Class 5 Environment Chapter 15 আমাৰ দৈনন্দিন জীৱনত প্রযুক্তি

Class 5 Environment Chapter 15 আমাৰ দৈনন্দিন জীৱনত প্রযুক্তি, SEBA Chapter 15 আমাৰ দৈনন্দিন জীৱনত প্রযুক্তি Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA Class 5 Environment Chapter 15 আমাৰ দৈনন্দিন জীৱনত প্রযুক্তি Notes so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

আমাৰ দৈনন্দিন জীৱনত প্রযুক্তি

Chapter – 15

অনুশীলনী

১। উত্তৰ লিখা-

(ক) পাৱাৰ টিলাৰ কি?

উত্তৰঃ মাটি চহোৱা এবিধ যন্ত্ৰৰ নাম পাৱাৰ টিলাৰ।

(খ) শীতল ভঁৰাল কি?

উত্তৰঃ সোনকালে নষ্ট হৈ যোৱা সামগ্ৰীসমূহ নষ্ট নোহোৱাৰ বাবে বহুদিনলৈ ভাল কৰি ৰাখিবলৈ যি ভঁৰালত থোৱা হয় সেই ভঁৰালক শীতল ভঁৰাল বুলি কোৱা হয়।

(গ) কেক্ আৰু বিস্কুট প্রস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰিব পাৰি?

উত্তৰঃ কেক্ প্রস্তুত কৰিবলৈ: ময়দা,কণী, গুড়ি চেনী, ভেনিলা এচেন্স, ব্ৰেকিং চোডা,গাখীৰ, ৰিফাইন তেল, ব্ৰেকিং পাইডাৰ।

বিস্কুট প্রস্তুত কৰিবলৈ: চেনী, নিমখবিহীন মাখন,আটা বা ময়দা আৰু কণী।

(ঘ) কম্পিউটাৰত কি কি কাম কৰা হয়?

উত্তৰঃ কম্পিউটাৰত আমি গেম খেলা, চিনেমা চোৱা, গান শুনা, ফেচবুক চলোৱা, ইণ্টাৰনেটৰ ব্যৱহাৰ, অনলাইন ক্লাছ আৰু বহুত ধৰণৰ কামত ব্যৱহাৰ কৰা হয়।

(ঙ) প্রযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি?

উত্তৰঃ প্রযুক্তিৰ সহায়ত বিজুলী বিল ,অনলাইন পেমেণ্ট আৰু ইণ্টাৰনেটৰ দ্বাৰা পৰিশোধ কৰিব পাৰি।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’ অংশ‘খ’ অংশ
কী-বোর্ডনির্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে।
মাউচকৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ।
চিপিইউমনিটৰত থকা কথাবোৰ নিয়ন্ত্রণ কৰি কাম কৰিব পাৰি।
মনিটৰলিখিত আকাৰে নির্দেশ পঠিয়াব পাৰি।

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
কী-বোর্ডলিখিত আকাৰে নির্দেশ পঠিয়াব পাৰি।
মাউচমনিটৰত থকা কথাবোৰ নিয়ন্ত্রণ কৰি কাম কৰিব পাৰি।
চিপিইউনির্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে।
মনিটৰকৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ।

৩। শুদ্ধনে অশুদ্ধ লিখা-

(ক) প্রযুক্তিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে।

উত্তৰঃ শুদ্ধ।

(খ) ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ।

উত্তৰঃ শুদ্ধ।

(গ) ৰেফ্রিজাৰেটৰত খাদ্যবস্তু ৰান্ধিব পাৰি।

উত্তৰঃ অশুদ্ধ।

(ঘ) কম্পিউটাৰৰ এটা মুখ্য কাম হ’ল যোগাযোগ স্থাপন।

উত্তৰঃ শুদ্ধ।

৪। চমু টোকা লিখা-

(ক) ম’বাইল ফোন।

উত্তৰঃ মবাইল বা ম’বাইল ফোন বা চেলুলাৰ ফোন হ’ল- দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি। অনাতাঁৰ সংযোগ ব্যৱহাৰ কৰি টেলিফোন কল কৰিবলৈ ব্যৱহৃত এক বহনযোগ্য যন্ত্র। পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে মবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা সিঠাইলৈ ইয়াক কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ। ম’বাইল ফোনৰ অসমীয়া প্রতিশব্দ হ’ল ভ্রাম্যভাষ যন্ত্র।

(খ) ইন্টাৰনেট।

উত্তৰঃ গোটেই পৃথিবীব্যাপী অসংখ্য কম্পিউটাৰ সংযোগ কৰি এক বিশাল যোগাযোগ ব্যবস্থা গঠন কৰা হৈছে। এই যোগাযোগ ব্যবস্থাই হৈছে ইণ্টাৰনেট। ইণ্টাৰনেট হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগ ব্যৱস্থা। কৃত্রিম উপগ্ৰহৰ সহায়ত এই যোগাযোগ ব্যবস্থা সম্ভৱ হৈছে।

ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ পৰা আমি লাভ কৰা সুবিধাবোৰ হৈছে:

(১) আমি দেশ-বিদেশৰ খবৰ পাব পাৰোঁ।

(২) দূৰ-দূৰণিত থকা লোকসকলৰ লগত ঘৰত বহিয়েই যোগাযোগ কৰিব পাৰোঁ।

(৩) বিভিন্ন তথ্য পাব পাৰোঁ।

(৪) ৰে’ল আৰু বিমানৰ সময়সূচী জানিব পাৰোঁ আৰু আগতীয়াকৈ টিকট সংগ্ৰহ কৰিব পাৰোঁ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 5 Environment Chapter 15 আমাৰ দৈনন্দিন জীৱনত প্রযুক্তি”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top