Class 5 Environment Chapter 5 আহাৰৰ প্ৰয়োজনীয়তা

Class 5 Environment Chapter 5 আহাৰৰ প্ৰয়োজনীয়তা, SEBA Chapter 5 আহাৰৰ প্ৰয়োজনীয়তা Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 আহাৰৰ প্ৰয়োজনীয়তা Question Answer can be of great value to excel in the examination.

আহাৰৰ প্ৰয়োজনীয়তা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Chapter – 5

অনুশীলনী

১। চমুকৈ উত্তৰ লিখা-

(ক) আমাক কিয় আহাৰৰ প্ৰয়োজন হয়?

উত্তৰঃ জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। আহাৰৰ পৰাই আমি কাম কৰিবলৈ শক্তি পাওঁ। আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত আহাৰে সহায় কৰে।

(খ) খাদ্যত থকা উপাদানবোৰ কি কি?

উত্তৰঃ খাদ্যত থকা ছয়বিধ উপাদান হ’ল- শৰ্কৰা, প্ৰ’টিন, চর্বী, ভিটামিন, খনিজ লবণ আৰু পানী।

(গ) সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰৰ কিয় প্রয়োজন?

উত্তৰঃ আমাৰ শৰীৰক নিতৌ প্রয়োজন হোৱা আটাইবোৰ উপাদান একেবিধ আহাৰত পোৱা নাযায়। যিবোৰ আহাৰত শৰ্কৰা, প্ৰ’টিন, চর্বী, ভিটামিন আৰু খনিজ লবণ প্রয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰই হৈছে সুষম আহাৰ। সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধি আৰু নিৰোগী হৈ থকাত সহায় কৰে। সুষম খাদ্য নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ অভাৱ হয়। এবিধ বা ততোধিক উপাদানৰ অভাৱত শৰীৰত বেমাৰৰ সৃষ্টি হ’ব পাৰে সেইবাবে সুষম আহাৰৰ প্রয়োজন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে?

উত্তৰঃ পানীয়ে আহাৰ সহজে হজম হোৱাত সহায় কৰে।পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱৰূপে বাহিৰ কৰাত সহায় কৰে।পানীয়ে শৰীৰ শীতল কৰি ৰাখে।পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে সেইবাবে আমি যথেষ্ট পৰিমাণে পানী খাব লাগে।

২। খালী ঠাই পূৰ কৰা-

(ক) জীয়াই থাকিবৰ বাবে _____________ প্রয়োজন।

উত্তৰঃ জীয়াই থাকিবৰ বাবে আহাৰৰ প্রয়োজন।

(খ) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হ’ল _________________।

উত্তৰঃ আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হ’ল প্ৰটিন।

(গ) সেউজীয়া শাক-পাচলি আৰু ফল-মূলত ____________ আৰু __________ থাকে।

উত্তৰঃ সেউজীয়া শাক-পাচলি আৰু ফল -মূলত ভিটামিন আৰু খনিজ থাকে।

(ঘ) প্রয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক ________________ আহাৰ বোলে।

উত্তৰঃ প্রয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক সুষম আহাৰ বোলে।

(ঙ) ভিটামিন ____________ ৰ অভাৱত চকুৰ দৃষ্টি শক্তি কমে।

উত্তৰঃ ভিটামিন A ৰ অভাৱত চকুৰ দৃষ্টি শক্তি কমে।

৩। ‘ক’অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’‘খ’
আমাৰ শৰীৰক শক্তি দিয়া উপাদান বিধ হ’লকেলচিয়াম
শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণ বিধ হ’ল লো
তেজৰ গঠনত সহায় কৰা খনিজ লৱণ বিধ হ’লগৰল
আয় ‘ডিনৰ অভাৱত হোৱা বেমাৰ বিধ হ’লশর্কৰা

উত্তৰঃ

‘ক’‘খ’
আমাৰ শৰীৰক শক্তি দিয়া উপাদান বিধ হ’লশর্কৰা
শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণ বিধ হ’ল কেলচিয়াম
তেজৰ গঠনত সহায় কৰা খনিজ লৱণ বিধ হ’ললো
আয় ‘ডিনৰ অভাৱত হোৱা বেমাৰ বিধ হ’লগৰল

৪। শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা-

(ক) আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ’ল- গাখীৰ আৰু দৈ/চর্বী আৰু প্র টিন/ভিটামিন আৰু খনিজ লৱণ।

উত্তৰঃ আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ’ল ভিটামিন আৰু খনিজ লৱণ।

(খ) দীর্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়- বেৰিবেৰি/কুকুৰীকণা/অভাৱজনিত ৰোগ।

উত্তৰঃ দীর্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক অভাৱজনিত ৰোগ বুলি কোৱা হয়।

(গ) ভিটামিন C অধিক পৰিমাণে থকা খাদ্য হ’ল- গাখীৰ/ আমলখি/ছয়াবিন।

উত্তৰঃ ভিটামিন C অধিক পৰিমাণে থকা খাদ্য হ’ল আমলখি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top