Class 12 History Important Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে

Class 12 History Important Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective History Important Solutions and select need one. Class 12 History Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective History.

Class 12 History Important Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective History Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective History Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 14

গ- অংশ আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। গেৰিবল্ডিয়ে কোনখন দেশৰ একতাত নেতৃত্ব দিছিল?

উত্তৰঃ গেৰিবল্ডিয়ে ইটালী দেশৰ একতাত নেতৃত্ব দিছিল।

২। আমেৰিকাৰ স্বাধীনতা সংগ্ৰামৰ নেতা কোন আছিল?

উত্তৰঃ আমেৰিকাৰ স্বাধীনতা সংগ্ৰামৰ নেতা জর্জ ৱাছিংটন আছিল।

৩। ভিয়েটনামক ঔপনিবেশিক শক্তিৰ পৰা মুক্ত কৰাৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ ভিয়েটনামক ঔপনিবেশিক শক্তিৰ পৰা মুক্ত কৰাৰ নেতৃত্ব হো-চি মিনে দিছিল।

৪। কিমান চনত গান্ধীজীয়ে ভাৰতলৈ ঘূৰি আহিছিল?

উত্তৰঃ ১৯১৫ চনত গান্ধীজীয়ে ভাৰতলৈ ঘূৰি আহিছিল।

৫। গান্ধীজীয়ে বিদেশত ক’ত শিক্ষাগ্ৰহণ কৰিছিল?

উত্তৰঃ গান্ধীজীয়ে বিদেশত লণ্ডনত শিক্ষাগ্ৰহণ কৰিছিল।

৬। চাম্পাৰণৰ কৃষকে কাক নিজৰ সমস্যাৰ কথা জনাইছিল?

উত্তৰঃ চাম্পাৰণৰ কৃষকে মহাত্মা গান্ধীক নিজৰ সমস্যাৰ কথা জনাইছিল।

৭। চাম্পাৰণত কি খেতিৰ বাবে কৃষকক শোষণ কৰা হৈছিল?

উত্তৰঃ চাম্পাৰণত নীল খেতিৰ বাবে কৃষকক শোষণ কৰা হৈছিল।

৮। কিমান চনত গান্ধীজীয়ে চাম্পাৰণত কৃষকসকলৰ সহায় কৰিছিল?

উত্তৰঃ ১৯১৭ চনত গান্ধীজীয়ে চাম্পাৰণত কৃষকসকলৰ সহায় কৰিছিল।

৯। খেদাত গান্ধীজীয়ে কৃষকৰ কাৰণে চৰকাৰক কিহৰ দাবী জনাইছিল?

উত্তৰঃ খেদাত গান্ধীজীয়ে কৃষকৰ কাৰণে চৰকাৰক খাজনা ৰেহাইৰ দাবী জনাইছিল।

১০। জালিয়ানৱালাবাগত গুলিচালনা কৰিবলৈ আদেশ দিয়া ইংৰাজ বিষয়া কোন আছিল?

উত্তৰঃ জালিয়ানৱালাবাগত গুলিচালনা কৰিবলৈ আদেশ দিয়া ইংৰাজ বিষয়া ব্রিগেদিয়াৰ জেনেৰেল ডায়াৰ আছিল।

১১। পঞ্জাৱত ড. চাইফুদ্দিনক সহায় কৰা আন এজন নেতা কোন আছিল?

উত্তৰঃ পঞ্জাৱত ড. চাইফুদ্দিনক সহায় কৰা আন এজন নেতা ড° সত্যপাল আছিল।

১২। জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে কি ত্যাগ কৰিছিল?

উত্তৰঃ জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ‘নাইট’ উপাধি ত্যাগ কৰিছিল।

১৩। খিলাফট আন্দোলনৰ নেতা কোন কোন আছিল?

উত্তৰঃ খিলাফট আন্দোলনৰ নেতা মহম্মদ আলি আৰু চৌকত আলি আছিল।

১৪। কিমান চনত খিলাফট কনফাৰেঞ্চেত গান্ধীজীক নিমন্ত্রণ কৰিছিল?

উত্তৰঃ ১৯১৯ চনত খিলাফট কনফাৰেঞ্চেত গান্ধীজীক নিমন্ত্রণ কৰিছিল।

১৫। অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ অসহযোগ আন্দোলন ১ আগষ্ট, ১৯২০ চনত আৰম্ভ হৈছিল

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top