Class 5 Environment Chapter 3 বতৰ

Class 5 Environment Chapter 3 বতৰ, SEBA Chapter 3 বতৰ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 বতৰ Question Answer can be of great value to excel in the examination.

বতৰ

Join Telegram channel

Chapter – 3

অনুশীলনী

১। উত্তৰ লিখা-

(ক) বতৰ বুলিলে কি বুজা?

উত্তৰঃ বিভিন্ন সময়ত আমাৰ বায়ুমণ্ডলৰ অৱস্থাৰ সাল-সলনি – দিনৰ ভাগত সাধাৰণতে গৰম আৰু ৰাতি ঠাণ্ডা পৰে। কেতিয়াবা বতাহ বলে, কেতিয়াবা বৰষুণ হয় আৰু কেতিয়াবা ধুমুহা-গাজনি আদিও আহে। বায়ুমণ্ডলৰ এনে একো একোটা পৰিস্থিতিকে বতৰ বোলে।

(খ) ঋতু কেইটা আৰু কি কি?

উত্তৰঃ ঋতু ছটা – গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।

(গ) বতৰৰ আগজাননী মানে কি?

উত্তৰঃ ৰেডিঅ’, দূৰদৰ্শন, ইণ্টাৰনেট আদিৰ জৰিয়তে বতৰৰ বিষয়ে আগতীয়াকৈ জানিবপাৰোঁ।এনেজাননীক বতৰৰ আগজাননী বা বতৰৰ আগলি বতৰা বোলা হয়। 

(ঘ) বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম।

উত্তৰঃ বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম হল: থার্ম ‘মিটাৰ,বেৰ’মিটাৰ ,ৰেইনগ’জ।

(ঙ) কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্রস্তুত আৰু প্ৰচাৰ কৰে?

উত্তৰঃ ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে সমগ্র দেশখনৰ বাবে বতৰৰ আগজাননী প্রস্তুত আৰু প্ৰচাৰ কৰে। 

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’‘খ’
বায়ুৰ উষ্ণতাৰেইনগজ
বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণথার্ম’মিটাৰ
বৰষুণৰ পৰিমাণএনিম ‘মিটাৰ
বায়ুৰ গতিবেগহাইগ্র’মিটাৰ

উত্তৰঃ

‘ক’‘খ’
বায়ুৰ উষ্ণতাথার্ম’মিটাৰ
বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণহাইগ্র’মিটাৰ
বৰষুণৰ পৰিমাণৰেইনগজ
বায়ুৰ গতিবেগএনিম ‘মিটাৰ

৩। খালী ঠাই পূৰ কৰা-

(ক) গৰম দিনত পাতল ________কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক।

উত্তৰঃ গৰম দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক।

(খ) বতাহৰ দিশ জুখিবলৈ __________নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়।

উত্তৰঃ বতাহৰ দিশ জুখিবলৈ বায়ু দিশ-দৰ্শীসুচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়।

(গ) বায়ুমোজা বতাহৰ _______আৰু _______নির্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়।

উত্তৰঃ বায়ুমোজা বতাহৰ দিশ নির্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(ঘ) ধুমুহা আহিলে আকাশত _____মাৰে আৰু মেঘেও গাজে।

উত্তৰঃ ধুমুহা আহিলে আকাশত বিজুলী ঢেৰেকণি মাৰে আৰু মেঘেও গাজে।

৪। বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয়?

উত্তৰঃ ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে সমগ্র দেশখনৰ বাবে বতৰৰ আগজাননী প্রস্তুত আৰু প্ৰচাৰ কৰে। ৰেডিঅ’, দূৰদৰ্শন, ইণ্টাৰনেট আদি  মাধ্যমৰ জৰিয়তে বতৰৰ আগজাননী দিয়া হয়। 

৫। চমু টোকা লিখা-

(ক) ৰেইনগজ। 

(খ) কৃত্রিম উপগ্রহ। 

(গ) বতৰ বিজ্ঞান কেন্দ্র। 

(ঘ) খৰাং বতৰ। 

(ঙ) ফৰকাল বতৰ।

(ক) ৰেইনগজ।

উত্তৰঃ ৰেইনগজ বৰষুণৰ পৰিমাণ জোখা এবিধ সঁজুলি। বতৰৰ বিজ্ঞানত এই যন্ত্ৰটো গছ- গছনিৰ পৰা কাষত নাৰাখি মুকলি ঠাইত ৰখা হয়।যাতে বৰষুণ সঠিক পৰিমানে জুখিব পাৰে।

(খ) কৃত্রিম উপগ্রহ।

উত্তৰঃ পৃথিৱীৰ পৰা উৎক্ষেপণ কৰা যিবোৰ পদাৰ্থ গোটে কোনো ইন্ধন ব্যৱহাৰ নকৰাকৈ নিৰ্দিষ্ট কক্ষপথত পৃথিৱীক প্রদক্ষিণ কৰি আছে, সেইবোৰকে কৃত্রিম উপগ্রহ বোলে। উন্নত যোগাযোগ ব্যৱস্থা, বতৰৰ আগজাননী দিয়া, প্রাকৃতিক সম্পদ অনুসন্ধান, বহির্বিশ্বৰ পর্যবেক্ষণ আদি কার্য সমাধা কৰাই মূল উদ্দেশ্য।

(গ) বতৰ বিজ্ঞান কেন্দ্র।

উত্তৰঃ বতৰৰ বিভিন্ন তথ্য-পাতি সম্বন্ধে আমাক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে। বতৰৰ তথ্য-পাতি লাভ কৰিবলৈ বতৰ বিজ্ঞান কেন্দ্রত কিছুমান সঁজুলি ব্যৱহাৰ কৰা হয়। এনে কেইটামান সঁজুলি হল থার্ম ‘মিটাৰ ,বেৰ’মিটাৰ ,ৰেইনগ’জ,দিক-দর্শীসূচক,বায়ু মোজা ,এনিম’মিটাৰ,হাইগ্র‘মিটাৰ।

(ঘ) খৰাং বতৰ।

উত্তৰঃ কেতিয়াবা বহুদিন ধৰি বৰষুণ নহ’ব পাৰে। দীর্ঘদিন ধৰি বৰষুণৰ অভাৱত বতৰ শুকান হৈ পৰে। ঠায়ে ঠায়ে মাটিত ছিবাল-ফাঁট মেলে। এনে বতৰক খৰাং বতৰ বা শুকান বতৰ বুলি কোৱা হয়। খৰাং  বতৰত খেতিয়কৰ বহুধৰণৰ সমস্যা হয় পানী নোহোৱা হলে খেতিয়ক খেতি কৰিব নোৱাৰে।

(ঙ) ফৰকাল বতৰ।

উত্তৰঃ যেতিয়া আকাশত ডাৱৰ নাথাকে, তেতিয়া আকাশখন ফৰকাল হৈ থাকে। সাধাৰণতে পুৱা আৰু আবেলি বতৰ অলপ ঠাণ্ডা থাকে যদিও দুপৰীয়া তুলনামূলকভাবে গৰম বেছি হয়। এনেকুৱা বতৰ হৈছে ফৰকাল বতৰ। ফৰকাল বতৰত সকলো ধৰণৰ কাম-কাজ কৰিবলৈ সুবিধা।

৬। বতৰ অনুযায়ী আমাৰ সাজ-পাৰ কেনেধৰণৰ হ’ব লাগে লিখা।

উত্তৰঃ বতৰ অনুযায়ী আমাৰ সাজ-পাৰ বতৰৰ লগত মিলাই পিন্ধিব লাগে।গৰমৰ দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। বেছিকৈ বৰষুণ বা বতাহ দিলে  আমাৰ ঠাণ্ডা লাগে তেনেকুৱা বতৰত আমি ডাঠ কাপোৰ পিন্ধাটো ভাল।

৭। কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে?

উত্তৰঃবতৰৰ আগজাননীয়ে সহায় কৰা কাম বোৰ হল খেতিয়ক,জাহাজৰ নাৱিক,বৈমানিক বা বিমান-চালক

সাগৰত মাছ মৰা মাছমৰীয়া,পৰ্বতাৰোহণকাৰী ইত্যাদি।

৮। বতৰৰ উপাদানকেইটাৰ নাম কি কি?

উত্তৰঃ বায়ুমণ্ডলৰ উষ্ণতা, চাপ, বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, বায়ুত থকা জলীয় বাষ্প আদি এইবোৰ হৈছে বতৰৰ একো একোটা উপাদান। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top