Class 3 Environment Chapter 2 আমাৰ চৌপাশৰ প্ৰাণীবোৰ

Class 3 Environment Chapter 2 আমাৰ চৌপাশৰ প্ৰাণীবোৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 Environment Chapter 2 আমাৰ চৌপাশৰ প্ৰাণীবোৰ and select need one.

Class 3 Environment Chapter 2 আমাৰ চৌপাশৰ প্ৰাণীবোৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 3 Environmental Studies These solutions are part of SCERT All Subject Solutions. Ami Aru Amar Paribesh Here we have given Assam SEBA Board Class 3 পৰিৱেশ অধ্যয়ন Solutions for All Subject, You can practice these here.

আমাৰ চৌপাশৰ প্ৰাণীবোৰ

Chapter – 2

অনুশীলনী

১। উত্তৰ লিখা–

(ক) মাছে কেনেকৈ পানীত সাঁতোৰে?

উত্তৰঃ মাছে দেহৰ দুয়োকাষে থকা ফান (পাখি) আৰু পিছ অংশত থকা ফিচাৰ সহায়ত পানীত সাঁতোৰে।

(খ) ভেকুলীক কিয় উভচৰ প্রাণী বোলে?

উত্তৰঃ মাটি আৰু পানী উভয়তে থাকিব পাৰে বাবে ভেকুলীক উভচৰ প্ৰাণী বোলে।

(গ) আশ্রয়স্থলীৰ বিষয়ত ভিত্তি কৰি প্ৰাণীবোৰক কি কি ভাগত ভগোৱা হৈছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ আশ্রয়স্থলীৰ বিষয়ত ভিত্তি কৰি প্ৰাণীবোৰক ঘৰচীয়া আৰু বনৰীয়া ভাগত ভগোৱা হৈছে।

(ঘ) আমি ঘৰচীয়া প্রাণীবোৰৰ যত্ন কেনেকৈ লওঁ?

উত্তৰঃ আমি ঘৰচীয়া প্ৰাণীবোৰক থকা ঠাইৰ ব্যৱস্থা কৰি দিওঁ, ভালদৰে দানা দিওঁ আৰু কৰবাত কষ্ট পালে আমি তেওঁলোকৰ বিভাগৰ ডাক্তৰ মাতো আৰু চিকিৎসা কৰো এনেদৰে আমি প্ৰাণীবোৰক যত্ন লওঁ।

(ঙ) গাখীৰৰ পৰা তৈয়াৰ কৰিব পৰা চাৰিবিধ খাদ্য বস্তুৰ নাম লিখা?

উত্তৰঃ গাখীৰৰ পৰা তৈয়াৰ কৰিব পৰা চাৰিবিধ খাদ্য বস্তুৰ নাম হ’ল— ঘিউ, দৈ, চানা আৰু ক্ৰিম।

(চ) প্রাণীয়ে আমাক কোনবোৰ কামত সহায় কৰে লিখা?

উত্তৰঃ খেতিয়কে গৰুৰে খেতি-পথাৰত হাল বাই আৰু ধানৰ মৰণাও মাৰে। মানুহে ঘৰত পহৰা দিবলৈ কুকুৰ পোহে। কিছুমান মানুহে নিগনিৰ উৎপাত কমাবৰ বাবে মেকুৰী পোহে। সেইদৰে প্ৰাণীয়ে আমাক কামত সহায় কৰে।

২। এটা শব্দত উত্তৰ লিখা—

(ক) পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম।

উত্তৰঃ পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম হ’ল— পেংগুইন।

(খ) আটাইতকৈ সৰু চৰাই বিধৰ নাম।

উত্তৰঃ আটাইতকৈ সৰু চৰাই বিধৰ নাম হ’ল— হামিংবাৰ্ড।

(গ) মাটি আৰু পানী উভয়তে থাকিব পৰা প্রাণী এবিধৰ নাম।

উত্তৰঃ মাটি আৰু পানী উভয়তে থাকিব পৰা প্রাণী এবিধৰ নাম হ’ল— ভেকুলী।

(ঘ) দেহত থকা ফুলেৰে উশাহ-নিশাহ লোৱা প্রাণী এবিধৰ নাম।

উত্তৰঃ দেহত থকা ফুলেৰে উশাহ-নিশাহ লোৱা প্রাণী এবিধৰ নাম হ’ল— মাছ।

(ঙ) ৰাতি মানুহৰ ঘৰত পহৰা দিয়া প্রাণী এবিধৰ নাম।

উত্তৰঃ ৰাতি মানুহৰঘৰত পহৰা দিয়া প্রাণী এবিধৰ নাম হ’ল— কুকুৰ।

(চ) ডেউকাৰ সহায়ত পানীত সাঁতোৰা প্রাণী এবিধৰ নাম।

উত্তৰঃ ডেউকাৰ সহায়ত পানীত সাঁতোৰা প্রাণী এবিধৰ নাম হ’ল— পেংগুইন।

৩। খালী ঠাই পূৰ কৰা—

(ক) মাছে দেহৰ দুয়োকাষে থকা____________ আৰু পিছ অংশত থকা_____________ সহায়ত পানীত সাঁতোৰে।

উত্তৰঃ মাছে দেহৰ দুয়োকাষে থকা ফান আৰু পিছ অংশত থকা ফিচাৰ সহায়ত পানীত সাঁতোৰে।

(খ) মাছে_______________ সহায়ত উশাহ-নিশাহ লয়।

উত্তৰঃ ফুলৰ।

(গ) চৰাইৰ________________ ফোঁপোলা হোৱা বাবে দেহটো______________।

উত্তৰঃ চৰাইৰ হাড়বোৰ ফোঁপোলা হোৱা বাবে দেহটো পাতল।

(ঘ) পেংগুইনে________________ সহায়ত পানীত সাঁতোৰে।

উত্তৰঃ ডেউকাৰ।

(ঙ) উটপখী পৃথিৱীৰ ভিতৰত আটাইতকৈ_________ চৰাই।

উত্তৰঃ ডাঙৰ চৰাই।

৪। কোনবোৰ প্ৰাণীয়ে আমাক বিভিন্ন কামত সহায় কৰে লিখা।

উত্তৰঃ কুকুৰ, গৰু, ঘোঁৰা, মঁহ, হাতী আদি প্ৰাণীয়ে আমাক বিভিন্ন কামত সহায় কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top