Class 5 Environment Chapter 11 আমাৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ

Class 5 Environment Chapter 11 আমাৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ, SEBA Chapter 11 আমাৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

আমাৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ

Join Telegram channel

Chapter – 11

অনুশীলনী

১। উত্তৰ লিখা-

(ক) বিদ্যালয়সমূহত ছাত্র-ছাত্রীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে কি ব্যৱস্থা কৰা হৈছে?

উত্তৰঃ বিদ্যালয়সমূহত ছাত্র-ছাত্রীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে মধ্যাহ্ন ভোজন ৰন্ধাৰ ব্যৱস্থা কৰা হৈছে।

(খ) কোন প্রতিষ্ঠানত চৰকাৰে বা মানুহে টকা-পইচাৰ লেন-দেন কৰে?

উত্তৰঃ বেংকৰ প্রতিষ্ঠানত চৰকাৰে বা মানুহে টকা-পইচাৰ লেন-দেন কৰে।

(গ) ৰোগীসকলক কোন প্রতিষ্ঠানত চিকিৎসা কৰা হয়?

উত্তৰঃ ৰোগীসকলক চিকিৎসালয় প্রতিষ্ঠানত চিকিৎসা কৰা হয়।

(ঘ) সমাজত শান্তি-শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰা হৈছে?

উত্তৰঃ সমাজত শান্তি-শৃংখলা ৰক্ষা কৰাৰ কামত আৰক্ষীসকলক নিয়োজিত কৰা হৈছে।

(ঙ) যিকোনো চাৰিটা অনুষ্ঠান-প্রতিষ্ঠানৰ নাম লিখা।

উত্তৰঃ যিকোনো চাৰিটা অনুষ্ঠান-প্রতিষ্ঠানৰ নাম হ’ল- বিদ্যালয়, বেংক, আৰক্ষী চকী,চিকিৎসালয় আদি।

২। খালী ঠাই পূৰ কৰা-

(ক) ছাত্র-ছাত্রীসকলে _____________ত লিখা-পঢ়া শিকে।

উত্তৰঃ ছাত্র-ছাত্রীসকলে বিদ্যালয়ত লিখা-পঢ়া শিকে।

(খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে___________আছে।

উত্তৰঃ পশু-পক্ষীৰ চিকিৎসাৰ বাবে সুকীয়া ডাক্তৰ আৰু চিকিৎসালয় আছে।

(গ) আলিবাটৰ যান-বাহন____________য়ে নিয়ন্ত্রণ কৰে।

উত্তৰঃ আলিবাটৰ যান-বাহন আৰক্ষীয়ে নিয়ন্ত্রণ কৰে।

(ঘ) গাঁওসমূহত থকা শাসন ব্যৱস্থাক_____________ শাসন ব্যৱস্থা বোলা হয়।

উত্তৰঃ গাঁওসমূহত থকা শাসন ব্যৱস্থাক পঞ্চায়তীৰাজ শাসন ব্যৱস্থা বোলা হয়।

৩। পার্থক্য লিখা- 

(১) চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়।

উত্তৰঃ 

চৰকাৰী চিকিৎসালয়বেচৰকাৰী চিকিৎসালয়
১) চৰকাৰী চিকিৎসালয়বোৰ চৰকাৰী খৰচত চলে।১) বেচৰকাৰী চিকিৎসালয়বোৰ এজন বা কেইজনমান ব্যক্তিয়ে লগ হৈ পৰিচালনা কৰে।
২) চৰকাৰী চিকিৎসালয়ত ৰোগীৰ বিনামূলীয়া চিকিৎসা আৰু ঔষধ যোগানৰ ব্যৱস্থা কৰা হয়।২)বেচৰকাৰী চিকিৎসালয়ত ৰোগীৰ পইচা দি চিকিৎসা আৰু ঔষধ যোগানৰ ব্যৱস্থা কৰা হয়।

৪। চমুটোকা লিখা-

(ক) পঞ্চায়তীৰাজ শাসন ব্যবস্থা।

উত্তৰঃ আমাৰ দেশৰ সৰহসংখ্যক লোকেই গাঁও অঞ্চলত বাস কৰে। সেয়ে দেশৰ উন্নতি হ’বলৈ হ’লে প্ৰতিখন গাঁৱৰ উন্নতি হ’ব লাগিব। গাঁও অঞ্চলৰ অর্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে আমাৰ দেশে গাঁওসমূহত এক নিজা শাসন ব্যৱস্থা প্রচলন কৰিছে। এই ব্যৱস্থাটোক পঞ্চায়তীৰাজ শাসন ব্যৱস্থা বোলে। এই ব্যৱস্থা মতে পঞ্চায়ত গঠনৰ বাবে প্ৰতিখন গাঁৱৰ ৰাইজে ভোট দি কিছুমান সদস্য আৰু এজন সভাপতি নির্বাচন কৰে। অৱশ্যে ভোট দিবলৈ ওঠৰ বছৰ বয়স হ’ব লাগে।

(খ) সমবায়।

উত্তৰঃ কিছুমান লোক লগ লাগি সকলোৰে উন্নয়নৰ বা আর্থিক লাভালাভৰ বাবে সমূহীয়াকৈ কাম কৰা ব্যৱস্থাটোকে সমবায় বোলে। সমবায়বোৰ ‘প্রত্যেকজনেই সকলোৰে বাবে আৰু সকলোৱে প্রত্যেকজনৰ বাবে কাম কৰা’ নীতিৰে চলে। এখন সমবায়ত অতি কমেও দহজন সদস্য থাকিব লাগে। আমাৰ দেশত বিভিন্ন ধৰণৰ সমবায় আছে। আমাৰ দেশত গাখীৰ, কাপোৰ, পাপৰ আদি বহু ব্যৱসায় সমবায় ভিত্তিত চলি আছে। সৰু-ডাঙৰ বহুতো উদ্যোগ কল-কাৰখানা সমবায় ব্যৱস্থাৰে চলি আছে।

(গ) আত্মসহায়ক গোট।

উত্তৰঃ আমাৰ গাঁওবোৰত মহিলাসকলে মিলি আত্মসহায়ক গোট গঠন কৰিছে। গাঁৱৰ দুখীয়া বহু পৰিয়ালে এনে গোটৰপৰা ঋণ ল’ব পাৰে। গাঁৱৰ বহু মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে বিভিন্ন সামগ্রী উৎপাদন কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। এনেদৰে তেওঁলোকে আর্থিকভাবে স্বাৱলম্বী হ’বলৈ চেষ্টা কৰিছে। এইদৰে আমাৰ সমাজত থকা অনুষ্ঠান-প্রতিষ্ঠানসমূহে আমাক বিভিন্ন দিশত সহায় কৰে। এই অনুষ্ঠান- প্রতিষ্ঠান সমূহত সেৱা আগবঢ়োৱা ব্যক্তিসকলক আমি সন্মান জনোৱা উচিত।

৫। শুদ্ধ উত্তৰটো বাছি উলিওৱা-

(ক) সমাজত শান্তি-শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰে?

১। চিকিৎসকক।

২। নাৰ্ছক।

৩। আৰক্ষীক।

৪। শিক্ষকক।

উত্তৰঃ ৩। আৰক্ষীক।

(খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো হ’ল-

১। চৰকাৰী চিকিৎসালয়।

২। পশু চিকিৎসালয়।

৩। সমবায়।

৪। বে-চৰকাৰী চিকিৎসালয়।

উত্তৰঃ ২। পশু চিকিৎসালয়।

৬। আকস্মিক বক্তৃতাৰ আয়োজন কৰা- (শিক্ষকৰ সহায় ল’বা)

(১) বিদ্যালয়।

উত্তৰঃ বিদ্যালয় এখন শিক্ষানুষ্ঠান। বিদ্যালয়তে লিখা- পঢ়া শিকায়। তাৰ উপৰি ইয়াত নাচ-গান, খেল-ধেমালি, কবিতা, আবৃত্তি, অভিনয়, বক্তৃতা দিয়া, সুন্দৰকৈ কথা কোৱা, তর্ক-প্রতিযোগিতা আদিও ইয়াত শিকোৱা হয়। বিদ্যালয়খনত প্রধান শিক্ষককে ধৰি কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্রী থাকে। তেওঁলোকে মৰমেৰে পাঠত থকা কথাবোৰৰ উপৰি আৰু বহুতো প্রয়োজনীয় কথা শিকায়।

(২) মধ্যাহ্ন ভোজন।

উত্তৰঃ বিদ্যালয়ত ৰান্ধনী বাইদেউৱে মধ্যাহ্ন ভোজন ৰান্ধে আৰু বিতৰণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে পৰিষ্কাৰকৈ হাত ধোৱে আৰু শাৰী পাতি শৃংখলাবদ্ধভাৱে মধ্যাহ্ন ভোজন গ্ৰহণ কৰে।শিক্ষা সাং নকৰাকৈ আধাতে বিদ্যালয় এৰিবলগীয়া হোৱা ঘটনাৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰণটো হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালৰ আৰ্থ-সামাজিক দুৰাৱস্থা সেইবাবে চৰকাৰে মধ্যাহ্ন ভোজন ব্যৱস্থা লৈছে। অসমৰ চৰকাৰী বিদ্যালয়লৈ অহা সৰহ সংখ্যক শিশুৱেই গ্ৰামাঞ্চলত বসবাস কৰা পৰিয়ালৰ। তেওঁলোকৰ প্ৰায় সংখ্যকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল ইয়াৰ বাবে চৰকাৰে মধ্যাহ্ন ভোজন ব্যৱস্থা লৈছে।

(৩) বেংক।

উত্তৰঃ বেংকৰ জৰিয়তে চৰকাৰে বা মানুহে টকা- পইচাৰ লেন-দেন কৰে। বেংকবোৰে গ্ৰাহকৰ টকা জমা ৰাখে। গ্রাহকক ঋণ দিয়ে। গ্রাহকে বেংকত টকা জমা ৰাখিলে সুত পায়। আনহাতে ঋণ ল’লে বেংকক সুত দিব লগা হয়। চৰকাৰী কৰ্মচাৰীসকলক চৰকাৰে বেংকৰ জৰিয়তে দৰমহা দিয়ে। আজি-কালি বেংকবোৰে গ্রাহকসকলক এ.টি.এমৰ পৰা টকা উলিয়াব পৰা আৰু জমা কৰিব পৰা সুবিধা কৰি দিছে। (এ.টি.এম. মানে ‘অট’মেটেড টেলাৰ মেচিন’) ম’বাইল ফোন বা লেপটপত ইণ্টাৰনেট সংযোগ কৰি আজি-কালি যিকোনো সময়ত ঘৰতে বহি টকাৰ লেন-দেন কৰিব পাৰি। এইবোৰ সুবিধাও বেংকবোৰে গ্রাহকসকলক দিছে।

(৪) চিকিৎসালয়।

উত্তৰঃ চিকিৎসা শাৰীৰিক বা মানসিক ৰোগ, বিকাৰ বা বৈকল্যে আক্রান্ত কিংবা শাৰীৰিক আঘাতপ্রাপ্ত ৰোগীৰ স্বাস্থ্যেৰ অৱস্থা উন্নতি কৰা, ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰা, কিংবা ভবিষ্যৎ ৰোগ প্রতিৰোধ কৰাৰ লক্ষ্যে প্রণালীবদ্ধ সেৱা ব্যৱস্থাপনাকে বুজায়। চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ সৈতে জড়িত ডাক্তৰ, নাৰ্ছ, ফার্মাচিষ্ট, অন্যান্য কর্মচাৰী আৰু চাফাই কর্মী থাকে। কিছুমান চৰকাৰী আৰু কিছুমান বেচৰকাৰী খণ্ডৰ চিকিৎসালয় আছে। চৰকাৰী চিকিৎসালয়বোৰ চৰকাৰী খৰচত চলে। আনহাতে বে-চৰকাৰী চিকিৎসালয়বোৰ এজন বা কেইজনমান ব্যক্তিয়ে লগ হৈ পৰিচালনা কৰে। চৰকাৰী চিকিৎসালয়ত ৰোগীৰ বিনামূলীয়া চিকিৎসা আৰু ঔষধ যোগানৰ ব্যৱস্থা আছে।

(৫) আৰক্ষী।

উত্তৰঃ আৰক্ষীসকল লক্ষ্য সমাজত শান্তি-শৃংখলা ৰক্ষা কৰা কামত নিয়োজিত কৰা। সমাজত যাতে কোনেও অপৰাধ কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে চকু ৰাখে। যিকোনো অপৰাধমূলক কামৰ অনুসন্ধান কৰে। অপৰাধীক ন্যায়ালয়ৰ জৰিয়তে শাস্তি দিয়াৰ ব্যৱস্থা কৰে। আলিবাটৰ যান-বাহন আদি নিয়ন্ত্ৰণ কৰে। দুর্ঘটনা বা কোনো জৰুৰীকালীন সময়ত জনসাধাৰণক আৰক্ষীসকলে সহায় কৰিব লাগে। সমাজত কোনো বিবাদ হ’লে আৰক্ষীয়ে তেনে বিবাদ নিষ্পত্তি কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰে।আৰক্ষীৰ লক্ষ্য হীন জীৱন গুলীয়া হীন নাৱৰ দৰে হয়।

(৬) দুগ্ধ উৎপাদন।

উত্তৰঃ দুগ্ধ উৎপাদনৰ ওপৰত বহুত মানুহ স্নিৰ্ভৰশীল হয়। গাখীৰ বিক্ৰী কৰি কিছুমান মানুহে নিজৰৰ ঘৰৰ খৰচা পাতি চলাই। গৰুৰ গাখীৰ হৈছে গুণাগুণৰ এক ভঁৰাল, এই গাখীৰৰ দ্বাৰা বহুতো ৰোগৰপৰা আৰোগ্য লাভ কৰিব পাৰি। যাৰ ফলত ভাৰতৰ লোকসকলৰ গৰুৰ প্ৰতি অপৰিসীম স্নেহ, শ্ৰদ্ধা আৰু মৰম আছে। আজি আমি গৰুৰ গাখীৰৰ এনে কিছুমান গুণাগুণৰ কথা ক’বলৈ ওলাইছোঁ যি হয়তো আপুনি কেতিয়াও শুনাই নাছিলো। লগতে গৰুৰ গাখীৰক কিয় অমৃতৰ লগত তুলনা কৰা হয়।লোকসকল কৰ্কট ৰোগৰ দৰে ভয়ানক ৰোগৰ পৰা ৰক্ষা পৰে। গৰুৰ গাখীৰ নিয়মীয়াকৈ সেৱন কৰিলে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ইমান বৃদ্ধি হয় যে কোনো ৰোগ গাৰ কাষ চাপিব নোৱাৰে। চৰ্দি, কাহ, হৃদৰোগ, পাকস্থলীৰ ৰোগ, পুৰুষৰ ৰোগ বা মহিলাৰ ৰোগ যিয়েই নহওঁক, সকলো ৰোগ প্ৰতিৰোধৰ ক্ষমতা গাখীৰত আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top