Class 4 Assamese Chapter 13 জন্ম-দিনৰ আয়োজন, SEBA Chapter 13 জন্ম-দিনৰ আয়োজন Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.
জন্ম-দিনৰ আয়োজন
Chapter – 13
অংকুৰণ
ASSAMESE
ক-পাঠভিত্তিক
☆ শব্দ অর্থ লিখা –
শব্দ | অর্থ |
জন্মদিন | জন্মতিথি, ওপজাদিন। |
আয়োজন | যো-জা, যোগাৰ। |
পৰিপাটি | পৰিষ্কাৰ, নিয়াৰি, সুশৃঙ্খল, আটোম-টোকাৰি। |
স-বান্ধৱে | বন্ধু বা বান্ধৱীৰ সৈতে। |
পদূলি | মানুহৰ ঘৰলৈ সোমোৱা বাটৰ সমুখ ভাগ । |
উপৰি | বাহিৰে, পূৰ্বৰ, আগৰ। |
নীতি-বচন | সজ কথা, সজ শিক্ষা। |
আবদাৰ | গভীৰ আৰু পৰিপূৰ্ণ মৰম, মৰম লগোৱা কাৰ্য। |
শৰাই | নৈবেদ্য দিয়া, মান ধৰিবলৈ ব্যৱহাৰ কৰা বটাৰ দৰে এবিধ বহল পাত্র। |
যোগাৰ | যো-জা, আয়োজন। |
আচল | ঘাই, মূল, প্রকৃত । |
প্রতিপাল | পোহপাল, পোৱা। |
দায়িত্ব | কৰ্তব্যভাৰ, জগৰীয়া হোৱা, কাৰ্য, দোষ, জগৰৰ লেঠালৈ হাতত লোৱা কাৰ্য। |
সংগ্রহ | গোটোৱা কাৰ্য, চপোৱা কাৰ্য। |
ক-পাঠভিত্তিক
☆ নাটিকাখন ভালদৰে পঢ়া।
☆ তলৰ প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।
(ক) সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল ?
উত্তৰঃ সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি পাচলি কাটি আছিল।
(খ) সীমান্তৰ জন্ম-দিনটো কি বাত হ’ব ?
উত্তৰঃ সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি পাচলি কাটি আছিল।
(গ) মাকে সীমান্তৰ জন্ম-দিনত কি কৰিম বুলি ভাবিছে ?
উত্তৰঃ সীমান্তৰ জন্ম দিনটো কি বাৰত হ’ব।
(ঘ) সীমান্তই জন্ম-দিনত কাক নিমন্ত্ৰণ কৰিম বুলি ভাবিছে ?
উত্তৰঃ সীমান্তই জন্ম-দিনটো স-বান্ধৱে পালন কৰিব। নিমন্ত্রণ কৰিবলগীয়া বন্ধু-বান্ধৱী সকল হ’ল ক্ৰমে – কণজুন, মিতা, ভুলী, চিৰঞ্জীৱ, মকবুল। অৱশ্যে মাকে বৰ্তন আৰু মীনাৰ কথাও সোঁৱৰাই দিছিল।
(ঙ) স্কুলৰ বাইদেৱে জন্ম-দিনত সীমান্তক কি কৰিবলৈ কৈছে ?
উত্তৰঃ স্কুলৰ বাইদেৱে জন্ম দিনত সীমান্তক গছ পুলি ৰুবলৈ কৈছে।
☆ ‘জন্ম-দিনৰ আয়োজন’ নাটিকাখনিত কাৰ কাৰ মাজত কথোপকথন হৈছে? নাটিকাখনিৰ কথা বতৰাখিনি নিজৰ কথাৰে গদ্য ৰূপত কোৱা আৰু লিখা।
উত্তৰঃ জন্ম দিনৰ আয়োজন’ নাটিকাখনিত সীমান্ত আৰু তেওঁৰ মাকৰ মাজত কথোপকথন হৈছে।
সীমান্তৰ মাক এজনী সু-গৃহিণী। পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰে খবৰ ৰাখে। পাকঘৰৰ মজিয়াত পাচলি কাটি থকাৰ মাজতে পুতেক সীমান্তক তেওঁৰ পঢ়া টেবুলখন চফা কৰা হ’ল নে নাই সুধিছিল। জীয়েকে ক’ত কি কৰিছে তাৰে উমান লৈছিল। মাকে সীমান্তক ডলাত থকা চাউল যিনি টিন এটাত ভৰাই থ’বলৈ কলে। টিনটোত চাউল ভৰাই থকাৰ মাজতে সীমান্তই তার জন্মদিন অহা সোমবাৰে বুলি মাকব মনত পেলাই দিছিল। পুতেকৰ কথা শুনি মাকে কৈছিল যে তেওঁৰ জন্মদিন উপলক্ষে নামঘৰত এখন শৰাই আগবঢ়াব বুলি কৈছিল। তেতিয়া সীমান্তই কৈছিল যে অকল শৰাই দিলেই নহব সেইবাৰ তেওঁ (সীমান্তই) তেওঁৰ বন্ধু বান্ধৱী সকলোকো মাতিব। গতিকে তেওঁলোকক খুৱাবলৈ মাকক জলপান যোগাৰ কৰা কথা কৈছিল।
মাকে সীমান্তক সুধিছিল তেওঁৰ জন্মদিনত কাক কাক নিমন্ত্ৰণ কৰিব। তেতিয়া পুতেকে আঙুলিৰ পাবত গস্তিকৰি কৈছিল যে বগজুন, মিতা, ভুলী, চিৰঞ্জীব, মকবুলক মাতিব। তেতিয়া মাকে ৰতন আৰু মীনাৰ কথাও সোঁৱৰাই দিছিল। সীমান্তই আকৌ মাকক কৈছিল যে তেওঁৰ জন্মদিনত স্কুলৰ বাইদেৱেকে এটি গছপুলি ৰোৱাৰ কথা কৈছে। গতিকে সেইবার জন্ম দিনত তেওঁ পদূলি মূৰত এটি নাহৰ গছৰ পুলি কর। পুতেকৰ কথা শুনি মাকে বৰ ভাল পালে আৰু তেওঁ এইটোও কথা কলে যে অকল গছ-পুলি বলেই নহ’ব তাক তেওঁ প্ৰতিপালনো কৰিব লাগিব। সেইদিনাখনেই পদা লিখা, ছবি আঁকা মহৎ লোকৰ বাণী বা নীতি বচনো সংগ্ৰহ কৰি সেইবোৰ সুন্দৰকৈ বৈৰত আঁৰি থব পাৰি সেই কথাটো ও সোৱৰাই দিছিল।
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
☆ তলৰ বাকচৰ ভিতৰত থকা স্ত্রীলিংগ বুজোৱা শব্দবোৰ বিচাৰি আনি পুংলিংগ বুজোৱা শব্দৰ কাষত লিখা।
উদাহৰণ– মামা মামী

উত্তৰঃ
দেউতা | মা |
বন্ধ | বান্ধৱী |
শিক্ষক | শিক্ষয়িত্রী |
ভাইটি | ভণ্টি |
ভিনিহি | বাই |
☆ বাক্য ৰচনা কৰা।
জন্ম-দিন, উপহাৰ, নামঘৰ, জলপান, পৰিপাটি
উত্তৰঃ জন্ম-দিন :- পুহ মাহৰ দুই তাৰিখে পলাশৰ জন্মদিন।
উপহাৰ :- তাৰ জন্মদিনত মাষ্টৰ ককাকে এই কিতাপখন উপহাৰ দিছিল।
নামঘৰ :- আইতাই নামঘৰত ঘোষা গাইছে।
জলপান :- অতুলে জলপান খাইহে কামত ধৰিছে।
পৰিপাটি :- উৎপলাই বিচনাখন পৰিপাটিকে ৰাখিছে।
☆ তলৰ বাকচত থকা বৰ্ণ, -কাৰ বা স্বৰচিহ্ন আৰু যুক্তাক্ষবোৰ ভালদৰে পঢ়ি চোৱা। চলত বহি এই বর্ণ, –কাৰবোৰ লগ লগাই অর্থপূর্ণ শব্দ লিখা।

উত্তৰঃ কপৌ বান্দৰ মৃত গৌতম বন্ধু হস্তা দুৰন্ত
দন্ত জাকৈ আকৃতি ভেন্দি গীত বিন্ধা আন্ধাৰ
☆ এটা শব্দত প্ৰকাশ কৰা।
জন্ম হোৱা দিনটো …………………
বন্ধু-বান্ধৱৰ সৈতে …………………
নাম গোৱা ঘৰ …………………
উত্তৰঃ জন্ম হোৱা দিনটো ― জন্ম-দিন
বন্ধু-বান্ধৱৰ সৈতে ― সা-বান্ধৱে
নাম গোৱা ঘৰ ― নামঘৰ।
☆ ইংৰাজী ভাষাৰ অনেক শব্দ আমাৰ ভাষাত সোমাইছে। তেনেকুৱা কেইটিমান শব্দ এই পাঠটোত ব্যৱহাৰ হৈছে। সেইবোৰৰ অসমীয়া প্রতিশব্দ লিখা।
(ক) ইংৰাজী শব্দ | অসমীয়া প্রতিশব্দ |
টেবুল | |
স্কুল | |
ৰুম |
উত্তৰঃ
ইংৰাজী শব্দ | অসমীয়া প্রতিশব্দ |
টেবুল | মেজ |
স্কুল | বিদ্যালয় |
ৰুম | কোঠা |
(খ) আজিকালি আকৌ কিছুমান শব্দ অসমীয়াত ক’লে বহুতে নুবুজে, ইংৰাজীত ক’লেহে বুজি পায়। তেনেকুৱা অসমীয়া শব্দৰ ৰূপটোৰ কাষতে ইংৰাজী শব্দৰ ৰূপ এটা দিয়া হৈছে। তাৰ পৰা বিচাৰি উলিয়াই মিলাই লিখা।
অসমীয়া শব্দ | ইংৰাজী শব্দ |
জপনা, অট্টালিকা, পিয়লা | হেণ্ডচেক, কাপ, চিনেমা |
চিৰিয়াখানা, কৰমৰ্দন, দূৰদৰ্শন | গে’ট, বিল্ডিং, জু, টি, ভি |
বোলছবি, কাৰ্যৱাহী, অভিযন্তা | একজিকিউটিভ, ইঞ্জিনিয়াৰ |
উপপ্ৰতি সমাহর্তা, পৰিকলন যন্ত্র | এছ ডি চি. কম্পিউটাৰ |
উত্তৰঃ
অসমীয়া শব্দ | ইংৰাজী শব্দ |
জপনা | গে’ট। |
অট্টালিকা | বিল্ডিং। |
পিয়লা | কাপ। |
চিৰিয়াখানা | জু। |
কৰমৰ্দন | হেণ্ডচেক। |
দূৰদৰ্শন | টি ভি। |
বোলছবি | চিনেমা। |
কাৰ্যৱাহী | এক্ জিকিউটিভ। |
অভিযন্তা | ইঞ্জিনিয়াৰ। |
উপপ্রতি সমাহর্তা | এছ ডি চি। |
পৰিকলন যন্ত্ৰ | কম্পিউটাৰ। |
গ-জ্ঞান সম্প্ৰসাৰণ
☆ পৰিপাটিকৈ থোৱাটো এটা ভাল গুণ। সীমান্তই নিজৰ বস্তুবোৰ পৰিপাটিকে থয়। তুমি তোমাৰ বস্তুবোৰ পৰিপাটিকে থোৱানৈ ? বস্তু পৰিপাটিকে থ’লে আমার কি কি সুবিধা হয় ?
উত্তৰঃ মই মোৰ বস্তুবোৰ পৰিপাটিকে থওঁ।
বস্তুবোৰ পৰিপাটিকে থলে সহজে পোৱা যায়। সময় অপচয় নহয়। দেখাতো ধুনীয়া দেখি। বস্তু পৰিপাৰ্টিকৈ থলে মানুহজনৰ ৰুচিবোধাৰ বিষয়ে জানিব পাৰি। নিজৰ পছন্দ মতে যিকোনো ব্যৱহাৰ কৰিব পাৰি। অপৰিপাটিকে থলে লগা বস্তুটো বিচাৰিব লগা হয়, নাটোও তেতিয়া বেয়া লাগে। কামটো মনটো বহুবার নোৱাৰি। পৰিপাটিকে থলে এনে অসুবিধাৰ পৰা হাত সাৰিব পাৰি।
☆ নিজৰ জন্মদিনৰ লগতে শ্ৰেণীৰ সকলোৰে জন্মদিনৰ তাৰিখবোৰৰ তালিকা কৰা। জন্মদিনৰ দিনা তেওঁলোকক শুভেচ্ছা জনোৱাৰ উপৰি আৰু কি কি কৰিবা ?
উত্তৰঃ
নাম | জন্মদিনৰ তাৰিখ |
১।শ্রী পলাশ প্রতীম দত্ত | ১৮।১২।২০০১ |
২। শ্রী মানস প্রতীম দত্ত | ০৭।০৬।২০০০ |
৩। শ্রী চিন্তু ডেকা | ০২/০৮/২০০১ |
৪। জাহ্নৱী গোস্বামী | ০৯।০৯।২০০১ |
৫। শ্রী তনুশ্রী ভূঞাঁ | ০১।০১/২০০১ |
৬। শ্রী গার্গী দত্ত | ২৩।০৯। ২০০৫ |
৭। মহঃ আচিফ আহমেদ | ৩০/৩/২০০১ |
৮। শ্রী ৰিম্পী দত্ত | ২৬।১২।২০০১ |
৯। শ্রী কণিকা দত্ত | ১০।১২।২০০১ |
বন্ধু-বান্ধৱীক শুভেচ্ছ জনোৱাৰ উপৰি তেওঁলোকক উপহাৰ স্বৰূপে-গছপুলি, সাধুকথাৰ পুথি, জন্মদিনৰ কেক আৰু আটাইবোৰ বন্ধু বান্ধৱী লগ লাগি গাঁৱৰ আলি পদুলি চাফ্ কৰিম, মন্দিৰ, মছজিদ, গীর্জা আদি চৌহদ চাক্ কৰাৰ লগতে তাত ফুলনি বাগিছৰ পাতিম। বন্ধুবোৰ লগ লাগি চিত্রাংকন প্রতিযোগিতা, মহৎ লোকৰ বাণী আদি কোৱাৰ প্ৰতিযোগিতা, সাধুকোৱাৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰিম।
☆ এটা গছপুলি ৰুই কেনেকৈ যত্ন ল’বা ? দলত আলোচনা কৰা আৰু গছ-পুলিটোৰ শ্ৰী বৃদ্ধি পৰ্যবেক্ষণ কৰি টোকা বহীত লিখি থ’বা।
উত্তৰঃ এটা গছপুলি ৰুই উঠি তাক প্রতিপালন কৰিব লাগে। নহ’লে গছপুলিটো অকালতে মৰহি যাব। পুলিটো ৰুই উঠি তাত গোবৰসাৰ আৰু পানী যোগান ধৰিব লাগিব। পুলিটো যাতে গৰু ছাগলী আদিয়ে খাব নোৱাৰে তাত বেৰ দিব লাগিব। গছপুলিটোক যাতে বন-জীৱৰ আদিয়ে আগুৰি ধৰিব নোৱাৰে তাৰ মাহেকে পোষেকে বনবোৰ নিৰাব লাগিব। এনে ধৰণে যত্ন ল’লে নিশ্চয় গছ পুলিটোৱে সোনকালে শ্রী বৃদ্ধি হ’ব।
☆ ক অংশৰ সামগ্ৰীসমূহ খ অংশৰ কি কামত ব্যৱহাৰ হয় মিলাই লিখা।
ক-অংশ | খ-অংশ |
মূঢ়া | পাচলি আদি থোৱাৰ বাবে |
চালনী | মাছ ভৰাবলৈ |
খালৈ | ধান, মাহ আধি থোৱাৰ বাবে |
ডুলি | বহাৰ বাবে |
চেপা | চালিবৰ বাবে |
খৰাহি | মাছ ধৰিবলৈ |
উত্তৰঃ
ক-অংশ | খ-অংশ |
মূঢ়া | বহাৰ বাবে |
চালনী | চালিবৰ বাবে |
খালৈ | মাছ ভৰাবলৈ |
ডুলি | ধান, মাহ আধি থোৱাৰ বাবে |
চেপা | মাছ ধৰিবলৈ |
খৰাহি | পাচলি আদি থোৱাৰ বাবে |
☆ পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো বিদ্যালয়ত কেনেকৈ পালন কৰা লিখা।
উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰৰ জন্ম হয় ১৮৮৯ চনৰ ১৪ নৱেম্বৰত। তেওঁৰ এই জন্মদিনটোত ভাৰতে শিশু দিৱস হিচাপে পালন কৰে। ১৪ নৱেম্বৰ তাৰিখে প্ৰতিবছৰে আমাৰ বিদ্যালয়ত এখন আকস্মিক বক্তৃতা, চিত্রাংকন প্রতিযোগিতা, কুইজ প্রতিযোগিতা পাতি সেই প্রতিযোগিতাত যি সকল প্রতিযোগীয়ে স্থান অধিকাৰ কৰে সেই ব্যক্তি সকলক জবাহৰলাল নেহৰু বঁটা প্ৰদান কৰে।
ঘ-প্ৰকল্প
☆ বন্ধু-বান্ধৱীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ এখন শুভেচ্ছা পত্র প্রস্তুত কৰা।
উত্তৰঃ শুভেচ্ছাপত্র
তাৰিখ ১ পুহ (১৭।১২। ১২ইং চন)
বিকিলৈ শুভেচ্ছা পত্র। বহুত বহুত মৰম পঠালো। অহাকালি তোমাৰ জন্ম দিন (১৮।১২।১২ ইং মংগল বাৰ)
সেই উদ্দেশ্যে ভগৱানৰ ওচৰত তোমাৰ দীৰ্ঘায়ুস কামনা কৰিলো। অনাগত দিনবোৰ তোমাৰ বাবে সুখৰ হওঁক, মধুৰ হওঁক। শিক্ষাৰ ক্ষেত্ৰত তোমাৰ নাম হওঁক তাৰেই কামনাৰেই
ইতি
তোমাৰ
শ্রী প্রতুল দত্ত।
গুৱাহাটী।
☆ দহ গৰাকী মহান ব্যক্তিৰ জন্ম-তাৰিখৰ তালিকা কৰা।
উত্তৰঃ
নাম | জন্মৰ তাৰিখ |
১। হজৰত মহম্মদ | ৫৭০ খ্রীষ্টাব্দৰ ২৯ আগষ্ট। |
২। মহাত্মা গান্ধী | ১৮৬৯ চনৰ ২ অক্টোৱৰ। |
৩। জৱাহৰলাল নেহৰু | ১৮৮৯ চনৰ ১৪ নৱেম্বৰ। |
৪। ইন্দিৰা গান্ধী | ১৯১৭ চনৰ ১৯ নৱেম্বৰ। |
৫। মাদাৰ টেৰেছা | ১৯১০ চনৰ ২৭ আগষ্ট। |
৬। বিষ্ণু প্ৰসাদ ৰাভা | ১৯০৯ চনৰ ৩১ জানুৱাৰী। |
৭। জ্যোতিপ্ৰসাদ আগৰৱালা | ১৯০৩ চনৰ ১৭ জুন। |
৮। ড° ভূপেন হাজৰিকা | ১৯২৬ চনৰ ৮ চেপ্তেম্বৰ। |
৯। ড° মামনী ৰয়চম গোস্বামী | ১৯৪২ চনৰ ১৪ নৱেম্বৰ। |
১০। লক্ষ্মীনাথ বেজবৰুৱা | ১৮৬৮ চনৰ ১৯ নৱেম্বৰ। |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.