Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ

Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 3 শিক্ষাৰ চলিত ধাৰাসমূহ and select needs one.

Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক -৫ / ৬ ) 

প্রশ্ন ১. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ উদ্দেশ্যসমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ পাৰিপাৰ্শ্বিক শিক্ষাৰ উদ্দেশ্যসমূহ হ’ল –

( ১ ) পাৰিপাৰ্শ্বিক আৰু ইয়াৰ বিভিন্ন সমস্যা সম্পৰ্কত ছাত্র – ছাত্রীসকলৰ মাজত সচেতনতাৰ মনােভাৱ বিকশিত কৰা ।

( ২ ) ছাত্র – ছাত্রীসকলক পৰিবেশ আৰু মানুহৰ মাজত থকা পাৰম্পৰিক সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰাত সহায় কৰা । 

( ৩ ) পাৰিপার্শ্বিকতা সম্পৰ্কত মৌলিক জ্ঞান লাভ কৰাত শিক্ষার্থীক সহায় কৰা । 

( ৪ ) পাৰিপাৰ্শ্বিকতাৰ প্রতি শিক্ষার্থীসকলক সদর্থক ( Positive ) মনােভাৱ সৃষ্টি কৰা । 

( ৫ ) ছাত্র – ছাত্রীসকলৰ মনত পাৰিপাৰ্শ্বিকতা প্রতি দায়িত্বশীল অনুভূতিৰ সৃষ্টি কৰা । 

( ৬ ) পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ মীমাংসাৰ বাবে উপযুক্ত পদক্ষেপ গ্রহণৰ জৰুৰী প্রয়ােজনীয়তাৰ নিশ্চিতি প্রদানৰ গুৰুত্ব উপলব্ধিত ছাত্ৰ – ছাত্ৰীক সহায় কৰা । 

প্রশ্ন ২. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ গুৰুত্ব কি ? 

উত্তৰঃ পৰিবেশ শিক্ষাৰ কাৰ্যৰ পৰিসৰ অতি বহল । মানব জাতিৰ ভৱিষ্যৎ স্থায়িত্ব ৰক্ষণাবেক্ষণৰ বাবে পাৰিপাৰ্শ্বিক শিক্ষা পৃথিৱীৰ প্ৰতিজন মানুহৰ বাবে অতি প্রয়ােজনীয় । অতি প্রাচীন কালতাে এনে শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰা হৈছিল । ধর্মীয় নির্দেশ অনুসৰি বাইবেলত কোৱা হৈছে যে ‘অপব্যৱহাৰ বা বিকৃত নকৰাকৈ পৃথিৱীখনক ব্যৱহাৰ কৰা । 

পৃথিৱীত মানুহৰ জীৱনৰ অস্তিত্ব মাটি , পানী , জলবায়ু , শক্তি , ইন্ধন , উদ্ভিদবৰ্গ আৰু প্রাণীকুল ইত্যাদিৰ ওপৰত নিৰ্ভৰশীল হৈ আছে । সেইবাবে এইবােৰৰ তাপব্যৱহাৰ নকৰাকৈ সংৰক্ষিত হ’ব লাগে । এনেবােৰ সামগ্ৰী ৰক্ষণাবেক্ষণ দিবৰ বাবে পাৰিপাৰ্শ্বিক শিক্ষাই সকলােকে সচেতন কৰি তুলিব লাগে । পাৰিপার্শ্বিক শিক্ষা কার্যসমূহ উপলব্ধি কৰিবৰ বাবে শিক্ষাৰ লগত প্রত্যক্ষ সম্বন্ধ থকা লােকক নির্বাচন কৰিব লাগে । Dr.

Pritchand ( From the report of the UNESCO Biosphere Conference ) মতে ভিন্ন লােকক পাৰিপাৰ্শ্বিক শিক্ষাই স্বাস্থ্যক পৰিৱেশ সৃষ্টি কৰাত নিম্নলিখিত ধৰণে সহায় আগবঢ়ায়— 

১। শিক্ষাবিদসকলে নতুন প্রজন্মক জ্ঞানৰ বিশ্লেষণ আগবঢ়োৱাৰ বাবে দায়িত্ব গ্রহণ বিশেষ সহায় কৰে । 

২।পদার্থবিজ্ঞানী , ৰসায়নবিদ আৰু প্ৰযুক্তিবিদসকলক পাৰিপার্শ্বিক শিক্ষাই পাৰিপাৰ্শ্বিক ভাৰসাম্যতাত বেয়া প্রভাৱ নেপেলােৱাকৈ গৱেষণা কার্য চলােৱাৰ ক্ষেত্ৰত বিশেষ সহায় কৰে । 

৩। পাৰিপার্শ্বিক শিক্ষাই জীৱবিদ্যাবিদ , ভূগােল , ভূতত্ত্ববিদ , কৃষিবিজ্ঞানী আৰু বনবিজ্ঞানী , কৃষক আৰু বনকর্মী আদিয়ে পৃথিৱী আৰু জীৱ – বিজ্ঞানৰ ক্ষেত্ৰত বৃত্তি গ্রহণত সেই লােকসকলক সহায় আগবঢ়ায় । 

৪। এনে শিক্ষাই কোনাে প্রত্যক্ষ বৃত্তিৰ লগত যােগাযােগ নথকা বা এটা সন্মিলিত জনমত গঠনত উল্লিখিত শ্রেণীৰ অন্তর্ভুক্ত নােহােৱাসকলকো সহায় কৰে । 

৫। ৰাজনীতিবিদ , কর্মচাৰী , চৰকাৰী আৰু অন্যান্য নেতাসকলক পাৰিপাৰ্শ্বিকতাৰ ওপৰত প্ৰভাৱ পেলােৱা বিভিন্ন নীতি নির্ধাৰণ আৰু প্রয়ােগকৰণত এনে শিক্ষাই বিশেষভাবে সহায়  কৰে ।

৬। পাৰিপাৰ্শ্বিক শিক্ষাই পৰিকল্পনাকাৰী , নক্সাকাৰ , স্থাপতিবিদ , চিভিল ইঞ্জিনীয়াৰ আদি লােকক পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলােৱা পৰিকল্পনাৰ প্রক্রিয়া , নির্মাণ প্রক্রিয়া আৰু বিভিন্ন আঁচনিৰ নিয়ন্ত্রণ প্রক্রিয়াৰ লগত জড়িত হােৱাত সহায় আগবঢ়ায় । 

Sl. No.Contents
Chapter 1অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা
Chapter 2অনানুষ্ঠানিক শিক্ষা
Chapter 3 শিক্ষাৰ চলিত ধাৰাসমূহ
Chapter 4শিক্ষন
Chapter 5( ক ) স্মৃতি আৰু বিস্মৃতি
Chapter 5( খ ) মনােযােগ আৰু আগ্রহ
Chapter 6মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি

প্রশ্ন ৩. শাৰীৰিক শিক্ষা সম্পর্কীয় ৰাষ্ট্ৰীয় আয়ােগৰ ( ১৯৬৪-৬৬ ) দৃষ্টিভংগীবােৰ কি কি ? 

উত্তৰঃ শাৰীৰিক শিক্ষাৰ কাৰ্যসূচী প্রস্তুত সম্পর্কে ভাৰতীয় শিক্ষা আয়ােগে ( 1964-66 ) কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে । সেইবােৰ তলত উল্লেখ কৰা হ’ল–

( ১ ) অংশগ্রহণকাৰীৰ আগ্ৰহ আৰু সামর্থ্য বিবেচনা কৰি শাৰীৰিক শিক্ষাৰ কাৰ্যসূচী প্রস্তুত কৰিব লাগে । 

( ২ ) আমাৰ দেশত বহুদিন ধৰি চলি থকা খেলসমূহ আৰু দৈহিক কার্যাৱলীত পাব লগা , ধৰণে গুৰুত্ব দিব লাগিব । 

( ৩ ) শাৰীৰিক শিক্ষাৰ বাবে গ্ৰহণ কৰা কাৰ্যাৱলী আন শৈক্ষিক কার্যাৱলীৰ পুনৰাবৃত্তি নহৈ সেইবােৰৰ পৰিপূৰকহে হ’ব লাগে । 

( ৪ ) শাৰীৰিক শিক্ষাৰ শিতানত খৰচ কৰিব পৰা অৰ্থৰে চলাব পৰাকৈ এনে শিক্ষাৰ কার্যাবলী প্রস্তুত হ’ব লাগে । 

( ৫ ) বিশেষ প্রৱণতা থকা প্রতিভাশালী ছাত্র – ছাত্রীৰ বাবে উপযুক্ত প্রশিক্ষণৰ ব্যৱস্থা কৰিব লাগে । 

প্রশ্ন ৪. পাৰিপাৰ্শ্বিকতা শিক্ষা প্রবর্তনৰ বাবে এখন বিদ্যালয়তে ল’ব পৰা কেইটামান সাধাৰণ উপায় ব্যাখ্যা কৰা । 

উত্তৰঃ এটা শৈক্ষিক প্রতিষ্ঠানত পাৰিপাৰ্শ্বিকতা শিক্ষা প্রবর্তন কৰা উপায়সমূহ হ’ল— 

( ১ ) পাৰিপাৰ্শ্বিকতা আৰু ইয়াৰ বিভিন্ন সমস্যা সম্পৰ্কত ছাত্র – ছাত্রীসকলৰ মাজত শিক্ষকে সচেতনতাৰ মনােভাব বিকশিত কৰি তুলিব লাগে ৷ 

( ২ ) পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ মীমাংসাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ জৰুৰী প্রয়ােজনীয়তাৰ নিশ্চিত প্রদানত গুৰুত্ব উপলব্ধিত ছাত্র – ছাত্রীসকলক সহায় কৰা উচিত । 

( ৩ ) পৰিবেশ অধ্যয়ন বিষয়টো পাঠ্যক্ৰমৰ প্ৰতিটো স্তৰতে বাধ্যতামূলক কৰি তুলিব লাগে । 

( ৪ ) ছাত্র – ছাত্রীসকলে অন্যান্য লােকসকলৰ লগত লগ হৈ সন্মিলিত প্রক্রিয়াৰে নিজৰ শিক্ষাৰ অভিজ্ঞতাসমূহৰ পৰিকল্পনা কৰি লােৱাত বিশেষ ভূমিকা পালন কৰা উচিত । 

প্রশ্ন ৫. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ পৰিসৰে কি কি ক্ষেত্ৰক সামৰি লয় ? বা,পৰিৱেশ শিক্ষাৰ পৰিসৰৰ অন্তর্ভুক্ত চাৰিটা ক্ষেত্ৰৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ পৰিৱেশ শিক্ষাই প্ৰকৃতিৰ সকলাে বিভাগকেই সাঙুৰি লয় । পৰিৱেশ শিক্ষাৰ পৰিসৰ অতি বহল । সামাজিক , অর্থনৈতিক , কাৰিকৰী , নৈতিক , শৈক্ষিক আদি সকলোবােৰ দিশেই পবিবেশ শিক্ষাৰ অন্তর্ভুক্ত । পৰিৱেশ শিক্ষাৰ পৰিসৰত অন্তর্ভুক্ত হােৱা দিশসমূহ নিম্নলিখিতভাবে সংক্ষেপে বর্ণনা কৰিব পাৰি–

১।সহজে শিক্ষা আহৰণ কৰিব পৰা মাধ্যম হৈছে পৰিৱেশ শিক্ষা অধ্যয়ন । চৰাই – চিৰিকতি , গাছ , বন , আদিৰ বিষয়ে পাঠ্যপুথিৰ পৰা জ্ঞান আহৰণ কৰাৰ পৰিবৰ্তে পৰিবেশৰ পৰা প্রত্যক্ষভাৱে জ্ঞান আহৰণ কৰিব পাৰি ।

২। পৰিৱেশ অধ্যানৰ পৰিসৰৰ এটা গুৰুত্বপূর্ণ দিশ হৈছে জনসংখ্যাৰ বিস্ফোৰণে সৃষ্টি কৰি তোলা বায়ু , পানী , মাটি আৰু শব্দৰ প্ৰদূষণ । প্ৰদূষণ হৈছে জীৱই জীয়াই থকা পৰিবেশৰ চাৰিওফালৰ অৱস্থা সুস্থ জীবন – যাপনৰ বাবে অনুপযােগী হৈ উঠা এক অৱস্থা । ই মানুহৰ জীৱন – ধাৰণ আৰু প্ৰাণ ৰক্ষাৰ বাবে এক জটিল সমস্যা । ইয়াৰে স্বৰূপ অধ্যয়ন , বিশ্লেষণ আৰু প্রতিকাৰকৰণৰ উপায় উদ্ভাবন আদি দিশ পৰিবেশ শিক্ষাৰ অন্তর্ভুক্ত ।

৩। শিল্প উদ্যোগমুখী বিকাশৰ প্ৰয়ােজন পূৰণ কৰিবলৈ গৈ বর্তমান মানুহৰ দ্বাৰা প্ৰকৃতিৰ বায়ু , পানী , মাটি , শব্দ আদি ব্যাপক হাৰত প্ৰদূষিত কৰি তােলা হৈছে । তেনে প্ৰদূষণে মানুহৰেই স্বাস্থ্য ৰক্ষাৰ দিশত ক্রমান্বয়ে ভবাবহ ৰূপত ভাবুকিৰ সৃষ্টি কৰি তুলিছে । প্রদূষণে সৃষ্টি কৰি , তােলা মানুহৰ স্বাস্থ্যৰক্ষা সম্বন্ধীয় এই দিশটোৱে বর্তমান অধ্যয়নৰ এক নতুন পৰিসৰ সৃষ্টি কৰি তুলিছে । 

৪। মানুহৰ আধুনিক প্রযুক্তি বিজ্ঞানমুখী জীৱনৰ মানদণ্ড উন্নত কৰি তুলিবলৈ শক্তি সম্পদৰ উৎপাদনৰ প্রয়ােজন বিশেষভাৱে অনুভৱ কৰি উঠা হৈছে । কল – কাৰখানা , শিল্প উদ্যোগ আদিৰ উৎপাদন ক্ষমতা বৃদ্ধিকৰণৰ বাবেও শক্তি সম্পদৰ চাহিদা বৃদ্ধি পাই আহিছে । এনে বর্ধিত প্রয়ােজন পূৰণৰ বাবে মানুহে শক্তি সম্পদৰ সমস্যা সৃষ্টি কৰি তােলা হৈছে । এই সম্বন্ধীয় চিন্তা , চর্চা , অধ্যয়ন আৰু সমস্যা সমাধানৰ উপায় উদ্ভাৱন আদি পৰিৱেশ শিক্ষাৰ পৰিসৰৰ অন্তর্ভুক্ত । 

প্রশ্ন ৬. পাৰিপার্শ্বৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা । 

উত্তৰঃ পাৰিপাৰ্শ্বিকতাৰ বৈশিষ্ট্যসমূহ হ’ল –

( ১ ) পাৰিপার্শ্বিকতাই সাধাৰণতে এটা নির্দিষ্ট স্থান আৰু সময়ত মানুহক পৰিবেষ্টিত কৰি ৰখা বিভিন্ন অৱস্থাৰ সামূহিক ৰূপটোকেই বুজায় । 

( ২ ) পাৰিপাৰ্শ্বিকতাক মূলতঃ বহুলভাৱে দুটা প্রকাৰত ভাগ কৰিব পাৰি — প্রাকৃতিক আৰু জৈৱিক পৰিবেশ । 

( ৩ ) প্রাকৃতিক পৰিবেশক আকৌ তিনিটা বিশেষ ভাগত বিভক্ত কৰিব পাৰি– পদার্থপূর্ণ তৰল বস্তুৰে পৰিপূৰ্ণ আৰু গেছ যুক্ত । 

( ৪ ) পৰিবেশৰ জৈৱিক উপাদানৰ অন্তর্ভুক্ত হৈ আছে উদ্ভিদসমূহ আৰু জীৱজন্তুসমূহ । 

প্রশ্ন ৭. জনসংখ্যা শিক্ষা প্রবর্তনৰ বাবে এখন বিদ্যালয়ে গ্রহণ কৰিব পৰা কেইটামান সাধাৰণ উপায়ৰ লেখ দিয়া । 

উত্তৰঃ জনসংখ্যা শিক্ষা প্রৱর্তনৰ বাবে এখন বিদ্যালয়ে গ্ৰহণ কৰিব পৰা কেইটামান উপায় তলত উল্লেখ কৰা হ’ল– 

( ১ ) প্রাথমিক স্তৰত ল’ৰা – ছােৱালীক সৰু পৰিয়ালৰ ধাৰণা দিব লাগে আৰু গুণগত জীৱন ধাৰণৰ মানদণ্ডৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পর্কে অৱগত কৰাব লাগে । 

( ২ ) পাঠ্যক্ৰমৰ বিষয়সমূহত অন্তর্ভুক্ত পাঠৰ মাধ্যমেৰে জনসংখ্যা শিক্ষা প্রদান কৰিব পাৰি । 

( ৩ ) মাধ্যমিক স্তৰত জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু আন আন দেশৰ জনসংখ্যাৰ গতিধাৰা সম্বন্ধে শিকাব পৰা যায় । 

( ৪ ) ৰাজ্যসমূহৰ স্কুলীয়া পাঠ্যক্ৰমত জনসংখ্যা শিক্ষা অন্তর্ভুক্ত কৰাৰ পিছতে শৈক্ষিক আৰু পৰিপূৰক পঠন সামগ্রী প্রস্তুত কৰি যােগান ধৰিব লাগে । 

( ৫ ) জনসংখ্যা কাৰ্যসূচী খৰখেদাকৈ ৰূপায়ণ কৰাৰ পৰিৱর্তে পাঠ্যসূচী আৰু শিক্ষণ সামগ্রী প্রস্তুত কৰাৰ আৰু শিক্ষকসকলক প্রশিক্ষণ দিয়াৰ পিছত সুচিন্তিত আৰু প্রণালীবদ্ধভাৱে এই কার্যসূচী ৰূপায়ণ কৰিব লাগে । 

প্রশ্ন ৮. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ নির্দেশক নীতিৰ লেখ দিয়া ।

উত্তৰঃ পাৰিপাৰ্শ্বিকতা শিক্ষাৰ নীতিসমূহ হ’ল– 

( ১ ) পাৰিপাৰ্শ্বিক শিক্ষা ধাৰাবাহিক প্রক্রিয়া হােৱা উচিত ।

( ২ ) এই শিক্ষাই ছাত্ৰ – ছাত্ৰীক সমস্যা সমাধান কৰিব পৰা আৰু সমালােচনামূলক চিন্তন ক্ষমতা বিকাশ সাধন কৰিব লাগিব । 

( ৩ ) পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ জটিলতাৰ ওপৰত এনে শিক্ষাই গুৰুত্ব দিব লাগিব । 

( ৪ ) পৱিত্ৰতাপূর্ণ ৰীতি ( Holistic Approach ) গ্ৰহণ কৰা উচিত । 

( ৫ ) বিকাশ আৰু প্ৰগতিৰ বাবে পৰিকল্পনা কৰাৰ সময়ত পাৰিপার্শ্বিক শিক্ষাই পৰিবেশৰ দিশসমূহ গভীৰভাৱে বিবেচনা কৰা উচিত । 

প্রশ্ন ৯. জনসংখ্যা শিক্ষাৰ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ জনসংখ্যা শিক্ষা আৰু পৰিয়াল পৰিকল্পনা একে নহয় । জনসংখ্যা শিক্ষা কি বুলিলে চমুকৈ ক’ব পাৰি যে ই এক শৈক্ষিক কার্যসূচী যাৰ দ্বাৰা পৰিয়ালৰ গঠন , সৰু পৰিয়াল আৰু ডাঙৰ পৰিয়ালৰ সুবিধা – অসুবিধাবােৰ পৰিয়ালৰ আৰু সামগ্রিকভাৱে জাতিটোৰ জীৱন ধাৰণৰ মান কেনেকৈ উন্নত হ’ব , আর্থিক উন্নতি কেনেকৈ সম্ভৱ হ’ব এই সকলােবােৰ কথা বুজাত উঠি অহা চামক সহায় কৰিব পাৰি ।

১৯৭০চনত প্রকাশিত UNESCO- ৰ এক মুখপত্র মতে পৰিয়াল , সমাজ , ৰাষ্ট্র বা বিশ্বৰ জনসংখ্যা সম্বন্ধে অধ্যয়ন কৰি জনসংখ্যা বৃদ্ধিৰ বাবে সৃষ্টি হােৱা সমস্যাৰ প্রতি ছাত্র – ছাত্রীৰ সচেতনতা আৰু দায়িত্বৰ বিকাশ ঘটোৱাৰ বাবে প্রস্তুত কৰা এক শিক্ষা সূচীয়েই জনসংখ্যা শিক্ষা । 

বিশেষজ্ঞ গােপাল ৰাওৰ মতে জনসংখ্যা শিক্ষা জনসংখ্যাৰ পৰিস্থিতি অধ্যয়নৰ বাবে এক শিক্ষা আঁচনি আৰু এই আঁচনিৰ উদ্দেশ্য হ’ল জনসংখ্যাৰ দ্রুত বৃদ্ধিৰ ফলত উদ্ভৱ হােৱা সমস্যাৰ ক্ষেত্ৰত ছাত্র – ছাত্রীয়ে যুক্তিসংগত সিদ্ধান্ত ল’ব পৰা ক্ষমতাৰ বিকাশ ঘটোৱা । 

জনসংখ্যা শিক্ষা এক শৈক্ষিক কাৰ্যসূচী যি পৰিৱেশৰ গুণাগুণ আৰু জনসংখ্যা বৃদ্ধি সামাজিক আৰু ৰাজনৈতিক তাৎপর্য কি তাক জনাত ছাত্র – ছাত্ৰীক সহায় কৰে । 

প্রশ্ন ১০. জনসংখ্যা শিক্ষাৰ প্রয়ােজনীয়তা আৰু গুৰুত্বৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ জনসংখ্যা শিক্ষাৰ প্রয়ােজনীয়তা সম্পর্কে নিম্নলিখিত দিশসমূহ বিশেষ ভাৱে দৃষ্টি নিক্ষেপ কৰিব পাৰি– 

১। সামগ্রিক ধাৰণাৰ প্রয়ােজন :- বর্তমান সমাজৰ লােকসকলৰ মনত শুদ্ধ আৰু সঠিক ধাৰণাৰ অভাৱ দেখা যায় । কোনাে কোনাে লােকে এই শিক্ষাৰ সংকীর্ণ অর্থত পৰিয়াল পৰিকল্পনা আঁচনি , পাৰিবাৰিক জীৱনৰ শিক্ষা বা যৌন শিক্ষা স্বৰূপেহে গৌণ কৰে । এনে ধাৰণাই জনসংখ্যা শিক্ষাৰ প্রাধান্য অনুভৱ কৰি উঠাত জনসাধাৰণক সহায় কৰিব নােৱাৰে । সেই হেতুকে এই শিক্ষা সম্বন্ধে সম্যক আৰু সামগ্রিক ধাৰণা এটা গঢ়ি উঠা প্রয়ােজন । 

২। জীৱনৰ নিম্ন মানদণ্ড উন্নীতকৰণ :- জনসংখ্যা শিক্ষাই সমাজৰ সকলাে শ্রেণী লােকৰ জীৱন যাপনৰ মানদণ্ড উন্নত কৰি তুলিব পাৰে । সমাজত থকা উচ্চ নীচ আৰু ধনী দুখীয়াৰ মাজত থকা ব্যৱধান হ্রাস কৰি তুলিব পাৰে । দৰিদ্রতা , নিৰক্ষৰতা , অজ্ঞতা আৰু স্বাস্থ্যহীনতাই হৈছে জনসংখ্যা বিস্ফোৰণৰ প্ৰধান কাৰণ আৰু ইয়েই হৈছে পৰিণতি । এই শিক্ষাই দেশৰ আর্থ – সামাজিকভাৱে নিম্ন মানৰ লােকসকলক নিজৰ দুৰৱস্থাৰ কাৰণ বুজি উঠাত আৰু তাৰ প্ৰয়ােজনীয় প্রতিকাৰৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত নতুন দৃষ্টি দান কৰিব পাৰে । 

৩। সৰু পৰিয়ালৰ আদর্শ গ্রহণ :- আমাৰ দেশত চৰকাৰে গ্ৰহণ কৰি উঠা পৰিয়ালৰ পৰিকল্পনা কার্যকৰী হৈ উঠা নাই । তাৰ প্ৰধান কাৰণ হৈছে প্রাপ্তবয়স্ক লোকসকলক জন্ম নিয়ন্ত্ৰণৰ বাবে আকস্মিক আৰু প্ৰাসংগিকভাৱে দিয়া জন্ম নিয়ন্ত্ৰণৰ শিক্ষাই তেওঁলােকৰ মনত প্রয়ােজনীয় প্রভাৱ পেলাৰ আৰু মানসিক প্রস্তুতি আনি দিব নােৱাৰিলে । সেইবাবে সৰু পৰিয়াল সুখী পৰিয়ালৰ আদর্শ বাল্যকালৰে পৰা শিশু মনত গঢ়ি তােলাটো প্রয়ােজন । 

৪। পুৰণি মূল্যবােধৰ পৰিবর্তন সাধন :- মানুহৰ মনৰ ধর্মীয় আনুগত্য আৰু যান্ত্রিক গতানুগতিকতাৰ জীৱনযাপনে জনসংখ্যা শিক্ষা আৰু পৰিয়াল পৰিকল্পনা আঁচনি নির্থক কৰি তােলে । পুৰণি মূল্যবােধৰ জড়তা আৰু যান্ত্রিকতা গুচাই নতুন দৃষ্টিভংগী , মুল্যবােধ আৰু আচৰণ গঢ় দি তুলিবৰ বাবে পৰিৱেশ শিক্ষাৰ প্রয়ােজন ।

প্রশ্ন ১১. জনসংখ্যা শিক্ষাৰ বহল উদ্দেশ্যসমূহ উল্লেখ কৰা । 

উত্তৰঃ শিক্ষাবিদ আৰু চিন্তাবিদসকলে জনসংখ্যা শিক্ষাৰ কিছুমান গুৰুত্বপূর্ণ উদ্দেশ্য নির্ধাৰণ কৰিছে , সেইসমূহ হ’ল— 

( ১ ) পৰিয়ালৰ আকাৰ ব্যক্তিৰ যে ইচ্ছাধীন সেই কথা ছাত্রসমাজৰ মাজত ব্যক্ত কৰা । 

( ২ ) জাতীয় উন্নতি আৰু বিকাশৰ ভেটি যে সীমিত জনসংখ্যা সেই সম্পর্কে ছাত্রসমাজক জ্ঞান দিয়া । 

( ৩ ) জীৱন নির্বাহৰ মানদণ্ডৰ উন্নয়ন আৰু সীমিত জনসংখ্যাৰ মাজত থকা সম্পর্কৰ বিষয়ে উঠি অহা নাগৰিকসকলক অৱগত কৰৰোৱা । 

( ৪ ) আর্থিক দিশৰ পৰাও যে সৰু পৰিয়াল সমূহ স্বচ্ছল সেই সম্বন্ধে জ্ঞান দিয়া । 

( ৫ ) পবিয়ালৰ সকলােৰে সুস্বাস্থ্য ৰক্ষা কৰা কল্যাণমূলক কাম হাতত লােৱা , অর্থনৈতিক অৱস্থাৰ স্থায়িত্ব ব্যৱস্থা হাতত লােৱা আৰু আজিৰ ছাত্ৰ – ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমাৰ পৰিয়ালবােৰ যে সীমিত হ’ব লাগে সেই সম্পর্কে জ্ঞান দান কৰা । 

( ৬ ) জনসংখ্যাৰ লগত জড়িত বিভিন্ন সমস্যাৰ প্ৰতি উপযুক্ত মনােভঙ্গী আৰু অনুৰাগ বৃদ্ধি কৰা । 

প্রশ্ন ১২. বিদ্যালয়ত শাৰীৰিক শিক্ষা কিয় প্রয়ােজনীয় ? 

উত্তৰঃ এটি শিশুৰ শাৰীৰিক , মানসিক , সামাজিক , আৱেগিক আৰু আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰত শাৰীৰিক শিক্ষাই বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে । বর্তমান সময়ত বহুসংখ্যক লােকে মানসিক পীড়া , কষ্ট আদিত ভােগা দেখা যায় । এনে পীড়াই ‘ মানসিক অৱসাদৰ সৃষ্টি কৰে । মানসিক অবসাদত ভােগা ব্যক্তি এজনে সাধাৰণ জীৱন যাপন কৰাৰ ইচ্ছা হেৰুৱাই পেলায় । শাৰীৰিক শিক্ষাই এজন ব্যক্তিৰ শাৰীৰিক দক্ষতা বৃদ্ধি কৰাৰ লগতে মানসিক অৱসাদ দূৰ কৰাত সহায় কৰে । অৱসৰ সময় কটাবৰ বাবেও শাৰীৰিক শিক্ষাৰ অতি প্রয়ােজন । 

শাৰীৰিক শিক্ষাৰ প্ৰয়ােজনীয়তাৰ ক্ষেত্ৰত নিম্নলিখিত সংজ্ঞাসমূহে তাৰ স্বৰূপ বুজি উঠাত সহায় কৰে–

১। ৰচোৰ মতে– “শাৰীৰিক শিক্ষা , শৰীৰৰ এক সুস্থ সংগঠন যিয়ে মানুহৰ মনক সৰলতা আৰু নিশ্চয়তা প্রদান কৰে । ” 

২। মন্টেগ এভাৰছৰ মতে— “ শাৰীৰিক শিক্ষাই কেৱল আত্মা বা শৰীৰকেই গঢ়া নিদিয়ে , বৰঞ্চ সম্পূর্ণ ব্যক্তিজনকেই গঢ় দিয়ে । ” এনে আলােচনাৰ পৰা বুজা যায় যে শাৰীৰিক শিক্ষাৰ প্রয়ােজন আছে । 

প্রশ্ন ১৩. শাৰীৰিক শিক্ষাৰ উদ্দেশ্যসমূহ কি কি ? 

উত্তৰঃ শাৰীৰিক শিক্ষাৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল— 

( ১ ) শাৰীৰিক শিক্ষাৰ মাধ্যমেৰে শিশু তথা যুৱ সমাজক সুস্থ নাগৰিক হিচাপে গঢ়ি তুলি দেশৰ সমাজৰ প্ৰগতিৰ বাবে আত্মােৎসর্গ কৰাৰ মানসিকতা গঢ় দিব পাৰি । 

( ২ ) এই শিক্ষাৰ মাধ্যমেৰে অর্থপূর্ণ আঁচনি আৰু পৰিকল্পিত শাৰীৰিক কাৰ্যসূচী লৈ শিক্ষাৰ উদ্দেশ্যত উপনীত কৰা । 

( ৩ ) শাৰীৰিক শিক্ষাই জাতি এটাক সুস্থ সবল কৰি পৰিপূৰ্ণ কৰি তােলাত অৰিহণা যােগায় । 

( ৪ ) এই শিক্ষাৰ অন্য এক উদ্দেশ্য হ’ল কর্মস্থলীত পােৱা নিম্নতম সা – সুবিধাখিনিৰ সৎ ব্যৱহাৰ কৰি যুৱক – যুৱতীসকলক ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিব পৰা ক্ষমতা প্রদান কৰা ।

( ৫ ) শাৰীৰিক শিক্ষাৰ লক্ষ্য হ’ল মানৱ মনৰ পৰা অলসতা আঁতৰাই কর্ম তৎপৰতাৰ ধাৰণা সৃষ্টি কৰা , ইত্যাদি । 

প্রশ্ন ১৪. বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ কিদৰে প্রবর্তন কৰিব পাৰি ? 

উত্তৰঃ বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ ব্যৱস্থা কৰা বিভিন্ন উপায় বা ধৰণবােৰ তলত আলােচনা কৰা হ’ল–

( ১ ) শিক্ষানুষ্ঠানত ৰুটিনত এটা পিৰিয়ড শাৰীৰিক শিক্ষাৰ বাবে ৰাখিব লাগে । 

( ২ ) খেলা – ধূলা , সামগ্রী , খেলপথাৰ , ব্যায়ামশালা আদিৰ সুবিধা স্কুলত ছাত্র – ছাত্রীয়ে পােৱা উচিত । 

( ৩ ) শাৰীৰিক শিক্ষাৰ কাৰ্যসূচীত অংশগ্রহণ কৰাটো সকলাে ছাত্র – ছাত্রীৰ বাবে বাধ্যতামূলক হ’ব লাগে , এনে কার্যাৱলীত অংশগ্ৰহণ কৰাৰ বাবে ছাত্ৰ – ছাত্ৰীয়ে প্রয়ােজনীয় প্রশিক্ষণ পােৱা  উচিত । 

( ৪ ) শাৰীৰিক শিক্ষা কার্যাৱলীত ছাত্র – ছাত্রীয়ে অংশগ্রহণ কৰাৰ ৰেকৰ্ড ( Record ) ৰখাৰ ওপৰত গুৰুত্ব দিব লাগে । 

( ৫ ) শাৰীৰিক শিক্ষাৰ শিক্ষকসকলৰ প্ৰয়ােজনীয় অর্হতা থকা উচিত আৰু এনে শৈক্ষিক অৰ্হতা থকা আন বিষয়ৰ শিক্ষকসকলে লাভ কৰা সা – সুবিধা আৰু মর্যাদা শাৰীৰিক শিক্ষাৰ শিক্ষকসকলেও পাব লাগে । 

প্রশ্ন ১৫. বর্তমান সমাজত প্ৰমূল্য শিক্ষাৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ এজন ব্যক্তিৰ নৈতিক , আধ্যাত্মিক , সৌন্দর্যবােধক দিশসমূহ মূল্যবােধৰ শিক্ষাই বিকশাই তােলাত সহায় কৰে । মূল্যবােধৰ শিক্ষাৰ প্রয়ােজনীয়তা আৰু গুৰুত্ব নিম্নলিখিতভাৱে বর্ণনা কৰিব পাৰি ।

১। ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে । 

২। ছাত্র – ছাত্রীৰ চৰিত্ৰ গঠন আৰু নৈতিক বিকাশৰ দিশত এই শিক্ষাই সহায় কৰে । 

৩। শিশুক পৰিবেশৰ লগত খাপ খােৱাত সহায় কৰে । 

৪। সামাজিক দক্ষতা বৃদ্ধিত ই সহায়কাৰী । 

৫। জাতীয় সংহতি বিকাশত এই শিক্ষাই সহায় কৰে । 

৬। মূল্যবােধৰ শিক্ষা হ’ল ব্যক্তিৰ এনে এক অস্ত্র যাৰ সহায়ত তেওঁৰ অস্তিত্ব প্রতিপন্ন কৰিব পাৰে । মূল্যবােধেই হ’ল ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ মহামূল্যবান মুক্তাসদৃশ । 

প্রশ্ন ১৬. বিদ্যালয়ত প্রমূল্য শিক্ষা প্রবর্তনৰ বাবে আমি কি কি উপায় ল’ব পাৰো ? 

উত্তৰঃ বিদ্যালয়ত মূল্যবােধৰ শিক্ষা নিম্নলিখিত ধৰণে প্ৰদান কৰিব পাৰি–

১। পুৱাৰ সমাৱেশ :- ছাত্র – ছাত্রীৰ মনত মূল্যবােধৰ ধাৰণা দৃঢ়ভাৱে গঢ়ি তুলিবৰ বাবে বাণী আৰু বিভিন্ন ধর্মগ্রন্থৰ কিয়দংশ পঢ়ি ছাত্র – ছাত্রীক শুনিবলৈ সুযােগ দান কৰিব লাগে । 

২। পাঠ্যক্ৰমৰ সংস্কাৰ :- পাঠ্যক্ৰমত থকা বিষয়বােৰৰ প্রয়ােজনীয় সংস্কাৰ সাধন কৰি মূল্যবােধ শিক্ষাৰ উপযােগী কৰি যুগুত কৰিব লাগে । 

৩। পাঠ্যপুথিৰ সংস্কাৰ :- পুৰণি গতানুগতিক পাঠ্যপুস্তকসমূহৰ প্রয়ােজনীয় পৰিবর্ধন আৰু সংস্কাৰ মূল্যবােধ শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত আৱশ্যক । 

৪। বাধ্যতামূলক কৰণ :- মূল্যবােধৰ শিক্ষাক বাধ্যতামূলক হিচাপে সকলাে শিক্ষানুষ্ঠানে ৰাখিব লাগে । বিশ্বৰ প্রধান প্রধান ধর্ম যেনেঃ হিন্দু , ইছলাম , বৌদ্ধ , জৈন , খ্রীষ্ট , শিখ ইত্যাদিৰ মূলবাণী আৰু বক্তব্যখিনি ছাত্ৰ-ছাত্ৰীক শিক্ষকে অৱগত কৰাব লাগে ।

৫। গ্রন্থ প্রদর্শনী :- সময়ে সময়ে শিক্ষানুষ্ঠানসমূহে নৈতিক , আধ্যাত্মিক , সামাজিক , সাংস্কৃতিক , সৌন্দর্যবিষয়ক প্ৰমূল্যৰ বার্তা বহন কৰা বিভিন্ন গ্রন্থ প্রদর্শনী পাতিব পাৰে । এনেবােৰ গ্রন্থ অধ্যয়নে শিক্ষার্থীৰ মনত মূল্যবােধৰ ধাৰণাৰ সৃষ্টি কৰে ৷

৬। শিক্ষাদানৰ কৌশল :- মূল্যবােধৰ শিক্ষাত শিক্ষকৰ এক বিশিষ্ট ভূমিকা আছে । সেই ভূমিকা সার্থকভাৱে পালন কৰিবৰ বাবে শিক্ষকে বিভিন্ন বিষয়ৰ শিক্ষা দিওঁতে সেইবােৰৰ অন্তর্নিহিত মূল্যবােধ সম্পর্কে শিক্ষার্থীক সচেতন কৰিবলৈ সচেষ্ট থাকিব লাগিব । শিক্ষক নিজৰে আচৰণ , কথা বতৰা আৰু দৃষ্টিভংগী আদর্শনীয় হােৱা উচিত । 

৭। স্কাউট – গাইড , এন . এছ . এছ :- প্রতি শিক্ষানুষ্ঠানে মূল্যবােধৰ শিক্ষাদান কৰাৰ ক্ষেত্ৰত স্কাউট – গাইড , এন , এছ এছ ইত্যাদি সংগঠন কৰাৰ বিষয়ত অগ্রাধিকাৰ দিব লাগে । কাৰণ  এনেবােৰ সংগঠনৰ কাৰ্যসূচীত অংশগ্রহণ কৰিলে দলীয় আনুগত্য , নিস্বার্থ সেৱা , কর্মস্পৃহা , পৰােপকাৰ জাতীয় চেতনা আদি বৃদ্ধি পায় ।

প্রশ্ন ১৭. মহিলা সবলীকৰণৰ উদ্দেশ্যসমূহ উল্লেখ কৰা । 

উত্তৰঃ মহিলা সবলীকৰণৰ প্রধান উদ্দেশ্যসমূহ হ’ল–

১। লিংগ বৈষম্য ভাব গুচোৱা :- মহিলা সবলীকৰণৰ অপৰিহাৰ্য উদ্দেশ্য হৈছে পুৰুষ আৰু মহিলাৰ মাজত থকা বৈষম্যৰ ভাব নােহােৱা কৰি তােলা । মানুহৰ মনত এই বৈষম্য ভাব থকালৈকে দেশৰ সামাজিকৰণ আৰু সামাজিক বিকাশ সাধন সম্ভৱ হৈ উঠিব নােৱাৰে । 

২। সমমর্যাদা পদান :- জাতি – উপজাতি , ধর্ম , লিংগ নির্বিশেষে সকলাে লােককে সমমর্যাদা  প্রদান কৰাটো গণতন্ত্রৰ অপৰিহাৰ্য চৰ্ত বিশেষ । ই এটা মানৱীয় অনুভূতি যাৰ মানুহৰ মনত বিকশাই তুলিব লাগে । মহিলাৰ আর্থ – সামাজিক দিশত সবলীকৰণে প্রকৃতপক্ষে এনে অনুভূতিৰেই শিক্ষা বিকাশ কৰি তােলে । 

৩। জনসংখ্যা শিক্ষা :- উপযুক্তভাৱে পিতৃত্ব আৰু মাতৃত্ব লাভ কৰিবৰ বাবে জনসংখ্যা শিক্ষানীতি পদ্ধতিবােৰ জনাটো প্রয়ােজন । মাতৃয়ে জন্ম দিয়াটো নিজ পচন্দ আৰু পৰিকল্পিত ক্রিয়া হ’ব লাগে । ই এক আকস্মিকবিধৰ দুর্ঘটনা বা দুর্বলতা স্বৰূপ হ’ব নালাগে । মহিলাৰ সবলীকৰণে যেয়েহে তেওঁলােকক এই ক্ষেত্ৰত সিদ্ধান্ত গ্রহণৰ বাবে প্রয়ােজনীয় বিজ্ঞতা আৰু স্বাধীনতা প্রদান কৰিব পাৰে । 

৪। ৰাজনৈতিক ক্ষমতা প্রদান :- গণতান্ত্রিক আদৰ্শৰ ভিত্তিত মহিলাসকলক তেওঁলােকৰ ৰাজনৈতিক ক্ষমতা প্রয়ােগৰ সুবিধা দিব লাগে । ৰাষ্ট্ৰৰ বিভিন্ন প্রশাসনীয় দিশত তেওঁলােকক দিয়া ক্ষমতা আৰু অধিকাৰেহে মন সবল আৰু শক্তিশালী কৰি তুলিব পাৰে আৰু নিজ যােগ্যতা প্রদর্শনৰ সুবিধা লাভ কৰিব পাৰে । 

৫। শিক্ষাৰ সমান সুবিধা দান :- শিক্ষা হৈছে মানুহৰ এক মৌলিক অধিকাৰ , যাৰ পৰা মহিলাসকলক বঞ্চিত কৰা অনুচিত । তেওঁলােকৰ সবলীকৰণৰ বাবে শিক্ষা হৈছে অপৰিহাৰ্য চর্ত বিশেষ । শিক্ষাৰ ক্ষেত্ৰত ছােৱালীৰ প্রতি বৈষম্যভাব আৰু হেয় প্রতিপন্ন কৰা মনােভাব গুচোৱাটো এক প্রধান উদ্দেশ্য । 

প্রশ্ন ১৮. মহিলা সবলীকৰণত বিদ্যালয় শিক্ষাৰ ভূমিকাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ মহিলা সবলীকৰণ কৰি তুলিব পৰা এক শক্তিশালী উপায় বা মাধ্যম হৈছে শিক্ষা । শিক্ষাইহে মহিলাসকলৰ ব্যক্তিসত্তা বিকশাই তুলি দেহ মানসিকভাৱে সক্ষম কৰি তুলিব পাৰে । এই ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাসমূহ হ’ল–

১।প্ৰতিগৰাকী ছােৱালীয়েই যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব । 

২। মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আঁতৰােৱাৰ বাবে চেষ্টা কৰিব লাগিব । 

৩। ছাত্রীসকলৰ আগ্রহ , অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব । 

৪। লিংগবিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্রাকস্নাতক পর্যায়ৰ পৰা অন্তর্ভুক্ত কৰিব লাগিব । 

৫। মহিলাসকলক তেওঁলােকৰ জ্ঞাত পছন্দৰ ক্ষেত্রসমূহ যেনে – শিক্ষা , স্বাস্থ্য নিয়ােগ সম্পর্কে জানিবলৈ যােগ্যবান কৰি তুলিব লাগিব । 

৬। মহিলাসকলৰ বাবে প্রস্তুত কৰা অধিকাৰ আৰু আইন সম্পর্কীয় সাধাৰণ জ্ঞান ছাত্র ছাত্রীসকলক প্রদান কৰিব লাগিব । 

৭। পাঠ্যক্ৰমত মূল্যবােধৰ শিক্ষা অন্তর্ভুক্ত কৰিব লাগিব । এই বিষয় অন্তর্ভুক্তিকৰণে আত্মবিশ্বাস গঢ়ি উঠাত সহায় কৰে । 

প্রশ্ন ১৯. ভাৰতীয় সমাজত মহিলাৰ মর্যাদা সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ চিন্তাবিদসকলৰ মত অনুসৰি কোৱা হয় যে সমাজত থকা মহিলাৰ স্থিতিয়ে সমাজখনৰ স্থিতিক প্রতিফলিত কৰে । এখন সমাজত থকা পুৰুষ আৰু মহিলাৰ স্থিতিৰ মাজত বিভাজন অনা নহয় । মনু স্মৃতিত কোৱা হয় যে – “ যেতিয়া ছােৱালী শিশু হৈ থাকে তাই দেউতাকৰ অধীনত , বিয়াৰ পিছত গিৰীয়েকৰ অধীনত আৰু বৃদ্ধ কালছােৱাত পুত্ৰৰ অধীনত , নিৰাপত্তা পাব । ” শিক্ষাই পুৰুষ প্রধান সমাজত প্রচলিত চিন্তাধাৰাবােৰৰ পৰা হাত সাৰি থাকিবলৈ আৰু সমাজত নিজৰ স্থিতি উন্নতি কৰিবলৈ বিশেষ প্রভাৱ পেলায় । 

বৈদিক যুগত নাৰী – পুৰুষ উভয়ে শিক্ষা গ্রহণ কৰা পৰিৱর্তে মুছলমানসকলৰ ৰাজত্বকালত নাৰী শিক্ষাৰ অধিক অৱনতি হৈছিল । এনে অৱনতিয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ আগমনৰ সময়ত চূড়ান্ত ৰূপ লয় । সমাজ সংস্কাৰকসকলৰ আৰু খ্রীষ্টিয়ান মিছাৰীসকলৰ সহায়ত স্বাধীনতাৰ সময়লৈ নাৰী শিক্ষাৰ বিকাশ সম্ভৱ হৈছিল । 

স্বাধীনতাৰ পাছত ভাৰতীয় সংবিধানত নাৰী শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় । ১৯৫৮-৫৯ চনত ৰাষ্ট্ৰীয় শিক্ষা কমিটি , ১৯৭৪ চনত মহিলাৰ স্থিতি সম্পৰ্কীয় কমিটি আৰু ১৯৮৮ চনত নাৰীৰ বাবে প্রস্তুত কৰা আঁচনিত মহিলাৰ স্থিতি আৰু শিক্ষাত গুৰুত্ব দিয়া হয় । ১৯৮৬ চনৰ ভাৰতৰ নতুন শিক্ষানীতি আৰু ১৯৯২ চনৰ পৰিবর্ধিত শিক্ষা আঁচনিয়ে মহিলা সবলীকৰণৰ জাতীয় উন্নয়নৰ প্ৰধান কাৰ্যসূচী স্বৰূপে নিৰূপণ কৰে । 

প্রশ্ন ২০. মহিলাৰ সবলীকৰণৰ বাবে এখন বিদ্যালয়ে ল’ব পৰা কেইটামান সাধাৰণ উপায় ব্যাখ্যা কৰা । 

উত্তৰঃ মহিলা সবলীকৰণ কৰি তুলিব পৰা এক শক্তিশালী উপায় বা মাধ্যম হৈছে শিক্ষা । শিক্ষাইহে মহিলাসকলৰ ব্যক্তিসত্তা বিকশাই তুলি দেহ মানসিকভাৱে সক্ষম কৰি তুলিব পাৰে । এই ক্ষেত্ৰত লবলগীয়া ব্যৱস্থাসমূহ হ’ল–

১। প্ৰতিগৰাকী ছােৱালীয়েই যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব । 

২। মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ’হাৰ আঁতৰােৱাৰ বাবে চেষ্টা কৰিব লাগিব । 

৩। ছাত্রীসকলৰ আগ্রহ , অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব । 

৪। লিংগবিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্রাকস্নাতক পর্যায়ৰ পৰা অন্তর্ভুক্ত কৰিব লাগিব । 

৫। মহিলাসকলক তেওঁলােকৰ জ্ঞাত পছন্দৰ ক্ষেত্রসমূহ যেনে – শিক্ষা , স্বাস্থ্য নিয়ােগ সম্পর্কে জানিবলৈ যােগ্যবান কৰি তুলিব লাগিব । 

৬। মহিলাসকলৰ বাবে প্রস্তুত কৰা অধিকাৰ আৰু আইন সম্পর্কীয় সাধাৰণ জ্ঞান ছাত্র ছাত্রীসকলক প্ৰদান কৰিব লাগিব । 

৭। পাঠ্যক্ৰমত মূল্যবােধৰ শিক্ষা অন্তর্ভুক্ত কৰিব লাগিব । এই বিষয় অন্তর্ভুক্তিকৰণে আত্মবিশ্বাস গঢ়ি উঠাত সহায় কৰে । 

প্রশ্ন ২১. জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্যসমূহ হ’ল– 

( ক ) জনসংখ্যা শিক্ষা মানৱ সম্পদ আঁচনিৰ অন্তর্ভুক্ত । 

( খ ) এই শিক্ষাই দেশৰ গুণগত আৰু সংখ্যাগত মানদণ্ড বিকাশৰ ক্ষেত্ৰত অৰিহণা যােগায় । 

( গ ) এই শিক্ষাক পৰিৱেশ শিক্ষাৰ অংশবিশেষ ৰূপেও বিবেচনা কৰিব পাৰি । 

( ঘ ) এই শিক্ষাৰ পৰিসৰ যৌন শিক্ষাৰ পৰিসৰতকৈ যথেষ্ট বহল । 

( ঙ ) এই শিক্ষাই জন সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে । 

( চ ) জনসংখ্যা শিক্ষাৰ আন এটা দিশ হ’ল — মূল্যবােধৰ বিকাশ সাধন । এই শিক্ষাই ছাত্র ছাত্ৰীৰ দায়বদ্ধতা , জ্ঞান , সজাগতা , সচেতনতা আদি গুণ বৃদ্ধি কৰে । 

( ছ ) জনসংখ্যা শিক্ষাই জনসংখ্যা সমস্যাৰ উপৰি অন্যান্য ধৰণৰ সমস্যা সমাধান প্রয়ােজনীয় জ্ঞান প্রদান কৰে । 

প্রশ্ন ২২. এন চি ই আৰ টিৰ দ্বাৰা নির্দিষ্ট কৰা জনসংখ্যা শিক্ষাৰ ক্ষেত্রসমূহ আলােচনা কৰা । 

উত্তৰঃ ১৯৯৩ আৰু ১৯৯৪ চনৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সিদ্ধান্ত অনুসৰি NCERT য়ে জনসংখ্যা শিক্ষাৰ এক নতুন ধাৰণা প্রণয়ন কৰে । এই নতুন ধাৰণাৰ ভিত্তিত প্রস্তুত কৰা জনসংখ্যা শিক্ষাৰ পাঠ্যক্রম নিন্মােক্ত ছটা ক্ষেত্ৰত বিষয় – বস্তুৰে গঠিত । 

( ক ) পাৰিবাৰীক জীৱন :- পৰিয়ালৰ গঠন আৰু ভূমিকা , মৌলিক প্রয়ােজনসমূহ , অধিকাৰ আৰু দায়িত্ব , দায়িত্বশীল পিতৃত্ব আৰু মাতৃত্ব , ছােৱালী সন্তান বা মহিলা তেওঁলােকৰ মুখ্য স্থান । 

( খ ) লৈংগিক সমতা আৰু সমভাৱ :- মহিলাৰ বাবে শিক্ষা , স্বাস্থ্যৰ যত্ন আৰু নিয়ােগ সুবিধা , প্রজননৰ অধিকাৰ আৰু প্রজনন স্বাস্থ্য , পুৰুষৰ দায়িত্বসমূহ ।

( গ ) কিশােৰ অৱস্থা আৰু প্রজনন স্বাস্থ্য :- কিশােৰ – কিশােৰীসকলৰ সৰ্বাংগীন বিকাশ , প্রজনন , স্বাস্থ্য আৰু অধিকাৰ , HIV / AIDS , ড্ৰাগছ , সেৱন । 

( ঘ ) স্বাস্থ্য আৰু শিক্ষা :- স্বাস্থ্য , পুষ্টি আৰু জনসংখ্যা , শিশু আৰু মাতৃৰ স্বাস্থ্য , নিৰাপদ মাতৃত্ব , সাক্ষৰতা আৰু মহিলাৰ সাক্ষৰতা । 

( ঙ ) দীর্ঘকালীন বিকাশ :- জনসংখ্যা স্থিতি , আর্থিক বিকাশ , সম্পদৰ বিকাশ , পৰিবেশ আৰু বিকাশ আদি । 

( চ ) চহৰীকৰণ আৰু প্ৰব্ৰজন :- জনসংখ্যা বিতৰণ , চহৰীকৰণ , দেশৰ ভিতৰত প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন । 

প্রশ্ন ২৩. মহিলা সৱলীকৰণ বুলিলে কি বুজা ? মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা আলােচনা কৰা ।

উত্তৰঃ মহিলাসকলে সমাজৰ আর্থ – সামাজিক আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যােগােৱা দেখা যায় । যদিও আমাৰ দেশত নাৰীয়ে জনসাধাৰণৰ আধা অংশই বহন কৰিছে আৰু ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্রদান কৰিছে , সমাজত প্রচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায় । এই ধাৰণাবােৰৰ প্রত্যাহ্বান জনােৱাৰ বাবে বা পৰিৱৰ্তন আনিবৰ বাবে মহিলাৰ সামর্থ্য বঢ়োৱা প্রক্রিয়াকে মহিলাৰ সৱলীকৰণ বুলি ক’ব পাৰি । মহিলা সৱলীকৰণে নাৰীক সিদ্ধান্ত গ্রহণ কৰাৰ উপৰি আত্মবিশ্বাসী হােৱাত আৰু যিকোনাে পৰিস্থিতিৰ লগত সমযােজন কৰাত সহায় কৰে । 

মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা তলত আলােচনা কৰা হ’ল–

১।প্ৰতিগৰাকী ছােৱালীয়েই যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব । 

২। মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আঁতৰােৱাৰ বাবে চেষ্টা কৰিব লাগিব । 

৩। ছাত্রীসকলৰ আগ্রহ , অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব । 

৪। লিংগবিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্রাকস্নাতক পর্যায়ৰ পৰা অন্তর্ভুক্ত কৰিব লাগিব । 

৫। মহিলাসকলক তেওঁলােকৰ জ্ঞাত পছন্দৰ ক্ষেত্রসমূহ যেনে – শিক্ষা , স্বাস্থ্য নিয়ােগ সম্পর্কে জানিবলৈ যােগ্যবান কৰি তুলিব লাগিব । 

৬। মহিলাসকলৰ বাবে প্রস্তুত কৰা অধিকাৰ আৰু আইন সম্পর্কীয় সাধাৰণ জ্ঞান ছাত্র ছাত্রীসকলক প্রদান কৰিব লাগিব । 

৭। পাঠ্যক্ৰমত মূল্যবােধৰ শিক্ষা অন্তর্ভুক্ত কৰিব লাগিব । এই বিষয় অন্তর্ভুক্তিকৰণে আত্মবিশ্বাস গঢ়ি উঠাত সহায় কৰে । 

প্রশ্ন ২৪. পৰিৱেশ শিক্ষাৰ পৰিসৰ সম্পর্কে আলােচনা কৰা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

1 thought on “Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top