Class 3 Environment Chapter 1 বাগিচালৈ যাওঁ ব’লা

Class 3 Environment Chapter 1 বাগিচালৈ যাওঁ ব’লা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 Environment Chapter 1 বাগিচালৈ যাওঁ ব’লা and select need one.

Class 3 Environment Chapter 1 বাগিচালৈ যাওঁ ব’লা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 3 Environmental Studies These solutions are part of SCERT All Subject Solutions. Ami Aru Amar Paribesh Here we have given Assam SEBA Board Class 3 পৰিৱেশ অধ্যয়ন Solutions for All Subject, You can practice these here.

বাগিচালৈ যাওঁ ব’লা

Chapter – 1

অনুশীলনী

(১) উত্তৰ লিখা—

(ক) অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম—

উত্তৰঃ অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম হ’ল— শাল, হোলোং, বনচোম আৰু তিতাচঁপা।

(খ) অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম—

উত্তৰঃ অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম হ’ল— শাল আৰু চেগুন।

(গ) দুবিধ লতাজাতীয় উদ্ভিদৰ নাম—

উত্তৰঃ দুবিধ লতাজাতীয় উদ্ভিদৰ নাম হ’ল— পাণ আৰু ভেদাইলতা।

(ঘ) দুবিধ গোন্ধ নথকা ফুলৰ নাম—

উত্তৰঃ দুবিধ গোন্ধ নথকা ফুলৰ নাম হ’ল— পাত ফুল আৰু কলা ফুল।

(ঙ) তিনিবিধ গোন্ধ থকা ফুলৰ নাম—

উত্তৰঃ তিনিবিধ গোন্ধ থকা ফুলৰ নাম হ’ল— গোলাপ, তগৰ আৰু নাহৰ।

(২) লাও, জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি?

উত্তৰঃ লাও, জিকা গছবোৰৰ গা-গছ কোমল আৰু লেহুকা, এইবোৰে আনৰ সহায় লৈহে বগাই যাব পাৰে। বগাই যাবৰ বাবেহে এই গছবোৰক বাঁহৰ চাং সাজি দিয়া হয়। 

(৩) খালী ঠাই পূৰ কৰা—

(ক) গছে_________________ ৰ দ্বাৰা পানী শুহি লয়।

উত্তৰঃ শিপাৰ।

(খ) মৌ-মাখিয়ে ফুলৰ মৌ চুহি________________ তৈয়াৰ কৰে।

উত্তৰঃ মৌজোল।

(গ) _________________আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল।

উত্তৰঃ পদুম ফুল।

(ঘ) কপৌ ফুল_______________ কালত ফুলে। 

উত্তৰঃ বসন্ত।

(৪) শুদ্ধ উত্তৰত ‘ √’ চিন দিয়া—

(ক) বাঁহ গছ গুল্ম/বৃক্ষ/তৃণজাতীয় উদ্ভিদ।

উত্তৰঃ তৃণজাতীয় উদ্ভিদ।

(খ) গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু/ডাঙৰ।

উত্তৰঃ সৰু।

(গ) বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান/ কোমল।

উত্তৰঃ বৰ টান।

(ঘ) তাল/আম/নিম গছৰ পাতেৰে বিচনী সজা হয়।

উত্তৰঃ তাল।

(৫) পার্থক্য লিখা— বৃক্ষ আৰু গুল্ম

উত্তৰঃ বৃক্ষ জাতীয় উদ্ভিদবোৰ গছৰ গাটো শকত আৰু টান। আনহাতে গুল্মজাতীয় উদ্ভিদ চাপৰ আৰু জোপোহা। গছবোৰৰ গ-গছ বৃক্ষ দৰে শকত নহয়।

বৃক্ষ জাতীয় উদ্ভিদবোৰ বৰ ডাঙৰ। আনহাতে গুল্ম জাতীয় উদ্ভিদবোৰ বৰ সৰু।

(৬) ফুটবোৰ লগ লগাই ছবিটোত ৰং কৰা।

উত্তৰঃ 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top