Class 5 Environment Chapter 12 আমাৰ দেশ

Class 5 Environment Chapter 12 আমাৰ দেশ, SEBA Chapter 12 আমাৰ দেশ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

আমাৰ দেশ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Chapter – 12

অনুশীলনী

১। উত্তৰ লিখা-

(ক) ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম।

উত্তৰঃ ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম হ’ল- নেপাল, ভুটান আৰু চীন দেশ। পূব দিশত ম্যানমাৰ, পশ্চিম আৰু উত্তৰ- পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান আছে। দক্ষিণৰ শেষস্থানৰ কাষতেই শ্রীলংকা অৱস্থিত। 

(খ) ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থাকেইটাৰ নাম।

উত্তৰঃ ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থাকেইটাৰ নাম হ’ল- ৰে’ল পৰিবহণ ব্যৱস্থা ,পথ পৰিবহণ ব্যৱস্থা,জল পৰিবহণ ব্যৱস্থা।

(গ) ভাৰতৰ চাৰিখন প্রধান নৈৰ নাম।

উত্তৰঃ ভাৰতৰ চাৰিখন প্রধান নৈৰ নাম হল ব্রহ্মপুত্র, গংগা, যমুনা আৰু গোদাবৰী।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) ভাৰতৰ দুটা পৰ্বতৰ নাম।

উত্তৰঃ ভাৰতৰ দুটা পৰ্বতৰ নাম হল সাতপুৰা পৰ্বত আৰু পশ্চিমঘাট পৰ্বত।

(ঙ) ভাৰতবৰ্ষৰ কেন্দ্রীয় শাসিত অঞ্চলকেইটাৰ নাম।

উত্তৰঃ ভাৰতবৰ্ষৰ কেন্দ্রীয় শাসিত অঞ্চলকেইটাৰ নাম হ’ল- আন্দামান নিকোবৰ দ্বীপপুঞ্জ,দাদ্ ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ,দিল্লী,জম্মু আৰু কাশ্মীৰ লাক্ষাদ্বীপ, পুড়ুচেৰী, চণ্ডীগড়, লাডাখ।

(চ) আমাৰ দেশৰ বৰ্তমান প্রধানমন্ত্ৰীগৰাকীৰ নাম কি?

উত্তৰঃ আমাৰ দেশৰ বৰ্তমান প্রধানমন্ত্ৰীগৰাকীৰ নাম হল নৰেন্দ্ৰ মোদী।

২। ‘ক’ অংশৰ লগত ‘খ অংশ মিলাই লিখা।

‘ক’‘খ’
ছিকিমৰাঁচী
তামিলনাডুমুম্বাই
হাৰিয়ানাচেন্নাই
ঝাড়খণ্ডগেংটক
মহাবাষ্ট্রচণ্ডীগড়

উত্তৰঃ

‘ক’‘খ’
ছিকিমগেংটক
তামিলনাডুচেন্নাই
হাৰিয়ানাচণ্ডীগড়
ঝাড়খণ্ডৰাঁচী
মহাবাষ্ট্রমুম্বাই

৪। খালী ঠাই পূৰ কৰা –

(ক) ভাৰতত_________________ খন ৰাজ্য আছে।

উত্তৰঃ ভাৰতত ২৮ খন ৰাজ্য আছে।

(খ) গুৱাহাটী আৰু দিল্লীৰ মাজত________চনৰপৰা বিমান চলাচল আৰম্ভ হয়।

উত্তৰঃ গুৱাহাটী আৰু দিল্লীৰ মাজত ১৯৮১ চনৰপৰা বিমান চলাচল আৰম্ভ হয়।

(গ) ভাৰতত মুঠ ______________টা প্রধান জাহাজ বন্দৰ আছে।

উত্তৰঃ ভাৰতত মুঠ ১২ টা প্রধান জাহাজ বন্দৰ আছে।

(ঘ)___________________ ভাৰতৰ ৰাজধানী।

উত্তৰঃ নতুন দিল্লী ভাৰতৰ ৰাজধানী।

৫। ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰত এখন অতি প্রাচীন দেশ। প্রাচীনকালত ‘ভৰত’ নামৰ এজন বৰ প্রতাপী ৰজাই ইয়াত ৰাজত্ব কৰিছিল। ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় বুলি বহুতে কয়। আনহাতে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা সিন্ধু নৈ, যাক ‘লেটিন’ ভাষাত ‘ইন্দাজ’ বুলি কোৱা হয়, সেই ‘ইন্দাজ’ শব্দৰপৰাই ইংৰাজীত ইণ্ডিয়া হয় বুলি কোনো কোনোৱে কয়।

৬। ৰাষ্ট্রীয় সংহতি বুলিলে কি বুজা?

উত্তৰঃ সংহতি হৈছে ৰাষ্ট্ৰখনৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ মূল চাবি-কাঠি। ভাৰতবৰ্ষৰ দৰে বিকাশশীল দেশত ৰাষ্ট্ৰীয় সংহতিৰ গুৰুত্ব অসীম। জাতি, বর্ণ, ভাষা, ধর্ম নির্বিশেষে একাত্ম হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সম্মান আৰু সম্ভাৱ দেখুওৱা হয়, সেয়েই হৈছে ৰাষ্ট্ৰীয় সংহতি। শান্তি-সম্প্রীতি আৰু একতা থাকিলেহে দেশৰ প্ৰগতি সম্ভব। এই ঐক্য, শান্তি- সম্প্রীতি তেতিয়াহে অটুট থাকিব, যেতিয়া আমাৰ সমাজত বাস কৰা বিভিন্ন ধর্ম, ভাষা, জাতি- উপজাতিৰ লোকৰ মাজত একতা, মিলা-প্রীতি আৰু সহযোগিতা থাকিব।

৭। আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি আঁকা।

উত্তৰঃ 

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top