Class 12 Education Chapter – 4 শিক্ষন

Class 12 Education Chapter – 4 শিক্ষন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 4 শিক্ষন and select needs one.

Class 12 Education Chapter – 4 শিক্ষন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 4 শিক্ষন Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১. শিক্ষনৰ সংজ্ঞা দিয়া । 

উত্তৰঃ মনােবিদ গেইটচৰ মতে “শিক্ষন হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষনৰ যােগেদি কৰা আচৰণ সংশােধন কার্য ।” 

জে . পি . গিলফোর্ডৰ মতে , “ আচৰণৰ পৰিণতিস্বৰূপে পৰৱর্তী আচৰণৰ যিকোনাে পৰিবর্তনেই হৈছে শিক্ষন । ” 

প্ৰশ্ন ২. উপযুক্ত উদাহৰণ দি শিক্ষনৰ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ মানৱ জীৱনত প্ৰথম অৱস্থাত কেঁচুৱাটিয়ে অসহায় অৱস্থাত জীৱন অতিবাহিত কৰে । মাক – দেউতাক বা আনৰ সহায় অবিহনে কেঁচুৱাটিয়ে খাব , গা ধুব আৰু কাপােৰ পিন্ধিব নােৱাৰে । বিশেষ সময়ৰ পিছত কেঁচুৱাটিয়ে সকলাে কর্ম বয়স বঢ়াৰ লগে লগে ক্রমান্বয়ে কৰিব পাৰা হয় । এইদৰে জ্ঞাতসাৰে বা অজ্ঞাতসাৰে মানৱ জীৱনত শৈশৱৰ পৰাই শিক্ষন সংঘটিত হয় আৰু মৃত্যুলৈকে চলি থাকে । 

সৰল অর্থত শিক্ষন হৈছে অভিজ্ঞতা আৰু প্রশিক্ষনৰ দ্বাৰা কৰা আচৰণ সংশােধন কার্য । 

প্রশ্ন ৩. ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতিসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ ব্যৱহাৰৰ নীতি সম্পৰ্কত থৰ্নডাইকে কৈছে— “যেতিয়া পৰিস্থিতি আৰু প্রতিক্রিয়াৰ মাজত সংশােধিত সম্বন্ধ স্থাপন কৰা হয় তেতিয়া আনবােৰৰ অৱস্থা একেই থাকিলে সংযােগৰ শক্তি বৃদ্ধি পায় । 

“আকৌ যেতিয়া পৰিস্থিতি আৰু প্রতিক্রিয়াৰ মাজত সংশােধিত সম্বন্ধ দীর্ঘসময় ধৰি স্থাপন কৰা হয় তেতিয়া এই সংযােগৰ শক্তি কমি যায় । ” এইয়ে অব্যৱহাৰৰ নীতি । 

প্রশ্ন ৪. অনুশীলনীৰ নীতিৰ দুটা ভাগ উল্লেখ কৰা । 

উত্তৰঃ অনুশীলনীৰ দুটা নীতি হ’ল— 

( ক ) ব্যৱহাৰৰ নীতি । আৰু

( খ ) অব্যৱহাৰৰ নীতি । 

প্রশ্ন ৫. অতি শিক্ষন কি ?

উত্তৰঃ শিক্ষনৰ বিষয়বস্তু আয়ত্ত কৰিবলৈ লগা প্রচেষ্টাতকৈ অধিক প্রচেষ্টা কৰাকে অতি শিক্ষন বুলি কোৱা হয় । এই অতি শিক্ষনে শিক্ষা প্রক্রিয়াক ধনাত্মকভাৱে সহায় কৰে । কিন্তু এই তিৰিক্ত শিক্ষনে যাতে অৱসাদৰ সৃষ্টি নকৰে তাৰ প্রতি লক্ষ্য ৰাখিব লাগে । 

প্রশ্ন ৬. অন্তদৃষ্টি কি ? বা , অন্তদর্শনৰ যােগেদি শিক্ষণ কি ? 

উত্তৰঃ অন্তদৃষ্টি শব্দৰ অৰ্থ হৈছে সমস্যা বা অধ্যয়নৰ বিষয়বস্তুৰ অন্তৰ্ভাগ বা আন্তঃগাঁথনিৰ  প্রতি দৃষ্টি নিক্ষেপ কৰা । প্ৰতিটো শিকনীয় বিষয়বস্তুৰ অংশবােৰৰ মাজত পাৰস্পৰিক যােগসূত্র নিহিত হৈ থাকে । এই অংশবােৰ চিনাক্ত কৰি তাৰ মাজত নিহিত হৈ থকা পাৰম্পৰিক যােগসূত্ৰৰ নিৰীক্ষণৰ যােগে সামগ্রিক ৰূপত উদ্ঘাটন কৰা কাৰ্যই হৈছে অন্তদৃষ্টি বা অন্তদর্শন । 

প্রশ্ন ৭. ‘শিকন হ’ল বিকাশৰ এটা প্রক্রিয়া – ব্যাখ্যা কৰা । 

উত্তৰঃ শিক্ষন এক বিকাশৰ প্রক্রিয়া । শিক্ষন স্বাভাৱিকতেই হৈছে লক্ষ্য সচেতন আৰু উদ্দেশ্য প্রণোদিত । এই প্রক্রিয়া প্রধান উদ্দেশ্য হৈছে ব্যক্তিৰ পূৰ্বৱতী আচৰণত পৰিবৰ্তন আৰু উৎকর্ষ সাধন কৰা । শিক্ষনে নতুন অভিজ্ঞতা আৰু উন্নত ক্রিয়া আচৰণৰ যােগ্যতা প্রদান কৰে । এই উন্নত আচৰণ আহৰণেহে ক্রম বিকাশক সংঘটিত কৰি তােলে । জন্মৰ পিছৰে পৰা শিশুৱে পৰিৱেশত কৰা সমযােজন প্রক্রিয়াৰ দ্বাৰা ক্ৰমবিকাশ সাধন কৰি তােলে । সেয়েহে কোৱা হয় ব্যক্তিয়ে পৰিবেশত সমাযােজনৰ যােগেদি কৰা উন্নতশীল আৰু বিকাশশীল প্রক্রিয়াই শিক্ষন । 

প্রশ্ন ৮. শিক্ষনৰ গেষ্টেল্ট সূত্রৰ দুজন সমর্থকৰ নাম লিখা । 

উত্তৰঃ শিক্ষনৰ গেষ্টাল্ট সূত্ৰৰ দুজন সমর্থক হ’ল ক’হলাৰ ( Kohler ) আৰু ক’ফকা ( Koffka ) । 

প্রশ্ন ৯. অতি শিক্ষন আৰু শিক্ষনৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ শিক্ষন হৈছে আচৰণ সংশােধন কৰা কাৰ্য । ব্যক্তিয়ে পৰিবেশৰ লগত সমাযােজন প্রক্রিয়াৰ দ্বাৰা নিজৰ আচৰণ সংশােধন কৰে আৰু ব্যক্তিত্ব বিকাশ সাধন কৰে । এই অভিজ্ঞতা আৰু শিক্ষনৰ যােগেদি কৰা আচৰণ সংশােধন কার্যই হৈছে শিক্ষন । 

আনহাতে শিক্ষনীয় বিষয়বস্তু আয়ত্ব কৰিবলৈ লগা প্রচেষ্টাতকৈ অধিক প্রচেষ্টা কৰাকে অতি শিক্ষন বুলি কোৱা হয় । এই অতি শিক্ষণে শিক্ষা প্রক্রিয়াক ধনাত্মকভাৱে সহায় কৰে । কিন্তু ই যাতে অৱসাদৰ সৃষ্টি নকৰে তাৰ প্রতি লক্ষ্য ৰাখিব লাগে । 

প্রশ্ন ১০. অনুশীলন কার্য হিচাপে শিক্ষনৰ ব্যাখ্যা দিয়া ।

উত্তৰঃ শিক্ষনক দৈহিক দিশৰ বিবেচনাৰে অভ্যাস গঠন কৰা কাৰ্য বুলিব পাৰি । দৈহিক ক্রিয়াৰ পুনৰাবৃত্তি বা অনুশীলনীৰ যােগেদি শিকাক স্থায়ী ৰূপ দান কৰিব পৰা যায় । এনে অনুশীলনীৰ অভাৱত শিক্ষনৰ চাপ , প্রভাৱ বা তাৰ প্ৰতিৰূপ সংৰক্ষণ কৰাত ব্যৰ্থ হৈ বিলুপ্ত হ’ব পাৰে । সজ অভ্যাসক অনুশীলনীৰ যােগে স্থায়ী ৰূপ দিয়া আৰু বদ – অভ্যাসৰ অনুশীলন বন্ধ কৰি তাক গুচোৱাটো শিশু – শিক্ষাৰ প্রধান উদ্দেশ্য । ক্রিয়াৰ অনুশীলনে তাৰ নিপুণতা বৃদ্ধি কৰি তুলিব পাৰে আৰু ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঠনত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে । 

প্রশ্ন ১১. চর্ত প্রবৃত্তি কি ? 

উত্তৰঃ উদ্দীপকৰ প্ৰতি কৰা স্বাভাবিক প্রতিক্রিয়া সলনি কৰা ক্ষেত্ৰত এক পৃথক উদ্দীপক ব্যৱহাৰ কৰি নতুন প্রতিক্রিয়া সৃষ্টি কৰাটোৱেই হৈছে চৰ্তৰ প্রবৃত্তি ।

প্রশ্ন ১২. তলৰ প্রবাদকেইটা কোন শিক্ষন নীতিৰ লগত জড়িত উল্লেখ কৰা । 

( i ) অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ । 

উত্তৰঃ অনুশীলনৰ নীতি । 

( ii ) কৃতকার্যতাই কৃতকার্যতাক আগুৱাই নিয়ে । 

উত্তৰঃ ফলাফলৰ নীতি । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৩ ) 

প্রশ্ন ১. অনুবন্ধিত প্রতিক্রিয়া কি ? পেভেলভৰ অনুবন্ধনৰ পৰীক্ষাটোত প্রতিক্রিয়া কোনটো আছিল ? 

উত্তৰঃ এটা স্বাভাৱিক প্রতিক্রিয়া আন এটা পৃথক উদ্দীপকৰ লগত সংযােগ কৰি তাৰ বাৰে বাৰে কৰা পুনৰাবৃত্তিৰ ফলত যি অস্বাভাৱিক ৰূপত এক নতুন প্রতিক্রিয়া প্রকাশ হয় তাকে অনুবন্ধিত প্রতিক্রিয়া বােলে । 

পেভলভৰ পৰীক্ষাটোত অনুবন্ধিত প্রতিক্রিয়া সৃষ্টি কৰিবলৈ ঘণ্টাৰ ( Bell ) শব্দ ব্যৱহাৰ কৰি কুকুৰৰ লালটি ওলােৱা আচৰণ অনুবন্ধিত কৰা হৈছিল । 

প্রশ্ন ২. পৰিপক্কতা মানে কি বুজা ? 

উত্তৰঃ পৰিপক্কতা বুলিলে দৈহিক বিকাশৰ যােগে আহৰণ কৰা দেহ – যন্ত্ৰৰ বিভিন্ন অংশ , যেনে – দেহ – কোষ , স্নায়ুকোষ , মাংসপেশী গ্রহণেন্দ্রিয় আদিৰ কার্যক্ষমতা আৰু যােগ্যতা আদিকেই বুজায় । পৰিপক্কতা ধাৰণাটোৱেই হৈছে জৈৱিক বংশগতিস্বৰূপে জন্মসূত্রে আৰু বংশসূত্রে আহৰণ কৰা ‘জীন’ বা জীৱাণুকোষবােৰৰ বিকাশশীল ক্ষমতা । দেহ যন্ত্রৰ এই অংশবােৰেই আচৰণ নিধাৰণকাৰী আৰু নিয়ন্ত্রণকাৰী জৈৱিক শক্তিস্বৰূপে ব্যক্তিৰ দৈহিক পৰিপক্কতা আহৰণত সহায় কৰে । 

পৰিপক্কতাৰ অৰ্থ হৈছে বৃদ্ধি । ব্যক্তি বৃদ্ধি স্বতঃস্ফূর্ত আৰু নিয়মীয়া । ইয়াৰ বাবে বিশেষ উদ্দীপক , যেনে— প্রশিক্ষন বা অনুশীলনৰ প্ৰয়ােজন নহয় । যেনে — এটা নির্দিষ্ট বয়সত যি পৰিৱেশতে নাথাকক কিয় , শিশুৱে খােজ কাঢ়িবলৈ শিকে ।

প্রশ্ন ৩. শিক্ষনৰ প্ৰধান নীতিবােৰ কি কি ? 

উত্তৰঃ শিকনৰ প্ৰধান নীতিবােৰ হৈছে – 

( ১ ) পৰিণাম নীতি ।

( ২ ) অনুশীলন নীতি ।

( ৩ ) প্রস্তুতি নীতি । 

প্রশ্ন ৪. শিক্ষনৰ তিনিটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা । 

উত্তৰঃ শিক্ষনৰ তিনিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল – 

( ১ ) শিক্ষন কোনাে নির্দিষ্ট উদ্দেশ্য সাধনৰ বাবে হ’ব পাৰে অথবা জৈৱিক বা সামাজিক সমাযােজনৰ বাবেও হ’ব পাৰে । 

( ২ ) শিক্ষনৰ দ্বাৰা এজন ব্যক্তিৰ ক্ষেত্ৰত স্থায়ী বা অস্থায়ী পবিৱৰ্ত্তন সাধিত হয় । 

( ৩ ) শিক্ষাৰ সুফল লাভত অভিৰোচনৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে । অভিৰােচন হৈছে । শিকনৰ এক চর্ত বিশেষ ।

প্রশ্ন ৫. অন্তদৃষ্টিময় শিক্ষনৰ সীমাবদ্ধতা দেখুওৱা ।

উত্তৰঃ অন্তদৃষ্টিময় শিক্ষনৰ সীমাবদ্ধতাবােৰ হ’ল— 

( ১ ) এই পদ্ধতিৰ প্ৰয়োগৰ বাবে উচ্চ পর্যায়ৰ মানসিক ক্ষমতা প্রয়ােজন । গতিকে এই পদ্ধতি প্রাথমিক পর্যায়ত ব্যৱহাৰৰ অনুপযােগী । 

( ২ ) সাধাৰণ লােকৰ মাজতাে এনে বহুতাে লােক আছে যি অন্তর্দর্শনৰ দৰে উচ্চ পর্যায়ৰ মানসিক শক্তি স্বাভাৱিকতে প্রয়ােগ কৰিব নােৱাৰে । 

( ৩ ) এই পদ্ধতিয়ে অনুশীলনৰ ওপৰত গুৰুত্ব প্রদান নকৰে । শিক্ষনৰ স্থায়ী ৰূপ দিবৰ বাবে অনুশীলন অতিশয় প্রয়ােজন । 

প্রশ্ন ৬. প্রচেষ্টা আৰু ভুলৰ মাজেৰে শিক্ষনৰ বাবে পুনৰাবৃত্তিৰ প্রয়ােজন ব্যাখ্যা কৰা । 

উত্তৰঃ মনােবিজ্ঞানী থৰ্নডাইকে এই পদ্ধতিৰ পােষকতা কৰিছিল । তেওঁৰ সংযােগবাদ তত্বৰ ওপৰত এই পদ্ধতি প্রতিষ্ঠিত । এই পদ্ধতি মতে কোনাে শিক্ষনীয় বিষয় সম্পূর্ণ আয়ত্তাধীন হােৱাৰ আগতে প্রয়ােজন হয় বহু বিৰামহীন প্রচেষ্টাৰ । এই প্রচেষ্টা সমূহৰ ক্ষেত্ৰত যথেষ্ট ভুল হােৱাৰ সম্ভাৱনা থাকে । এই ভুলবােৰ আঁতৰাবলৈ যথেষ্ট প্রচেষ্টাৰ প্ৰয়ােজন হয় । এনে বিৰামহীন প্রচেষ্টাৰ ফলতেই প্রথম অৱস্থাত হােৱা ভুলৰ পৰিমাণ আৰু প্রয়ােজন হােৱা সময়ৰ পৰিমাণ লাহে লাহে কমি আহি অৱশেষত নির্ভুলভাৱে অতি কম সময়ৰ ভিতৰতে কামতাে সম্পাদন কৰিব পৰা যায় । এয়েই হৈছে শিক্ষনৰ প্রচেষ্টা আৰু ভুল পদ্ধতি বাৰে বাৰে কৰা ভুল প্রচেষ্টাৰ অভিজ্ঞতাই শেষত শুদ্ধ পথৰ সন্ধান দিয়ে । সেয়েহে এই পদ্ধতিটোক ‘প্রচেষ্টা আৰু ভুল’ বুলি কোৱাৰ পৰিৱর্তে ‘শুদ্ধ পথৰ নির্বাচন পদ্ধতি’ বুলি কোৱাহে অধিক যুক্তিযুক্ত বুলি কোনাে কোনো মনোবিদে মত পোষণ কৰিছে ।

মনােবিজ্ঞানী থর্নডাইকে তেখেতৰ ‘প্রচেষ্টা আৰু ভুল পদ্ধতি’ পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰি দেখুৱাইছিল পৰীক্ষা কার্যৰ বাবে তেওঁ এটা ভােকাতুৰ মেকুৰী বিশেষ কৌশলেৰে সজা কৌতুক বাকচ এটাৰ ভিতৰত আৱদ্ধ কৰে । মেকুৰীটোৱে দেখাকৈ কৌতুক বাকচটোৰ বাহিৰত এখন থালত ভজা মাছ ৰখা হৈছিল । বাকচটোৰ প্ৰৱেশ পথৰ দুৱাৰখনাে এনেদৰে ৰখা হৈছিল যে ভিতৰৰ ফালৰ পৰা এডাল ৰচী টানিলেই সহজে খুলিব পাৰি । বাকচটোৰ ভিতৰৰ পৰা মেকুৰীটোৱে বাহিৰত ভজা মাছ দেখি খােৱাৰ বাবে অস্থিৰ হৈ পৰিল আৰু বাকচটোৰ পৰা বাহিৰ ওলাবলৈ আপ্রাণ চেষ্টা কৰিবলৈ ধৰিলে । বাকচটোৰ ভিতৰতে জপিয়াব আৰম্ভ কৰিলে আৰু দুৱাৰ মােকলাবৰ বাবে চৌদিশে হাতােৰাৰে খামুচিব আৰম্ভ কৰিলে । এনে অন্ধ প্রচেষ্টাৰ ব্যর্থ পৰিণতিৰে কিছু সময় কটোৱাৰ পিচত সি এবাৰ কেনেবাকৈ নির্দিষ্ট ৰচীডাল টানি দিয়ে আৰু দুৱাৰখন খুলি যায় । মেকুৰীটোৱে তৎক্ষণাত বাহিৰলৈ ওলাই আহি ভজা মাছখিনি খায় । 

এনেদৰে মেকুৰীটোৱে ভুল আৰু প্ৰচেষ্টাৰ জৰিয়তে লক্ষ্যবিন্দুত উপনীত হ’ব পাৰিলে । থর্নডাইকে দ্বিতীয়বাৰৰ বাবে একেই পদ্ধতিৰে মেকুৰীটোক কৌতুক বাকচটোৰ ভিতৰত আবদ্ধ কৰি ৰাখিলে আৰু বাহিৰত ভজা মাছ প্রদর্শন কৰিলে । এইবাৰে মেকুৰীটোৱে একে ধৰণৰ আচৰণ প্রদর্শনেৰে কিছুসময়ৰ অন্তত প্রচেষ্টা আৰু ভুল পদ্ধতিৰে দুৱাৰ খুলিব সক্ষম হ’ল আৰু লক্ষ্য বিন্দুত উপনীত হ’ল ।

প্রশ্ন ৭. প্রচেষ্টা আৰু ভুল তথা অন্তদৃষ্টিপূর্ণ শিক্ষনৰ মাজৰ পাৰ্থক্য উলিওৱা ।

উত্তৰঃ ( ১ ) প্রচেষ্টা আৰু ভুল ’ পদ্ধতিয়ে শিক্ষণ / শিক্ষনক এক , যান্ত্রিক প্রক্রিয়া হিচাপে ব্যাখ্যা কৰিছে । আনহাতে অন্তর্দর্শন পদ্ধতিত শিক্ষণ / শিক্ষনক এক মানসিক প্রক্রিয়া হিচাপে ব্যাখ্যা কৰিছে । 

( ২ ) সমস্যা সমাধানৰ ক্ষেত্ৰত প্রচেষ্টা আৰু ভুল পদ্ধতি হ’ল প্ৰাৰম্ভিক পর্যায় আৰু আনহাতে অন্তর্দর্শন হ’ল দ্বিতীয় বা চূড়ান্ত পর্যায় । 

( ৩ ) প্রচেষ্টা আৰু ভুল ’ পদ্ধতিত ক্রিয়াৰ পুনৰাবৃত্তিৰ ওপৰত গুৰুত্ব দিয়া হয় । আনহাতে অন্তর্দর্শন পদ্ধতিত সমস্যাৰ নিৰীক্ষণ আৰু পর্যবেক্ষণৰ ওপৰতহে গুৰুত্ব দিয়ে । 

প্রশ্ন ৮. শিক্ষন আৰু প্রণােদিতকৰণৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ অভিপ্রায়ে সৃষ্টি কৰি তােলা দেহ – মনৰ গতিশীল অৱস্থাকেই অভিৰােচন বা প্রণােদন বুলিব পাৰি । শিক্ষাৰ সুফল লাভত ব্যক্তিৰ দেহ মানসিক প্রস্তুতিৰ দিশ অতি বিবেচনাযােগ্য । ই শিক্ষা আহৰণৰ গুৰুত্বপূৰ্ণ আৰু প্রধান চর্ত বিশেষ । শিক্ষাগ্রহণৰ গতিশীল আৰু মূল পৰিচালিকা শক্তি হৈছে অভিপ্রায় । শিক্ষন আৰু এই অভিৰােচনৰ মাজত গতিকে ওতঃপ্ৰত সম্পর্ক আছে । শিক্ষনত অভিৰােচনৰ প্রাধান্য আৰু প্রয়ােজনীয়তা সম্বন্ধে তলত উল্লেখ কৰা হ’ল– 

( ১ ) ছাত্র – ছাত্রীৰ শিক্ষা গ্রহণত প্রণােদনে দেহ – মানসিক শক্তিৰ ইন্ধন যােগায় । 

( ২ ) ই ছাত্ৰ – ছাত্ৰীৰ মনত আগ্রহ অভিৰুচিৰ সৃষ্টি কৰে আৰু শিক্ষাৰ প্রাপ্তিক সহজ – সাধ্য কৰি তোলে ।

( ৩ ) অভিপ্রায়ে শিক্ষা গ্রহণৰ আমনি লগা আৰু বিৰক্তিৰ পৰিস্থিতি দূৰ কৰে । 

( ৪ ) অভিৰােচনে মানুহৰ মানসিক অস্থিৰতা নাইকিয়া কৰি তেওঁক প্রয়ােজনমুখী কৰি তােলে । 

প্রশ্ন ৯. সূত্ৰৰ সৈতে সম্পর্কিত ব্যক্তিকেইজনক মিলােৱা । 

     ( ক )                                            ( খ ) 

( ক ) কফকা                            ( ক ) অনুবন্ধনবাদ 

( খ ) থর্নডাইক                          ( খ ) গেষ্টাল্ট সূত্র 

( গ ) পেভলভ                            ( গ ) প্রচেষ্টা আৰু ভুল 

উত্তৰঃ  ( ক )                             ( খ ) 

( ক ) কফ্কা         –        ( ক ) গেষ্টাল্ট সূত্র 

( খ ) থর্নডাইক      –        ( খ ) প্রচেষ্টা আৰু ভুল  

( গ ) পেভলভ       –        ( গ ) অনুবন্ধনবাদ  

Sl. No.Contents
Chapter 1অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা
Chapter 2অনানুষ্ঠানিক শিক্ষা
Chapter 3 শিক্ষাৰ চলিত ধাৰাসমূহ
Chapter 4শিক্ষন
Chapter 5( ক ) স্মৃতি আৰু বিস্মৃতি
Chapter 5( খ ) মনােযােগ আৰু আগ্রহ
Chapter 6মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি

প্রশ্ন ১০. অতি শিক্ষন বুলিলে কি বুজা ? 

উত্তৰঃ শিক্ষনৰ বিষয়বস্তু আয়ত্ত কৰিবলৈ লগা প্রচেষ্টাতকৈ অধিক প্রচেষ্টা কৰাকে অতি শিক্ষন বুলি কোৱা হয় । এই অতি শিক্ষনে শিক্ষা প্রক্রিয়াক ধনাত্মকভাৱে সহায় কৰে । কিন্তু এই তিৰিক্ত শিক্ষনে যাতে অৱসাদৰ সৃষ্টি নকৰে তাৰ প্রতি লক্ষ্য ৰাখিব লাগে ।

প্রশ্ন ১১. শিক্ষন আৰু পৰিপূর্ণতা প্রাপ্তিৰ মাজৰ সাদৃশ্যসমূহ উল্লেখ কৰা । 

উত্তৰঃ শিশুৰ জীৱন বিকশাই তােলাৰ ক্ষেত্ৰত শিক্ষন আৰু পৰিপক্কতা – এই দুটি প্রক্রিয়াই সদ্যহতে উৎকৃষ্ট ভূমিকা লয় । বৃদ্ধি আৰু বিকাশৰ এক প্রক্রিয়া হ’ল পৰিপক্কতা । পৰিপক্কতা প্রক্রিয়াই কিছুমান আচৰণৰ পৰিবৰ্তনৰ প্রক্রিয়াক বুজায় । ঠিক সেইদৰে শিক্ষন হৈছে অভিজ্ঞতা আৰু প্রশিকনৰ ফলস্বৰূপে আচৰণ সংশােধন কৰা কাৰ্য ।

শিক্ষনৰ বাবে ব্যক্তিৰ দেহ মানসিক পৰিপক্কতা স্বাভাৱিকতেই প্রয়ােজন । এই ক্ষমতাৰ প্রতি লক্ষ্য ৰাখিহে শিক্ষনৰ বিষয়বস্তু শিক্ষন পদ্ধতি আৰু শিক্ষনৰ প্রাপ্তি বিচাৰ কৰিব লাগে । পৰিপক্কতা হৈছে শিক্ষনৰ এক চর্ত বিশেষ । 

শিক্ষা আৰু পৰিপক্কতা হ’ল বিকাশমূলক প্রক্রিয়া । ইহঁতে ব্যক্তিৰ আচৰণৰ পৰিবর্তন ঘটায় । এই দুই প্রক্রিয়াৰ মাধ্যমতে জীৱনৰ উন্নয়নমুখী পৰিবৰ্ত্তন হয় । 

প্রশ্ন ১২. “শিক্ষণ এটা সমস্যা সমাধানৰ প্ৰক্ৰিয়াৰ বাহিৰে অন্য একো নহয় ।” — তােমাৰ মতামত কি ? 

উত্তৰঃ উক্তিটো সত্য । শিক্ষন কার্য কোনাে এক সমস্যাক কেন্দ্ৰ কৰি পৰিচালিত হয় । অর্থাৎ কোনাে সমস্যাৰ আগতেই প্রাণীয়ে কোনাে বিষয় শিকিবলৈ বাধ্য হয় । শিক্ষন কার্যই ব্যক্তিক নতুন পৰিস্থিতিত সমাযােজনত সহায় কৰে । গতিকে ইয়াৰ দ্বাৰা ব্যক্তিৰ সমস্যা সমাধানৰ ক্ষমতা বিকাশ হয় । 

See Next Page…

3 thoughts on “Class 12 Education Chapter – 4 শিক্ষন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top