Class 12 Geography Important Chapter 28 অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা

Class 12 Geography Important Chapter 28 অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 28 অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 28

একাদশ গোট: অসমৰ জনসংখ্যা ভূগোল
IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্ৰশ্ন উত্তৰ।

১। অসমৰ পৰিবহন ব্যৱস্থাৰ মুখ্য ধৰণসমূহ কি কি?

উত্তৰঃ স্থলপথ, ৰে’লপথ, জলপথ, বিমানপথ, নলিকাপথ আৰু বজ্জপথ।

২। অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়ন কিয় প্ৰয়োজনীয় বুলি ধৰা হয়?

উত্তৰঃ অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়ন প্ৰয়োজনীয় বুলি ধৰা হয় কাৰণ এই ব্যৱস্থাৰ উন্নয়নে অর্থনৈতিক বিকাশ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা দুয়োটে সহায় কৰে।

৩। অসমৰ কোন ধৰণৰ সম্পদ ভাৰতৰ অর্থনীতিৰ সৈতে জড়িত?

উত্তৰঃ খনিজ তেল আৰু চাহ অসমৰ এনে সম্পদ, যাৰ ওপৰত ভাৰত কিছু পৰিমাণে নিৰ্ভৰশীল।

৪। অসমৰ ভূ-ৰাজনৈতিক গুৰুত্ব কিয় বেছি?

উত্তৰঃ অসমৰ ভূ-ৰাজনৈতিক গুৰুত্ব বেছি কাৰণ ই চীন, ভুটান, বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰিছে, যাৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশে ই অত্যন্ত সংবেদনশীল অঞ্চল।

৫। অসমত ৰে’লপথৰ ঘনত্ব সৰ্বভাৰতীয় ঘনত্বতকৈ কিমান বেছি?

উত্তৰঃ অসমত ৰে’লপথৰ ঘনত্ব (৩.১৯৪ কিমি/১০০ বৰ্গ কিমি) সৰ্বভাৰতীয় ঘনত্ব (১.৯২৫ কিমি/১০০ বৰ্গ কিমি)তকৈ যথেষ্ট বেছি।

৬। অসমত ৰে’লসেৱাৰ মানদণ্ড উন্নত নহোৱাৰ কাৰণ দুটা উল্লেখ কৰা।

উত্তৰঃ অসমত ৰে’লসেৱাৰ মানদণ্ড উন্নত নহোৱাৰ কাৰণ দুটা হ’ল- 

(i) ৰে’লপথবোৰ বৃটিশ সময়ত খনি, অৰণ্য আৰু চাহ বাগিচা অঞ্চলক কেন্দ্ৰ কৰি স্থাপন; 

(ii) ৰাজ্যৰ সামগ্ৰিক অৰ্থনৈতিক অৱস্থা দুর্বল।

৭। অসমত আন্তঃৰাজ্যিক ৰে’লপথত ৰেলগাড়ীৰ সৰ্বাধিক গতি কিমান?

উত্তৰঃ অসমত আন্তঃৰাজ্যিক ৰে’লপথত ৰেলগাড়ীৰ সৰ্বাধিক গতি ঘণ্টাত ১২০ কিলোমিটাৰ।

৮। ডিব্ৰুগড়-কন্যাকুমাৰী এক্সপ্রেছ কিমান দূৰত্ব অতিক্ৰম কৰে?

উত্তৰঃ ডিব্ৰুগড়-কন্যাকুমাৰী এক্সপ্রেছ ৪৩৭৬ কিলোমিটাৰ (দেশৰ ভিতৰত দীর্ঘতম পথ) দূৰত্ব অতিক্ৰম কৰে।

৯। অসমত জলপথৰ মুঠ দৈৰ্ঘ্য কিমান?

উত্তৰঃ ৫,০২৩ কিলোমিটাৰ (১৯৭৩ চনৰ জৰীপ অনুসৰি)।

১০। কোন সময়ত অসমত জলপথ ব্যৱস্থা অধিক প্ৰচলিত আছিল?

উত্তৰঃ পথ আৰু ৰেল পৰিবহন ব্যৱস্থা আগতে, স্থানীয়, আঞ্চলিক, আন্তঃআঞ্চলিক পৰিসৰত জলপথৰ ওপৰতে অধিক নিৰ্ভৰশীল আছিল।

১১। বৰ্তমান জলপথেৰে পাৰাপাৰ হোৱা মুখ্য বস্তুবোৰ কি কি?

উত্তৰঃ যাত্ৰী, গৃহস্থালিৰ সামগ্ৰী, পশুধন, চাইকেল, মটৰগাড়ী, মালবাহী ট্রাক আদি।

১২। জলপথত অধিক দলং নিৰ্মাণৰ দাবী কিয় থাকে?

উত্তৰঃ যাত্ৰীৰ সুবিধা, সময় বচোৱা আৰু আধুনিকীকৰণৰ সুবিধাৰ বাবে জলপথত অধিক দলং নিৰ্মাণৰ দাবী থাকে।

১৩। অসমত সৰ্বাধিক সুবিধাযুক্ত বিমান বন্দৰ কোনটো?

উত্তৰঃ গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ।

১৪। গুৱাহাটী বিমান বন্দৰৰ পৰা কোন-কোন চহৰলৈ আন্তঃৰাষ্ট্ৰীয় উৰণ-সেৱা আছে?

উত্তৰঃ গুৱাহাটী বিমান বন্দৰৰ পৰা ঘাইকৈ দক্ষিণ-পূব এছিয়া তথা দিল্লী, কলকাতা, মুম্বঈ, চেন্নাই আদি চহৰলৈ আন্তঃৰাষ্ট্ৰীয় উৰণ-সেৱা আছে।

১৫। অসমত সামৰিক বিমান বন্দৰৰ নাম কি কি?

উত্তৰঃ দিনজান (চাবুৱা) আৰু মিছা।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top