Class 11 Swadesh Adhyayan Important Chapter 8 বস্তুগত ঐতিহ্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Swadesh Adhyayan Important Chapter 8 বস্তুগত ঐতিহ্য Solutions in Assamese and select need one. Class 11 Swadesh Adhyayan Additional Solutions Assamese Medium Download PDF. HS 1st Year Swadesh Adhyayan Important Question Answer in Assamese.
Class 11 Swadesh Adhyayan Important Chapter 8 বস্তুগত ঐতিহ্য
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Swadesh Adhyayan Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Swadesh Adhyayan Important Solutions in Assamese for All Chapters, You can practice these here.
বস্তুগত ঐতিহ্য
Chapter: 8
| দ্বিতীয় ভাগঃ বুৰঞ্জী |
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। বস্তুগত ঐতিহ্য বুলিলে কি বুজোৱা হয়?
উত্তৰঃ বস্তুগত ঐতিহ্য বুলিলে সেইবোৰ স্থায়ী আৰু দৃশ্যমান সম্পদক বুজোৱা হয় যিবোৰ সমাজৰ ইতিহাস, সংস্কৃতি, ধৰ্ম আৰু জ্ঞানৰ সাক্ষ্য বহন কৰে।
২। বস্তুগত ঐতিহ্যৰ উদাহৰণ হিচাপে কি কি ধৰণৰ নিৰ্মাণ অন্তর্ভুক্ত হয়?
উত্তৰঃ মন্দিৰ, মছজিদ, গীৰ্জা, বিহাৰ, গড়, ৰাজপ্ৰাসাদ, চিহ্ন-পাথৰ, মঠ, শিৱালয়, ইত্যাদি।
৩। অসমৰ বস্তুগত ঐতিহ্যৰ বৈশিষ্ট্য কি?
উত্তৰঃ ই খুবেই বিস্তৃত আৰু বৈচিত্ৰ্যপূৰ্ণ।
৪। গড় বুলিলে কি বুজোৱা হয়?
উত্তৰঃ গড় বুলিলে প্ৰাচীন সামৰিক কেল্লাৰ ধৰণৰ নিৰ্মাণ বুজোৱা হয়।
৫। গড়সমূহৰ মূল উদ্দেশ্য কি আছিল?
উত্তৰঃ আক্রমণৰ সময়ত ৰাজনৈতিক আৰু সামৰিক ৰক্ষা-কৌশল ৰূপে ব্যৱহাৰ।
৬। মাদনকম আৰু হায়গ্ৰীব-মাধৱ মন্দিৰ কেনেকুৱা ঐতিহ্যৰ প্ৰতীক?
উত্তৰঃ এইবোৰ ধৰ্মীয় আৰু স্থাপত্যিক দৃষ্টিৰে গুৰুত্বপূৰ্ণ ঐতিহ্যৰ প্ৰতীক।
৭। হাজোৰ শ্বহিদ দৰগাহ আৰু পোৱামাক্কা মছজিদ কেনেকুৱা স্থান?
উত্তৰঃ এইবোৰ অসমৰ ধৰ্মীয় বস্তুগত ঐতিহ্যৰ অংশ।
৮। অসমৰ কিছুমান মন্দিৰৰ স্থাপত্য শৈলীৰ সৈতে কোন শৈলীৰ সাদৃশ্য দেখা যায়?
উত্তৰঃ দক্ষিণ ভাৰতৰ দ্ৰাভিড়ী শৈলীৰ সৈতে।
৯। স্তুগত ঐতিহ্যৰ সংৰক্ষণ কিয় প্ৰয়োজনীয়?
উত্তৰঃ কিয়নো এইবোৰ অতীতৰ গৌৰৱৰ প্ৰতীক আৰু নতুন প্ৰজন্মৰ বাবে শিক্ষা আৰু পৰিচয়ৰ আধাৰ।
১০। চিলোঙনি গড়, টঙলা গড়, ৰাজাগাঁও গড় আদি কেনেকুৱা ইতিহাস প্ৰতিফলিত কৰে?
উত্তৰঃ এইবোৰ অসমৰ সামৰিক আৰু ৰাজনৈতিক ইতিহাস প্ৰতিফলিত কৰে।
শুদ্ধ নে অশুদ্ধ লিখা।
১। অসমত থকা বর্তমানৰ ভাস্কৰ্যৰ অৱশেষৰ অধিকাংশই প্ৰাচীন যুগৰ বুলি ক’ব পাৰি।
উত্তৰঃ অশুদ্ধ।
২। মহাভৈৰৱ মন্দিৰটো তেজপুৰ নগৰৰ উত্তৰ সীমাত অৱস্থিত।
উত্তৰঃ শুদ্ধ।
৩। জয়সাগৰ পুখুৰীৰ পশ্চিম পাৰে ঘনশ্যাম দ’ল অৱস্থিত।
উত্তৰঃ শুদ্ধ।
৪। ১৪৫৭ খ্রীঃত ৰজা মেঘনাৰায়ণ ওৰফে নিৰ্ভৰ নাৰায়ণে মাইবঙত ৰাজধানী পাতিছিল বুলি জনশ্রুতি আছে।
উত্তৰঃ অশুদ্ধ।
৫। জয়দ’লক কেশৱৰায় বিষুষ্ণদ’ল নামেৰেও জনা যায়।
উত্তৰঃ শুদ্ধ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



