Class 12 Geography Important Chapter 25 অসমৰ জনগাঁথনি

Class 12 Geography Important Chapter 25 অসমৰ জনগাঁথনি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 25 অসমৰ জনগাঁথনি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 25

একাদশ গোট: অসমৰ জনসংখ্যা ভূগোল
IMPORTANT QUESTION AND ANSWER

১। বিগত কুৰি শতিকাত অসমৰ জনসংখ্যা কিমান গুণ বৃদ্ধি পাইছে?

উত্তৰঃ বিগত কুৰি শতিকাত অসমৰ জনসংখ্যা ৮.১ গুণ বৃদ্ধি পাইছে।

২। অসমৰ মুঠ কৰ্মী জনসংখ্যাৰ কিমান শতাংশ ব্যক্তি প্ৰাথমিক খণ্ডত নিযুক্ত?

উত্তৰঃ অসমৰ মুঠ কৰ্মী জনসংখ্যাৰ ৫২.৩৬ শতাংশ ব্যক্তি প্ৰাথমিক খণ্ডত নিযুক্ত।

৩। ২০০১ চনৰ জনগণনা অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ২০০১ চনৰ জনগণনা অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩১,১৬৯,২৭২ (৩১ নিযুত) আছিল।

৪। অসমৰ জনসংখ্যা বৃদ্ধিৰ দুটা মুখ্য কাৰণ কি?

উত্তৰঃ অসমৰ জনসংখ্যা বৃদ্ধিৰ দুটা মুখ্য কাৰণ হ’ল- স্বাভাৱিক বৃদ্ধি (মৃত্যুহাৰ হ্ৰাস) আৰু বাহিৰৰ পৰা প্ৰব্ৰজন।

৫। অসমৰ গাঁও আৰু নগৰবাসীৰ অনুপাত কিমান?

উত্তৰঃ অসমৰ গাঁও আৰু নগৰবাসীৰ অনুপাত ৮৬% গাঁওত, ১৩% নগৰত বাস কৰে।

৬। অসমৰ বৃহৎ গোষ্ঠীসমূহ কি কি?

উত্তৰঃ অসমৰ বৃহৎ গোষ্ঠীসমূহ হ’ল- অস্ট্রিক, মংগোল, আৰ্য, দ্রাবিড়।

৭। অসমত চাহ-শ্রমিক সম্প্রদায় কেনেদৰে গঠিত হ’ল?

উত্তৰঃ বৃটিছ শাসনকালত চাহ খেতিত কাম কৰিবলৈ উপদ্বীপীয় মালভূমিৰ বিভিন্ন অঞ্চলৰ বহু অশিক্ষিত শ্রমিক আহি স্থায়ীভাৱে বসতি স্থাপন কৰি চাহ-শ্রমিক সম্প্রদায় গঠন কৰে।

৮। বড়ো লোকসকলৰ প্ৰধান বসতি অঞ্চল ক’ত আছিল?

উত্তৰঃ বড়ো লোকসকলৰ প্ৰধান বসতি অঞ্চল কোকৰাঝাৰ, চিৰাং, বাগচা, ওদালগুৰি জিলাসমূহ আছিল।

৯। মিচিংসকলৰ প্ৰধান বসতি অঞ্চল ক’ত?

উত্তৰঃ ধেমাজি জিলাত, আৰু লগতে শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু লখিমপুৰ জিলাত।

১০। ২০১১ চনত অসমৰ মুঠ সাক্ষৰতা হাৰ কিমান আছিল?

উত্তৰঃ ২০১১ চনত অসমৰ মুঠ সাক্ষৰতা হাৰ ৭৩.১৮ শতাংশ আছিল।

১১। ২০১১ চনত অসমৰ পুৰুষ সাক্ষৰতা হাৰ কিমান আছিল?

উত্তৰঃ ২০১১ চনত অসমৰ পুৰুষ সাক্ষৰতা হাৰ ৭৮.৮১ শতাংশ আছিল।

১২। ২০১১ চনত অসমৰ নাৰী সাক্ষৰতা হাৰ কিমান আছিল?

উত্তৰঃ ২০১১ চনত অসমৰ নাৰী সাক্ষৰতা হাৰ ৬৭.২৭ শতাংশ আছিল।

১৩। ২০০১-২০১১ চনৰ দশকত অসমৰ সাক্ষৰতা বৃদ্ধিৰ হাৰ কিমান আছিল?

উত্তৰঃ ২০০১-২০১১ চনৰ দশকত অসমৰ সাক্ষৰতা বৃদ্ধিৰ হাৰ ১৫.০৭ শতাংশ আছিল।

১৪। অসমত আটাইতকৈ বেছি সাক্ষৰতা হাৰ থকা জিলা কোনটো?

উত্তৰঃ অসমত আটাইতকৈ বেছি সাক্ষৰতা হাৰ থকা জিলা পৌৰ কামৰূপ (৮৮.৬৬%)।

১৫। অসমত ২০০১ চনত মুঠ কিমানজন লোক কর্মজীৱী হিচাপে চিনাক্ত হৈছিল?

উত্তৰঃ অসমত ২০০১ চনত মুঠ ১৫,৩৮,৫৯১ জন লোক কর্মজীৱী হিচাপে চিনাক্ত হৈছিল।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top