🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 12 History Important Chapter 5 অসমৰ সংক্ষিপ্ত ইতিহাস প্ৰাগ ঐতিহাসিকৰ পৰা বৰ্তমান যুগলৈকে

Class 12 History Important Chapter 5 অসমৰ সংক্ষিপ্ত ইতিহাস প্ৰাগ ঐতিহাসিকৰ পৰা বৰ্তমান যুগলৈকে Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective History Important Solutions and select need one. Class 12 History Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective History.

Class 12 History Important Chapter 5 অসমৰ সংক্ষিপ্ত ইতিহাস প্ৰাগ ঐতিহাসিকৰ পৰা বৰ্তমান যুগলৈকে

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective History Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective History Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 5

ক – অংশ: প্রত্নতত্ব, প্রাচীনভাৰতৰ স্থাপত্য, ভাস্কর্য আৰু অসম
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। কোচ ৰজা নৰনাৰায়ণৰ পুত্ৰৰ নাম কি আছিল?

উত্তৰঃ কোচ ৰজা নৰনাৰায়ণৰ পুত্ৰৰ নাম লক্ষ্মীনাৰায়ণ আছিল।

২। ৰঘুদেৱ কোন আছিল?

উত্তৰঃ ৰঘুদেৱ চিলাৰায়ৰ পুত্ৰ আছিল।

৩। সুদীর্ঘ কিমান বছৰ ৰাজত্ব কৰি ১৫৮৭ খৃঃত নৰনাৰায়ণৰ মৃত্যু হয়?

উত্তৰঃ সুদীর্ঘ ৪৭ বছৰ ৰাজত্ব কৰি ১৫৮৭ খৃঃত নৰনাৰায়ণৰ মৃত্যু হয়।

৪।  ‘ভাস্কৰাব্দ’ বা ‘কামৰূপী চন’ কাক বোলে?

উত্তৰঃ ৫৯৪ খৃঃত ভাস্কৰ বৰ্মণে সিংহাসনত আৰোহণ কৰি এটা নতুন চনৰ প্ৰচলন কৰে। ইয়াকেই ‘ভাস্কৰাব্দ’ বা ‘কামৰূপী চন’ বোলা হয়।

৫। পুষ্য বর্মণ কোন বংশৰ প্ৰতিষ্ঠাতা আছিল?

উত্তৰঃ পুষ্য বর্মণ বর্মণ বংশৰ প্ৰতিষ্ঠাতা আছিল।

৬। পুষ্য বর্মণে কি উপাধি গ্ৰহণ কৰিছিল?

উত্তৰঃ পুষ্য বর্মণে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল।

৭। সমুদ্র বর্মণৰ ৰাজত্বকালত কি নাছিল বুলি তাম্ৰ ফলিত উল্লেখ আছে?

উত্তৰঃ সমুদ্র বর্মণৰ ৰাজত্বকালত মৎস্যন্যায় বা অৰাজকতা নাছিল বুলি তাম্ৰ ফলিত উল্লেখ আছে।

৮। অমৃতপ্রভা কোন ৰাজ্যৰ ৰাজকুমাৰী আছিল?

উত্তৰঃ অমৃতপ্রভা কামৰূপ ৰাজ্যৰ ৰাজকুমাৰী আছিল।

৯। অমৃতপ্রভাই কাশ্মীৰত কি নিৰ্মাণ কৰাইছিল?

উত্তৰঃ অমৃতপ্রভাই কাশ্মীৰত অমৃত ভৱন নামেৰে এখন বৌদ্ধ বিহাৰ নিৰ্মাণ কৰাইছিল।

১০। কিমান খৃঃত স্বৰ্গদেউ প্রমত্তসিংহৰ মৃত্যু হয়?

উত্তৰঃ ১৭৫১ খৃঃত স্বৰ্গদেউ প্রমত্তসিংহৰ মৃত্যু হয়।

১১। স্বৰ্গদেউ লক্ষ্মীসিংহ কোন আছিল?

উত্তৰঃ স্বৰ্গদেউ লক্ষ্মীসিংহ ৰুদ্ৰসিংহৰ পঞ্চম তথা কনিষ্ঠ পুত্ৰ আছিল।

১২। লক্ষ্মীসিংহৰ আহোম নাম কি আছিল?

উত্তৰঃ লক্ষ্মীসিংহৰ আহোম নাম চুন্যেউফা আছিল।

১৩। মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ ১৭৬৯ খ্ৰীষ্টাব্দত আৰম্ভ হৈছিল।

১৪। পদ্ম পুৰাণ অসমীয়া ভাষালৈ অনুবাদ কৰাত কাৰ তত্ত্বাৱধান আছিল?

উত্তৰঃ পদ্ম পুৰাণ অসমীয়া ভাষালৈ অনুবাদ কৰাত কোচ ৰজা ধৰ্ম নাৰায়ণৰ তত্ত্বাৱধান আছিল।

১৫। দৰং ৰাজবংশাৱলী কোনে ৰচনা কৰিছিল?

উত্তৰঃ দৰং ৰাজবংশাৱলী সূৰ্যখৰী দৈৱজ্ঞই ৰচনা কৰিছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top