Class 5 Environment Chapter 10 আমাৰ উদ্যোগসমূহ

Class 5 Environment Chapter 10 আমাৰ উদ্যোগসমূহ, SEBA Chapter 10 আমাৰ উদ্যোগসমূহ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

আমাৰ উদ্যোগসমূহ

Join Telegram channel

Chapter – 10

অনুশীলনী

১। চমুকৈ লিখা-

(ক) কেঁচামাল বুলিলে কি বুজা?

উত্তৰঃ প্ৰকৃতিৰপৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয় সেইবোৰক কেঁচা সামগ্রী বা কেঁচামাল বোলে।

(খ) উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ কিয় প্রয়োজন?

উত্তৰঃ উদ্যোগ গঢ়ি উঠিবলৈ কেঁচামাল আৰু অন্যান্য লাগতিয়াল সামগ্রী উদ্যোগলৈ কঢ়িয়াবলৈ আৰু উৎপাদিত সামগ্রী বজাৰলৈ নিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ প্রয়োজন। 

(গ) উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্ৰয়োজন লিখা।

উত্তৰঃ উদ্যোগ গঢ়ি উঠিবলৈ প্ৰয়োজন হোৱা কাৰক সমূহ হ’ল- 

(১) উদ্যোগ এটা গঢ়ি উঠিবলৈ পৰ্যাপ্ত পৰিমাণৰ কেঁচামালৰ প্ৰয়োজন।

(২) উদ্যোগ এটা প্রতিষ্ঠা কৰিবলৈ ভূমি আৰু প্ৰচুৰ মূলধনৰ প্ৰয়োজন।

(৩) কেঁচামালৰপৰা উৎপাদিত সামগ্রী প্রস্তুত কৰিবলৈ অধিক সংখ্যক উন্নতমানৰ যন্ত্রপাতিৰ প্রয়োজন।

(৪) উদ্যোগত উৎপন্ন হোৱা উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে স্থানীয় বজাৰ থকাৰ লগতে দেশ- বিদেশৰ বজাৰৰো প্ৰয়োজন।

(৫) কেঁচামাল আৰু অন্যান্য লাগতিয়াল সামগ্রী উদ্যোগলৈ কঢ়িয়াবলৈ আৰু উৎপাদিত সামগ্রী বজাৰলৈ নিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ আৱশ্যক।

(ঘ) লো-তীখা উদ্যোগৰ বাবে কি কি কেঁচামালৰ প্ৰয়োজন?

উত্তৰঃ লো-তীখা উদ্যোগৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল হ’ল- আকৰিক লো, কয়লা আৰু চূণশিল।

(ঙ) পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয়?

উত্তৰঃ নুনি গছৰ পাত পাটপলুৰ খাদ্য। নুনি গছৰ খেতি কৰি পাটপলু পোহা হয়। পলুৱে সজা লেটাৰপৰা ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয়।

২। খালী ঠাই পূৰ কৰা-

(ক) মুম্বাই ভাৰতৰ আধুনিক ____________উদ্যোগৰ প্ৰথম কেন্দ্র।

উত্তৰঃ মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্র।

(খ) কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল________।

উত্তৰঃ কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল বাঁহ।

(গ) ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ ____________________ৰাজ্যত উৎপন্ন কৰা হয়।

উত্তৰঃ ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ কৰ্ণাটক ৰাজ্যত উৎপন্ন কৰা হয়।

(ঘ) চেনি উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল_________।

উত্তৰঃ চেনি উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল কুঁহিয়াৰ।

৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’‘খ’
তেল শোধনাগাৰকঁঠালগুৰি
গেছ প্লান্টনামৰূপ
সাৰ উদ্যোগশিলঘাট
মৰাপাট উদ্যোগনুমলীগড়

উত্তৰঃ

‘ক’‘খ’
তেল শোধনাগাৰনুমলীগড়
গেছ প্লান্টকঁঠালগুৰি
সাৰ উদ্যোগনামৰূপ
মৰাপাট উদ্যোগশিলঘাট

৪। পর্যাপ্ত পৰিমাণে কেঁচামাল মজুত নাথাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে সেই বিষয়ে এখন দেশৰ উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ পর্যাপ্ত পৰিমাণে কেঁচামাল মজুত নাথাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে সেইয়ে এখন দেশৰ উদাহৰণ হৈছে জাপান আৰু ইয়াত উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ অভাৱ। সাধাৰণতে কেঁচামালৰ ওপৰত ভিত্তি কৰিয়েই উদ্যোগসমূহ গঢ়ি উঠে। কেঁচামাল য’ত যেনেকৈ পোৱা যায় তাত তেনেধৰণৰ উদ্যোগ গঢ়ি উঠে। কিন্তু কিছুমান দেশত কম পৰিমাণে কেঁচামাল থাকিলেও সেইবোৰ দেশত ঔদোগীকৰণ সম্ভৱ হৈছে। উদাহৰণ স্বৰূপে, জাপানৰ উদাহৰণ দিব পাৰি। জাপান এখন সৰু দেশ আৰু ইয়াত উদ্যোগৰ বাবে প্রয়োজনীয় কেঁচামালৰ অভাৱ। তথাপিও এই দেশ শিল্প উদ্যোগত আগবঢ়া। ইয়াৰ প্রধান কাৰণ হ’ল উপকূল অঞ্চলত জাহাজ বন্দৰবোৰ গঢ়ি উঠাৰ ফলত উদ্যোগসমূহলৈ কেঁচামাল আন দেশৰ পৰা আমদানি কৰা আৰু উৎপাদিত সামগ্রী আন দেশলৈ ৰপ্তানি কৰাত যথেষ্ট সুবিধা আছে। পাহাৰ-পৰ্বত আদিৰ ওপৰেদি বৈ অহা নদীবোৰৰ সোঁত বেছি হোৱাৰ বাবে কম খৰছত প্ৰচুৰ পৰিমাণে জলবিদ্যুৎ উৎপন্ন হয়।

৫। অসমত কিয় বেছিকৈ বৃহৎ উদ্যোগ গঢ়ি উঠা নাই তাৰ কাৰণসমূহ বুজাই লিখা।

উত্তৰঃ অসমত প্রয়োজন অনুসৰি বৃহৎ উদ্যোগ গঢ়ি উঠা নাই। ইয়াৰ প্ৰধান কাৰণসমূহ হ’ল উদ্যোগ এটা গঢ়ি উঠিবলৈ প্রয়োজন হোৱা:

পৰ্যাপ্ত পৰিমাণৰ মূলধন: উদ্যোগ এটা গঢ়ি উঠিবলৈ পর্যাপ্ত পৰিমাণৰ কেঁচামালৰ প্ৰয়োজন।

বৃহৎ স্থানীয় বজাৰ: উদ্যোগত উৎপন্ন হোৱা উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে স্থানীয় বজাৰ থকাৰ লগতে দেশ- বিদেশৰ বজাৰৰো প্ৰয়োজন।

দক্ষ শ্রমিক: কেঁচামাল আৰু উৎপাদিত সামগ্রী কঢ়িওৱা, যন্ত্রপাতি চলোৱা আদি বিভিন্ন কাৰ্যত শ্ৰমিকৰ প্রয়োজন হয়। উদ্যোগসমূহত উৎপাদিত সামগ্রী তৈয়াৰ কৰিবলৈ বিশেষ কৌশলৰ প্ৰয়োজন হয়। এনে ক্ষেত্রত দক্ষ শ্রমিকৰ আৱশ্যক।

উন্নত যাতায়াত ব্যৱস্থা: কেঁচামাল আৰু অন্যান্য লাগতিয়াল সামগ্রী উদ্যোগলৈ কঢ়িয়াবলৈ আৰু উৎপাদিত সামগ্রী বজাৰলৈ নিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ আৱশ্যক। উন্নত যাতায়াত ব্যৱস্থাৰ বাবে কলকাতা, মুম্বাই, জামছেদপুৰ, কানপুৰ, চেন্নাই আদিত বহুতো উদ্যোগ গঢ়ি উঠিছে।

৬। উদ্যোগ বুলিলে কি বুজা? ভাৰতৰ চাৰিটা বৃহৎ উদ্যোগৰ নাম লিখা।

উত্তৰঃ কপাহৰ পৰা সূতা তৈয়াৰ কৰি কাপোৰ, চুণশিলৰপৰা বিলাতী মাটি, কুঁহিয়াৰৰপৰা চেনি, বাঁহৰপৰা কাগজ, মৰাপাটৰপৰা কার্পেট, বেগ, থৈলা আদি তৈয়াৰ কৰাকে উদ্যোগ বোলে। ভাৰতৰ চাৰিটা বৃহৎ উদ্যোগৰ নাম হল মৰাপাটৰ পৰা ৰছী, বস্তা, থৈলা, কার্পেট আদি তৈয়াৰ কৰা হয়।

৭। চমুটোকা লিখা-

(১) চেনি উদ্যোগ।

উত্তৰঃ চেনি উদ্যোগবোৰ কুঁহিয়াৰ উৎপন্ন হোৱা ঠাইবোৰৰ দাঁতিতে গঢ়ি উঠে। কাৰণ উৎপন্ন হোৱা ঠাইৰপৰা কেঁচামাল উদ্যোগলৈ শীঘ্ৰে অনাৰ সুবিধা হয়। এই শিল্পৰ বাবে উন্নত যন্ত্রপাতি আৰু দক্ষ শ্ৰমিকৰ আৱশ্যক। ভাৰতত ২০০ ৰো অধিক চেনি উদ্যোগ আছে। দেশৰ প্রায় ৬০ শতাংশ চেনি উত্তৰ ভাৰতত উৎপন্ন হয়। আনহাতে দক্ষিণ ভাৰতৰ মাটি কুঁহিয়াৰ খেতিৰ বাবে অধিক উপযোগী হোৱাৰ বাবে নতুনকৈ চেনি উদ্যোগবোৰ ইয়াত গঢ়ি উঠিছে। বিহাৰ, উত্তৰ প্ৰদেশ, অন্ধ্রপ্রদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক আদি ৰাজ্যত চেনি উৎপাদন কৰা হয়।

(২) কাগজ উদ্যোগ।

উত্তৰঃ কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল বাঁহ। সম্প্রতি কাগজৰ ব্যৱহাৰ পৃথিৱীত বাঢ়ি অহাৰ কাৰণে আজিকালি সৰল গছ, দেৱদাৰু আদি কোমল কাঠৰ মণ্ডৰ পৰাও কাগজ তৈয়াৰ কৰা হয়।ইয়াৰ উপৰি ঘাঁহ, পুৰণি কপাহ, মৰাপাটৰ আৱৰ্জনা আদিৰপৰাও কাগজ তৈয়াৰ কৰা হয়। আন দেশৰ তুলনাত ভাৰতত কাগজ নির্মাণ উদ্যোগ অতি কম। দেশৰ কাগজ উদ্যোগৰ বেছিভাগেই ক’লকাতা আৰু মুম্বাইৰ ওচৰত অৱস্থিত।

(৩) কপাহী বস্ত্র উদ্যোগ।

উত্তৰঃ কপাহী বস্ত্ৰ তৈয়াৰ কৰাত প্রাচীনকালৰেপৰা ভাৰতৰ সুনাম আছে। ভাৰতত এই শিল্প প্রথমে হস্তশিল্পৰ স্তৰত আছিল। বর্তমান কপাহী বস্ত্র উৎপাদনত ভাৰতে পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিছে। মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। ইয়াত যন্ত্রপাতি, কয়লা, উৎকৃষ্ট কপাহ আৰু অন্যান্য লাগতিয়াল সামগ্রী আমদানিৰ বাবে বন্দৰৰ সু- ব্যৱস্থা আছে। তাৰ উপৰি কপাহ উৎপন্ন হোৱা অঞ্চলৰ লগত উন্নত যোগাযোগ ব্যৱস্থা, দক্ষ শ্রমিক, বৃহৎ স্থানীয় বজাৰ আৰু জলবিদ্যুৎ সৰবৰাহৰ সা-সুবিধা থকাৰ বাবে মুম্বাইত এই উদ্যোগ গঢ় লৈ উঠিছে। 

(৪) ৰেচম উদ্যোগ।

উত্তৰঃ ৰেচম কাপোৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰতে দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হৈছে। কেৱল কৰ্ণাটক ৰাজ্যতে দেশৰ মুঠ উৎপাদনৰ আধা অংশ ৰেচমী কাপোৰ উৎপন্ন হয়। কৰ্ণাটক ৰাজ্যৰ বাংগালুৰুৰ বাহিৰে পশ্চিমবংগৰ মুৰ্চিদাবাদ আৰু বিষ্ণুপুৰ, তামিলনাডুৰ কাঞ্চিপুৰম, কাশ্মীৰৰ শ্রীনগৰ, উত্তৰ প্ৰদেশৰ বেনাৰস আদি ৰেচম শিল্পৰ বাবে বিখ্যাত। অসমৰ শুৱালকুছি, ঢকুৱাখানা, ৰহা, পলাশবাৰী, গুজৰাটৰ গান্ধীনগৰ আদি ৰেচম শিল্পৰ বাবে সু-প্রসিদ্ধ ঠাই।

(৫) লো-তীখা উদ্যোগ।

উত্তৰঃ লো-তীখা উদ্যোগ ভাৰতৰ অন্যতম বৃহৎ উদ্যোগ। ভাৰতত পুৰণিকালৰেপৰা তীখা তৈয়াৰ কৰা উদ্যোগ চলি আহিছে। এই উদ্যোগৰ বাবে কেঁচামাল হিচাপে আকৰিক লো, কয়লা আৰু চূণশিলৰ আৱশ্যক। বেছি ওজন আৰু আয়তনযুক্ত কেঁচামালৰ প্ৰয়োজন হয় বাবেই এই উদ্যেগো সাধাৰণতে লোৰ খনিৰ ওচৰত গঢ়ি উঠে। তদুপৰি এই উদ্যোগৰ উৎপাদিত গধুৰ সামগ্ৰীসমূহ পৰিবহণৰ বাবে সুচল যাতায়াত ব্যৱস্থাৰ প্ৰয়োজন। এনে উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন যন্ত্রপাতি আৰু সা-সঁজুলি নিৰ্মাণ কৰা উদ্যোগসমূহো গঢ় লৈ উঠিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top