🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 5 Environment Chapter 2 জীৱ আৰু পৰিৱেশ

Class 5 Environment Chapter 2 জীৱ আৰু পৰিৱেশ, SEBA Chapter 2 জীৱ আৰু পৰিৱেশ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

জীৱ আৰু পৰিৱেশ

Chapter – 2

অনুশীলনী

১। উত্তৰ লিখা-

(ক) পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি?

উত্তৰঃ পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ হল  উদ্ভিদ, প্রাণী,চৰাই-চিৰিকটি, অণুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান। আৰু বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ আদি হৈছে অজৈৱিক উপাদান।

(খ) উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়?

উত্তৰঃ নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল’ব পাৰে বাবে উদ্ভিদবোৰক উৎপাদক বুলি কিয় কোৱা হয়।

(গ) উপভোক্তা কেইপ্ৰকাৰ আৰু কি কি?

উত্তৰঃ উপভোক্তা তিনি প্ৰকাৰৰ সেইবোৰ হৈছে  প্ৰাথমিক উপভোক্তা, গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা।

(ঘ) বিয়োজকে আমাক কেনেদৰে সহায় কৰে?

উত্তৰঃ মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটায়, অর্থাৎ ক্ষুদ্র ক্ষুদ্র অংশলৈ পৰিণত কৰি গেলি-পচি যোৱাত সহায় কৰে। এই গেলি-পচি যোৱা অংশসমূহক কিছুমান অণুজীৱই আহাৰ হিচাপে গ্রহণ কৰে। বাকী থাকি যোৱা অৱশিষ্টখিনি মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ থাকে। মাটিত মিহলি হৈ থকা জৈৱিক সাৰ শিপাই গ্রহণ কৰি উদ্ভিদৰ বৃদ্ধি হয় এনেদৰে বিয়োজকে সহায় কৰে। জৈৱিক উপাদানৰ বিয়োজন ঘটাই বাবে বেক্টেৰিয়া আৰু ভেঁকুৰক বিয়োজক বুলি কোৱা হয়। 

(ঙ) তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা।

উত্তৰঃ ঘাঁহনি পৰিস্থিতি তন্ত্ৰ,পুখুৰী পৰিস্থিতি তন্ত্ৰ আৰু অৰণ্য পৰিস্থিতি তন্ত্ৰ।

২। খালী ঠাই পূৰ কৰা-

(ক) শামুক হ’ল ______________ উপভোক্তা।

উত্তৰঃ শামুক হ’ল প্ৰাথমিক  উপভোক্তা।

(খ) এটাতকৈ অধিক_________ মিলি খাদ্যজালৰ সৃষ্টি হয়।

উত্তৰঃ এটাতকৈ অধিক  খাদ্যশৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়।

(গ) শেন হ’ল_____________ শ্ৰেণীৰ উপভোক্তা?

উত্তৰঃ শেন হ’ল তৃতীয় শ্ৰেণীৰ উপভোক্তা।

(ঘ) খাদ্যজালত এটাতকৈ __________ খাদ্যশৃংখল থাকে।

উত্তৰঃ খাদ্যজালত এটাতকৈ  অধিক খাদ্যশৃংখল থাকে।

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা-

(ক) খাদ্যশৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ/প্রাণী/অণুজীৱ থাকে।

উত্তৰঃ খাদ্যশৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে।

(খ) বিয়োজকে/উৎপাদকে/ উপভোক্তাই খাদ্য প্রস্তুত কৰে।

উত্তৰঃ উৎপাদকে খাদ্য প্রস্তুত কৰে।

(গ) উৎপাদকে/বিয়োজকে/ উপভোক্তাই মৃতদেহ গেলি-পচি যোৱাত সহায় কৰে।

উত্তৰঃ বিয়োজকে মৃতদেহ গেলি-পচি যোৱাত সহায় কৰে।

৪। খাদ্যশৃংখল কি? উদাহৰণেৰে সৈতে বুজাই লিখা।

উত্তৰঃ খাদ্যৰ বাবে ইটোৱে-সিটোৰ ওপৰত নিৰ্ভৰ কৰাকে খাদ্যশৃংখল বোলে।খাদ্যশৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। উদ্ভিদক তৃণভোজী প্রাণীয়ে খায় বাবে উদ্ভিদৰ পিছত সদায় তৃণভোজী প্রাণী থাকে। তৃণভোজী প্রাণীক মাংসভোজী প্রাণীয়ে খায় বাবে খাদ্যশৃংখলটোত তৃণভোজী প্রাণীৰ পিছতে মাংসভোজী প্রাণী থাকে। এই প্রক্ৰিয়াটো হৈছে সচৰাচৰ ঘটি থকা এটা প্রাকৃতিক ঘটনা।  উদাহৰণস্বৰূপে, ঘাঁহক ফৰিঙে খায়, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায়, সাপক শেন চৰায়ে খায়। এনেদৰে জীৱসমূহক শৃংখলিতভাৱে সজাব পাৰি।  

৫। পুখুৰী এটা পৰিস্থিতি তন্ত্র হয়নে যুক্তি সহকাৰে বুজাই লিখা।

উত্তৰঃ পুখুৰী হ’ল পৰিস্থিতি তন্ত্ৰৰ এটা উত্তম উদাহৰণ। পুখুৰীত থকা জলজ জীৱ, যেনে- শেলাই, পুণী, ভেট, পানীত গজা ঘাঁহ আদিয়ে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে। সেইকাৰণে এইবোৰ হৈছে উৎপাদক। বিভিন্ন ধৰণৰ কীট-পতংগ, সৰু মাছ, শামুক আদিয়ে এইবোৰক আহাৰ হিচাপে গ্রহণ কৰে। সেইবাবে সেইবোৰ হৈছে প্রাথমিক উপভোক্তা। পুখুৰীত থকা ডাঙৰ মাছ, ভেকুলী, কেঁকোৰা আদিয়ে খায়। সেইবাবে সিহঁত হ’ল গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। 

ভেকুলী, কেঁকোৰা, মাছ আদিক সাপ, বগলী, মাছৰোকা চৰাই আদিয়ে খায়। এইবোৰেই হ’ল তৃতীয় শ্ৰেণীৰ উপভোক্তা গতিকে পুখুৰী এটা পৰিস্থিতি তন্ত্র।

৬। সালোক সংশ্লেষণ বুলিলে কি বুজা?

উত্তৰঃ সেউজীয়া উদ্ভিদৰ পাতত থকা হৰিৎকণাই সৌৰশক্তি আহৰণ কৰিব পাৰে। উদ্ভিদে বায়ুৰপৰা কাৰ্বন- ডাই-অক্সাইড আৰু শিপাই মাটিৰপৰা পানী শোষণ কৰি লয়। হৰিৎকণাই আহৰণ কৰা সৌৰশক্তিৰ সহায়ত কার্বন- ডাই-অক্সাইড আৰু পানীৰ মাজত বিক্রিয়া ঘটি উদ্ভিদৰ পাতত খাদ্য প্রস্তুত হয়। পাতে খাদ্য প্ৰস্তুত কৰা এই প্রক্রিয়াটো হৈছে সালোক সংশ্লেষণ। 

৭। পার্থক্য লিখা-

(ক) উৎপাদক আৰু বিয়োজক?

উত্তৰঃ উৎপাদক: পুখুৰী হ’ল পৰিস্থিতি তন্ত্ৰৰ এটা উত্তম উদাহৰণ। পুখুৰীত থকা জলজ জীৱ, যেনে- শেলাই, পুণী, ভেট, পানীত গজা ঘাঁহ আদিয়ে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে। সেইকাৰণে এইবোৰ হৈছে উৎপাদক। বিভিন্ন ধৰণৰ কীট-পতংগ, সৰু মাছ, শামুক আদিয়ে এইবোৰক আহাৰ হিচাপে গ্রহণ কৰে। সেইবাবে সেইবোৰ l 

বিয়োজক: উদ্ভিদ বা প্ৰাণীৰ মৃত্যু হ’লে কিছুদিন পিছত মৃতদেহটো গেলি-পচি যায়। কাৰণ মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটায়, অর্থাৎ ক্ষুদ্র ক্ষুদ্র অংশলৈ পৰিণত কৰি গেলি-পচি যোৱাত সহায় কৰে। এই গেলি-পচি যোৱা অংশসমূহক কিছুমান অণুজীৱই আহাৰ হিচাপে গ্রহণ কৰে। বাকী থাকি যোৱা অৱশিষ্টখিনি মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ থাকে। মাটিত মিহলি হৈ থকা জৈৱিক সাৰ শিপাই গ্রহণ কৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। জৈৱিক উপাদানৰ বিয়োজন ঘটাই বাবে বেক্টেৰিয়া আৰু ভেঁকুৰক বিয়োজক বুলি কোৱা হয়। 

(খ) তৃণভোজী আৰু মাংসভোজী প্রাণী।

উত্তৰঃ তৃণভোজী প্রাণী: তৃণভোজী প্রানীয়ে ঘাঁহ খায়।যেনে- গৰু, ম’হ, ছাগলী, হৰিণা, শহাপহু আদি। 

মাংসভোজী প্রাণী: মাংসভোজী প্রাণীয়ে মাংস খায়।যেনে- বাঘ, সিংহ, শিয়াল আদি মাংসভোজী প্রাণী।

(গ) খাদ্যশৃংখল আৰু খাদ্যজাল।

উত্তৰঃ খাদ্যশৃংখল: জীৱবিলাকৰ ইটোৱে-সিটোক খাদ্য হিচাপে গ্ৰহণ কৰে। উদাহৰণস্বৰূপে, ঘাঁহক ফৰিঙে খায়, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায়, সাপক শেন চৰায়ে খায়। এনেদৰে জীৱসমূহক শৃংখলিতভাবে সজাব পাৰি। এনেদৰে খাদ্যৰ বাবে ইটোৱে-সিটোৰ ওপৰত নিৰ্ভৰ কৰাকে  খাদ্যশৃংখল বোলে। খাদ্যশৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। দুয়োবিধকে খায়। এইবোৰ হৈছে সৰ্বভোজী প্রাণী, যেনে- মানুহ, গাহৰি, কাউৰী আদি। জীৱই খাদ্যশৃংখলত এটা নির্দিষ্ট স্থান অধিকাৰ কৰে।

খাদ্যজাল: খাদ্যশৃংখলকেইটা চাই এইটোৱেই বুজা গ’ল যে একেবিধ খাদ্যকে বেলেগ বেলেগ প্রাণীয়ে খায়। উদাহৰণস্বৰূপে উদ্ভিদক শহাপহু, নিগনি, ফৰিং আৰু শস্য খোৱা চৰায়ে খায়। ঠিক তেনেদৰে নিগনিক সাপ আৰু শেন চৰায়ে খায়। আকৌ শেন চৰায়ে শহা পহু, নিগনি, সাপ, ফৰিং আৰু শস্য খোৱা চৰাইক খায়। গতিকে দেখা গ’ল যে একেটা প্রাণীয়ে এটাতকৈ অধিক খাদ্যশৃংখলত ভাগ লয়। এইদৰে এটা পৰিস্থিতি তন্ত্রত বহুকেইটা খাদ্যশৃংখল লগলাগি এখন জালিকাৰ সৃষ্টি কৰে, অর্থাৎ বহুকেইটা খাদ্যশৃংখলৰ সমষ্টিয়েই হৈছে খাদ্যজাল।

৮। পৰিস্থিতি তন্ত্রত প্রথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ’লে কি হ’ব?

উত্তৰঃ পৰিস্থিতি তন্ত্রত প্রথম শ্ৰেণীৰ উপভোক্তা হল  তৃণভোজী প্রাণী। পৰিস্থিতি তন্ত্রত প্রথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ’লে দ্বিতীয় শ্ৰেণীৰ উপভোক্তাবোৰৰ খাদ্য নোহোৱা হব। যিহেতু পৰিস্থিতি তন্ত্রৰ খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল।

৯। খাদ্যজালৰ কিয় সৃষ্টি হয়?

উত্তৰঃ আমাৰ পৰিস্থিতি তন্ত্ৰত আন বহুধৰণৰ খাদ্যশৃংখল থাকে। ঘাঁহনি, অৰণ্য, শস্য-পথাৰ, পুখুৰী আদি পৰিস্থিতি তন্ত্ৰৰ সকলো জীবই খাদ্যশৃংখলত এক নির্দিষ্ট স্থান গ্রহণ কৰে। এটা জীৱই এটাতকৈ বেছি খাদ্যশৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়। নিগনিক সাপ আৰু শেন চৰায়ে খায়। আকৌ শেন চৰায়ে শহা পহু, নিগনি, সাপ, ফৰিং আৰু শস্য খোৱা চৰাইক খায়। গতিকে দেখা গ’ল যে একেটা প্রাণীয়ে এটাতকৈ অধিক খাদ্যশৃংখলত ভাগ লয়। এইদৰে এটা পৰিস্থিতি তন্ত্রত বহুকেইটা খাদ্যশৃংখল লগলাগি এখন জালিকাৰ সৃষ্টি কৰে, অৰ্থাৎ বহুকেইটা খাদ্যশৃংখলৰ সমষ্টিয়েই লগলাগি খাদ্যজাল সৃষ্টি হয়।

১০। মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি-পচি যায়?

উত্তৰঃ মাটিত পৰি থকা মৃত জীৱবোৰ গেলি-পচি যায় কাৰণ মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটায়, অর্থাৎ ক্ষুদ্র ক্ষুদ্র অংশলৈ পৰিণত কৰি গেলি-পচি যোৱাত সহায় কৰে। এই গেলি-পচি যোৱা অংশসমূহক কিছুমান অণুজীৱই আহাৰ হিচাপে গ্রহণ কৰে। বাকী থাকি যোৱা অৱশিষ্টখিনি মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ থাকে। মাটিত মিহলি হৈ থকা জৈৱিক সাৰ শিপাই গ্রহণ কৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। জৈৱিক উপাদানৰ বিয়োজন ঘটাই বাবে বেক্টেৰিয়া আৰু ভেঁকুৰক বিয়োজক বুলি কোৱা হয়। এইদৰে এটা পৰিৱেশত জৈৱ আৰু অজৈৱ উপাদানসমূহৰ পাৰস্পৰিক সম্বন্ধৰ ফলস্বৰূপে পৰিস্থিতিতন্ত্র গঠন হয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top