Class 12 Geography Important Chapter 24 অসমৰ ভূ-প্রকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু

Class 12 Geography Important Chapter 24 অসমৰ ভূ-প্রকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 24 অসমৰ ভূ-প্রকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 24

দশম গোট: অসমৰ ভৌগোলিক পটভূমি
IMPORTANT QUESTION AND ANSWER

১। বৰাক নদী ক’ত উৎপন্ন হয়?

উত্তৰঃ বৰাক নদী মণিপুৰৰ সেনাপতি জিলাৰ প্ৰায় ৩০০০ মিটাৰ উচ্চতাৰ পাৰ্বত্য অঞ্চলৰ পৰা উৎপন্ন হয়।

২। বৰাক নদী অসমৰ কোন কোন জিলা স্পৰ্শ কৰে?

উত্তৰঃ বৰাক নদী অসমৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাসমূহ স্পৰ্শ কৰে।

৩। বৰাক নদীৰ মূল শাখা দুটাৰ নাম কি?

উত্তৰঃ বৰাক নদীৰ মূল শাখা দুটা হৈছে সুৰমা আৰু কুছিয়াৰা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। বৰাক নদীৰ উল্লেখযোগ্য দক্ষিণবাহিনী উপনদীসমূহ কি কি?

উত্তৰঃ জিৰি, চিৰি, মধুৰা, জাটিংগা আৰু লাৰাং বৰাক নদীৰ উল্লেখযোগ্য দক্ষিণবাহিনী উপনদী।

৫। ব্ৰহ্মপুত্ৰ নদীখনে অসমত কিমান দূৰত্ব অতিক্রম কৰে?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীখনে অসমত প্ৰায় ৬৫০ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰে।

৬। দিহাং, দিবং আৰু লোহিত মিলি কোন নদী গঠন কৰে?

উত্তৰঃ দিহাং, দিবং আৰু লোহিত মিলি ব্ৰহ্মপুত্ৰ নদী গঠন কৰে।

৭। তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি?

উত্তৰঃ তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ নাম হ’ল চাম্পো।

৮। ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বার্ষিক জলপ্রবাহ কিমান?

উত্তৰঃ ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বার্ষিক জলপ্রবাহ ৭৪৩ ঘন কিলোমিটাৰ।

৯। ব্ৰহ্মপুত্ৰৰ গড় গভীৰতা খৰাং ঋতুত কিমান হয়?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ গড় গভীৰতা খৰাং ঋতুত ৩.৬-৫.০ মিটাৰ হয়।

১০। অসমত গড় বৰ্ষপাতে বছৰি কিমান চেমি হয়?

উত্তৰঃ অসমত গড় বৰ্ষপাতে বছৰি প্ৰায় ২৩০ চেমি হয়।

১১। মৌচুমী ঋতুত সৰ্বাধিক বৃষ্টিপাত কিমান হয়?

উত্তৰঃ মৌচুমী ঋতুত সৰ্বাধিক বৃষ্টিপাত প্ৰায় ১৪৬ চেমি হয়।

১২। অসমত চাৰিটা বৃষ্টিবলয়ৰ ভিতৰত আটাইতকৈ কম বৃষ্টিপাত ক’ত হয়?

উত্তৰঃ চতুৰ্থ বৃষ্টিবলয়ত (১২৫–১৫০ চেমি), যেনে গুৱাহাটী অঞ্চল।

১৩। শীতকালত কিমান চেমি বৃষ্টিপাত হয়?

উত্তৰঃ শীতকালত প্ৰায় ৬ চেমি বৃষ্টিপাত হয়।

১৪। অসমৰ কোন কোন জিলাত বছৰি ৩০০ চেমি বৃষ্টিপাত হয়?

উত্তৰঃ অসমৰ লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, কোকৰাঝাৰ, চিৰাং, বৰাক উপত্যকা জিলাত বছৰি ৩০০ চেমি বৃষ্টিপাত হয়।

১৫। অসমৰ উষ্ণতা সৰ্বাধিক কেতিয়া বৃদ্ধি পায়?

উত্তৰঃ জুলাই আৰু আগষ্ট মাহত বৃষ্টিহীন সময়ত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top