বণ।

উত্তৰঃ প্রতি জাতি-জনজাতিৰ নিজা নিজা জাতীয় উৎসৱ আছে, যিবোৰ জাতিৰ সকলোৱে মিলি উদযাপন কৰে। অসমৰ শতকৰা পয়সত্তৰ ভাগ মানুহ কৃষিৰ লগত জড়িত বাবে জাতি- জনজাতি সকলোৱেই মিলি উৎসৱ মানে। বিভিন্ন জাতি- জনজাতিৰ লোকসকলে নিজা নিজা ৰীতি-নীতিৰে তেওঁলোকে উৎসৱ পালন কৰে। বড়োসকলে বৈশাণ্ড, মিছিংসকলে ‘আলি-আয়ে-নৃগাং’, কার্বিসকলে হাছাকেকান পালন কৰে। ঠিক তেনেদৰে ডিমাছাসকলে বুচু ডিমা উৎসৱ পালন কৰে। উৎসৱ-পার্বণৰ যোগেদি জাতিৰ সংস্কৃতি প্রতিফলিত হয়।কিছুমান উৎসৱ ধৰ্মৰ সৈতেও জড়িত।

৫। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’‘খ’
তেজপুৰভূবন পাহাৰৰ মন্দিৰ
কামরূপটেগবাহাদুৰৰ গুৰুদ্বাৰ
গোৱালপাৰাঅগ্নিগড়
ধুবুৰীপোৱামক্কা
কাছাৰসূর্য পাহাৰ

উত্তৰঃ

‘ক’‘খ’
তেজপুৰঅগ্নিগড়
কামরূপপোৱামক্কা
গোৱালপাৰাসূর্য পাহাৰ
ধুবুৰীটেগবাহাদুৰৰ গুৰুদ্বাৰ
কাছাৰভূবন পাহাৰৰ মন্দিৰ

৬। এখন শৰাইৰ ছবি আঁকা-

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top