Class 5 Environment Chapter 9 পৰিৱেশ প্ৰদূষণ

Class 5 Environment Chapter 9 পৰিৱেশ প্ৰদূষণ, SEBA Chapter 9 পৰিৱেশ প্ৰদূষণ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

পৰিৱেশ প্ৰদূষণ

Join Telegram channel

Chapter – 9

অনুশীলনী

১। উত্তৰ লিখা-

(ক) পৰিৱেশ প্ৰদূষণ মানে কি বুজা?

উত্তৰঃ কেতিয়াবা অলাগতিয়াল পদার্থ বা বস্তু কিছুমান বায়ু, পানী আৰু মাটিৰ লগত মিহলি হৈ পৰে। তেনে অৱস্থাত আমাৰ পৰিৱেশৰ বায়ু, পানী আৰু মাটি প্ৰদূষিত হোৱাকে পৰিৱেশ প্ৰদূষণ  বুলি কোৱা হয়। 

(খ) প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ প্ৰদূষণ তিনি প্ৰকাৰৰ হল বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ,পানী প্ৰদূষণ।

(গ) বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা।

উত্তৰঃ বায়ু প্ৰদূষণৰ দুটা কাৰণ হ’ল- 

(১) পৰাপক্ষত যান-বাহনৰ ব্যৱহাৰ বেছি কৰাৰ বাবে বায়ু প্ৰদূষণ হয়।

(২) উদ্যোগৰপৰা ধোঁৱা ওলোৱা চিমনীবোৰৰ পৰাও বায়ু প্ৰদূষণ হয়।

(ঘ) পানী প্রদূষণে কি কি দিশত প্ৰভাৱ পেলাব পাৰে যিকোনো দুটা দিশ উল্লেখ কৰা।

উত্তৰঃ পানী প্রদূষণে প্ৰভাৱ পেলোৱা দুটা দিশ:

(১) উদ্যোগবোৰৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদার্থ নৈ, জান, জুৰি আদিৰ পানীত মিহলি হৈ পানী প্রদূষিত কৰে।

(২) নদ-নদী, জান-জুৰি, পুখুৰী আদিৰ পানী, মানুহৰ বিভিন্ন কাৰ্য, যেনে-গা-ধোৱা, কাপোৰ ধোৱা, শৌচ-প্ৰস্ৰাৱ কৰা, বাচন-বর্তন ধোৱা, গৰু-ম’হক গা-ধুওৱা, জাবৰ-জোঁথৰ পেলোৱা, মৃত প্রাণী পেলোৱা আদিৰ ফলত প্ৰদূষিত হয়। 

(ঙ) মাটি প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ মাটি প্ৰদূষণৰ দুটা কাৰণ:

(১) মাটি প্রদূষণৰ এটা প্রধান কাৰণ হৈছে মাটিত ৰাসায়নিক সাৰৰ প্ৰয়োগ। অধিক শস্য উৎপাদনৰ বাবে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত খাদ্যৰ উৎপাদন বৃদ্ধি পায় যদিও ইয়াৰ ফলত মাটিৰ গুণাগুণ নষ্ট হয়।

(২) শাক-পাচলিৰ পেলনীয়া অংশ, ঘৰুৱা আবর্জনা, পেলনীয়া খাদ্য, মলমূত্র আদি আবর্জনাবোৰ মাটিত য’তে ত’তে পেলোৱাৰ ফলত সেইবোৰ গেলি-পচি গৈ নানা বীজাণুৰ সৃষ্টি হৈ মাটি প্ৰদূষিত কৰে।

(চ) পৰিৱেশত শব্দ প্রদূষণ কেনেদৰে সৃষ্টি হয়?

উত্তৰঃ মানুহৰ বিভিন্ন কাৰ্যৰ বাবে সৃষ্টি হোৱা অত্যধিক শব্দই পৰিৱেশত শব্দ প্ৰদূষণৰ সৃষ্টি কৰে।

সেইবোৰ হৈছে-

(ক) অপ্রয়োজনত ডাঙৰকৈ গাড়ীৰ হৰ্ণ বজোৱা।

(খ) ডাঙৰকৈ মাইক, বেডিঅ’, মিউজিক ছিষ্টেম, বাদ্যযন্ত্র আদি বজোৱা।

(গ) ফটকা, আতদ্বাজী আদি ফুটোৱা।

(ঘ) কল-কাৰখানাৰ যন্ত্রপাতি আদিয়ে সৃষ্টি কৰা শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে।

২। খালী ঠাই পূৰ কৰা-

(ক) পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক ________________ বুলি কোৱা হয়।

উত্তৰঃ পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক  প্ৰদূষক বুলি কোৱা হয়।

(খ) ইন্ধন জ্বলালে বায়ুমণ্ডলত ____________গেছৰ পৰিমাণ বাঢ়ি যায়।

উত্তৰঃ ইন্ধন জ্বলালে বায়ুমণ্ডলত  কাৰ্বন-ডাই-অক্সাইড  গেছৰ পৰিমাণ বাঢ়ি যায়।

(গ) কৃষি কার্যত ৰাসায়নিক সাৰৰ সলনি_______সাৰ ব্যৱহাৰ কৰিব লাগে।

উত্তৰঃ কৃষি কার্যত ৰাসায়নিক সাৰৰ সলনি কীটনাশক দ্ৰব্য সাৰ ব্যৱহাৰ কৰিব লাগে।

(ঘ) শব্দ প্ৰদূষণৰ ফলত মানুহৰ____________শক্তি কমি যাব পাৰে।

উত্তৰঃ শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে।

(ঙ) পৰিৱেশৰ সকলোবোৰ উপাদান__________কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব।

উত্তৰঃ পৰিৱেশৰ সকলোবোৰ উপাদান প্ৰদূষণমুক্ত কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব।

৩। তলৰ বাক্যবোৰ শুদ্ধকৈ লিখা-

(ক) যান-বাহনৰপৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত নকৰে।

উত্তৰঃ যান-বাহনৰপৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে।

(খ) উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব নালাগে।

উত্তৰঃ উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব লাগে।

(গ) সৌৰশক্তিৰ পৰিৱৰ্তে কয়লা, পেট্র’ল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে।

উত্তৰঃ কয়লা, পেট্র’ল আদিৰ পৰিৱৰ্তে সৌৰশক্তি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে।

(ঘ) পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব নোৱাৰি।

উত্তৰঃ পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি।

(ঙ) বৰষুণৰ পানী সংৰক্ষণ কৰিব নালাগে।

উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে।

৪। বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল’ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল’ব পৰা দুটা ব্যৱস্থা:

(১) গছৰ পাতে বায়ুত থকা ধূলিকণা ধৰি বায়ু নিৰ্মল কৰি ৰাখে। উদ্যোগৰ ওচৰে-পাজৰে যথেষ্ট গছপুলি ৰোপণ কৰিব লাগে। উদ্ভিদে উদ্যোগৰপৰা ওলোৱা কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ হ্রাস কৰি বায়ু নির্মল কৰে।

(২) কয়লা, পেট্র’ল, ডিজেল, কেৰাচিন আদিৰ পৰিৱৰ্তে সৌৰশক্তি, গোবৰ গেছ আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি।

৫। পানী প্রদূষণ ৰোধ কৰিব পৰা যিকোনো তিনিটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ পানী প্রদূষণ ৰোধ কৰিব পৰা যিকোনো তিনিটা ব্যৱস্থা হল:

(১) কৃষিকার্যত ব্যৱহাৰ কৰা নানা প্ৰকাৰৰ কীটনাশক দ্রব্য, ৰাসায়নিক সাৰ আদি বৰষুণৰ পানীৰ লগত উটি গৈ নৈ, বিল, খাল, হ্রদ, পুখুৰী আদিত পৰি পানী প্ৰদূষিত কৰে। ইয়াৰ ফলত বহুতো জলজ প্রাণী মৃত্যুৰ মুখত পৰে।

(২) শক্তি উৎপাদনৰ প্ৰকল্প আৰু আন আন উদ্যোগ সমূহৰপৰা নিৰ্গত উত্তপ্ত পানী যেতিয়া নৈ, জান, জুৰি, হ্রদ আদিত পেলোৱা হয়, পানী প্রদূষণ তেতিয়া পানীৰ উত্তাপ বৃদ্ধি পায়, যাৰ ফলত পানীত থকা মাছকে ধৰি অন্যান্য প্রাণীসমূহ বাচি থাকিব নোৱৰা হয়।

(৩) চহৰ অঞ্চলত নলা-নর্দমাৰ লেতেৰা পানী নৈ, বিল, হ্রদ আদিত পেলোৱাৰ ফলত পানী প্রদূষিত হয়।

৬। মাটি প্রদূষণ কেনেদৰে ৰোধ কৰিব পাৰি লিখা।

উত্তৰঃ মাটি প্রদূষণ শাক-পাচলিৰ পেলনীয়া অংশ, ঘৰুৱা আৱৰ্জনা, পেলনীয়া খাদ্য, মলমূত্র আদি আৱৰ্জনাবোৰ মাটিত য’তে ত’তে নেপেলাই একে ঠাইতে জমা কৰি আমি ৰোধ কৰিব পাৰো।

৭। শব্দ প্রদূষণৰ ফলত কি কি সমস্যাৰ সৃষ্টি হ’ব পাৰে?

উত্তৰঃ শব্দ প্রদূষণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ হ’ল-

(১) অপ্রয়োজনত ডাঙৰকৈ গাড়ীৰ হৰ্ণ বজোৱা।

(২) ডাঙৰকৈ মাইক, বেডিঅ’, মিউজিক ছিষ্টেম, বাদ্যযন্ত্র আদি বজোৱা।

(৩) ফটকা, আতদ্বাজী আদি ফুটোৱা।

(৪) কল-কাৰখানাৰ যন্ত্রপাতি আদিয়ে সৃষ্টি কৰা শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে। শব্দ প্ৰদূষণৰ প্ৰাৱল্য ‘ডেচিবেল’ নামৰ এক এককেৰে জোখা হয়’। উচ্চ ৰক্তচাপ থকা ৰোগীৰ হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top