Class 12 Geography Important Chapter 26 অসমত জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব

Class 12 Geography Important Chapter 26 অসমত জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 26 অসমত জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 26

একাদশ গোট: অসমৰ জনসংখ্যা ভূগোল
IMPORTANT QUESTION AND ANSWER

১। অসমত কিমানখন পূর্ণ পর্যায়ৰ চহৰ আছে?

উত্তৰঃ অসমত লক্ষাধিক জনসংখ্যাৰ চাৰিখন চহৰসহ ৮৯ খন পূর্ণ পর্যায়ৰ চহৰ আছে।

২। অসমৰ গড় গাঁৱৰ জনসংখ্যা কিমান?

উত্তৰঃ অসমৰ গড় গাঁৱৰ জনসংখ্যা গড়ে প্ৰত্যেক গাঁৱত ৮৮০ জন মানুহে বাস কৰে।

৩। অসমৰ চহৰৰ বৃদ্ধি কিয় কম হৈছে?

উত্তৰঃ শিল্প-বাণিজ্য আৰু পৰিবহন ব্যৱস্থা অনুন্নত হোৱাৰ বাবে অসমত চহৰৰ সংখ্যা আৰু বৃদ্ধিৰ হাৰ কম।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কোন চহৰসমূহৰ পাৰ্শ্বৱৰ্তী অঞ্চলত নতুন জনগণনা চহৰ গঠন হৈছে?

উত্তৰঃ গুৱাহাটী, তেজপুৰ, যোৰহাট, শিলচৰ আদিৰ পাৰ্শ্বৱৰ্তী অঞ্চলত নতুন জনগণনা চহৰ গঠন হৈছে।

৫। অসমত জনসংখ্যাৰ সুসম বিতৰণ কিয় দেখা নাযায়?

উত্তৰঃ কাৰণ অঞ্চলভেদে ভূমিৰ উৰ্বৰতা, খনিজ সম্পদ আৰু ব্যৱহৃত প্ৰযুক্তিত প্রভেদ থাকে।

৬। চহৰত জনসংখ্যাৰ ধাৰণ ক্ষমতা কিহত নিৰ্ভৰ কৰে?

উত্তৰঃ চহৰত জনসংখ্যাৰ ধাৰণ ক্ষমতা ব্যৱহৃত প্ৰযুক্তি আৰু অর্থনৈতিক খণ্ডৰ প্ৰকাৰত নিৰ্ভৰ কৰে।

৭। অসমত কোন উপত্যকাবোৰত অধিক জনসংখ্যা বাস কৰে?

উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত অধিক জনসংখ্যা বাস কৰে।

৮। খনি অঞ্চলত জনসংখ্যাৰ সমাৱেশ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ নিষ্কাশনৰ পৰিমাণ, বজাৰ মূল্য আৰু জনবলৰ প্ৰয়োজনীয়তাৰ ওপৰত।

৯। অসমৰ মুঠ গাঁও আৰু নগৰৰ সংখ্যা কিমান?

উত্তৰঃ অসমত ২৬,৩৯৫ খন গাঁও আৰু ২১৪ খন নগৰ আছে।

১০। অসমৰ কিমান শতাংশ জনসংখ্যা নগৰ অঞ্চলত বাস কৰে?

উত্তৰঃ অসমৰ ১৪% জনসংখ্যাই নগৰ অঞ্চলত বাস কৰে।

১১। ১০,০০০-ৰ অধিক জনসংখ্যা থকা গাঁও কিমান?

উত্তৰঃ ১৯ খন গাঁৱৰ জনসংখ্যা ১০,০০০-ৰ অধিক।

১২। ৫,০০০-৯,৯৯৯ জনসংখ্যাৰ গাঁও অসমত কিমান আছে?

উত্তৰঃ ৫,০০০-৯,৯৯৯ জনসংখ্যাৰ গাঁও অসমত ১৮৫ খন আছে।

১৩। পল্লী শ্রেণীভুক্ত গাঁওবোৰৰ বৈশিষ্ট্য কি?

উত্তৰঃ পল্লী শ্রেণীভুক্ত গাঁওবোৰৰ বৈশিষ্ট্য হ’ল- ই ক্ষুদ্র গাঁও হয়, জনসংখ্যা কম, নিজস্ব ফৈদৰ অন্তর্ভুক্ত, আৰু ঝুম খেতি, চিকাৰ, সংগ্ৰহ কৰ্মত জড়িত।

১৪। নিগাজী গাঁও কাক বোলা হয়?

উত্তৰঃ যি গাঁও স্থিৰ অৰ্থনীতি, কৃষি, কুটীৰ শিল্প, মাছ ধৰা আদি ব্যৱসায়ৰ লগত জড়িত, তাক নিগাজী গাঁও বোলা হয়।

১৫। বাগান বসতিৰ বৈশিষ্ট্য কি?

উত্তৰঃ বাগান বসতিৰ বৈশিষ্ট্য হ’ল- এই বসতি সু-সংগঠিত, বৃহৎ এলেকা ব্যাপী, লেটিফুন্দিয়াম আকাৰত, শ্রমিক-কর্মচাৰীৰ বাবে গঢ়ি তোলা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top