SEBA Class 10 Science Important Chapter 2 এচিড, ক্ষাৰক আৰু লৱণ

SEBA Class 10 Science Important Chapter 2 এচিড, ক্ষাৰক আৰু লৱণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 2 এচিড, ক্ষাৰক আৰু লৱণ Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.

SEBA Class 10 Science Important Chapter 2 এচিড, ক্ষাৰক আৰু লৱণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 2

IMPORTANT QUESTION AND ANSWER

১। এচিড কি?

উত্তৰঃ যিবোৰ পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ H⁺ আয়ন মুক্ত কৰে, সেইবিলাকক এচিড বোলে।

২। তীব্র এচিড কি?

উত্তৰঃ যিবোৰ এচিডে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক পৰিমাণে H⁺⁻আয়ন মুক্ত কৰে, সেইবিলাকক তীব্র এচিড বোলে। যেনে – HCl, H₂SO₄, HNO₃ আদি।

৩। ‘মৃদু এচিড কি?

উত্তৰঃ যিবোৰ এচিডে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত নহয় আৰু কম পৰিমাণে H⁺ আয়ন মুক্ত কৰে, সেই বিলাকক মৃদু এচিড বোলে৷ যেনে– H₂CO₃, CH₃COOH আদি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ক্ষাৰক কাক বোলে?

উত্তৰঃ যিবিলাক পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ OH¯ আয়ন মুক্ত কৰে, সেইবিলাকক ক্ষাৰক বোলে।

৫। তীব্র ক্ষাকবোৰ কি?

উত্তৰঃ যিবিলাক ক্ষাৰকে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক পৰিমাণে OH⁻ মুক্ত কৰে, সেইবিলাকক তীব্র ক্ষাৰক বোলে। যেনে— NaOH, KOH আদি।

৬। মৃদু ক্ষাৰবোৰ কি?

উত্তৰঃ যিবিলাক ক্ষাৰকে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত নহয় আৰু কম পৰিমাণে OH¯ আয়ন মুক্ত কৰে, সেইবিলাকক মৃদু ক্ষাৰক বোলে। যেনে – Mg(OH)₂, Al(OH)₃ আদি।

৭। ক্ষাৰ বা এলকালি কি?

উত্তৰঃ পানীত দ্ৰৱণীয় ক্ষাৰকবোৰক ক্ষাৰ বা এলকালি বোলে। যেনে – NaOH, KOH আদি।

৮। সূচক কি?

উত্তৰঃ যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰৰ্কীয় মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰি এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণত সহায় কৰে, সিহঁতক অম্ল-ক্ষাৰক সূচক বা সূচক বোলে৷

৯। দুবিধ প্রাকৃতিক সূচকৰ উদাহৰণ দিয়া।

উত্তৰঃ দুবিধ প্রাকৃতিক সূচকৰ উদাহৰণ হ’ল- লিটমাছ আৰু হালধী।

১০। দুবিধ সাংশ্লেষিক সূচকৰ নাম লিখা।

উত্তৰঃ দুবিধ সাংশ্লেষিক সূচকৰ নাম হ’ল- মিথাইল অৰেঞ্জ আৰু ফিন’লফ্‌থেলিন।

১১। ঘ্রাণেন্দ্রিক সূচক কি?

উত্তৰঃ যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধ সলনি কৰি এচিড আৰু ক্ষাৰকক চিনাক্ত কৰাত সহায় কৰে, সেইবিলাকক ঘ্রাণেন্দ্ৰিক সূচক বোলে।

১২। ঘ্রাণেন্দ্ৰিক সূচকৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ ঘ্রাণেন্দ্ৰিক সূচকৰ তিনিটা উদাহৰণ হ’ল- পিয়াজ, লং আৰু ভেনিলা।

১৩। সার্বজনীন সূচক কি?

উত্তৰঃ সাৰ্বজনীন সূচক হ’ল বহুকেইটা সূচক এক মিশ্ৰণ, যিয়ে দ্ৰৱ এটাত হাইড্ৰ’জেন আয়নৰ ভিন ভিন গাঢ়তাত ভিন ভিন ৰং প্ৰদৰ্শন কৰে।

১৪। এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়?

উত্তৰঃ এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰ’জেন গেছ নিৰ্গত হয়।

১৫। এচিডে ধাতৱ কার্বনেট বা হাইড্ৰ’জেন কার্বনেটৰ সৈতে বিক্ৰিয়া কৰিলে কোনটো গেছ নির্গত হয়?

উত্তৰঃ এচিডে ধাতৱ কার্বনেট বা হাইড্ৰ’জেন কার্বনেটৰ সৈতে বিক্ৰিয়া কৰিলে কার্বন-ডাই-অক্সাইড গেছ নির্গত হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top