Class 12 Geography Important Chapter 27 অসমৰ কৃষিকার্য আৰু শিল্প উদ্যোগ

Class 12 Geography Important Chapter 27 অসমৰ কৃষিকার্য আৰু শিল্প উদ্যোগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 27 অসমৰ কৃষিকার্য আৰু শিল্প উদ্যোগ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 27

একাদশ গোট: অসমৰ জনসংখ্যা ভূগোল
IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্ৰশ্ন উত্তৰ:

১। অসমৰ কৃষিখণ্ডত কিমান লোক নিযুক্ত?

উত্তৰঃ প্ৰায় ৫২.৩৬% লোক অসমত কৃষিখণ্ডত নিযুক্ত।

২। অসমত উৎপাদিত কিছুমান উল্লেখযোগ্য শস্যৰ নাম লিখা।

উত্তৰঃ ধান, মাকৈ, মাটিমাহ, তিল, সৰিয়হ, কপাহ, আলু, আম, আদা, চাহ ইত্যাদি।

৩। অন্তৰণ কৃষি কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ অন্তৰণ কৃষি হৈছে পাহাৰীয়া অঞ্চলত খেতি কৰাৰ আদিম পদ্ধতি, য’ত বনজমি ছেকি দুবছৰ খেতি কৰি পৰিত্যাগ কৰা হয়।

৪। চাহ খেতি অসমত কিমান হেক্টৰ ভূমিত কৰা হয়?

উত্তৰঃ প্ৰায় ২.৭ লাখ হেক্টৰ ভূমিত চাহ খেতি কৰা হয়।

৫। অসমত মুঠ ধান খেতিৰ বাবে কিমান ভূমি ব্যৱহৃত হয়?

উত্তৰঃ প্ৰায় ২৫.৪৬ লাখ হেক্টৰ ভূমি ধান খেতিৰ বাবে ব্যৱহৃত হয়।

৬। অসমত কৃষিপণ্য কিয় উদ্যোগ খণ্ডৰ বাবে গুৰুত্বপূর্ণ?

উত্তৰঃ অসমত কৃষিপণ্য উদ্যোগ খণ্ডৰ বাবে গুৰুত্বপূর্ণ কাৰণ এই পণ্যবোৰ, যেনে চাহ, তৈলবীজ, কুঁহিয়াৰ ইত্যাদি বিভিন্ন শিল্প উদ্যোগৰ কেঁচামাল হিচাপে ব্যৱহৃত হয়।

৭। অসমত কোন ধৰণৰ ধানখেতি বেছিকৈ দেখা যায়?

উত্তৰঃ অসমত শীতকালীন ধান বা শালি খেতি বেছিকৈ দেখা যায়।

৮। ধানখেতিৰ উৎপাদন বৃদ্ধি কোন উপায়ে সম্ভৱ?

উত্তৰঃ উচ্চ উৎপাদনক্ষম জাতৰ বীজ ব্যৱহাৰৰ দ্বাৰা উৎপাদন বৃদ্ধি সম্ভৱ।

৯। ধানখেতি অসমৰ কিমান অংশত হয়?

উত্তৰঃ অসমৰ ৬১.২% কৃষিভূমিত ধানখেতি হয়।

১০। উচ্চ উৎপাদনক্ষম ধান বীজৰ নাম লিখা।

উত্তৰঃ জয়া, পুসা, আই. আৰ. -8,পাইজং, পংকজ আদি।

১১। ধানখেতিৰ ক্ষেত্ৰত ধেমাজি জিলাৰ অনুপাত কিমান?

উত্তৰঃ ধেমাজি জিলাত ধানখেতিৰ অনুপাত হৈছে ৭৫.৩৩%।

১২। মৰাপাট খেতি কিমান বছৰ পূৰ্বে অসমত আৰম্ভ হৈছিল বুলি ধৰা হয়?

উত্তৰঃ প্ৰায় ১০০ বছৰ পূৰ্বে মৰাপাট খেতি অসমত বাণিজ্যিকভাৱে আৰম্ভ হৈছিল।

১৩। সন আৰু মৰাপাটৰ মাজত মূল পাৰ্থক্য কি?

উত্তৰঃ সনৰ আঁহ মৰাপাটতকৈ গুণগত মানৰ দিশে নিকৃষ্ট আৰু ইয়াৰ উৎপাদনো কম।

১৪। আঁহ উলিওৱাৰ সময় গছবোৰ কি কৰিব লাগে?

উত্তৰঃ গছবোৰ কাটি পানীত গোৰাই থ’ব লাগে, যাতে বাকলি গলি আঁহ ওলাব পাৰে।

১৫। ভাৰতত মূলত কিমান শতাংশ মৰাপাট পশ্চিম বংগত উৎপন্ন হয়?

উত্তৰঃ প্ৰায় ৭০ শতাংশ মৰাপাট পশ্চিম বংগত উৎপন্ন হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top