SEBA Class 10 Science Important Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

SEBA Class 10 Science Important Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.

SEBA Class 10 Science Important Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 1

IMPORTANT QUESTION AND ANSWER

১। বায়ুত মেগনেছিয়ামৰ ফিতা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদার্থবিধ কি? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা।

উত্তৰঃ মেগনেছিয়াম অক্সাইড (MgO)।

2Mg + O₂  – 2MgO

২। সংযোজন বিক্রিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ এটাই মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন কৰে, তাক সংযোজন বিক্রিয়া বোলে।

৩। এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ C + O₂ – CO₂

৪। কেলছিয়াম অক্সাইডে তীব্রভাৱে পানীৰ লগত বিক্ৰিয়া কৰি শিথিলিত চূণ (কেলছিয়াম হাইড্ৰ’ক্সাইড) উৎপন্ন কৰে। বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা।

উত্তৰঃ CaO + H₃O – Ca(OH)₂ + তাপ।

বিক্ৰিয়াৰ প্ৰকাৰ: সংযোজন।

৫। বিযোজন বিক্রিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্র বিক্রিয়ক পদার্থ ভাঙি গৈ দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয়, তাক বিযোজন বিক্রিয়া বোলে।

৬। এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ CaCO₃ – CaO + CO₂

৭। পানীৰ বিদ্যুৎ-বিশ্লেষণৰ ফলত কি উৎপন্ন হয়?

উত্তৰঃ হাইড্ৰ’জেন আৰু অক্সিজেন।

৮। তাপীয় বিযোজন বিক্রিয়া কি?

উত্তৰঃ তাপৰ প্ৰভাৱত কোনো বিক্রিয়ক পদার্থ দুটা বা ততোধিক বিক্রিয়াজাত পদাৰ্থলৈ ভাঙি গ’লে, তেনে বিক্রিয়াক তাপীয় বিযোজন বিক্রিয়া বোলে।

৯। অপসৰণ বিক্রিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্রিয়াত এটা বেছি সক্রিয় মৌলই আন এটা কম সক্রিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে, তাক অপসাৰণ বিক্রিয়া বোলে।

১০। এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ Fe + CuSO₄ – FeSO₄ + Cu

১১। দ্বিঅপসৰণ বিক্রিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্রিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটি বিক্রিয়াজাত পদার্থসমূহ উৎপন্ন হয়, তাক দ্বিঅপসৰণ বিক্রিয়া বোলে।

১২। এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ Na₂SO₄ + BaCl₂ – BaSO₄ + 2NaCl

১৩। জাৰণ বিক্রিয়া কি?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদার্থই অক্সিজেন লাভ কৰে বা হাইড্ৰ’জেন হেৰুৱায়, তাক জাৰণ বিক্রিয়া বোলে।

১৪। বিজাৰণ বিক্রিয়া কি?

উত্তৰঃ যি ৰাসায়নিক বিক্রিয়াত কোনো এটা পদার্থই হাইড্ৰ’জেন লাভ কৰে বা অক্সিজেন হেৰুৱায় তাক বিজাৰণ বিক্রিয়া বোলে।

১৫। জাৰণ-বিজাৰণ বা ৰেডক্স বিক্রিয়া কি?

উত্তৰঃ যি ৰাসায়নি বক্ৰিয়াত এটা পদাৰ্থ জাৰিত হওঁতে আনটো পদার্থ একে সময়তে বিজাৰিত হয়, তাক জাৰণ-বিজাৰণ বা ৰেডক্স বিক্রিয়া বোলে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top