🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 3 Environment Chapter 4 শৰীৰৰ যতন

Class 3 Environment Chapter 4 শৰীৰৰ যতন Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 Environment Chapter 4 শৰীৰৰ যতন Notes and select need one.

Class 3 Environment Chapter 4 শৰীৰৰ যতন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 3 Environmental Studies These solutions are part of SCERT All Subject Solutions. Ami Aru Amar Paribesh Here we have given Assam SEBA Board Class 3 পৰিৱেশ অধ্যয়ন Solutions for All Subject, You can practice these here.

শৰীৰৰ যতন

Chapter – 4

অনুশীলনী

১। উত্তৰ লিখা–

(ক) ভিতৰত খেলা খেল দুবিধৰ নাম লিখা। 

উত্তৰঃ ভিতৰত খেলা খেল দুবিধৰ নাম হৈছে লুডু আৰু দবা।

(খ) খেলপথাৰত খেলা দুবিধ খেলৰ নাম লিখা। 

উত্তৰঃ খেলপথাৰত খেলা দুবিধ খেলৰ নাম হৈছে ক্ৰিকেট আৰু ফুটবল।

(গ) দুবিধ শক্তিদায়ক খাদ্যৰ নাম লিখা। 

উত্তৰঃ দুবিধ শক্তিদায়ক খাদ্যৰ নাম হৈছে ভাত আৰু ৰুটী।

(ঘ) বেমাৰৰপৰা দেহক ৰক্ষা কৰা দুবিধ ফলৰ নাম লিখা। 

উত্তৰঃ বেমাৰৰপৰা দেহক ৰক্ষা কৰা দুবিধ ফলৰ নাম হৈছে সুমথিৰা আৰু মধুৰি-আম।

২। শুদ্ধ উত্তৰটোত ‘√’ চিন দিয়া—

(ক) আহাৰে আমাৰ শৰীৰত শক্তি যোগায়।

উত্তৰঃ শুদ্ধ।

(খ) সদায় পৰিষ্কাৰ আৰু শোধিত পানীহে খাব লাগে।

উত্তৰঃ শুদ্ধ।

(গ) আলিবাটত খোজকাঢ়োঁতে সদায় নিজৰ সোঁহাতে যাব লাগে।

উত্তৰঃ অশুদ্ধ।

(ঘ) আলুৰ চিপ্‌ছ, শীতল পানীয়, আইচক্ৰীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী।

উত্তৰঃ অশুদ্ধ।

৩। খালী ঠাই পূৰ কৰা—

(ক) আহাৰ নাখালে আমি কাম কৰিবলৈ__________ নাপাওঁ।

উত্তৰঃ শক্তি।

(খ) ___________ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে।

উত্তৰঃ পৰিষ্কাৰ।

(গ) নিয়মীয়াকৈ খেলা-ধূলা আৰু _____________ কৰিলে আমাৰ শৰীৰ সবল হয়।

উত্তৰঃ ব্যায়াম।

(ঘ) সেউজীয়া শাক-পাচলি, ফল-মূল আদিয়ে আমাৰ শৰীৰটোক______________ পৰা ৰক্ষা কৰে।

উত্তৰঃ বেমাৰ আজাৰৰপৰা।

৪। শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা—

(ক) কোনবিধ খোৱাবস্তুৰপৰা আমি প্রধানকৈ শক্তি পাওঁ— সেউজীয়া শাক-পাচলি/ মধুৰি-আম/ভাত

উত্তৰঃ ভাত।

(খ) কি কৰিলে আমাৰ শৰীৰ সবল হয়— শুই থাকিলে/বহি থাকিলে/ব্যায়াম কৰিলে

উত্তৰঃ ব্যায়াম কৰিলে।

(গ) কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটো বৃদ্ধি হোৱাত সহায় কৰে— শিলিখা/ আমলখি/গাখীৰ

উত্তৰঃ গাখীৰ।

(ঘ) কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰত দেখা দিয়া ৰোগক প্ৰতিৰোধ কৰে— মাংস/ ৰুটি /কলডিল

উত্তৰঃ কলডিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top