Class 5 Environment Chapter 14 আমাৰ সামাজিক সমস্যা

Class 5 Environment Chapter 14 আমাৰ সামাজিক সমস্যা, SEBA Chapter 14 আমাৰ সামাজিক সমস্যা Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA Class 5 Environment Chapter 14 আমাৰ সামাজিক সমস্যা so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

আমাৰ সামাজিক সমস্যা

Join Telegram channel

Chapter – 14

অনুশীলনী

১। উত্তৰ লিখা-

(ক) সামাজিক সমস্যা বুলিলে কি বুজা?

উত্তৰঃ সমাজ জীৱনত প্ৰভাৱ পেলাই সমাজ জীৱন নষ্ট কৰা সমস্যাবোৰক সামাজিক সমস্যা বুলি কোৱা হয়। বাল্যবিবাহ এক সামাজিক সমস্যা। ছোৱালীৰ উপযুক্ত বয়সেৰে পৰিপুষ্ট নৌহওঁতেই তেওঁলোকক বিয়া দিয়া হয়। দেশৰ ভৱিষ্যৎ প্রজন্ম যদি এনেদৰে স্বাস্থ্যহীন হয়, তেনেহ’লে দেশে উপযুক্ত মানব সমাজ গঢ়ি তুলিব নোৱাৰিব।

(খ) সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়?

উত্তৰঃ সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয় সচেত নতা, বিশ্বাস, সহযোগিতা, আন্তৰি কতা আদি।

(গ) সামাজিক সমস্যাবোৰ কি কি?

উত্তৰঃ সামাজিক সমস্যাবোৰ হল অন্ধবিশ্বাস ,কু- সংস্কাৰ, লিংগ-বৈষম্য,শিশু-শ্রমিক,যৌতুক প্রথা আৰু নিৰক্ষৰতা।

(ঘ) সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায়?

উত্তৰঃসামাজিক সমস্যা সৃষ্টিত আন্তৰিকতাৰ অভাৱ বিশ্বাসহীনতা, উচ্চ-নীচ ভাৱ আৰু ধনী- দুখীয়াৰ ভেদাভেদ এইবোৰ কাৰকে অৰিহণা যোগায়।

২। খালী ঠাই পূৰ কৰা-

(ক) আমি সকলোৱে ____________পাতি বাস কৰোঁ।

উত্তৰঃ আমি সকলোৱে সমাজ পাতি বাস কৰোঁ।

(খ) _______________হ’ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা।

উত্তৰঃ অন্ধবিশ্বাস হ’ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা।

(গ) সমস্যা দীর্ঘদিনলৈ বর্তি থাকিলে সমাজত __________________সৃষ্টি হয়।

উত্তৰঃ সমস্যা দীর্ঘদিনলৈ বর্তি থাকিলে সমাজত অশান্তিৰ সৃষ্টি হয়।

(ঘ) ৰাইজৰ সচেতনতা আৰু_____________ নহ’লে কোনো সমস্যা সমাধান নহয়।

উত্তৰঃ ৰাইজৰ সচেতনতা আৰু সহযোগিতা নহ’লে কোনো সমস্যা সমাধান নহয়।

(ঙ) লিখা-পড়া নজনা লোককে____________ লোক বোলে।

উত্তৰঃ লিখা-পড়া নজনা লোককে নিৰক্ষৰ লোক বোলে।

৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’‘খ’
অন্ধবিশ্বাসৰ কোনোশিশু শ্রমিকৰ সৃষ্টি হয়।
পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবেসামাজিক সমস্যা।
অন্ধবিশ্বাস, লিংগ-বৈষম্য, শিশু-শ্রমিক আদিবৈজ্ঞানিক ভিত্তি নাই।

উত্তৰঃ

‘ক’‘খ’
অন্ধবিশ্বাসৰ কোনোবৈজ্ঞানিক ভিত্তি নাই।
পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবেশিশু শ্রমিকৰ সৃষ্টি হয়।
অন্ধবিশ্বাস, লিংগ-বৈষম্য, শিশু-শ্রমিক আদিসামাজিক সমস্যা।

৪। অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা-

(ক) গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে।

উত্তৰঃ গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে।

(খ) কু-সংস্কাৰৰপৰা সমাজৰ ক্ষতি হয়।

উত্তৰঃ কু-সংস্কাৰৰপৰা সমাজৰ ক্ষতি হয়।

(গ) লিংগ-বৈষম্য হ’ল সমাজৰ এটা সমস্যা।

উত্তৰঃ লিংগ-বৈষম্য হ’ল সমাজৰ এটা সমস্যা।

(ঘ) নিৰক্ষৰতাই সমাজৰপৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰিব পাৰে।

উত্তৰঃ নিৰক্ষৰতাই সমাজৰপৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰিব নোৱাৰে।

(ঙ) টকা-পইচাৰ অভাৱ হ’লে ল’ৰা-ছোৱালীবোৰক শ্রমিক সজাই উপার্জন কৰিবলৈ দিব লাগে।

উত্তৰঃ টকা-পইচাৰ অভাৱ হ’লে ল’ৰা-ছোৱালীবোৰক শ্রমিক সজাই উপার্জন কৰিবলৈ দিব নালাগে।

৫। চমুটোকা লিখা-

(ক) অন্ধবিশ্বাস।

উত্তৰঃ অন্ধবিশ্বাস হ’ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ কিছুমান ভুল ধাৰণা। কোনো বিষয় ভালদৰে পৰীক্ষা নকৰাকৈ আৰু চালি-জাৰি নোচোৱাকৈয়ে সঁচা বুলি বিশ্বাস কৰি লোৱাকে অন্ধবিশ্বাস বুলি কোৱা হয়। উদাহৰণস্বৰূপে- যাত্ৰাৰ সময়ত সম্মুখেদি মেকুৰী পাৰ হৈ গ’লে অমংগলৰ চিন বুলি কিছুমানে বিশ্বাস কৰে। কোনো কোনো লোকে ‘ভূত’ বিশ্বাস কৰে। মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰণাবোৰৰ ভিতৰত অন্যতম হ’ল ডাইনী বিশ্বাস। কোনো পুৰুষ বা মহিলাক সমাজৰ বাবে অমংগলীয়া বুলি ভাবে, তেওঁলোকৰ বাবেই সমাজত বেমাৰ-আজাৰ, দুখ-দুর্গতি হোৱা বুলি সমাজৰ কিছু লোকে ধাৰণা কৰি লয়। এয়া অন্ধবিশ্বাস।

(খ) কু-সংস্কাৰ।

উত্তৰঃ আমাৰ সমাজত কিছুমান কু-সংস্কাৰ প্ৰচলিত হৈ আছে, যেনে- সাপে খুঁটিলে বেজ মাতি চিকিৎসা কৰা, কোনো বেমাৰ হ’লে বেজ মাতি মন্ত্ৰৰদ্বাৰা জৰা-ফুঁকা কৰি বেমাৰ ভাল কৰিবলৈ চেষ্টা কৰা আদি। এনে ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানুহে উপযুক্ত চিকিৎসা নাপাই অনাহকতে মৃত্যুৰ মুখত পৰিবলগীয়া হয়।

(গ) যৌতুক।

উত্তৰঃ বিয়াৰ সময়ত কইনাৰ লগত দিয়া বয়-বস্তুকেই যৌতুক বোলা হয়। পিতৃ-মাতৃ বা অভিভাৱকে ছোৱালী এজনীক নতুন ঘৰ এখনত একো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চলি যাবৰ বাবে কিছুমান প্রয়োজনীয় বয়-বস্তু যৌতুক হিচাপে লগত দি পঠিয়ায়। ই এটা সামাজিক প্রথা। অতীতৰপৰা সমাজত যৌতুক প্রথা চলি আহিছে যদিও ই কোনো সামাজিক সমস্যাৰ সৃষ্টি কৰা নাছিল। কিন্তু কেতিয়াবা দৰা ঘৰে অধিক যৌতুক দাবী কৰা দেখা যায় আৰু সেইমতে দিব নোৱাৰিলে বিবাহৰ পাছত ছোৱালীয়ে অশেষ নির্যাতন ভোগ কৰিবলগীয়া হয়। সমাজৰ সকলো লোকেই এই প্রথাৰ বিৰূপ ফলৰ প্রতি সজাগ হ’ব লাগিব। ছোৱালীসকল উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ আত্মনিৰ্ভৰশীল হ’লে সমাজৰ পৰা এই প্রথা নিশ্চয় আঁতৰ হ’ব।

৬। সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখা।

উত্তৰঃ সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা অপৰিসীম। সমাজ হলে সমস্যা হবই। ৰাইজৰ একতা পাৰস্পৰিক সহযোগিতা থাকিলে সমাজৰ সমস্যা চৰকাৰৰ অনুদান নোহোৱাকৈ সমাদান কৰিব পাৰি।

আমি সকলো মিলি একগোট হৈ সমাজৰ পৰা হিংসা, দ্বেষ, ভেদাভেদ পৰিহাৰ কৰি এখন নিকা সমাজ গঢ়ি তুলিব পাৰোঁ। সমাজত একতা আৰু সংহতি থাকিলে সমাজৰ ক্ষতি সাধন কৰিব পৰা কাৰকসমূহ সিমান সক্রিয় হৈ উঠিব নোৱাৰে, ফলত সমাজত সমস্যাৰ সংখ্যাও কমে। ৰাইজে সমূহীয়াভাৱে আলোচনা কৰি একোটা সমস্যাৰ সমাধানৰ উপায় উলিয়াব পাৰে। স্থানীয় সমস্যা কিছুমান ৰাইজে একগোট হৈয়ে সমাধান কৰিব পাৰে। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top