Class 5 Environment Chapter 8 জীৱন ধাৰণৰ প্ৰণালী, SEBA Chapter 8 জীৱন ধাৰণৰ প্ৰণালী Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.
জীৱন ধাৰণৰ প্ৰণালী
Chapter – 8
পৰিৱেশ অধ্যয়ন
পাঠভিত্তিক প্রশ্নোত্তৰ
প্রশ্ন ১। উত্তৰ লিখা :
(ক) গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি ? তেওঁলোকে কি কি খেতি কৰে ?
উত্তৰঃ গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকাৰ উপায় হ’ল কৃষি। সাধাৰণতে গাঁৱৰ লোকসকলে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, কুঁহিয়াৰ, নানা প্ৰকাৰৰ শাক-পাচলিৰ খেতি কৰে।
(খ) চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি খেতি কৰে ?
উত্তৰঃ চৰ অঞ্চলত বাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। তেওঁলোকে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা তৰমুজ আদিৰ খেতি কৰে।
(গ) ঝুম খেতি কাক বোলে ? এই কৃষি পদ্ধতিৰে কি কি খেতি কৰা হয় ?
উত্তৰঃ পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি কৰা খেতিকে ঝুম খেতি বোলে। এই পদ্ধতিৰে আহু ধান, মাকৈ, তিল, আদা, হালধী আদি খেতি কৰা হয়।
(ঘ) নৈৰ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে ?
উত্তৰঃ নৈৰ পাৰৰ লোকসকলে কৃষি কাৰ্যৰ লগতে মৎস্যজীৱি হিচাপে জীৱিকা নির্বাহ কৰে। কিছুমান লোকে মীন পালন কৰি অর্থ উপার্জন কৰে। গৰু, ছাগলী, হাঁহ-কুকুৰা, গাহৰি আদি পালন কৰিও এই অঞ্চলৰ মানুহে জীৱিকা নিৰ্বাহ কৰে।
(ঙ) চাহ বাগিচাৰ শ্ৰমিকসকল কি কি কামৰ লগত জড়িত ?
উত্তৰঃ চাহ বাগিচাৰ শ্ৰমিকসকলে বাগানৰ কুমলীয়া পাত চিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰ-পাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত থাকে।
প্রশ্ন ২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :
‘ক’ অংশ | ‘খ’ অংশ |
প্রাকৃতিক দিশৰ পৰা অসম এখন অসমৰ ভৈয়াম আৰু পাহাৰৰ দুয়ো অঞ্চলত আদিম মানুহে চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে | অঘৰী জীৱন যাপন কৰিছিল। চহকী ৰাজ্য ৰবি শস্য কৰে। চাহ বাগিচা দেখা যায়। |
উত্তৰঃ
‘ক’ অংশ | ‘খ’ অংশ |
প্রাকৃতিক দিশৰ পৰা অসম এখন অসমৰ ভৈয়াম আৰু পাহাৰৰ দুয়ো অঞ্চলত আদিম মানুহে চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে | চহকী ৰাজ্য চাহ বাগিচা দেখা যায়। অঘৰী জীৱন যাপন কৰিছিল। ৰবি শস্য কৰে। |
প্রশ্ন ৩। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধটো বাছি উলিয়াই শুদ্ধকৈ লিখা।
(ক) প্রাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল।
(খ) উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকাৰ মূল উপায়।
(গ) নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান-বাহনৰ সংখ্যা কম।।
(ঘ) কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছুমান লোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে।
(ঙ) চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে।
উত্তৰঃ (ক) প্রাচীন কালত মানুহে অঘৰী জীৱন যাপন কৰিছিল।
(খ) চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকাৰ মূল উপায়।
(গ) নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান-বাহনৰ সংখ্যা কম।
(ঘ) কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছুমান লোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে।
(ঙ) চৰ অঞ্চলত বাস কৰা মানুহে সাধাৰণতে ৰবি শস্য কৰে।
প্রশ্ন ৪। জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল ?
উত্তৰঃ আদিম মানৱে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘুৰি ফুৰি থকা অৱস্থাত ঘটনাক্রমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল। সেই ফিৰিঙতিয়ে শুকান ডাল পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল।
প্রশ্ন ৫। আদিম কালত মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ আদিম মানবে বিভিন্ন কামত শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। এই শিলৰ সঁজুলিবোৰ তেওঁলোকে নিজৰ কামত উপযোগীকৈ গঢ় দি লৈছিল। চিকাৰ কৰিবলৈ, খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। তেওঁলোকে ছবি আঁকিবলৈ শিলৰ জোঙা আৰু মিহি সঁজুলি ব্যৱহাৰ কৰিছিল। তেওঁলোকে শিলৰ কোৰ তৈয়াৰ কৰি লৈছিল।
প্রশ্ন ৬। পার্থক্য লিখা :
(ক) গাঁও আৰু চহৰ
উত্তৰঃ গাঁও আৰু চহৰৰ মাজত ভালেমান পার্থক্য আছে। প্রথমতে, গাঁৱতকৈ চহৰত জনসংখ্যা বেছি আৰু ঘন বসতি। দ্বিতীয়তে, গাঁও অঞ্চলতকৈ চহৰ অঞ্চলত বসবাসৰ সুবিধা বেছি। গাঁৱতকৈ চহৰৰ বাটপথ বহল, যাতায়াতৰ বাবে সুচল গাঁৱতকৈ চহৰৰ যান বাহনৰ সংখ্যা অধিক। গাঁৱতকৈ চহৰত চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান আদি বেছি। চহৰ অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা চাকৰি আৰু ব্যৱসায় কিন্তু গাঁৱৰ মানুহৰ প্ৰধান জীৱিকাৰ উপায় কৃষি। গাঁৱৰ তুলনাত চহৰত বহুতো উদ্যোগ আৰু কল-কাৰখানা আছে। গাঁৱত উদ্যোগ আদি নাই বুলিবই পাৰি। গাঁৱতকৈ চহৰত শিক্ষিত লোকৰ সংখ্যা বেছি।
(খ) ভৈয়াম আৰু পাহাৰ
উত্তৰঃ ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি কিন্তু পাহাৰৰ ঠাইবোৰ ওখ চাপৰ। পাহাৰৰ যাতায়াত ব্যৱস্থা ভৈয়ামৰ দৰে সুচল নহয়। ভৈয়ামতকৈ ‘পাহাৰ অঞ্চলৰ মানুহৰ জীৱন প্ৰণালী কঠিন। পাহাৰীয়া অঞ্চলত ঝুমখেতি কৰে, কিন্তু ভৈয়ামত ঝুম খেতি কৰা নহয়। ভৈয়ামত নদ-নদী দেখা যায়। ভৈয়াম আৰু পাহাৰৰ মানুহৰ মাজত ৰীতি-নীতি আৰু পৰম্পৰা আদিৰো বহু ক্ষেত্ৰত ভিন্নতা দেখা যায়।
অতিৰিক্ত প্রশ্নোত্তৰ
প্রশ্ন ১। আদিম মানৱৰ জীৱন ধাৰণৰ প্ৰণালী সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ প্রাচীন কাল মানুহৰ জীৱন ধাৰণৰ প্ৰণালী বৰ্তমানৰ দৰে নাছিল। তেওঁলোকে খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিছিল। তেওঁলোকে চিকাৰ কৰি পোৱা প্ৰাণীৰ মঙহ আৰু গছৰ ফল-মূল, গুটি, শিপা, বনৰীয়া শস্য আদি সংগ্রহ কৰি খাইছিল। তেওঁলোকে প্রথমতে সকলো বস্তু কেঁচাই খাইছিল। ৰ’দ, বতাহ, বৰষুণৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে গছৰ খোৰোং, পৰ্বতৰ গুহা আদিত আশ্ৰয় লৈছিল। তেওঁলোকে লজ্জা নিবাৰণৰ বাবে গছৰ বাকলি, পাত, প্ৰাণীৰ ছাল আদি পিন্ধিছিল। তেওঁলোকে দল বান্ধি ফুৰিছিল। আদিম মানৱে বিভিন্ন কামত শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। আজৰি সময়ত তেওঁলোকে শিলৰ সঁজুলিৰে ছবি আঁকিছিল। তেওঁলোকে সৌভাগ্যক্রমে শিলৰ ঘঁহনিৰ ফলত সৃষ্টি হোৱা জুইৰ সম্ভেদ পাইছিল। প্রাচীন কালত মানুহৰ জীৱন বৰ কষ্টকৰ আছিল যদিও বৰ সহজ-সৰল আছিল। তেওঁলোকে অঘৰী অৱস্থাৰ পৰা খেতি কৰা অৱস্থা পাবলৈ হাজাৰ হাজাৰ বছৰ লাগিছিল। খেতি কৰিবলৈ শিকাৰ লগে লগে তেওঁলোকে স্থায়ীভাৱে থাকিবলৈ লয়।
প্রশ্ন ২। আদিম মানৱে শিলৰ সঁজুলিৰে কেনেকুৱা ছবি আঁকিছিল ?
উত্তৰঃ আদিম মানৱে শিলৰ সঁজুলিৰে বিভিন্ন প্রাণী, চৰাই, ফুল আদিৰ ছবি আঁকিছিল। ছবিবোৰত তেওঁলোকে প্রাকৃতিকভাৱে তৈয়াৰ কৰা বিভিন্ন ৰং বোলাই অতি আকর্ষণীয় কৰি তুলিছিল।
প্রশ্ন ৩। শিলৰ যুগ বুলিলে কি বুজা ?
উত্তৰঃ আদিম মানৱে শিলৰ সঁজুলি ব্যৱহাৰ কৰা যুগটোক শিলৰ যুগ বোলে।
প্রশ্ন ৪। আদিম মানৱে কেনেদৰে বিনিময় প্ৰা’ৰ প্ৰয়োগ কৰিছিল ?
উত্তৰঃ আদিম মানৱে ‘বিনিময় প্রথা’ৰে নিজৰ ভাগত বেছিকৈ থকা খাদ্যবস্তুবোৰ পৰস্পৰৰ মাজত সাল-সলনি কৰি নিজৰ বাবে দৰকাৰী বস্তুৰ চাহিদা পূৰণ কৰিছিল।
প্রশ্ন ৫। ‘পাণিক’ নামৰ দলটোৱে কিয় অৰণ্যত ঘূৰি ফুৰিছিল ?
উত্তৰঃ পাণিক নামৰ দলটোৱে খাদ্যৰ বাবে অৰণ্যত ঘূৰি ফুৰিছিল।
প্রশ্ন ৬। পাণিকসকলক কোনে খেদি পঠিয়াইছিল ?
উত্তৰঃ পাণিকসকলক কেকয় নামৰ এটা শক্তিশালী দলে খেদি পঠাইছিল।
প্রশ্ন ৭। অসমৰ কোনখন জিলাত আদিম মানৱে ব্যৱহাৰ কৰা শিলৰ সঁজুলি পোৱা গৈছে ?
উত্তৰঃ অসমৰ ডিমা হাছাও হাডিং নামৰ ঠাইত আদিম মানবে জিলাৰ দাওজালি ব্যৱহাৰ কৰা শিলৰ সঁজুলি পোৱা গৈছে।
প্রশ্ন ৮। আদিম মানৱে কি কি প্রাণী পুহিছিল ?
উত্তৰঃ আদিম মানৱে গৰু, ছাগলী, গাহৰি, ভেড়া, ঘোঁৰা, গাধ, কুকুৰ আদি পুহিছিল।
প্রশ্ন ৯। আদিম মানৱে পোহা প্ৰাণীবোৰ কি কি কামত ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ আদিম মানৱে পোহনীয়া প্ৰাণীবোৰ খেতিৰ কামত, বস্তু কঢ়িওৱা কার্যত, খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁলোকে চিকাৰত সহায় কৰা, ঘৰ পহৰা দিয়া আদি কামত কুকুৰ ব্যৱহাৰ কৰিছিল।
প্রশ্ন ১০। অসম ৰাজ্যখন কোনবোৰ প্ৰাকৃতিক উপাদানেৰে গঠিত ?
উত্তৰঃ আমাৰ অসম ৰাজ্যখন পাহাৰ, মালভূমি, সমভূমি, নদ-নদী, উপত্যকা, চৰ চাপৰি আদি প্ৰাকৃতিক উপাদানেৰে গঠিত।
প্রশ্ন ১১। বৰ্তমান অসমৰ গাঁৱৰ সংখ্যা কিমান ?
উত্তৰঃ বৰ্তমান অসমত প্ৰায় ২৬ হাজাৰখন গাঁও আছে।
প্রশ্ন ১২ ৷ অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম কি ?
উত্তৰঃ অসমৰ পাহাৰীয়া জিলা দুখন হ’ল কাৰ্বি আংলং আৰু ডিমা হাছাও।
প্রশ্ন ১৩। ভৈয়ামৰ মাটি কিয় কৃষিৰ বাবে উপযোগী ?
উত্তৰঃ ভৈয়ামৰ মাটি পলসুৱা বাবে কৃষিৰ বাবে উপযোগী।
প্রশ্ন ১৪। চৰ অঞ্চলত ৰবি শস্য ভাল হয় কিয় ?
উত্তৰঃ চৰ অঞ্চলত মাটি পলসযুক্ত বালিচঁহীয়া। সেয়ে এনে মাটিত ৰবি শস্য ভাল হয়। বিশেষকৈ খৰালি কালত প্ৰচুৰ পৰিমাণে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে।
প্রশ্ন ১৫। পাহাৰীয়া অঞ্চলত কোন সময়ত পানীৰ অভাৱ হয় ?
উত্তৰঃ পাহাৰীয়া অঞ্চলত বিশেষকৈ খৰালি কালত পানীৰ অভাৱ হয়।
প্রশ্ন ১৬। চহৰ অঞ্চল বুলিলে কি বুজা ?
উত্তৰঃ শিল্প, বাণিজ্য, চাকৰি ব্যৱসায় আদিৰ সুবিধা থকা আৰু উন্নত শিক্ষা, চিকিৎসা, যাতায়াত, বিজুলী; পানী আদিৰ ব্যৱস্থা থকা ঘন জনবসতিপূর্ণ অঞ্চল সমূহেই হ’ল চহৰ অঞ্চল।
প্রশ্ন ১৭। এখন গাঁৱৰ দৃশ্য অংকন কৰা।
উত্তৰঃ

প্রশ্ন ১৮। মধ্য প্রদেশৰ কোনটো গুহাৰ ভিতৰত প্ৰাচীন কালৰ মানুহে অঁকা বিভিন্ন ছবি উদ্ধাৰ হৈছে ?
উত্তৰঃ মধ্য প্রদেশৰ ভীম বেট্কা গুহাৰ ভিতৰত প্ৰাচীন কালৰ মানুহে অঁকা বিভিন্ন ছবি উদ্ধাৰ হৈছে।
প্রশ্ন ১৯। শুদ্ধ আৰু অশুদ্ধ বিচাৰ কৰা।
(ক) চহৰৰ জনবসতি পাতল।
(খ) পাহাৰীয়া অঞ্চলত জনবসতি ঘন।
(গ) ভৈয়ামত জনবসতি ঘন।
(ঘ) চৰ অঞ্চলত খাৰিফ শস্য অধিক হয়।
(ঙ) পাহাৰীয়া অঞ্চলৰ মানুহে চাকৰিও কৰে।
(চ) ঝুম খেতি মাটিত ঢাপ কাটি কৰে।
(ছ) অসমত ব্যক্তিখণ্ডৰ কিছুমান চাহ বাগিচা আছে।
(জ) চাহ-বাগান অঞ্চলত স্কুলৰ ব্যৱস্থা নাই।
(ঝ) পাহাৰীয়া অঞ্চলৰ মানুহ এলেহুৱা।
(ঞ) গাঁৱতো চাকৰিজীৱী আছে।
উত্তৰঃ (ক) অশুদ্ধ (খ) অশুদ্ধ (গ) শুদ্ধ (ঘ) অশুদ্ধ (ঙ) শুদ্ধ (চ) শুদ্ধ (ছ) শুদ্ধ (জ) অশুদ্ধ (ঝ) অশুদ্ধ (ঞ) শুদ্ধ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.