Class 5 Assamese Chapter 7 ফুলকোঁৱৰৰ গীত

Class 5 Assamese Chapter 7 ফুলকোঁৱৰৰ গীত, Class 5 Assamese Chapter 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board ফুলকোঁৱৰৰ গীত Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 5 Assamese Chapter 7 ফুলকোঁৱৰৰ গীত

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 7 ফুলকোঁৱৰৰ গীত Solutions for All Subject, You can practice these here

ফুলকোঁৱৰৰ গীত

Chapter – 7

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

প্রশ্ন : ১। গীতটো লগে ভাগে গাঁও আৰু আবৃত্তি কৰো আহা। (নিজে যত্ন কৰা)

প্রশ্ন : ২। গীতটোৰ কাহিনীভাগ নিজৰ কথাৰে সজাই-পৰাই কোৱা। 

উত্তৰ : ওপৰৰ পাঠৰ সাৰাংশ পঢ়া।

প্রশ্নঃ ৩। তলৰ শব্দবোৰৰ অৰ্থ গছৰ পাতৰপৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা।

উত্তৰ : 

  শব্দঅর্থ
(১) টিপাআঙুলি বা হাতেৰে মৰা চেপা।
(২) শালএমূৰ জোঙা চুটি খুঁটি৷
(৩) চলিচাঁচি এৰোওৱা পাতল কাঠ৷
(8) শূলজোঙা অস্ত্ৰ৷
(৫) দশাভাগ্য/অবস্থা/কপাল।
(৬) শঁখাশংখ৷
(৭) তমস্কাৰজাতিষ্কাৰ (পৰিপাটি’ নহয়)।

(ক) ফুলকোৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল ? 

উত্তৰ : ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল। 

(খ) ঘোঁৰাত উঠি গৈ ফুলকোৱৰ ক’ত পৰিছিল ? 

উত্তৰ : ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ মালিনীৰ ফুলনিবাৰীত পৰিছিল।

(গ) ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে ?

উত্তৰ : কাঠৰ পকীঘোঁৰাত উঠি উৰি গৈ ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে পালে৷ 

(ঘ) ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে ? 

উত্তৰ : ফুলনিখনৰ ফুলবোৰ ফুলকোঁৱৰে ফুলালে।

প্রশ্ন : ৫। বুজাই লিখা 

(ক) ই বোলে মালিনী                সি বোলে মালিনী

                        তোৰ দশা ভাল হ’ল,

গীত ফাকিত ‘মালিনী’ কাক বোলা হৈছে ? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে ?

উত্তৰ : ফুলকোঁৱৰৰ কাঠৰ পখীঘোঁৰা যাৰ বাৰীত পৰিছিল সেই বাৰীৰ গৰাকী বুঢ়ীক মালিনী বোলা হৈছে। বাৰ বছৰে শুকাই মৰহি থকা ফুলনিখন ফুলকোঁৱৰৰ উপস্থিতিত জী উঠিছিল আৰু ফুলেৰে জাতিষ্কাৰ হৈ পৰিছিল । ফুলৰ মালী-মালিনীয়ে ফুল বেচি উপাৰ্জন কৰিব পাৰে। সেয়ে মালিনীৰ শুকাই থকা ফুলনিত ফুল ফুলিল যেতিয়া মালিনীৰ উপাৰ্জনৰ পথ ওলাল। গতিকে মালিনীৰ দশা বা ভাগ্য ভাল হোৱা বুলি ফুলনিবাৰী দেখাসকলে কৈছে।

(খ) ফুলকোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল ?

উত্তৰ : বাৰ বছৰে শুকাই থকা মালিনীৰ ফুলনিবাৰী ফুলকোঁৱৰৰ হাতৰ পৰশত জী উঠিছিল। ফুল গছবোৰে নতুন শিপা মেলিছিল। ডালবোৰত পোখা মেলাৰ উপক্রম কৰিছিল আৰু ফুলৰ কলি ধৰিছিল। তাৰ পাছত সেউতি, মালতী, তগৰ, গুটিমালী আদি বিবিধ ফুল ফুলি ফুলনিখন জাতিষ্কাৰ হৈ পৰিছিল।

(গ) শিপা ধৰাৰপৰা কি কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল। 

উত্তৰ : শিপা ধৰাৰ পৰা পোখা মেলা, ডাল ওলোৱা, কলি পেলোৱা আদি স্তৰবোৰ পাৰ হৈ ফুলবোৰ ফুলিছিল।

(ঘ) বাৰ বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ’ল?

উত্তৰ : বাৰ বছৰীয়া শুকান ফুলনিখন ফুলকোঁৱৰৰ হাতৰ পৰশত জকমকীয়া ফুল ফুলি সজীৱ হৈ সলনি হ’ল।

প্রশ্ন : ৬। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।

ক-অংশখ-অংশ
(ক) জেউতি চৰিলেফুলৰে তিৰবিৰ দেখি।
(খ) ফুলনি বাৰীত থাকোঁতে কোঁৱৰেসবেও পেলালে কলি।
(গ) কাঠৰ পখীঘোঁৰা এৰি ফুলকোঁৱৰেই পাহি সি পাহি লেখি।
(ঘ) তগৰ গুটিমালীউৰি যাওঁ উৰি যাওঁ কৰিল।
(ঙ) কৰে হৰি হৰিসবালৈ মাৰিলে শাল।

উত্তৰ : 

ক-অংশখ-অংশ
(ক) জেউতি চৰিলেউৰি যাওঁ উৰি যাওঁ কৰিল।
(খ) ফুলনি বাৰীত থাকোঁতে কোঁৱৰেই পাহি সি পাহি লেখি।
(গ) কাঠৰ পখীঘোঁৰা এৰি ফুলকোঁৱৰেসবালৈ মাৰিলে শাল।
(ঘ) তগৰ গুটিমালীসবেও পেলালে কলি।
(ঙ) কৰে হৰি হৰিফুলৰে তিৰবিৰ দেখি।

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন : ১। গীতটোৰপৰা চন্দ্ৰ বিন্দু ( ঁ ) থকা শব্দবোৰ বাছি উলিয়াই লিখা আৰু শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ শিকা।

উত্তৰ : ঘোঁৰা, যাওঁ, ফুলকোঁৱৰ, শখা, থাকোতে। 

প্রশ্ন : ২। শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা।

উত্তৰ : (উত্তৰৰ বাবে বহুৱা শব্দটোৰ তলত আঁচ টানি দিয়া হৈছে।) 

(ক) মই সদায় স্কুললৈ যাওঁ (সি/মই)।

(খ) ৰতনে সদায় ফুটবল খেলে (খেলে/খেলিছিল)। 

(গ) গোলাপ ফুল পাহি টিকটিকীয়া ৰঙা (ধকৃষকীয়া/টিকটিকীয়া)।

প্রশ্ন : ৩। জানো আহাঁ :

গীতটোত ব্যৱহাৰ হোৱা কিছুমান শব্দ বৰ্তমান তলত দিয়া ধৰণে লিখা হয়। 

উত্তৰ : 

গীতটোত ব্যৱহাৰ হোৱা ৰূপবর্তমান লিখা ৰূপ
কৰিলকৰিলে
শখাশংখ
সবালৈসকলোলৈ
একেদিনেএদিনতে
সৱেওসকলোৱে
বজালবজালে

প্রশ্ন : ৪। তলৰ গীতফাকিৰ পৰা বিশেষ্য পদকেইটা বাছি উলিওৱা।

কাঠৰ পখী ঘোঁৰা               জেউতি চৰিলে

             উৰি যাওঁ উৰি যাওঁ কৰিল,

ছমাহৰ বাটকে                   যায় একেদিনে

              মালিনীৰ বাৰীতে পৰিল।

কাঠৰ পখী ঘোঁৰা                এৰি ফুলকোঁৱৰে

              ভৰিৰে মাৰিলে টিপা,

সেউতী মালতী                    তগৰ গুটিমালী

               সবেও ধৰিলে শিপা।

উত্তৰ : গীতফাকি থকা বিশেষ্য পদবোৰ তলত লিখা হ’ল— 

কাঠ, ঘোঁৰা, বাট, মালিনী, বাৰী, ফুলকোঁৱৰ, ভৰি, সেউতী, মালতী, তগৰ, গুটিমালী, শিপা।

প্রশ্ন : ৫। গীতটোত থকা ‘তিবিৰ্‌’ শব্দটো এটা ধ্বন্যাত্মক শব্দ বা অনুকাৰ শব্দ। ‘তি’ শব্দৰ নিচিনাকৈ ‘বিৰ্‌’ শব্দ সৃষ্টি কৰি তিৰবিৰ’ কৰা হৈছে। ধ্বনি অনুকৰণ কৰি এইদৰে সৃষ্টি হোৱা কিছুমান শব্দ হৈছে— ঢংঢং, টংটং, কা কা, কেৰকেৰ, গিৰিগিৰ, হিৰহিৰ ইত্যাদি

গ-জ্ঞান সম্প্ৰসাৰণ

প্রশ্ন : ১। ‘শংখ’ এবিধ মুখেৰে বজোৱা বাদ্য। মুখেৰে আৰু কি কি বাদ্য বজাৰ পাৰি ?

উত্তৰ : বাঁহী, কালি, পেঁপা, মাউথ অর্গেণ, কর্ণেট, গগণা আদি মুখেৰে বজোৱা বাদ্য। 

প্রশ্ন : ২। কেইটামান লোকগীত গাওঁ আহা—

নিচুকনি গীত

আমাৰে মইনা শুব এ

বাৰীতে বগৰী ৰুব এ 

বাৰীৰে বগৰী পকি সৰিব 

মইনাই বুটলি খাব।

বিয়ানাম

মাৰাৰ অলংকাৰ

থোৱা কাতি কৰি

ঐ’ ৰাম, দেউতাৰাৰ অলংকাৰ থোৱাহে

ৰামচন্দ্ৰই পঠাইছে

সুবৰ্ণৰ অলংকাৰ

ঐ’ৰাম, হাতে যোৰে কৰি লোৱাহে।

বিহুগীত

চাঁতে গৈয়ে গৈয়ে ব’হাগে পালেহি 

         ফুলিলে ভেবেলী লতা 

কৈ থাকো মানে ওৰকে নপৰে 

         আমাৰ বিহুটিৰ কথা।

বনগীত

পকাধনৰ মাজে মাজে 

সৰু সৰু আলি ঐ

সৰু সৰু আলি 

আলিত পৰি গীত জোৰে 

জাক, বালিমাহী ঐ 

জাক বালিমাহী।

ককা আৰু নাতি-ল’ৰা

ককা আৰু নাতি-ল’ৰা একেলগে বহি

সাজিছে বালিৰ ঘৰ দুয়ো হাঁহি হাঁহি। 

পোনাটি পুৱাৰ যেন প্রথম কিৰণ 

আনজন সন্ধিয়াৰ হেঙুলী বহণ।

হাঁহি হাঁহি পোনাটিয়ে কয় উলাহেৰে 

“সাজিম ইয়াতে ঘৰ অতি যতনেৰে 

থাকিব ইয়াতে মোৰ হাতী-ঘোঁৰা যত, 

লণ্ডৱা-লিগিৰী আৰু বয়-বস্তু কত। 

চাৰিওফালে ওখ ওখ ঢাপ তুলি মই 

ৰাখিম ঘৰটি মোৰ চোৰ নহাকই 

মাজত ফুলনিখনি জেউতি চৰাব, 

বাটৰুৱা ভোল গই ৰৈ ৰৈ চাব।”

কবি – যতীন্দ্র নাথ দুৱৰা

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising