Class 12 History Important Chapter 1 হৰপ্পা সভ্যতা

Class 12 History Important Chapter 1 হৰপ্পা সভ্যতা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective History Important Solutions and select need one. Class 12 History Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective History.

Class 12 History Important Chapter 1 হৰপ্পা সভ্যতা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective History Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective History Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 1

ক – অংশ: প্রত্নতত্ব, প্রাচীনভাৰতৰ স্থাপত্য, ভাস্কর্য আৰু অসম
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। ১৯৪৪ খৃঃত আৰ কোনে ASI-ৰ ডাইৰেক্টৰ জেনেৰেল পদত অধিষ্ঠিত হয়?

উত্তৰঃ ১৯৪৪ খৃঃত আৰ ই. এম. হুইলাৰ ASI-ৰ ডাইৰেক্টৰ জেনেৰেল পদত অধিষ্ঠিত হয়।

২। কিমান খৃঃৰ পৰা হৰপ্পাৰ পুৰাতাত্ত্বিক ক্ষেত্ৰ সমূহৰ আন্তঃৰাষ্ট্ৰীয় স্তৰত গুৰুত্বতা বৃদ্ধি পায়?

উত্তৰঃ ১৯৮০ খৃঃৰ পৰা হৰপ্পাৰ পুৰাতাত্ত্বিক ক্ষেত্ৰ সমূহৰ আন্তঃৰাষ্ট্ৰীয় স্তৰত গুৰুত্বতা বৃদ্ধি পায়।

৩। পুৰাতত্ত্ববিদসকলে কি জানিবলৈ কবৰৰ অধ্যয়ন কৰিছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ পুৰাতত্ত্ববিদসকলে সামাজিক আৰু আৰ্থিক ভিন্নতা জানিবলৈ কবৰৰ অধ্যয়ন কৰিছে।

৪। খৃঃ পূঃ কিমানৰ পিছত সিন্ধু সভ্যতাৰ বিলুপ্তি খৰতকীয়া হৈ পৰে?

উত্তৰঃ খৃঃ পূঃ ২০০০-ৰ পিছত সিন্ধু সভ্যতাৰ বিলুপ্তি খৰতকীয়া হৈ পৰে।

৫। ‘Archaeological Survey of India’-ৰ প্ৰথমজন ডাইৰেক্টৰ জেনেৰেল কোন আছিল?

উত্তৰঃ ‘Archaeological Survey of India’-ৰ প্ৰথমজন ডাইৰেক্টৰ জেনেৰেল কানিংহাম আছিল।

৬। কানিংহামে কিমান শতিকাত খনন কাৰ্য আৰম্ভ কৰিছিল?

উত্তৰঃ কানিংহামে ১৯ শ শতিকাত খনন কাৰ্য আৰম্ভ কৰিছিল।

৭। কানিংহামে অনুসন্ধানৰ বাবে কি উৎসত গুৰুত্ব দিছিল?

উত্তৰঃ কানিংহামে অনুসন্ধানৰ বাবে লিখিত উৎসত গুৰুত্ব দিছিল।

৮। হৰপ্পাবাসীয়ে ওমানৰ পৰা কি ধাতু আমদানি কৰিছিল?

উত্তৰঃ হৰপ্পাবাসীয়ে ওমানৰ পৰা তাম ধাতু আমদানি কৰিছিল।

৯। মেছোপটেমিয়াৰ লিপিত খৃঃ পূঃ কিমান বছৰৰ আগৰ তামৰ উল্লেখ আছে?

উত্তৰঃ মেছোপটেমিয়াৰ লিপিত খৃঃ পূঃ ৩০০০ বছৰৰ আগৰ তামৰ উল্লেখ আছে।

১০। মেছোপটেমিয়াৰ লিপিত হৰপ্পাৰ কি কি সামগ্রী উদ্ধাৰৰ কথা উল্লেখ আছে?

উত্তৰঃ মেছোপটেমিয়াৰ লিপিত হৰপ্পাৰ চীল, মোহৰ, দগা, পাল্লা, মণি সামগ্রী উদ্ধাৰৰ কথা উল্লেখ আছে।

দীঘলীয়া প্রশ্ন উত্তৰ:

১। হৰপ্পা সভ্যতাৰ ধৰ্মীয় বিশ্বাস আৰু অলংকাৰ ব্যৱহাৰ আলোচনা কৰা।

উত্তৰঃ হৰপ্পা সভ্যতাত ধৰ্মীয় বিশ্বাসৰ প্ৰমাণ কবৰ আৰু মৃতদেহৰ সৈতে সংযুক্ত সামগ্ৰীসমূহৰ পৰা পোৱা যায়। সিন্ধু সভ্যতাত মানুহে বিশ্বাস কৰিছিল যে মৰণৰ পাছতো জীৱন আছে, সেইকাৰণে মৃত ব্যক্তিৰ সৈতে খাদ্য-পাত্ৰ, অলংকাৰ, দাপোন আদি সামগ্ৰী দিয়া হৈছিল।

উদাহৰণস্বৰূপে, এজন ব্যক্তিৰ কবৰত তিনিটা শংখৰ আঙুঠি, জেচপাৰৰ মণি আৰু সূক্ষ্ম মণিৰে গঠিত অলংকাৰ পোৱা গৈছে। সেইবোৰ দেখি পায় যে পুৰুষ-মহিলা উভয়ে অলংকাৰ পিন্ধিছিল।

এইবোৰৰ পৰা স্পষ্ট হয় যে, এই সভ্যতাত অলংকাৰকে কেৱল সৌন্দৰ্যৰ অংশ হিচাপে নহয়, বৰং ধৰ্মীয় বিশ্বাসৰ অংশ হিচাপে গণ্য কৰা হৈছিল। অলংকাৰসমূহে সমাজৰ ধন-সম্পত্তিৰ প্ৰমাণো বহন কৰে। ইফালে, মিছৰৰ পিৰামিডত বিপুল ধনৰ ভঁৰাল থাকিলেও হৰপ্পাত এনে কিছুমান সৰহ মূল্যৰ বস্তু দিয়া হোৱা নাই, ইহঁত জীৱনপৰবৰ্তী আচাৰ-অনুষ্ঠানত ধনৰ অপব্যয়ত বিশ্বাস নকৰা বুলি ধৰা হয়।

২। হৰপ্পা সভ্যতাত উৎপাদন কেন্দ্ৰ কেনেকৈ চিনাক্তকৰণ কৰিছিল, ব্যাখ্যা কৰা।

উত্তৰঃ শিল্প উৎপাদন কেন্দ্রসমূহ ক’ত আছিল তাক জানিবৰ কাৰণে পুৰাতত্ত্ববিদসকলে নিম্নলিখিত প্রমাণসমূহ বিচাৰি ফুৰিছিল যেনে -পাথৰৰ টুকুৰা, সমূদায় শংখ, তামৰ খনি, সা-সৰঞ্জাম, অসম্পূৰ্ণ বস্তু, নাকচ কৰা বস্তু আৰু পেলনীয়া সামগ্রী ইত্যাদি। শিল্প উৎপাদন কেন্দ্রসমূহ চিনাক্তকৰণৰ আটাইতকৈ ভাল সংকেট আছিল পেলনীয়া সামগ্ৰীসমূহ। উদাহৰণস্বৰূপে, শিল বা শংখৰ বিভিন্ন বস্তু প্রস্তুত কৰোতে এইবোৰ কাটিব লগা হৈছিল। ইয়াৰে অলাগতিয়াল টুকুৰাসমূহ উৎপাদন কেন্দ্ৰৰ আশে-পাশে সিঁচৰতি হৈ পৰি আছিল। কেতিয়াবা কেতিয়াবা এনেকুৱাও হৈছিল যে এনে বস্তু নিৰ্মাণ কৰোতে ৰৈ যোৱা ডাঙৰ টুকুৰাবোৰৰ পৰা পুনৰ সৰু সৰু বস্তু নিৰ্মাণ কৰা হৈছিল। কিন্তু বহুত সৰু সৰু টুকুৰা উৎপাদন কেন্দ্ৰত পেলাই থৈ যোৱা হৈছিল। এই সৰু সৰু টুকুৰাসমূহৰ পৰা জানিব পৰা গৈছে যে সৰু সৰু শিল্প কেন্দ্ৰসমূহৰ উপৰি মহেঞ্জোদাৰো আৰু হৰপ্পা আদি ডাঙৰ চহৰবোৰতো শিল্প উৎপাদন কেন্দ্র আছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top