Class 11 Swadesh Adhyayan Important Chapter 7 বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য

Class 11 Swadesh Adhyayan Important Chapter 7 বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Swadesh Adhyayan Important Chapter 7 বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য Solutions in Assamese and select need one. Class 11 Swadesh Adhyayan Additional Solutions Assamese Medium Download PDF. HS 1st Year Swadesh Adhyayan Important Question Answer in Assamese.

Class 11 Swadesh Adhyayan Important Chapter 7 বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Swadesh Adhyayan Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Swadesh Adhyayan Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 7

দ্বিতীয় ভাগঃ বুৰঞ্জী
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ।

১। নালন্দা বিশ্ববিদ্যালয় কিহৰ বাবে প্ৰসিদ্ধ আছিল?

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয় উচ্চ শিক্ষা আৰু বৌদ্ধিক ঐতিহ্যৰ বাবে প্ৰসিদ্ধ আছিল।

২। নালন্দা বিশ্ববিদ্যালয়ত কোনসকল ছাত্ৰ-ছাত্ৰী পঢ়িছিল?

উত্তৰঃ দেশ-বিদেশৰ বহু ছাত্ৰ-ছাত্ৰী নালন্দা বিশ্ববিদ্যালয়ত পঢ়িছিল।

৩। ইতিহাসত নালন্দা বিশ্ববিদ্যালয়ক কেনেকৈ গণ্য কৰা হয়?

উত্তৰঃ ইতিহাসত ইয়াক শিক্ষা-দীক্ষাৰ এক ঐতিহাসিক কেন্দ্ৰ হিচাপে গণ্য কৰা হয়।

৪। তক্ষশিলা আৰু বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ সৈতে কোনটো বিশ্ববিদ্যালয় তুলনীয়?

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়।

৫। ভাগৱত গীতা ক’ত উপদেশ হিচাপে দিয়া হৈছিল?

উত্তৰঃ কৌৰৱ-পাণ্ডৱৰ যুদ্ধ ক্ষেত্ৰত।

৬। ভাগৱত গীতাৰ মূল উপদেশদাতা কোন আছিল?

উত্তৰঃ শ্ৰীকৃষ্ণ।

৭। ভাগৱত গীতাত কি কি বিষয়ৰ বিষয়ে আলোচনা কৰা হৈছে?

উত্তৰঃ কৰ্ম, জ্ঞান, ধৰ্ম, আত্মা আৰু মোক্ষৰ বিষয়ে।

৮। গীতাৰ দৰ্শনে ভাৰতীয় সমাজক কেনেকৈ প্ৰভাৱিত কৰিছে?

উত্তৰঃ ই সমাজক আধ্যাত্মিক আৰু নৈতিক মূল্যবোধৰ সৈতে সংযুক্ত কৰি ৰাখিছে।

৯। শংকৰদেৱ কোন আছিল?

উত্তৰঃ শংকৰদেৱ আছিল অসমৰ এজন বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক মহান ব্যক্তিত্ব।

১০। শংকৰদেৱে কোন ধৰ্মৰ প্ৰচাৰ কৰিছিল?

উত্তৰঃ বৈষ্ণৱ ধৰ্ম।

১১। শংকৰদেৱে কি কি সাংস্কৃতিক উপায়েৰে ধৰ্মীয় শিক্ষা বিস্তাৰ কৰিছিল?

উত্তৰঃ নামঘৰ, ভাওনা, নাট, গীত আদি মাধ্যমৰ জৰিয়তে।

১২। শংকৰদেৱৰ আন্দোলনে অসমীয়াৰ মাজত কি জগাই তুলিছিল?

উত্তৰঃ জাতীয় চেতনা।

১৩। সংস্কৃতি বুলিলে কি বুজোৱা হয়?

উত্তৰঃ সংস্কৃতি মানে হৈছে মানুহৰ চিন্তা-চেতনা আৰু জীৱন শৈলীৰ প্ৰতিফলন।

১৪। ভাৰতীয় সংস্কৃতি কোন কোন দিশৰ সংমিশ্ৰণে গঠিত?

উত্তৰঃ নাটক, সংগীত, নৃত্য, চিত্ৰকলা, স্থাপত্য, সাহিত্য আদিৰ সৈতে।

১৫। বৈষ্ণৱ ধৰ্মে অসমীয়া সমাজত কি পৰিবৰ্তন আনিছিল?

উত্তৰঃ জাতিভেদ, কু-প্ৰথা আৰু অস্পৃশ্যতা ত্যাগ কৰি সমতা, ভাতৃত্ব আৰু ধৰ্মীয় একতা স্থাপন কৰিছিল।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top