Class 3 Environment Chapter 3 আমাৰ পৰিৱেশ

Class 3 Environment Chapter 3 আমাৰ পৰিৱেশ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 Environment Chapter 3 আমাৰ পৰিৱেশ Notes and select need one.

Class 3 Environment Chapter 3 আমাৰ পৰিৱেশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 3 Environmental Studies These solutions are part of SCERT All Subject Solutions. Ami Aru Amar Paribesh Here we have given Assam SEBA Board Class 3 পৰিৱেশ অধ্যয়ন Solutions for All Subject, You can practice these here.

আমাৰ পৰিৱেশ

Chapter – 3

অনুশীলনী

১। উত্তৰ লিখা–

(ক) পৰিয়াল এটা কোনে পৰিচালনা কৰে?

উত্তৰঃ পৰিয়াল এটা পৰিয়ালৰ মুৰব্বীয়ে পৰিচালনা কৰে।

(খ) একক পৰিয়ালত কোন কোন সদস্য থাকে?

উত্তৰঃ একক পৰিয়ালত মাক, দেউতা, ল’ৰা আৰু ছোৱালী থাকে।

(গ) যৌথ পৰিয়াল কাক বোলে?

উত্তৰঃ যি পৰিয়ালত দুটা বা তিনিটা সৰু পৰিয়াল এক গোট হৈ এটা ডাঙৰ পৰিয়াল হৈ থাকে তাক যৌথ পৰিয়াল বোলে।

(ঘ) বৃদ্ধ বয়সৰ ককা-আইতাক কোনে কোনে আলপৈচান ধৰে?

উত্তৰঃ বৃদ্ধ বয়সৰ ককা-আইতাক পুত্ৰ, বোৱাৰি, নাতি আৰু নাতিনীহঁতে আলপৈচান ধৰে।

২। খালী ঠাই পূৰ কৰা—

(ক) পৰিয়াল_______________ প্রাথমিক গোট।

উত্তৰঃ সমাজৰ।

(খ) প্রতিটো পৰিয়ালৰে নিজা নিজা_____________ থাকে।

উত্তৰঃ নিয়ম।

(গ) আইতাই নাতিহঁতক_________________ শুনায়।

উত্তৰঃ সাধু।

(ঘ) ল’ৰা-ছোৱালীয়ে পৰিয়ালৰ জ্যেষ্ঠজনক_________________ কৰিব লাগে।

উত্তৰঃ সন্মান।

৩। পৰিয়ালৰ জ্যেষ্ঠ/বৃদ্ধ বা বিশেষভাৱে সক্ষম লোকৰ বাবে আমি কিয় বিশেষ যতন ল’ব লাগে?

উত্তৰঃ বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোক পৰিয়ালত থাকিলে, তেনে সদস্যক ঘৰৰ আটায়ে বিশেষভাৱে সহায়-সহযোগ কৰে।

৪। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা-প্রীতি নেথাকিলে কি কি অসুবিধা হ’ব পাৰে?

উত্তৰঃ পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা-প্ৰীতি নেথাকিলে বহুত অসুবিধা হ’ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা-প্ৰীতি নেথাকিলে এজনে আনজনক দেখিব নোৱাৰে। তেওঁলোকৰ লৰা-ছোৱালীৰ মাজত কাজিয়া হ’ব পাৰে।

৫। সম্পর্কটো এটা শব্দত লিখা।

(ক) মাকৰ ভায়েক—

উত্তৰঃ মামা।

(খ) দেউতাকৰ দেউতাক—

উত্তৰঃ ককা।

(গ) দেউতাৰ ককায়েক—

উত্তৰঃ বৰদেউতা।

(ঘ) খুড়াৰ ককায়েকৰ ল’ৰা—

উত্তৰঃ ভাই বা দাদা।

(ঙ) মাহীৰ বায়েকৰ ছোৱালী—

উত্তৰঃ বাইদেউ বা ভন্টি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top