Class 10 Science Chapter 6 জীৱন প্ৰক্ৰিয়া

Class 10 Science Chapter 6 জীৱন প্ৰক্ৰিয়া, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science Chapter 6 জীৱন প্ৰক্ৰিয়া Question Answer can be of great value to excel in the examination.

Class 10 Science Chapter 6 জীৱন প্ৰক্ৰিয়া

Join Telegram channel

SEBA Class 10 General Science Chapter 6 জীৱন প্ৰক্ৰিয়া Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science Chapter 6 জীৱন প্ৰক্ৰিয়া provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱন প্ৰক্ৰিয়া

Chapter – 6

জীৱন বিজ্ঞান

অতিৰিক্ত প্ৰশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

1. জীৱৰ নিৰ্ণায়ক চৰিত্ৰ হিচাপে বিবেচনা কৰিবলৈ চকুৰে দেখা চলাচলেই কিয় যথেষ্ট নহয়?

উত্তৰঃ জীৱ এটা জীয়াই থকাৰ প্ৰমাণ হিচাপে যদিও আমি জীৱটোত দেখা চলাচলক গণ্য কৰো, তথাপি কিছুমান জীৱে এনে চকুৰে দেখা পোৱা চলাচল নেদেখুৱাৱও পাৰে। উদাহৰণ স্বৰূপে, দেখাত বৃদ্ধি হৈ নাথাকিলেও উদ্ভিদ এজোপা জীৱ আৰু তেনেদৰে কিছুমান প্রাণীয়ে কোনো চলাচল নেদেখুৱাকৈয়ে শ্বাস-প্রশ্বাস ল’ব পাৰে। সেয়ে খালী চকুৰে দেখা চলাচল জীৱৰ নিৰ্ণায়ক চৰিত্ৰ হ’ব নোৱাৰে।

2. জীৱন প্রক্রিয়া কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ যিবোৰ প্রক্রিয়াই একেলগে সংঘটিত হৈ জীৱ এটাৰ জীৱনটোক চলাই নিয়ে, সেই প্রক্রিয়াসমূহক জীৱন প্ৰক্ৰিয়া বোলে। 

3. পৰিপুষ্টি কাক বোলে?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ সহায়ত জীৱ এটাৰ শৰীৰৰ বাহিৰৰ পৰা শক্তিৰ উৎস এটা শৰীৰৰ ভিতৰলৈ স্থানান্তৰিত কৰা হয়; তাক পৰিপুষ্টি বোলে। 

4. শ্বসন কি?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰা হয় আৰু তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণত ব্যৱহাৰ কৰা হয় তাক শ্বসন বোলে। 

5. এককোষী জীৱৰ ক্ষেত্ৰত খাদ্যগ্রহণ, গেছৰ আদান-প্রদান বা বর্জনীয় পদাৰ্থৰ নিষ্কাশনৰ বাবে কিয় এক বিশেষ অংগৰ প্ৰয়োজন নহয়?

উত্তৰঃ এককোষী জীৱৰ ক্ষেত্ৰত জীৱটোৰ গোটেই পৃষ্ঠখন বাহ্যিক পৰিৱেশৰ লগত প্রত্যক্ষ সংস্পৰ্শত থাকে। সেয়েহে এনে জীৱৰ ক্ষেত্ৰত, খাদ্য গ্ৰহণ, গেছৰ আদান-প্রদান বা বৰ্জনীয় পদাৰ্থৰ নিষ্কাশনৰ বাবে এক বিশেষ অংগৰ প্ৰয়োজন নহয় । 

6. বহুকোষী জীৱৰ ক্ষেত্ৰত, খাদ্য গ্রহণ, গেছৰ আদান-প্রদান বা বর্জনীয় পদাৰ্থৰ নিষ্কাশনৰ বাবে কিয় এক বিশেষ অংগৰ প্ৰয়োজন হয়?

উত্তৰঃ বহুকোষী জীৱৰ ক্ষেত্ৰত শৰীৰৰ আটাইবোৰ কোষেই বাহ্যিক পৰিৱেশৰ লগত প্রত্যক্ষ সংস্পৰ্শত নাথাকিবও পাৰে। সেয়ে এনে জীৱৰ ক্ষেত্ৰত খাদ্য গ্ৰহণ, গেছৰ আদান-প্রদান বা বৰ্জনীয় পদাৰ্থৰ নিষ্কাশনৰ বাবে সাধাৰণ ব্যাপন প্রক্রিয়াই যথেষ্ট হ’ব নোৱাৰে। তাৰ বিপৰীতে এনেবোৰ কাৰ্যৰ বাবে বহুকোষী জীৱসমূহক কিছুমান বিশেষ অংগৰ প্ৰয়োজন হয়।

7. বহুকোষী জীৱৰ ক্ষেত্ৰত পৰিবহণ তন্ত্ৰৰ আৱশ্যকতা কিয় হয়?

উত্তৰঃ সকলো জীৱকেই জীয়াই থাকিবলৈ খাদ্য আৰু অক্সিজেনৰ প্ৰয়োজন হয়। কিন্তু বহুকোষী জীৱৰ শৰীৰৰ কিছুমান নিৰ্দিষ্ট অংশতহে খাদ্য আৰু অক্সিজেন গ্ৰহণ কৰা হয়। আনহাতে ইহঁতক শৰীৰৰ প্ৰতিটো অংশকে দৰকাৰ হয়। সেয়ে খাদ্য আৰু অক্সিজেন জীৱৰ শৰীৰৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিবৰ বাবে এক নিৰ্দিষ্ট পৰিবহণ তন্ত্ৰৰ প্রয়োজন হয়।

8. জীৱৰ পৰিবহণ বুলিলে কি বুজা? 

উত্তৰঃ জীৱৰ শৰীৰৰ ভিতৰত বিভিন্ন দ্ৰব্য এঠাইৰ পৰা সিঠাইলৈ স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াটোক পৰিবহণ বোলে।

9. ৰেচন কাক বোলে?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল আৰু হানিকাৰক উপজাত পদার্থসমূহ শৰীৰৰ পৰা আঁতৰ কৰা হয়, তাকে ৰেচন বোলে।

10. খাদ্য কি?

উত্তৰঃ জীৱই শৰীৰৰ বাহিৰৰ পৰা গ্ৰহণ কৰা শক্তিৰ উৎসকেই খাদ্য বোলে।

Multiple Choice Questions & Answers

1. তলৰ কোনটো প্ৰক্ৰিয়াই জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰক সূচায় –

(a) শ্বসন।

(b) প্রস্বেদন।

(c) পৰিপুষ্টি।

(d) ৰেচন।

উত্তৰঃ (c) পৰিপুষ্টি।

2. জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্রয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্রক্রিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো হ’ল।

(a) পৰিপুষ্টি।

(b) পৰিবহণ।

(c) ৰেচন।

(d) শ্বসন।

উত্তৰঃ (d) শ্বসন

3. জীৱৰ শৰীৰত এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেন আৰু খাদ্যদ্রব্য স্থানান্তৰ কৰা প্ৰক্ৰিয়াটো হ’ল –

(a) শ্বসন।

(b) পৰিবহণ।

(c) পৰিপুষ্টি।

(d) ৰেচন।

উত্তৰঃ (b) পৰিবহণ।

4. জীৱৰ শৰীৰৰ পৰা হানিকাৰক বৰ্জনীয় পদার্থ আঁতৰ কৰা প্ৰক্ৰিয়াটো হ’ল –

(a) পৰিপুষ্টি। 

(b) শ্বসন।

(c) ৰেচন।

(d) পৰিবহন।

উত্তৰঃ (c) ৰেচন।

5. যি প্ৰক্ৰিয়াৰ দ্বাৰা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্রয়োজনীয়তা পূৰ্ণ কৰা হয় তাক –

(a) সালোক সংশ্লেষণ বোলে।

(b) বাষ্পমোচন বোলে।

(c) স্থানান্তৰণ বোলে।

(d) ফটোফচফৰিলেচন বোলে।

উত্তৰঃ (a) সালোক সংশ্লেষণ বোলে।

6. অবাত শ্বসন সম্পন্ন হয়—

(a) মাইট’কণ্ড্ৰিয়াত।

(b) ক্ল’ৰ’প্লাষ্টত।

(c) কোষকেন্দ্ৰত।

(d) চাইট’প্লাজমত।

উত্তৰঃ (d) চাইট’প্লাজমত।

7. চৰ্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে — 

(a) ট্রিপাচিনে।

(b) পেপচিনে।

(c) পিত্ত লৱণে।

(d) এমাইলেজে।

উত্তৰঃ (c) পিত্ত লৱণে।

8. তলৰ কোন দুটা ৰূপত উদ্ভিদে মাটিৰ পৰা নাইট্ৰ’জেন শোষণ কৰে— 

(a) ছালফেট আৰু ছালফাইট।

(b) কার্বনেট আৰু কাৰ্বাইড।

(c) নাইট্রেট আৰু নাইট্রাইট।

(d) এমিন’ এছিড আৰু প্ৰ’টিন।

উত্তৰঃ (c) নাইট্রেট আৰু নাইট্রাইট।

9. তলৰ কোনবিধ জীৱে দেহৰ বাহিৰত খাদ্যৰ বিশ্লেষণ কৰি পিছত তাক শোষণ কৰে — 

(a) কাঠফুলা।

(b) আকাশীলতা। 

(c) ফিটাকৃমি।

(d) মাখি।

উত্তৰঃ (d) মাখি।

10. তলৰ কোনবিধ জীৱে আন উদ্ভিদ বা প্রাণীক নমৰাকৈ সিহঁতৰ পৰা পুষ্টি আহৰণ কৰে –

(a) কাঠফুলা।

(b) ব্রেড ম’ল্ড। 

(c) ইষ্ট।

(d) আকাশীলতা।

উত্তৰঃ (d) আকাশীলতা।

11. আমাৰ মুখ গহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ—

(a) লাইপেজ।

(b) পেপচিন। 

(c) ট্রিপচিন।

(d) লালটি এমাইলেজ।

উত্তৰঃ  (d) লালটি এমাইলেজ।

12. পাকস্থলী গ্রন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ — 

(a) পেপচিন।

(b) ট্রিপচিন।

(c) লালটি এমাইলেজ। 

(d) লাইপেজ।

উত্তৰঃ (a) পেপচিন।

13. তলৰ কোনটো গ্ৰন্থি আমাৰ শৰীৰত হাইড্ৰ’ক্লৰিক এছিড নিঃসৰণৰ লগত জড়িত — 

(a) লালটি গ্রন্থি।

(b) আন্ত্রিক গ্রন্থি।

(c) পাকস্থলী গ্রন্থি।

(d) যকৃত।

উত্তৰঃ (c) পাকস্থলী গ্রন্থি।

14. তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্রান্ত্ৰত খাদ্যদ্রব্যক ক্ষাৰৰ্কীয় গুণবিশিষ্ট কৰে—

(a) লালটি।

(b) পিত্তৰস।

(c) আন্ত্ৰিক ৰস। 

(d) অগ্নাশয় ৰস।

উত্তৰঃ (b) পিত্তৰস।

15. তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্রান্ত্ৰত চৰ্বী ডাঙৰ ডাঙৰ পিণ্ডবোৰক সৰু সৰু পিণ্ডলৈ ভাঙি দিয়ে–

(a) আন্ত্রিক ৰস।

(b) অগ্নাশয় ৰস। 

(c) লালটি।

(d) পিত্তৰস।

উত্তৰঃ (d) পিত্তৰস।

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

Q.1. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেবল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পর্যাপ্ত নহয়? 

Ans. বহুকোষী জীৱ, যেনে মানুহকে ধৰি সকলোবোৰ প্ৰাণীৰ দেহৰ সকলোবোৰ কোষৰ পাৰিপাৰ্শ্বিক পৰিবেশৰ লগত সৰাসবি সম্পর্ক নাই। অতএব শৰীৰৰ প্ৰতিটো কোষে পৰিবেশৰ পৰা ব্যাপন (Diffusion) প্ৰক্ৰিয়াৰ দ্বাৰা অক্সিজেন নেপায়। গতিকে অক্সিজেন পোৱাৰ বাবে বহুকোষীজীৱৰ বিশেষ কলা, অংগ আৰু অংগতন্ত্রৰ দৰকাৰ। ইয়াৰ বাবে বহুকোষী জীৱৰ দেহত বেলেগ শ্বসনতন্ত্র এটা গঠিত হৈছে। 

Q.2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীবিত নে মৃত তাক ঠাৱৰ কৰিম?

Ans. সাধাৰণতে কোনো এটা জীৱ জীৱিত হয়নে, নহয় তাক জানিবলৈ প্রথমেই চাব লাগিব যে জীৱটোৰ চলন ক্ষমতা আছে, নে নাই। যদি জীৱই কোনো বাহ্যিক ক্ৰিয়াৰ প্ৰতিক্রিয়া দেখুৱায়, তেতিয়া আমি ধৰি লম যে জীৱটো জীৱিত।

হৃদপিণ্ড আৰু হাওঁফাওঁ ক্ৰিয়া কৰি থাকিলে আমি জীৱ এটাক জীৱিত বুলি কওঁ। 

Q.3. জীবৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্রী সিহঁতে বাহিৰব পৰিবেশৰ পৰা আহৰণ কৰি লয়?

Ans. এটা জীৱ কেঁচা সামগ্রী হিচাপে খাদ্য, পানী আৰু অক্সিজেন বাহিৰৰ পৰিবেশৰ পৰা গ্ৰহণ কৰে।

Q.4. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্রক্রিয়াক অতি প্রয়োজনীয় বুলি গণ্য কৰিবা?

Ans. সকলো জীৱদেহতে জীয়াই থাকিবৰ বাবে কিছুমান বিশেষ প্রক্রিয়া অনবৰত চলি থাকে। এই বিশেষ প্ৰক্ৰিয়াবোৰ হ’ল পৰিপুষ্টি, শ্বসন, পৰিবহণ, ৰেচন আদি। গতিকে জীৱ এটা সুস্থ হৈ বৰ্তি থাকিবলৈ এই গোটেইবোৰ প্ৰক্ৰিয়াক সচল থাকিব লাগিব।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি? 

Ans. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত থকা পার্থক্য—

স্বপোষিত পুষ্টিপৰপোষিত পুষ্টি
(i) অজৈৱ অণুৰ পৰা নিজৰ খাদ্য সংশ্লেষণ কৰে।(i) নিজৰ খাদ্য সংশ্লেষণ কৰিব নোৱাৰে যদিও আন জীবদেহ (যেনে—প্রাণী)-ৰ পৰা খাদ্য সংগ্ৰহ কৰে।
(ii) ক্ল’ৰ’ফিল আৰু সূৰ্যৰশ্মিৰ প্রয়োজন হয়।(ii) ক্ল’ৰ’ফিল আৰু সূৰ্যৰশ্মিৰ প্রয়োজন নহয়।
(iii) সালোকসংশ্লেষণ ঘটে।(iii) সালোকসংশ্লেষণ নঘটে।
(iv) সেউজীয়া উদ্ভিদ আৰু কিছু বেক্টেৰিয়াত ঘটে।(iv) পতঙ্গভুক উদ্ভিদত ঘটে।

Q.2. সালোক সংশ্লেষণত প্রয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক’ত ক’ত পায়?

Ans. সালোকসংশ্লেষণৰ বাবে প্ৰয়োজন হোৱা উপাদানবোৰ হ’ল :

(i) পানী: উদ্ভিদ মৃত্তিকাৰ পৰা মূলেৰে শোষণ কৰে। 

(ii) কার্বন ডাই-অক্সাইড: বায়ুমণ্ডলৰ পৰা উদ্ভিদে পত্ৰৰন্ধ্ৰৰ মাজেৰে CO₂ গ্ৰহণ কৰে।

(iii) ক্ল’ৰ’ফিল: উদ্ভিদৰ সেউজীয়া পাতত থাকে। 

(iv) সূৰ্যৰশ্মি : সূৰ্যৰ পৰা পায়।

Q.3. আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি? 

Ans. পাকস্থলীত নিঃসৰণ হোৱা এছিড (HCI)-অৰ ভূমিকা— 

(i) উৎসেচকৰ ক্ৰিয়াৰ বাবে আম্লিক মাধ্যম অব্যাহত ৰাখে।

(ii) উৎসেচকবোধক সক্রিয় কৰে। 

(iii) বেক্টেৰিয়া ধ্বংস কৰে।

(iv) চেলিভাৰী এমাইলেজ’ৰ ক্রিয়া বন্ধ কৰে।

Q.4. পাচক উৎসেচকৰ কাৰ্য কি?

উত্তৰ। পাচক উৎসেচক ৰসৰ সহায়ত জটিল আৰু শোষণ অযোগ্য খাদ্যৰ উপাদানবোৰ সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত হয়।

Q.5. শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়? 

উত্তৰ। ক্ষুদ্রান্তত থকা আঙ্গুলি সদৃশ প্রৱর্ধক ভিলাছব আভ্যন্তরীণ অংশ অসংখ্য মৌলিক কণাৰে গঠিত। ভিলাছবোৰ সংকোচন আৰু প্ৰসাৰণম৷ ইয়াৰ ফলত আন্ত্রিকনলীত থকা সৰল উপাদানবোৰ ভিলাই আৰু কৈশিক নলীকাৰ বেৰ ভেদ কৰি অতি সহজে তেজৰ সোঁতত প্ৰৱেশ কৰে।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. শ্বাস প্রশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ সুবিধা কি? 

Ans. জলচৰ জীৱ পানীত দ্ৰৱীভূত অক্সিজেন পানীৰ পৰা শোষণ কৰে, কিন্তু ইয়াৰ শতকৰা পৰিমাণ বায়ুতকৈ পানীত কম।

স্থলচৰ প্ৰাণীবোৰ শ্বাসকাৰ্য্যৰ বাবে জলজ প্রাণী অপেক্ষা বেছি পৰিমাণে অক্সিজেন বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে। গতিকে জলচৰ জীৱতকৈ স্থলচৰ জীৱৰ অক্সিজেন গ্ৰহণ কৰাটো সুবিধাজনক।

Q.2. কি কি প্ৰথাৰে জীবদেহত গ্লুক’জ জাৰিত হৈ শক্তি উৎপন্ন হয়?

Ans. গ্লুক’জ (C₆H₁₂O₆) এটা কার্বনযুক্ত যৌগ। এইটো জীৱদেহত ক্ৰমাৎ দুটা অণু পাইকভিক এছিড 2(CH₃COCOOH) গঠন কৰে। এই প্ৰক্ৰিয়াটোক গ্লাইক’লাইছিচ বোলে। এটা গ্লুক’জ অণুত 6 পৰমাণু কার্বন, 12 পৰমাণু H₂ আৰু 6 পৰমাণু O₂ থাকে। গ্লুক’জ অণু জাৰিত হোৱাৰ সময়ত ৪ পৰমাণু H₂ দুটা অণু পাইৰুভিক এছিড উৎপন্ন কৰে বাকী 4 পৰমাণু H₂ জাৰিত হৈ অপসাৰিত হয়। এই প্রক্রিয়াটোক ডি-হাইড্ৰ’জেনেছেন বা, গ্লাইক’লাইছিচ বোলে। গ্লাইক’লাইছিছৰ সময়ছোৱাত, দুটা NADH (+H⁺) অণু আৰু দুটা ATP অণু গঠন হয়।

তাৰ পাহত, NADH⁺ -ৰ দ্বাৰা পাইৰুভেট লেক্টিক এছিড হ্রাস পায়। FMN আৰু Zn²⁺ ৰ সহায়ত লেক্‌টেট এনজাইমৰ ডি-হাইড্রজেনেছন হয় আৰু অনুঘটকে এই বিক্ৰিয়াত কাম কৰে।

লেক্টেট কিনৰ ফলত প্ৰতিটো গ্লুক’জ অণুৰ পৰা দুটা 2 ATP উৎপন্ন হয় ।

এই ATP গঠনৰ দ্বাৰা খাদ্যৰ গ্লুক’জ জাৰিত হৈ জীৱদেহত শক্তির জোগান ধৰে।

Q.3. মানুহৰ দেহত অক্সিজেন আৰু কার্বন ডাই অক্সাইড কেনেকৈ পৰিবহণ হয়?

Ans. শ্বাস-প্রশ্বাস প্রক্রিয়া সম্পন্ন হোৱাৰ পাছত হাওঁফাওঁৰ বায়ুকোষ আৰু তেজৰ মাজত গেছৰ বিনিময় ঘটে। বায়ুকোষৰ বেৰবোৰ আচ্ছাদকীয় কলাবে নির্মিত পাতল আৱৰণৰ দ্বাৰা গঠিত। বক্ত কেশিকাৰ জালিকাৰে গেছৰ অণুবোৰ সহজে গতি কৰিব পাৰে, যিহেতু জালিকাখন অতিশয় পাতল। বায়ুকোষৰ চাৰিওফালে থকা কৈশিক নলীৰ আৱৰণ বায়ুমোনাৰ আৱৰণৰ সৈতে সংলগ্ন হৈ থাকে। বায়ুকোষীয় আৱৰণ আৰু কেশিকাৰ আৱৰণক একেলগে শ্বাস আৱৰণ বুলি জনা যায়। বায়ুকোষ আৰু তেজৰ মাজত এই শ্বাস আৱৰণেৰে গেছৰ বিনিময় ঘটে। বায়ুকোষৰ পৰা কেশিকাৰ তেজলৈ অক্সিজেনৰ ব্যাপন ঘটে আৰু চাপৰ পাৰ্থক্যৰ বাবে ৰক্ত কেশিকাৰ পৰা বায়ুকোষলৈ কার্বন ডাই অক্সাইড ওলাই আহে।

বায়ুকোষত অক্সিজেনৰ অধিক গাঢ়তাৰ বাবে কেশিকা তেজলৈ ইয়াৰ ব্যাপন ঘটে। একেটা কাৰণতে কোষ বা কলাসমূহলৈ ইয়াৰ ব্যাপন ঘটে। আকৌ কলাত কার্বন ডাই-অক্সাইডৰ অধিক গাঢ়তা আৰু তেজত ইয়াৰ গাঢ়তা কম হোৱা বাবে ই ক্ৰমে তেজ আৰু বায়ুকোষলৈ ব্যাপিত হয়।

Q.4. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?

Ans. ক্লোমনলী (trachea) কিছুদুৰ তললৈ নামিয়েহ দুটা শাখাত বিভক্ত হৈছে। এই শাখা দুটাক ক্লোমশাখা বোলে। শাখা দুটাৰ প্ৰত্যেকৰ মূৰত এখনকৈ হাওঁফাওঁ আছে। ক্লোমশাখাৰ প্ৰত্যেকটোৱে ভাগ হৈ শেহত গৈ সৰু সৰু অসংখ্য ঠাল-ঠেঙুলিত পৰিণত হৈছে। ঠেঙুলিবোৰক স্কিচ (bronchioles) অর্থাৎ ক্লোম-প্রশাখা বোলে।

ঠেঙুলিবোৰৰ মূৰবোৰ ফোঁপোলা

আৰু ডাঙৰ মোনাৰ দৰে বহল। মোনাৰ দৰে আকৃতি লৈ থকা গঠনবোৰত বায়ু থাকে বুলি সিহঁতক বায়ুকোষ বোলে। বায়ুকোষবোৰৰ বেৰ অত্যন্ত পাতল! বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলীজালৰ দৰে আৱৰণ থাকে। ইহঁতৰ ভিতৰেদি অক্সিজেন আৰু কার্বন ডাই-অক্সাইড গেছৰ স্থান বিনিময় ঘটে।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি?

Ans. মানুহৰ শৰীৰৰ পৰিবহণ তন্ত্ৰৰ তেজ পাম্প কৰিবৰ বাৰে থকা এটা হৃদযন্ত্ৰ আৰু দেহৰ বিভিন্ন অংশলৈ তেজ কঢ়িয়াবৰ বাবে থকা বক্তবাহিকা সিবা আৰু ধমনী থকা তন্ত্ৰটোৱেই হ’ল ৰক্ত পৰিবহণ তন্ত্র। বহুকোষীয় উচ্চস্তৰৰ প্ৰাণী দেহত ইয়াক পোৱা যায়।

ৰক্ত পৰিবহণ তন্ত্ৰৰ লগত জড়িত মুখ্য ভাগকেইটা হৈছে: 

(1) হৃদযন্ত্র। 

(2) তেজ।আৰু 

(3) ৰক্তবাহিকা (সিবা আৰু ধমনী)।

(1) হৃদযন্ত্র—

(i) ই গোটেই দেহতে ৰক্ত সঞ্চালন কৰে, ই এটা পাম্পৰ কাম কৰে। 

(ii) ই ৰক্ত সঞ্চালনৰ জৰিয়তে দেহত অক্সিজেনৰ নিয়মীয়া যোগান নিশ্চিত কৰে।

(iii) কেবল এটা নির্দিষ্ট দিশর্ত তেজ প্রবাহিত হোৱাত, হৃদযন্ত্ৰত থকা ভালভসমূহে সহায় কৰে।

(2) তেজ

(i) ই দেহৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে। 

(ii) ইগোটেই দেহত হৰম’নৰ সবে পদার্থসমূহৰ সঞ্চালন কৰে।

(iii) সেহৰ উষ্ণতা নিয়ন্ত্রণ কৰাত তেজ সহায় কৰে। 

(iv) অন্তৰ পৰা দেহৰ বিভিন্ন অংশলৈ ই পাচিত আহাৰ গ্লুক’জ ৰূপত অবিহণ কৰে।

(v) ই উৎপন্ন কৰা এন্টিবডিয়ে বাহিৰৰ পৰা সোমোৱা অনিষ্টকাৰী বস্তুব প্ৰভাৱ প্ৰশমন কৰে।

(vi) দেহৰ বিভিন্ন কোষত উৎপন্ন হোৱা ৰেচন পদার্থ ই পৰিবহণ কৰি বৃক্কলৈ লৈ যায় আৰু ইয়াত এই ৰেচন পদাৰ্থবোৰ পৰিদ্ৰুত হৈ বেলেগ হয়।

(3) ৰক্তবাহিকা (সিৰা আৰু ধমনী)

(i) ধমনীয়ে হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈ অক্সিজেনযুক্ত তেজ পৰিবহণ কৰে। 

(ii) সিবাই দেহৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ কার্বন-ডাই-অক্সাইডপূর্ণ তেজ কঢ়িয়াই আনে।

(iii) ধমনী আৰু সিৰাত থকা ভালভসমূহে তেজৰ বিপৰীতফালৰ প্ৰবাহত বাধা দিয়ে।

Q.2. পক্ষী আৰু স্তন্যপায়ী প্রাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?

Ans. জীৱন প্ৰক্ৰিয়াৰ বাবে স্তন্যপায়ী প্রাণী আৰু পক্ষীবোৰৰ অধিক পৰিমাণে শক্তি প্রয়োজন। অক্সিজেন যুক্ত তেজ খাদ্যৰ উপাদানসমূহক ভাঙি দি শক্তি উৎপন্ন কৰে আৰু এই শক্তি জীবন প্রক্রিয়া চলাৰ কাৰণে খৰচ হয়। স্তন্যপায়ী প্রাণী আৰু পক্ষীৰ তেজ চলাচল সম্পূৰ্ণ হোৱাৰ কাৰণে হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হব লাগে। তেজৰ এনে পৰিবহণক দ্বৈত পৰিবহণ বোলে।

পক্ষী আৰু স্তন্যপায়ীয়ৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক। চাৰিটা কোঠালীযুক্ত হৃদপিণ্ডৰ দ্বি-পৰিবহণ ব্যৱস্থা অধিক অক্সিজেনৰ যোগান ধৰিব পাৰে বাবে পক্ষী আৰু স্তন্যপায়ীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰাখিব লাগে।

Q.3. উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি?

Ans. উদ্ভিদ দেহৰ এটা অংশত শোষিত হোৱা বা প্রস্তুত হোৱা এবং আন এটা অংশলৈ কঢ়িয়াই নিয়া কাৰ্যটো সংঘটিত হয় জাইলেম আৰু ফ্ল’ৱেম কলাৰ মাজেৰে।

গতিকে উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্র জাইলেম আৰু ফ্লৱেম কলাৰে গঠিত।

Q.4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লবণ কেনেদৰে পৰিবহণ হয়? 

Ans. (i) পানী আৰু খনিজ দ্রব্যৰ পৰিবহণ: জাইলেম নলীকাই এই পদাৰ্থবোৰ মূলৰ পৰা শোষণ কৰি উদ্ভিদ দেহব পাত আৰু অন্যান্য অংশলৈ পৰিবহণ কৰে।

(ii) খাদ্য আৰু অন্যান পদাৰ্থৰ পৰিবহণ: পাতত প্রস্তুত হোৱা আহাৰ ফ্লোৱেমৰ জৰিয়তে উদ্ভিদ দেহৰ অন্যান্য অংশলৈ যায়।

Q.5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংক্রমণ ঘটে? 

Ans. উদ্ভিদ দেহত খাদ্য সংক্রমণ বা খাদ্য স্থানান্তৰণৰ দিশৰ বিষয়ে তলত আলোচনা কৰা হল উদ্ভিদ দেহত খাদ্যবস্তু উদ্ভিদৰ পাতৰ পৰা ঊর্ধ্বমুখী, অধঃমুখী, পার্শ্বীয়— এই তিনিটা দিশত পৰিবাহিত হয়। ঊর্ধ্বমুখী পৰিবহণ প্ৰক্ৰিয়াত উদ্ভিদৰ পাতৰ পৰা অগ্ৰমুকুল, পুষ্পমুকুল, ফুল আৰু ফললৈ— অধঃমুখী পৰিবহণ প্ৰক্ৰিয়াত উদ্ভিদৰ পাতৰ পৰা কাণ্ড আৰু মূললৈ—পার্শ্বীয় পৰিবহণ প্রক্রিয়াত ফুয়েম কলাৰ পৰা মজ্জা বিস্তৃতিৰ মাজেদি কাণ্ডব বহিঃস্তকলৈ খাদ্য সংক্রমণ বা স্থানান্তৰণ হয়। উদ্ভিদৰ পাতত প্রস্তুত হোৱা খাদ্যবস্তু দেহৰ বিভিন্ন অংগলৈ স্থানান্তকৰণ কৰা প্রক্রিয়াকে খাদ্য স্থানান্তৰ বা সংক্রমণ বোলে। এই প্রস্তুত হোৱা খাদ্য ফ্ল’ৱেমৰ দ্বাৰা বিভিন্ন অংগলৈ পৰিবাহিত হয়।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।

Ans. প্রথম অংশ: গঠন 

নেফ্রন জীৱৰ এটি কাৰ্য্যকৰী অংগ। এইবোৰ বৃক্কৰ সূক্ষ্ম বেচন অংগ। ই নলিকা আকৃতিৰ আৰু ইয়াৰ এটা দূৰ বন্ধ আৰু আনটো মূৰ খোলা। ইয়াৰ বিভিন্ন অংশসমূহ হ’ল–

(i) ব’মেনৰ সম্পুট: ইস পিয়লা আকৃতিৰ আৰু ই বদ্ধ মূৰত থাকে। 

(ii) গ্ল’মেৰুলাছ: ই ব’মেনৰ সম্পুটৰ পৰা উৎপন্ন আৰু এপিথেলিয়েল লাইনিঙৰ দ্বাৰা আবৃত। ই-কৈশিক জালৰ দ্বাৰা আবৃত। ব’মেনৰ সম্পুট আৰু প্ল’মেৰুলাছক একেলগে মাল্‌পিজিয়ন বডি বোলে।

(iii) সমীপৱৰ্ত্তী সংবলিত নলিকা: এই কুণ্ডলী আকাৰৰ নলিকাই বৃক্কীয় নলিকাৰ প্ৰথম অংশৰ সৃষ্টি কৰে। ইয়াৰ পৰা হেন্‌লীৰ লুপ বা কুণ্ডলীৰ সৃষ্টি হয়।

(iv) হেনলীৰ লুপ বা কুণ্ডলী: ই বৃক্কীয় নলিকাৰ মাজৰ অংশ সৃষ্টি কৰে। ই ইংৰাজীৰ ‘U’ আখৰৰ আকৃতিৰ আৰু দূৰৱৰ্ত্তী সংবলিত নলিকাৰ লগত সংযুক্ত।

(v) দুৰৱৰ্তী সংবলিত নলিকা: ই অত্যন্ত পাকখোৱা আৰু ই কেশিকাৰে আবৃত।

(vi) সংগ্রাহক নলিকা: ই বৃত্তৰ পেল্‌ভিছলৈ যায়। ইয়াৰ পৰা মূত্ৰনলীলৈ প্ৰস্ৰাৱ প্রবাহিত হয়। 

দ্বিতীয় অংশ: কার্য

মেৰুদণ্ডী প্ৰাণীৰ দেহত থকা প্ৰধান ৰেচন অংগ হৈছে বৃক্ক। বৃক্কৰ প্ৰধান কাৰ্য হৈছে দেহৰ অতিৰিক্ত পানী, বিপাক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক জৈৱ আৰু অজৈৱ যৌগবোৰ তেজৰ পৰা পৃথক কৰি মূত্ৰ হিচাপে দেহৰ পৰা অপসাৰিত কৰা। বৃক্কই এই কাৰ্য নেফ্ৰনৰ বিভিন্ন অংশৰ দ্বাৰা সম্পন্ন কৰে।

আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বর্জ্য পদার্থ সৃষ্টি হয়। এই বর্জ্য পদার্থসমূহ তেজৰ লগত মিহলি হৈ গ্ল’মেৰুলাছলৈ আহে। গ্ল’মেৰুলাছত এইবোৰ পৰিস্ৰুত হৈ ব’মেন সম্পুটৰ গহ্বৰলৈ যায়। এই পৰিস্ৰুত অংশত যথেষ্ট পরিমাণ পানী আৰু সেই পানীত দ্রবীভূত হৈ ইউৰিয়া, ইউৰিক এছিড, ক্রিয়েটিন, এমনি এছিড, গ্লুক’জ, পটাছিয়াম, ভিটামিন আদি থাকে। পৰিদ্ৰুত তবল পদাৰ্থ সমূহ বৃত্ত নলিকাৰ মাজেৰে প্রবাহিত হওঁতে শৰীৰৰ বাবে প্রয়োজনীয় দ্রব্যসমূহ ইয়াৰ বিভিন্ন অংশৰ দ্বাৰা পুনঃশোষিত হয়। বৃক্কীয় নলিকাৰ কোষবোৰে পৰিভুত দ্ৰৱণৰপৰা বিভিন্ন লৱণ আৰু পানী তেজলৈ পুনঃশোষণ কৰি পঠিয়াই আৰু অনাৱাশকীয় বর্জ্য পদার্থসমূহ তেজৰ পৰা আহৰণ কৰি পৰিদ্ৰুত দ্ৰৱ ক্ষৰণ কৰে।

Q.2. উদ্ভিদে কি কি উপায়ে বর্জিত পদার্থ ত্যাগ কৰে। 

Ans. উদ্ভিদে ৰেচন পদাৰ্থবোৰ বিভিন্ন পদ্ধতিৰে শৰীৰৰ পৰা ওলাই দিয়ে। যেনে— 

(i) গেছীয় বর্জ্য পদার্থ: উদ্ভিদে শ্বাসকাৰ্য্যৰ সময়তে পত্ৰৰন্ধ্ৰৰ মাধ্যমে CO₂ গেছ আৰু সালোকসংশ্লেষণৰ সময়তে O₂ গেছ ত্যাগ কৰে। 

(ii) তবল বর্জ্য পদার্থ: প্রস্বেদন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰবন্ধৰ মাধ্যমে গছে তৰল বর্জ্য পদার্থ ত্যাগ কৰে।

(iii) অন্যান্য বর্জ্য পদার্থ: অন্যান্য বর্জ্য পদার্থ, যেনে ৰিজিন (resins) আৰু গাম (gums) আদি গছৰ পৰ্ব আৰু পৰ্ব-মধ্যৰ মাজেৰে ওলাই আহে৷

Q.3. কেনেকৈ মূত্র উৎপন্ন পৰিমাণ নিয়ন্ত্রণ কৰিব পাৰি?

Ans. মানুহৰ বৃক্ক দুটাই প্রতি 24 ঘণ্টাত প্রায় 180 লিটাৰ তৰল পদার্থ পৰিযুত কৰে। ইয়াৰ পৰা মাত্র 1.5 লিটাৰ পানী ৰেচন পদার্থসহ মৃত্ৰৰূপে দেহৰ বাহিৰত নির্গত হয়। মূত্ৰৰ স্বাভাবিক উপাদানৰ অধিকাংশই হ’ল পানী। কিন্তু পানী বাদদি মূত্রত বিভিন্ন প্ৰকাৰৰ জৈৱ আৰু অজৈৱ পদার্থ দ্ৰৱীভূত হৈ থাকে। মূত্র উৎপন্ন হোৱাৰ পৰিমাণ নির্ভৰ কৰে কিমানখিনি পানী গ্ৰহণ কৰা হৈছে তাৰ ওপৰত। অধিক পৰিমাণে পানী গ্ৰহণ কৰিলে দেহত ৰেচনৰ মাত্রা বৃদ্ধি হয় ফলত অধিক মূত্র উৎপন্ন হয়।

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ

Q.1. উদ্ভিদ দেহত জাইলেমৰ কাম হ’ল—

(a) পানীৰ পৰিবহণ। 

(b) খাদ্যৰ পৰিবহণ।

(c) এমিন’ এছিডৰ পৰিবহণ।

(d) অক্সিজেনৰ পৰিবহণ।

Ans. (a) পানীৰ পৰিবহণ।

Q.2. স্বপোষীয় পৰিপুষ্টিত প্রয়োজন হয়—

(a) কার্বন ডাই অক্সাইড আৰু পানী। 

(b) পত্ৰহৰিৎ।

(c) সূৰ্যৰ পোহৰ। 

(d) ওপৰৰ আটাইকেইটা।

Ans. (d) ওপৰৰ আটাইকেইটা। 

Q.3. স্বপোষীয় পৰিপুষ্টিত কি কি অৱস্থাৰ প্ৰয়োজন আৰু ইয়াৰ উৎপাদিত দ্রব্য কি?

Ans. স্বপোষীয় জীৱই প্রয়োজনীয় কার্বন আৰু শক্তি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰে। ই এনে এটা প্ৰক্ৰিয়া যাৰ সহায়ত স্বপোধীয় জীৱই বহিঃ পৰিবেশৰ পৰা আহৰণ কৰি লোৱা কিছুমান দ্ৰব্যক পৰিবৰ্ত্তন ঘটাই সিহঁতে নিজৰ দেহত শক্তি হিচাবে সতি কৰিব পাৰে। এনেবোৰ জীৱই বহিঃ পৰিবেশৰ পৰা আহৰণ কৰি লোৱা কার্বন- ডাই-অক্সাইড আৰু পানী সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰহৰি-ৰ সহায়ত কাৰ্বহাইড্ৰেটলৈ পৰিবৰ্তন কৰে। এই কাৰ্বহাইড্রেট বিলাকেই কামত লাগি উদ্ভিদক শক্তিৰ যোগান ধৰে।

Q.4. জাইলেম আৰু ফ্ল’ৱেমৰ মাজেৰে পৰিবাহিত পদাৰ্থৰ মাজত পার্থক্য কি কি?

Ans. জাইলেম এবিধ জটিল কলা। ই প্রধানত মৃত আৰু সজীৱ কোষৰ দ্বাৰা গঠিত। ইয়াৰ মাজেৰে শিপাৰে শোষণ কৰা পানী আৰু খনিজ লৱণ উদ্ভিদ দেহৰ পাত আৰু অন্যান্য অংগলৈ পৰিবাহিত হয়। আনহাতে ফ্ল’ৱেম কলাৰ মাজেৰে পাতত প্রস্তুত হোৱা জৈৱ আহাৰ উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। ফ্ল’ৱেমৰ মুখ্য কাম হ’ল পাতত উৎপন্ন হোৱা শ্বেতসাৰ জাতীয় খাদ্য উদ্ভিদ দেহৰ বিভিন্ন অংশলৈ পৰিবহণ কৰা। 

Q.5. আমাৰ দেহত চৰী কেনেকৈ পাচন হয়? এই পাচন প্রক্রিয়া ক’ত সম্পাদন হয়?

Ans. চর্বী, এছিড আৰু গ্লিছাবলত অদ্রবণীয় আৰু ই তেজৰ প্ৰবাহত পোনপটীয়া ভাৱে মিলিত হ’ব নোৱাৰে। সেইবাবে, সিহঁতক লেক্টিয়েল (ভিলাইৰ লসিকা কৈশিক নলীকা)ত প্রবেশ কৰোৱা হয়। লেক্টিয়েলত চর্বী পদার্থসমূহব পুনঃ সংশ্লেষণ হৈ ক্ষুদ্ৰ চৰ্বী অণু সৃষ্টি কৰে। পিত্তবসে ইয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তাৰ পাছত শোষিত চৰ্বী পদার্থখিনি তেজৰ জৰিয়তে দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়।

Q.6. পাচনত লালটিৰ ভূমিকা কি?

Ans. মুখত থকা লালটিৰ সৈতে আহাৰ মিহলি হয়। লালটি গ্রন্থিয়ে লালটি ক্ষৰণ কৰে। লালটিত থকা টায়েলিন নামক উৎসেচকে পলিছেৰোইত শ্বেতসাৰক ভাঙি মাল্টজ আৰু ডেক্সট্রিন লৈ ৰূপান্তৰিত কৰে। 

ক্ষুদ্ৰান্ত্ৰত স্নেহ পদাৰ্থৰ পাচন ঘটে।

Q.7. স্বপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?

Ans. স্বপোষিত পুষ্টিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হ’ল : সূৰ্যৰ পোহৰ, ক্লৰ’ফিল, কার্বন-ডাই-অক্সাইড আৰু পানী। সালোকসংশ্লেষণ প্রক্রিয়া দ্বাৰা সেউজীয়া উদ্ভিদে শ্বেতসাব বা গ্লুক’জ জাতীয় খাদ্য উৎপন্ন কৰে।

Q.8. সবাত আৰু অবাত শ্বসনৰ মাজত পার্থক্য কি কি? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা। 

Ans. সবাত শ্বসন আৰু অবাত শ্বসনৰ পাৰ্থক্য—

সবাত শ্বসনঅবাত শ্বসন
(i) অক্সিজেনৰ উপস্থিতিত হোৱা শ্বসন প্রক্রিয়াক সবাত শ্বসন বোলে।(i) অক্সিজেন অবিহনে খাদ্যৰ জাৰণ হোৱা প্ৰক্ৰিয়াক অবাত শ্বসন বোলে।
(ii) ইয়াৰ ফলত অধিক শক্তি উৎপাদিত হয়।(ii) ইয়াৰ ফলত কম শক্তি উৎপন্ন হয়।
(iii) ই গ্লাইক’লাইছিছ আৰু ক্ৰেব চক্ৰত জড়িত।(iii) ই কেৱল গ্লাইক’লাইছিছ দশাতহে জড়িত।
(iv) গ্লুক’জ অণুৰ সম্পূৰ্ণ জাৰণৰ ফলত কার্বন ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়।(iv) গ্লুক’জ অণুৰ সম্পূৰ্ণ জাৰণৰ ফলত ইথাইল এলকহল বা লেক্টিক এছিড আৰু কাৰ্বন-ডাই-অক্সাইডৰ লগতে শক্তি উৎপন্ন হয়।
(v) এই শ্বসন কেৱল প্ৰাণীৰহে হয়, কাৰণ ইহঁতে পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰে।(v) যিবিলাক প্রাণীয়ে পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰিব নোৱাৰে, তেনেবোৰ প্ৰাণীত এই শ্বসন হয়। 
(vi) ই মাইট’কন্ড্রিয়াৰ ভিতৰত সংঘটিত হয়।(vi) ইষ্ট, টিনিয়া, এছকৰিছ আদিত মাইট’কণ্ডিয়াৰ বাহিৰত সংঘটিত হয়।

মানুহলৈকে সকলোবোৰ উন্নত প্ৰাণীৰ দেহত সবাত শ্বসন হয় আৰু ঈষ্ট আৰু বেক্টাৰিয়াত অবাত শ্বসন ঘটে। 

Q.9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?

Ans. প্ৰাণীৰ শ্বসন অংগৰ ক্লোমাশাখা দুটাৰ প্ৰত্যেকৰ মূৰত এখনকৈ হাঁওফাও আছে। ক্লোমশাখাৰ প্ৰত্যেকটোৱে ভাগহৈ শেহত গৈ সৰু সৰু অসংখ্য ঠাল-ঠেঙুলিত পৰিণত হৈছে। ঠেঙুলিবোৰক ব্রঙ্কিওল্‌চ (bronchioles) অর্থাৎ ক্লোম-প্রশাখা বোলে। ঠেঙুলিৰ মূৰবোৰ ফোঁপোলা আৰু মোনাৰ দৰে বহল। মোনাৰ দৰে আকৃতি লৈ থকা গঠনবোৰত বায়ু থাকে বুলি সিহঁতক বায়ুকোষ (Alveoli) বোলে।

বায়ুকোষবোৰৰ বেৰ অত্যন্ত পাতল। বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলী জালৰ দৰে ছাটি থাকে। ইহঁতৰ ভিতৰেদি অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইড গেচৰ স্থান বিনিময় ঘটে। এনেদৰে বায়ুকোষবিলাকৰ ভিতৰেধি প্ৰচুৰ পৰিমাণৰ গেছৰ বিনিময় ঘটে। 

Q.10. আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে কি হ’ব?

Ans. আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গলে বিভিন্ন ধৰণৰ উপসর্গ দেখা দিয়ে। তেজে আমার কোষ আৰু কলাবিলাকৰ প্ৰয়োজনীয় খাদ্য গ্লুক’জ আৰু অক্সিজেনৰ যোগান ধৰে। কোষবিলাক এই অক্সিজেনৰ সহায়ত গ্লুক’জৰ জাৰণ ঘটাই জীৱাই থকাব বা কাম কাজৰ প্ৰয়োজনীয় শক্তি আহৰণ কৰে। অক্সিজেনৰ পৰিমাণ কমি গ’লৈ আমাৰ দেহৰ কোষ আৰু কলাবোৰ ঠিক মতে আহাৰৰ যোগান নোপোৱা কাৰণে শৰীৰ ক্ষীণ পাতল হৈ পৰিব। হাওঁফাওঁ আৰু হৃদপিণ্ডৰ কানৰ মাজত অসামঞ্জস্য দেখা দিব। গতিকে বিভিন্ন বেমাৰৰ লক্ষণ দেখা দিব।

Q.11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বর্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?

Ans. হৃদযন্ত্ৰত অক্সিজেনযুক্ত (বিশুদ্ধ) তেজ আৰু অক্সিজেন বিহীন (অশুদ্ধ) তেজ মিহলি নোহোৱাকৈ ৰাখিবৰ বাবে ইয়াৰ সোঁফাল আৰু বাওঁফাল দুটা পৃথক ভাগ আছে। হৃদযন্ত্ৰৰ এনে পৃথকীকৰণৰ বাবে দেহব বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেনৰ যোগান ধৰিবৰ বাবে সুবিধা হয়। যিবিলাক প্রাণী যেনে পক্ষী আৰু স্তন্যপায়ীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নির্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে, যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক। চাৰিটা কোঠালিযুক্ত হৃদযন্ত্রই যথেষ্ট অক্সিজেনৰ যোগান ধৰিব পাৰে। ‘অন্য কিছুমান প্ৰাণীৰ ক্ষেত্ৰত দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে শক্তিৰ আৱশ্যক নহয়। এনে প্ৰাণীৰ দেহৰ উষ্ণতা পৰিবেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। এনে প্ৰাণীৰ ভিতৰত উভচৰ বা বহুত প্ৰকাৰৰ সৰীসৃপৰ হৃদযন্ত্ৰটো তিনিটা কোঠালিযুক্ত। এই প্রাণীবিলাকে অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ মিহলি ঘটিলেও নিজে পৰিবেশৰ উষ্ণতাৰ লগত সহনশীল হৈ চলিব পাৰে। মৎস্য শ্ৰেণীৰ প্ৰাণীৰ হৃদযন্ত্ৰ দুটা কোঠালিযুক্ত। হৃদন্ত্ৰৰ পৰা তেজ অক্সিজেন গ্ৰহণৰ বাবে ফুল লৈ যায় আৰু অক্সিজেনবোৰ লৈ দেহৰ বিভিন্ন অংশত বিতৰণ কৰে। এনেবোৰ প্ৰাণীৰ ক্ষেত্ৰত তেজৰ গতিপথৰ এটা পূর্ণ চক্ৰ বা আবর্ত সম্পূর্ণ কৰোতে হৃদযন্ত্ৰৰ মাজেৰে এবাৰহে পৰিবাহিত হয়। কিন্তু আন’ মেৰুদণ্ডী প্রাণীৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ’বলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ’ব লাগে। তেজৰ এনে পৰিবহণক দ্বৈত পৰিবহণ বোলে।

মানুহৰ হৃদপিণ্ডটো প্ৰধান দুটা খণ্ডত বিভক্ত। ওপৰৰ বহল ভূমি অংশক অলিন্দ আৰু তলৰ মুক্ত অংশ বা খণ্ডক নিলয় বোলে। হৃদপিণ্ডৰ বেৰখন ডাঠ। অনুদৈর্ঘভাবে হৃদযন্ত্রটো এখন ডাঠ বেৰেৰে সোঁ আৰু বাওঁ দুটা ভাগত বিভক্ত। প্রত্যেক ভাগৰ ওপৰৰ অংশত একোটা অলিন্দ আৰু পিছফালৰ ভাগত এটা নিলয়ৰ কোঠালী থাকে। অর্থাৎ মানুহৰ হৃদযন্ত্ৰটো দুটা অলিন্দ আৰু দুটা নিলয় মুঠ চাৰিটা কোঠালিত বিভক্ত।

অলিন্দ: হৃদপিণ্ডর ওপৰৰ অংশত থকা বহল ভূমি খণ্ডই হ’ল অলিন্দ। ইয়াৰ বেৰ পাতল। সোঁ আৰু বাওঁ অলিন্দৰ পৰা একেফালে থকা সোঁ আৰু বাওঁ নিলয়লৈ তেজ চলাচলৰ বাবে ইহঁতৰ মাজত একোটাকৈ ছিদ্র থাকে। ইয়াক অলিন্দ নিলয় ছিদ্র বোলে। সোঁ অলিন্দ নিলয় ছিদ্ৰটোত তিনিটা কপাটযুক্ত ভালভ্ থাকে। ইয়াক ট্ৰাইকাস্পিড ভালভ্ বোলে। এইখনেৰে সোঁ অলিন্দৰ পৰা সোঁ নিলয়লৈ তেজ প্রবাহিত হ’ব পাৰে; কিন্তু নিলয়ৰ পৰা অলিদলৈ তেজৰ সোঁত বব নোৱাৰে। আনহাতে বাওঁ অলিম্প-নিলয় ছিদ্ৰত দুটা কপাটযুক্ত এটা বাইকাস্পিড ভালভ থাকে। ইয়াৰ মাজেৰেও বাওঁ অলিন্দৰ পৰা বাওঁ নিলয়লৈ তেজ প্রবাহিত হ’ব পাবে, কিন্তু উভটি যাব নোৱাৰে।

নিলয়: হৃদপিণ্ডৰ পিছ ফালে থকা শংকু আকৃতিৰ অংশটোক নিলয় বোলে। ইয়াৰ বেব অত্যন্ত ভাঠ। সোঁ অলিন্দৰ পৰা পোৱা অশুদ্ধ তেজ সোঁ নিলয়ৰ পৰা ক্লোম ধমনীৰে হাওঁফাওঁলৈ ওলাই যায়। আনহাতে বাওঁ নিলয়ে বাওঁ অলিন্দৰ পৰা পোৱা বিশুদ্ধ তেজ চিষ্টেমিক ধমনীৰে দেহৰ বিভিন্ন অংগসমূহলৈ উলিয়াই দিয়ে। ক্লোম ধমনী আৰু চিষ্টেমিক ধমনী মুখ্য অংশত অর্ধচন্দ্ৰাকৃতিৰ ভালভ্ থকাৰ বাবে অলিন্দৰ পৰা ওলাই যোৱা তেজ নিলয়ৰ পৰা পুনৰ অলিন্দলৈ উভতি আহিব নোৱাৰে।

Q.12. জাইলেম আৰু ফ্ল’ৱেমৰ মাজৰ দ্ৰব্যৰ পৰিবহণৰ সাৰ্থক্যবোৰ কি কি? 

Ans. জাইলেম কলা আৰু ফ্ল’ৱেম কলাত সৰবৰাহ হোৱা পদার্থ বোৰৰ পার্থক্য:

জাইলেম কলাত সৰবৰাহ হোৱা পদাৰ্থ সমূহফ্ল’ৱেম কলাত সৰবৰাহ হোৱা পদার্থ সমূহ
(i) মাটিৰ পৰা পাতলৈ পানী আৰু খনিজ লৱণৰ পৰিবহণ হয়। জৈৱ দ্ৰাব পৰিবহণ হয়।(i) পাতত উৎপন্ন হোৱা খাদ্য আৰু জৈৱ দ্ৰাব পৰিবহণ হয়৷
(ii) পৰিবহণ সাধাৰণতঃ ঊর্ধ্বমুখী।(ii) পৰিবহণ ক্ষিপ্রতৰ।
(iii) খনিজ পদার্থৰ পৰিবহণ ট্ৰেকাইড আৰু ভেছেলৰ মাধ্যমে ঘটে।(iii) চালনী নালিকা আৰু সংগী কোষৰ মাধ্যমে জৈৱ আহাৰ পৰিবাহিত হয়।

Q.13. হাওঁ ফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।

বায়ুকোষনেফ্রন
(i) হাওঁফাওঁৰ সাংগঠনিক আৰু কাৰ্য্যকাৰী একক বায়ুকোষ।(i) বৃক্ক গঠনৰ প্ৰাথমিক একক নেফ্রন।
(ii) তেজৰ পৰা কাৰ্বন ডাই অক্সাইড পৃথক কৰে।(ii) তেজৰ পৰা নাইট্ৰ’জেন জাতীয় বর্জ্য পদার্থ পৃথক কৰে।
(iii) বায়ুকোষৰ বেৰ অত্যন্ত পাতল।বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলী জালৰ দৰে ছাটি থাকে। বায়ু কোষবোৰ দেখাত বেলুনৰ দৰে।(iii) নেফ্রন দেখাত পিয়লাৰ (Cup) দৰে।
(iv) নেফ্রন ৰেচন অংগৰ একক আৰু প্রধান মাধ্যম।(iv) বায়ুকোষ শ্বসন অংগৰ একক আৰু প্রধান মাধ্যম।

অতিৰিক্ত প্রশ্নোত্তৰ:

Q.1. পৰিপুষ্টিৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰা। 

Ans. খাদ্য আহৰণ প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি পৰিপুষ্টিক দুটা ভাগত ভাগ কৰিব পাৰি।

Q.2. পুষ্টিকাৰক দ্রব্যৰ বিষয়ে লিখা।

Ans. পৰিৱেশৰ পৰা আহৰণ কৰা যিবোৰ ব্ৰব্যই জীবনেহক পুষ্টি যোগায় আৰু দেহব উপাদানসমূহৰ জৈৱ সংশ্লেষণত শক্তিৰ উৎস হিচাপে কাম কৰে, তোমাবোৰ প্ৰবাই হৈছে পুষ্টিকাৰক দ্রব্য। 

পুষ্টিকাৰক দ্রব্যৰ প্ৰকাৰ: সংযুতিৰ ওপৰত ভিত্তি কৰি পুষ্টিকাৰক দ্রব্যক ২ টা ভাগত ভাগ কৰা হৈছে৷

Q.3. প্লাষ্টিড কি?

Ans. এই বৃহৎ আকৃতিৰ কোষপ্ৰসীয় অংগাণুবোৰ কেৱল উদ্ভিদ কোষত থাকে। ইহঁতে খাদ্য সংশ্লেষণৰ বাবে সৌৰ শক্তি আৱদ্ধ কৰিবলৈ সক্ষম। ৰঞ্জক বিশিষ্ট প্লাষ্টিডক ক্ল’ৰপ্লাষ্ট বুলি কোৱা হয় আৰু ৰঞ্জক বিহীন প্লাষ্টিভক লিউক’প্লাষ্ট বোলা হয়।

Q.4. সহজীৱীতা কাক বোলে?

Ans. ই শাৰীৰিক সংসৰ্গত থকা দুটা ভিন্ন জীৱক সূচায়। এই সংসৰ্গৰ দ্বাৰা দুয়োটা প্ৰাণীয়েই উপকৃত হয়।

Q.5. ক্ল’ৰফিল কি?

Ans. এই আলোক গ্রাহক অণুসমূহ সেউজীয়া উদ্ভিদত থাকে। ইহঁতক প্রধানকৈ পাতত পোৱা যায় যদিও কিছুমানক কাণ্ড আৰু সেউজীয়া ভালতো পোৱা যায়। ইহঁতৰ কাম হ’ল পোহৰ শক্তিক আৱদ্ধ কৰা আৰু সালোকসংশ্লেষণ প্ৰক্ৰিয়াত সহায় কৰা।

Q.6. পত্ৰৰন্ধ কি?

Ans. এই ক্ষুদ্র বন্ধুবোৰ পাতৰ বহিস্তকত থাকে। এযোৰ ৰক্ষীকোষৰ রসস্ফীতীৰ বাবে ইয়াৰ মেলখোৱা আৰু বন্ধ হোৱাটো নিয়ন্ত্রিত হয়। ইয়াৰ জৰিয়তে এনেদৰে গেছৰ বিনিময় ঘটে।

Q.7. সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো বৰ্ণনা কৰা।

Ans. এই জৈৱ ৰাসায়নিক প্রক্রিয়াৰ সহায়ত উদ্ভিদ আৰু আন কিছুমান জীৱই সূৰ্য্যৰ পোহৰৰ উপস্থিতিত নিজৰ খাদ্য (কার্ব’হাইড্রেট) প্রস্তুত কৰিব পাৰে। এই প্ৰক্ৰিয়াটো প্ৰধানকৈ পাৰ ক্ল’ৰপ্লাষ্টৰ মধ্যকলাৰ কোষবোৰত সংঘটিত হয় আৰু আন সেউজীয়া অংশসমূহতো কিছু পৰিমাণে ঘটে। সূৰ্য্যৰ পোহৰৰ উপস্থিতিত ক্ল’ৰফিলে আন কিছুমান কেঁচামাল যেন CO₂ পানী আৰু খনিজ পদাৰ্থৰ জৰিয়তে এই প্রক্রিয়াটো সম্পন্ন কৰে।

Q.8. উশাহ কাক বোলে?

Ans. বায়ু গ্ৰহণ কৰা প্ৰক্ৰিয়া বা শ্বাস লোৱা কাৰ্য। 

Q.9. নিশাহ কাক বোলে?

Ans. বায়ু দেহৰ পৰা বাহিৰলৈ উলিয়াই দিয়া প্রক্রিয়া বা শ্বাস এৰি দিয়া কাৰ্য্য।

Q.10. বহি:শ্বসন কাক বোলে?

Ans. ইয়াৰ দ্বাৰা বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰি কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডললৈ এৰি দিয়া প্ৰক্ৰিয়াটোকে বুজোৱা হয়।

Q.11. অন্ত:শ্বসন কাক বোলে?

Ans. ইয়াৰ দ্বাৰা অক্সিজেন গ্রহণ, পুষ্টিকাৰক এব্যসমূহৰ জাৰণ আৰু কোষ/কলাসমূহৰ দ্বাৰা শৰীৰৰ অভ্যন্তৰত কার্বন ডাই-অক্সাইড মুক্ত কৰা প্রক্রিয়াটোকে বুজোৱা হয়। 

Q.12. শ্বাস প্রশ্বাস আৰু শ্বসনৰ মাজত প্ৰভেদ কি?

Ans. শ্বসন হ’ল অন্তঃকোষীয় জৈৱিক প্রক্রিয়া। ইয়াৰ দ্বাৰা কোষস্থ গ্লুক’জ অণু ভাঙি শক্তি আহৰণ কৰে। আনহাতে, শ্বাস প্রশ্বাস হ’ল কোষবোৰৰ বাহিৰত সংঘটিত হোৱা ভৌতিক প্ৰক্ৰিয়া। ইয়াৰ দ্বাৰা গ্লুক’জ অণুৰ জাৰণৰ বাবে বায়ুমণ্ডলৰপৰা অক্সিজেন গ্ৰহণ কৰি কোষীয় শ্বাসনত হোৱা কাৰ্বন-ডাই-অক্সাইড গেছ ত্যাগ কৰে। শ্বসন হ’ল জৈৱ ৰাসায়নিক প্রক্রিয়া, কিন্তু শ্বাসপ্রশ্বাস হ’ল। ভৌতিক প্রক্রিয়া। শ্বসনত শক্তি উৎপন্ন হয়, শ্বাস-প্রশ্বাসত শক্তি উৎপন্ন হয়। শ্বসন গ্লাইক’লাইছিছ আৰু ক্ৰেব চক্ৰ দ্বাৰা সম্পন্ন হয়। শ্বাস প্রশ্বাস উশাহ নিশাহ দ্বাৰা সম্পন্ন হয়। 

Q.13. বহিঃশ্বসন আৰু অন্তঃশ্বসনৰ পাৰ্থক্য কি?

Ans. অন্ত:শ্বসন হ’ল কোষৰ ভিতৰত সংঘটিত হোৱা জৈৱিক ৰাসায়নিক প্রক্রিয়া আৰু বহি:শ্বসন হ’ল কোষৰ বাহিৰত ঘটা ভৌতিক প্রক্রিয়া। অন্ত:শ্বসনত কোনো ধৰণৰ শ্বাসাংগৰ প্ৰয়োজন নহয়, কিন্তু বহি:শ্বসনত জীৱৰ বিভিন্ন প্ৰকাৰৰ শ্বাসাংগৰ প্ৰয়োজন হয়। অন্ত:শসন গ্লাইক’লাইছিছ আৰু ক্ৰেব চক্ৰব দ্বাৰা সম্পন্ন হয়। আনহাতে, বহি:শ্বসন প্রশ্বাস বা উশাহ আৰু নি:শ্বাস না নিশাহ এই দুটা স্তৰৰ মাজেৰে সম্পন্ন হয়।

Q.14. উশাহত আমি কি গেছ সেৱন কৰো?

Ans. অক্সিজেন গেছ।

Q.15. নিশাহত ওলোৱা মুখ্য গেছ বিধৰ নাম কি?

Ans. কার্বন-ডাই-অক্সাইড গেছ। 

Q.16. অক্সিজেন বহন কৰা ৰাসায়নিক পদার্থ বিধ কি? 

Ans. হিম’গ্লবিন।

Q.17. তেজত অক্সিজেন আৰু হিম’গ্লবিনৰ মাজত বিক্রিয়া ঘটি সৃষ্টি হোৱা যৌগটোৰ নাম কি?

Ans. তেজৰ লোহিত ৰক্ত কণিকাত থকা হিম’গ্লবিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ, অক্সিজেনৰ লগত বিক্ৰিয়াৰ ফলত অক্সিহিম’গ্লবিন নামৰ অস্থায়ী যৌগৰ সৃষ্টি হয়।

Hb₄ + 4O₂― অক্সিহিম’গ্লবিন।

Q.18. পৰিপুষ্টি মানে কি বুজা?

Ans. জীৱই যি প্ৰক্ৰিয়াৰ দ্বাৰা আহাৰ গ্ৰহণ, পাচন আৰু শোষণৰ জৰিয়তে পুষ্টি লাভ কৰে আৰু দেহৰ বিকাশৰ লগতে নানান জৈৱিক ক্ৰিয়াৰ প্ৰয়োজনীয় শক্তি আহৰণ কৰে সেই প্রক্রিয়াকেই পৰিপুষ্টি বোলা হয়।

Q.19. জীৱদেহত খাদ্যৰ ভূমিকা কি উল্লেখ কৰা। 

Ans. জীৱদেহত খাদ্যৰ প্ৰয়োজনীয়তাৰ ভূমিকাসমূহ হল—

১। খাদ্যই জীৱক শক্তি প্রদান কৰে। 

২। খাদ্যই জীৱৰ শৰীৰ বৃদ্ধি কৰে।

৩। খাদ্যৰ পৰাই জৈৱিক প্ৰক্ৰিয়াৰ প্ৰয়োজনীয় দ্রব্যসমূহ পোৱা যায়।

Q.20. পৰিপুষ্টি গুৰুত্ব চমুকৈ লিখা।

Ans. জীৱৰ পুষ্টি সাধন আৰু নিজস্ব বৈশিষ্ট্য অটুট ৰখাত সহায় কৰা ব্রব্যসমূহক পুষ্টিকৰ দ্রব্য বোলে। পৰিপুষ্টিৰ গুৰুত্ব এয়েই যে ইয়াৰ দ্বাৰা জীৱই পুষ্টি লাভ কৰে আৰু পুষ্টিৰ দ্বাৰা জীৱৰ বিভিন্ন জৈৱিক ক্রিয়া সংঘটিত হয়। 

Q.21. পূর্ণগ্রাসী জীব কাক বোলে? উদাহৰণৰ সৈতে পূর্ণগ্রাসী জীৱৰ বিভিন্ন শ্রেণীসমূহ উল্লেখ কৰা।

Ans. গোটা জৈৱ আহাৰ ভক্ষণ কৰি তাৰপৰা পুষ্টি আহৰণ কৰা জীৱকেই পূর্ণগ্রাসী জীৱ বোলে। এক কথাত, পূর্ণগ্রাসী পুষ্টিৰে খাদ্য গ্ৰহণ কৰা জীৱবোৰেই পূর্ণগ্রাসী জীৱ।

খাদ্যৰ প্ৰকৃতি আৰু উৎসৰ ওপৰত ভিত্তি কৰি পূর্ণগ্রাসী জীৱক কেবাটাও শ্ৰেণীত ভাগ কৰিব পাৰি। যেনে—

১। তৃণভোজী প্রাণী, উদাহৰণ— গৰু, ছাগলী, হাতী আদি। 

২। মাংসভোজী প্রাণী, উদাহৰণ— বাঘ, সিংহ, চিল আদি।

৩। পতঙ্গভোজী প্রাণী, উদাহৰণ— ভেঁকুলী, জেঠী আদি।

৪। মৃতভোজী প্রাণী, উদাহৰণ— কাউৰী, শগুণ আদি।

Q.22. স্বভোজী জীব কাক বোলে? 

Ans. যিবোৰ জীৱই বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড আৰু মাটিৰ পৰা পানী আৰু খনিজ লোণ শোষণ কৰি নিজৰ খাদ্য নিজে প্রস্তুত কৰে সেইবোৰ জীৱকে স্বভোজী জীৱ বোলে।

Q.23. পৰপোষিত পুষ্টি মানে কি বুজা?

Ans. যি পৰিপুষ্টিত জীৱই উদ্ভিদজগত বা প্রাণীজগতৰ পৰা জৈৱিক আহাৰ গ্ৰহণ কৰি পুষ্টি লাভ কৰে তাকেই পৰপোষিত পুষ্টি বোলা হয়। 

Q.24. পূর্ণগ্রাসী পুষ্টিৰে খাদ্য আহৰণ কৰা দুটা প্ৰাণীৰ উদাহৰণ দিয়া।

Ans. পূর্ণগ্রাসী পুষ্টিৰ দ্বাৰা খাদ্য আহৰণ কৰা দুটি প্রাণী হ’ল— গৰু, বাঘ। 

Q.25. সন মানে কি বুজা? জীবদেহত ইয়াৰ আৱশ্যকতা কি বহলাই লিখা৷

Ans. যি জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত কোষস্ত খাদ্যৰ জৈৱ অণুবোৰ (বিশেষকৈ গ্লুক’জ) জাৰিত হৈ তাত নিহিত থকা শক্তিৰ পৰা ফছফেট যৌগ A.T.P ৰ লগতে পানী আৰু কাৰ্বন ডাই অক্সাইডৰ গেছীয় অণুৰ সৃষ্টি হয়। তাকে শ্বসন বোলে। ই এক অন্তঃকোষীয় জৈৱিক প্ৰক্ৰিয়াৰে সংঘটিত হয়। বুলি ইয়াক কোষীয় শ্বসনো বোলা হয়।

শ্বসন জীৱনৰ অন্যতম ধর্ম। জীব মাত্রেই শ্বসন কৰে। ইয়াৰ ফলত খাদ্যস্ত স্থৈতিক শক্তি তাপশক্তিলৈ নিৰ্গত হৈ জীবদেহৰ বিভিন্ন ধৰণৰ শাৰীৰবৃত্তীয় কার্য পৰিচালনা কৰে। বস্তুতঃ সকলো জীৱিত কোষবোৰতেই সদায় শ্বসন কাৰ্যা সম্পাদিত হয়। শ্বসন এক প্ৰকাৰৰ জীৱন বিক্রিয়া– শ্বসনৰ ফলত কোষস্থ খাদ্য জাৰিত হৈ কার্বন ডাই অক্সাইড আৰু তাপ শক্তি নির্গত হয়। শ্বসনত খাদ্য বস্তুবোৰ ভাগি যায়। সেয়েহে শ্বসন এক অপচিতিমূলক (catabolic) বিপাকীয় কাৰ্য্য। শ্বসন জীবদেহৰ অত্যন্ত আবশ্যকীয় জৈৱিক প্ৰক্ৰিয়া কাৰণ ইয়াৰ জৰিয়তে জীৱ জীয়াই থকাৰ বাবে শক্তি আহৰণ কৰে।

Q.26. সবাত শ্বসন আৰু অবাত শ্বসনৰ এটি তুলনামূলক বর্ণনা লিখা। 

Ans. শ্বসনক দুটা প্ৰধান ভাগত ভাগ কৰা যায়। যেনে— সবাত শ্বসন আৰু অবাত শ্বসন। ইহঁতৰ তুলনাটো তলত দিয়া ধৰণে লিখা যায়—

(i) সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত হয়, কিন্তু অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত হয়।

(ii) সবাত শ্বসনৰ শেষ পর্যায়ত কার্বন ডাই অক্সাইড আৰু পানী নির্গত হয়। আনহাতে, অবাত শ্বসনৰ শেষ পৰ্যায়ত ইথাইল এলকহল আৰু কার্বন ডাই অক্সাইড গেছ’ নির্গত হয়। 

(iii) নিৰ্গত হোৱা কাৰ্বন ডাই অক্সাইডৰ আয়তন সবাত শ্বসনত বেছি, কিন্তু অৱাত শ্বসনত নগণ্য বা বহুত কম।

(iv) সবাত শ্বসনত শক্তিৰ উদ্ভৱ A.T.P. বেছি, কিন্তু অৱাত শ্বসনত শক্তিৰ উদ্ভৱ ATP বহুত পৰিমাণে কম।

(v) সবাত শ্বসনত প্রতি গ্রাম অণু গ্লুক’জৰ পৰা প্ৰায় 673 কি, কেলৰি তাপ নির্গত হয়। পক্ষান্তৰে অবাত শ্বসনত প্রতি গ্রাম অণু মুকাজৰ পৰা 24-28 কেলৰি তাপ নির্গত হয়।

(vi) সবাত শ্বসনত মাইক’লাইছিছ আৰু ক্ৰেব্‌ চক্র এই দুয়োটা স্তব জড়িত; পক্ষান্তৰে অবাত শ্বসনত কেৱল গ্লাইক’লাইছিছ স্তৰটোহে জড়িত।

Q.27. তেজত অক্সিজেন গেছৰ পৰিবহণ কেনেকৈ হয় বর্ণনা কৰা। 

Ans. বায়ুকোষৰ পৰা অক্সিজেন বক্তকেশিকাত প্রৱেশ কৰাৰ পিছত তেজৰ সোঁত কলাকোষবোৰলৈ প্রবেশ কৰে। তেজৰ লোহিত কণিকাৰ ৰঞ্জকত্রব্য হিম’গ্লনিৰ সৈতে অতি সহজে সংযুক্ত হয় আৰু অগ্নিহিম’গ্লবিন নামৰ অস্থায়ী যৌগ এখন সৃষ্টি কৰে। অগ্নি হিম’গ্লবিনে দেহৰ বিভিন্ন কলাকোষবোৰত প্ৰবেশ কৰে। কলাকোষবোৰত প্রবেশ কৰাৰ লগে লগে অক্সিহিম’গ্লবিন ভাগি অক্সিজেন আৰু হিমগ্লবিনত পৰিণত হয়। কলাকোষবোৰৰ বেৰ অতি পাতল হোৱা বাবে তেজৰ অক্সিজেন গেছ অতি সহজতে ব্যাপনৰ দ্বাৰা কলাকোষবোৰত প্রবেশ কৰে আৰু তাতে কোষীয় শসন আৰম্ভ হয়। তেজত অক্সিজেনর ঘনত্ব কোষব ভিতৰৰ অক্সিজেনৰ ঘনত্বতকৈ বেছি হোৱাৰ ফলত অক্সিজেনর অণুবোৰ কোথাৱৰণেনি কোষৰ ভিতৰলৈ প্ৰৱেশ কৰে।

Q.28. অতিৰিক্ত শাৰীৰিক পৰিশ্ৰমৰ সময়ত পেশী অৱসাদগ্রস্ত হোৱাৰ কাৰণ কি?

Ans. অতিৰিক্ত শাৰীৰিক পৰিশ্ৰমৰ সময়ত প্রাণীর পেশী-সমূহত অবাত শ্বসন হয়। একেৰাহে বহুসময়ৰ বাবে দৌৰিলে, জপিয়ালে বা অতিরিক্ত পরিশ্রম কৰিলে পেশীকোষৰ সংকোচন আৰু প্ৰসাৰণ ঘটে আৰু ইয়াৰ বাবে প্ৰচুৰ শক্তিৰ প্ৰয়োজন হয়। এই অবস্থাত পেশী কোষবোৰত থকা গ্লুক’জ আংশিকভাৱে জাৰিত হৈ লেকটিক এছিড উৎপন্ন হয়। লেক্‌টিক্ এছিডৰ পৰিমাণ বাঢ়িলে পেশীসমূহ সাময়িক ভাবে অৱসাদগ্রস্ত হৈ পৰে।

Q.29. পার্থক্য লিখা- 

(i) শ্বসন আৰু শ্বাস প্রশ্বাস।

Ans. শ্বসন হ’ল অন্তঃকোষীয় জৈৱিক প্রক্রিয়া। ইয়াৰ দ্বাৰা কোষস্থ গ্লুক’জ অণু ভাঙি শক্তি আহরণ কৰে। আনহাতে, শ্বাস প্রশ্বাস হ’ল কোষবোৰৰ বাহিৰত সংঘটিত হোৱা ভৌতিক প্রক্রিয়া। ইয়াৰ দ্বাৰা গ্লুক’জ অণুৰ জাৰণৰ বাবে বায়ুমণ্ডলৰপৰা অক্সিজেন গ্রহণ কৰি কোষীয় শাসনত হোৱা কার্বন-ডাই-অক্সাইড গেছ ত্যাগ করে। শ্বসন হ’ল জৈব রাসায়নিক প্রক্রিয়া, কিন্তু শ্বাসপ্রশ্বাস হ’ল ভৌতিক প্রক্রিয়া। শ্বসনত শক্তি উৎপন্ন হয়, শ্বাস-প্রশ্বাসত শক্তি উৎপন্ন হয়। শ্বসন গ্লাইক লাইছিছ আৰু ক্ৰেব চক্ৰ দ্বাৰা সম্পন্ন হয়। শ্বাস প্রশ্বাস উশাহ নিশাহ দ্বাৰা সম্পন্ন হয়।

(ii) অবাত শ্বসন আৰু সবাত শ্বসন।

Ans. অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত হয়, কিন্তু সবাত শ্বসন অক্সিজেনৰ উপস্থিতিতেহে হয়।

অবাত শ্বসনত গ্লুক’জ অণু আংশিকভাৱে জাৰিত হৈ সামান্য পৰিমাণৰ শক্তি সৃষ্টি কৰে আৰু তাৰ বাহিৰত ইথাইল এলকহল বা লেকটিক এছিড আৰু CO₂ উৎপন্ন কৰে। আনহাতে, সবাত শ্বসনত গ্লুক’জ অণু সম্পূর্ণ ৰূপে জাৰিত হৈ শক্তিৰ লগতে CO₂ আৰু পানীৰ অণুৰ সৃষ্টি কৰে। অবাত শ্বসনত কেৱলমাত্র গ্লাইক’লাইচিছ স্তৰটো জড়িত। কিন্তু সবাত শ্বসন গ্লাইক’লাইচিছ আৰু ক্রেব চক্ৰৰ লগত জড়িত।

অবাত শ্বসন মাইট্‌’কন্ড্ৰিয়াৰ বাহিৰত হয়, কিন্তু সবাত শ্বসন মাইট্‌কন্ড্রিয়াৰ ভিতৰত হয়।

Q.30. উদ্ভিদ দেহৰ পৰিবহণত কি কি জৈৱিক আৰু ভৌতিক প্রক্রিয়া জড়িত তাৰ বিষয়ে বহলাই লিখা।

Ans. উদ্ভিদ এডাল জীয়াই থাকিবৰ বাবে প্ৰচুৰ পৰিমাণে পানী, অক্সিজেন আৰু বিভিন্ন প্ৰকাৰৰ জৈৱ আৰু অজৈৱ লৱণ পৰিবহণৰ সামর্থ্য থকাটো অতি প্রয়োজনীয়। এইবোৰ পদাৰ্থ প্ৰতিটো কোষেই সুষমভাবে পাবলৈ হ’লে উদ্ভিদ দেহত এক নির্দিষ্ট প্রক্রিয়া আৰু পৰিবহণ ব্যৱস্থা থাকিব লাগিব। অর্থাৎ পৰিবহণ হ’ল এনে এক ব্যৱস্থা যাৰ সহায়ত কোনো দ্ৰৱ্য্য এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হয়। উদ্ভিদৰ কোষৰ ভিতৰতে এঠাইৰ পৰা আন ঠাইলৈ আৱৰ্তন প্ৰক্ৰিয়াত সৰবৰাহ হয়। আৱৰ্তন প্ৰক্ৰিয়াৰ সহায়ত কিছুমান নিম্নশ্রেণীৰ উদ্ভিদৰ (দোলন-শেলাই) কোষস্থ দ্ৰৱ্য্য কোষটোৰ ভিতৰতে যি কোনো ফালে গতি কৰি কোষটোৰ সকলো ঠাইলৈকে জৈৱিক ক্ৰিয়াৰ যাৱতীয় পদার্থবিলাক সৰবৰাহ কৰে। কোষৰ ভিতৰতে কোষস্থ ব্ৰব্যৰ গতিশীল অৱস্থাকে আৱৰ্তন বোলা হয়। 

উদ্ভিদৰ দেহৰ পৰিবহণত জৈৱিক ক্ৰিয়াৰ লগতে কিছু ভৌতিক প্রক্রিয়াও ওতঃপ্রোতভাবে জড়িত আছে। যেনে— অৱশোষণ, ব্যাপন, আসৃতি আদি।

Q.31. পৰিবহণ তন্ত্ৰৰ দুটা প্রধান কার্য উল্লেখ কৰা। 

Ans. প্ৰাণীৰ পৰিবহণ তন্ত্ৰৰ মুখ্য কাৰ্য্য দুটা হ’ল—

(i) দেহ কোষবোৰক খাদ্য আৰু অক্সিজেন গেছৰ যোগান ধৰা আৰু, 

(ii) কার্বন-ডাই-অক্সাইড গেছ আৰু বিপাকীয় কাৰ্য্যত উদ্ভৱ হোৱা অলাগতিয়াল দ্রব্যসমূহ উৎপত্তিস্থলৰ পৰা নিষ্কাশন কৰি অংগসমূহলৈ প্ৰেৰণ কৰা।

Q.32. আমাৰ শৰীৰত অক্সিজেনৰ প্ৰয়োজন কি?

Ans. আমাৰ দেহৰ আভ্যন্তৰীণ কোষবোৰলৈ খাদ্য আৰু অক্সিজেন গেছ যোগান ধৰা পৰিবহণ তন্ত্ৰৰ দ্বাৰাহে সংঘটিত হয়। প্রাণী জীৱাই থাকিবলৈ অক্সিজেন গেছ অতি প্রয়োজনীয়, কাৰণ প্ৰাণী দেহত সকলোবোৰ কাৰ্যৰ পৰিচালক হ’ল এই গেছখিনি। সকলোবোৰ জৈৱিক কাৰ্যৰ পৰিচালক হিচাবে অক্সিজেন গেছ কাম কৰে।

Q.33. মানুহৰ হৃদপিণ্ডৰ কোঠালি কেইটাৰ নাম লিখা।

Ans. সোঁ-নিলয়, বাওঁ নিলয়, সোঁ অলিন্দ, বাওঁ অলিন্দ।

Q.34. চিত্ৰৰ সহায়েৰে মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন বর্ণনা কৰা। 

Ans. মানুহৰ হৃদপিণ্ডটো প্রধান দুটা খণ্ডত বিভক্ত। ওপৰৰ বহল ভূমি অংশক অলিন্দ আৰু তলৰ মুক্ত অংশ বা খণ্ডক নিলয় বোলে। হৃদপিণ্ডৰ ডাঠ। অনুদৈৰ্ঘভাবে হৃদযন্ত্ৰটো এখন ডাঠ বেৰেৰে সোঁ আৰু বাওঁ দুটা ভাগত বিভক্ত। প্রত্যেক ভাগৰ ওপৰৰ অংশত একোটা অলিন্দ আৰু পিছফালৰ ভাগত এটা নিলয়ৰ কোঠালী থাকে। অর্থাৎ মানুহৰ হৃদযন্ত্ৰটো দুটা অলিন্দ আৰু দুটা নিলয় মুঠ চাৰিটা কোঠালিত বিভক্ত।

অলিন্দ: হৃদপিণ্ডৰ ওপবৰ অংশত থকা বহল ভূমি খণ্ডই হ’ল অলিন্দ। ইয়াৰ বেৰ পাতল। সোঁ আৰু বাওঁ অলিন্দৰ পৰা একেফালে থকা সোঁ আৰু বাওঁ নিলয়লৈ তেজ চলাচলৰ বাবে ইহঁতৰ মাজত একোটাকৈ ছিদ্র থাকে। ইয়াক অলিন্দ নিলয় ছিদ্র বোলে। সোঁ অলিন্দ নিলয় ছিদ্ৰটোত তিনিটা কপাটযুক্ত ভালভ্ থাকে। ইয়াক ট্রাইকাস্পিড ভালভ্ বোলে। এইখনেৰে সোঁ অলিন্দৰ পৰা সোঁ নিলয়লৈ তেজ প্রবাহিত হ’ব পাৰে; কিন্তু নিলয়ৰ পৰা অলিন্দলৈ তেজৰ সোঁত বব নোৱাৰে। আনহাতে বাওঁ অলিন্দ-নিলয় ছিদ্ৰত দুটা কপাটযুক্ত এটা বাইকাস্পিড ভালভ্ থাকে। ইয়াৰ মাজেৰেও বাওঁ অলিন্দৰ পৰা বাওঁ নিলয়লৈ তেজ প্রবাহিত হ’ব পাৰে, কিন্তু উভটি যাব নোৱাৰে।

চিত্ৰ: মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন।

নিলয়: হৃদপিণ্ডৰ পিছ ফালে থকা শংকু আকৃতিৰ অংশটোক নিলয় বোলে। ইয়াৰ বেৰ অত্যন্ত ডাঠ। সোঁ অলিন্দৰ পৰা পোৱা অশুদ্ধ তেজ সোঁ নিলয়ৰ পৰা ক্লোম ধমনীৰে হাওঁফাওঁলৈ ওলাই যায়। আনহাতে বাওঁ নিলয়ে বাওঁ অলিন্দৰ পৰা পোৱা বিশুদ্ধ তেজ চিষ্টেমিক ধমনীৰে দেহৰ বিভিন্ন অংগসমূহলৈ উলিয়াই দিয়ে। ক্লোম ধমনী আৰু চিষ্টেমিক ধমনী মুখ্য অংশত অর্ধচন্দ্রাকৃতিৰ ভালভ্ থকাৰ বাবে অলিন্দৰ পৰা ওলাই যোৱা তেজ নিলয়ৰ পৰা পুনৰ অলিন্দলৈ উভতি আহিব নোৱাৰে।

Q.35. তেজৰ দুটা প্ৰধান কাৰ্য্য উল্লেখ কৰা।

Ans. তেজৰ দুটা প্ৰধান কাৰ্য্য হ’ল—পৰিবহন আৰু প্ৰতিৰক্ষা। তেজে খাদ্যদ্রব্য আৰু শ্বসনগেছ আদি দেহৰ ভিতৰত একোটা স্থানৰ পৰা আন এটা স্থানলৈ পৰিবহণ কৰে। আৰু বিপাকীয় কাৰ্য্যত উদ্ভৱ হোৱা অলাগতিয়াল এব্যসমূহ এটা স্থানৰ পৰা আন এটা স্থানলৈ কঢ়িয়াই নিয়ে। আকৌ তেজত থকা শ্বেত ৰক্তকণিকা সমূহে দেহ আক্রমণকাৰী অনুজীৱ ধ্বংস কৰি আমাৰ দেহক বেমাৰৰ পৰা ৰক্ষা কৰে।

36. মানুহৰ ৰেচন তন্ত্ৰৰ চিত্ৰ আঁকি চিহ্নিত কৰা।

Ans.

37. মানুহৰ ৰেচন তন্ত্ৰৰ চমুকৈ বৰ্ণনা লিখা।

Ans. মানুহৰ দেহৰ অভ্যন্তৰত সৃষ্টি হোৱা বৰ্জ পদার্থসমূহৰ সৰহভাগেই বৃক্কৰ সহায়তাত দেহবপৰা মূত্ৰৰূপে অপসাৰিত হয়। মানুহৰ দেহ গহ্বৰৰ পৃষ্ঠীয় ভাগত দুটা বৃত্ত থাকে। দেহৰ অভ্যন্তৰত শতকৰা 70-75 ভাগ তেজ বৃহত পৰিশোধিত হয়।

এটা বৃক্কৰ অনুদীৰ্ঘ্যচ্ছেদ কৰিলে দুটা অংশ দেখিবলৈ পোৱা যায়। বাহিৰৰ অংশটোক বহিঃস্তৰ বা কর্টেক্স আৰু ভিতৰৰ ফালে থকা পাতল কেন্দ্রীয় অংশটোক অন্তঃস্তৰ বা মেডুলা বোলে। কর্টেক্স আৰু মেডুলা অংশত অসংখ্য চুলিৰ দৰে বৃত্তনলিকা বা নেফ্রন থাকে। নেফ্ৰনৰ মালপিঘিয়ন অংশত দুতৰপীয়া কাপ বা বাটিৰ নিচিনা আকৃতি বিশিষ্ট মধ্যবর্তী অংশত এটা ৰক্ত জালিকাৰ পিণ্ড থাকে যাক গ্লামেরুলাছ বুলি কৰা হয়। বৃদ্ধ নলিকাৰ এই অংশ কর্টেক্স অঞ্চলত থাকে। বাকীবোৰ অংশ নানাভাবে অসংখ্য পাক খাই কর্টেক্স আৰু মেডুলাত সোনায় আৰু অৱশেষত সংগ্রাহী নলিকাত যুক্ত হয়। বৃহত ধমনী বাহিত তেজত থকা পানী, ইউৰিয়া আৰু অন্যান্য লবণ মূত্র নলিকাত ওলাই আছে। পরিবারিত পদার্থসমূহ প্রবাহিত হৈ সংগ্রাহক নলীৰ জৰিয়তে পেলভিছত মুক্ত হয়। 

38. মানুহৰ বৃক্কৰ আভ্যন্তৰীণ গঠন চিহ্নিত কৰি চিত্রসহ বর্ণনা কৰা।

Ans. এটা বৃত্তকে দীর্ঘচ্ছেদ কৰিলে ভিতৰৰ দুটা অংশ স্পষ্ট ভাবে দেখিবলৈ

পোৱা যায়। বাহিৰৰফালৰ অংশটোক বহিৰস্তৰ বা কটেক্স আৰু ভিতৰৰফালৰ পাতল কেন্দ্রীয় অংশটোক অন্তঃস্তৰ বা মেডুলা বোলে। মেডুলা অংশটো কেইটা মান শম্ভুক আকৃতি বিশিষ্ট অংশত বিভক্ত হৈ থাকে। ই বিলাকক বৃক্কীয় পিৰামিত বা মডুলাৰী পিৰামিড বোলে। পিৰামিডবোৰৰ ভূমি কটেক্সৰ ফালে শীর্ষ বৃক্কৰ কেন্দ্ৰৰ দিশত থাকে। বৃত্তীয় পিৰামিডবোৰৰ ফাওবোৰত কটেক্সৰ কিছুমান অংশ মেডুলাৰ অঞ্চলত স্তম্ভ আকাৰত সোমাৱা থাকে। এই বোৰক বৃক্কীয় স্তম্ভ বুলি কোৱা হয়। পিৰামিডবোৰ ভিতৰৰ ফালে মেডুলাৰ ক্ৰমাত গৌণবৃতি পুঞ্জ আৰু মুখ্যবৃতি পুঞ্জৰ ফালে আগ বঢ়ায়। মানুহৰ বৃত্তত এনে ধৰণৰ দুটা বা তিনিটা মুখ্যবৃতি পুঞ্জ থাকে।

চমু টোকা লিখা-

(1) কোষীয় শ্বসন: কোষীয় শব্দ হ’ল কোষব মাইট ‘কড়িয়াত অনুকূলতম উষ্ণতাত নির্দিষ্ট কিছুমান উৎসেচকৰ উপস্থিতিত সংঘটিত হোৱা পুষ্টিকারক ব্ৰব্যৰ জৈৱ ৰাসায়নিক ভাৰণ প্ৰক্ৰিয়া। এই প্রক্রিয়াৰ দ্বাৰ৷ বিভিন্ন বিপাকীয় কাৰ্য্যৰ বাবে শক্তি উন্মুক্ত হয়।

(2) অবাত শ্বসন: এই প্রক্রিয়াত কোন অথবা কলা বা জীৱদেহত আণবিক অক্সিজেন ব্যৱহাৰ নকৰাকৈ পুষ্টিকাৰক ব্ৰব্যৰ জাৰণ সম্পন্ন কৰে। গ্লুক’জৰ পৰা উৎপন্ন হোৱা অন্তিম জাত ব্ৰব্যটো হ’ল ইথাইল এলকহল অথবা লেক্ট্রিক এছিড। লগতে সামান্য পৰিমাণৰ শক্তিও (56 কিঃ কেলৰি) উন্মুক্ত হয়।

(3) সবাত শ্বসন: এই প্রক্রিয়াত কলাসমূহে আণৱিক অক্সিজেনৰ উপস্থিতিত খাদ্য অথবা পুষ্টিকাৰক ব্ৰব্যৰ জাৰণ সম্পন্ন কৰি শক্তি উন্মুক্ত কৰে। অক্তিম জাত ব্ৰব্যকেইটা হ’ল কার্বন ডাই-অক্সাইড আৰু পানী। ইয়াত যথেষ্ট পৰিমাণ শক্তি (686 কিঃ কেলৰি) মুক্ত হয়। কোষৰ মাইট’কয়িাত এই প্রক্রিয়াটো সংঘটিত হয়।

(4) প্রাণীৰ শ্বসন: কিছুমান বিশেষ শ্বাস অংগৰ সহায়ত প্ৰাণীৰ শ্বসন ঘটে। বিভিন্ন প্রাণীর শ্বাস অংগ ভিন্ন প্ৰকাৰৰ।

জলজ প্রাণী– (মাছ, মিছামাছ, ইত্যাদি)— ফুল বা জলক্লোম ৷ 

স্থলজ প্রাণী– (সৰীসৃপ, চৰাই, মানুহ, স্তন্যপায়ী প্রাণী)— হাওঁফাওঁ

(ভেকুলী)— ছাল আৰু হাওঁফাওঁ। 

(পতংগ) শ্বাসনালী বা বায়ুমলী।

(5) স্ফীত চাপ: পানীৰ প্ৰৱেশৰ বাবে কোষৰ প্ৰুট প্লাজমত সৃষ্টি হোৱা চাপক স্ফীত চাপ বুলি কোৱা হয়। 

(6) ৰসাকর্ষণ: ইয়াৰ দ্বাৰা ঢাল বা নতিৰ পৰা শোষকৰ দিশলৈ হোৱা পানীৰ গতিকে দুচোৱা হয়।

(7) কৈশিকতা: জলপাত্ৰত একেলগে বখা অতি ক্ষুদ্র ব্যাসযুক্ত নলীৰে পানী আৰোহণ কৰাটোকে কৈশিকতাৰ দ্বাৰা সূচোৱা হয়। 

(8) আসঞ্জক বল: এই বলে ভিন ভিন প্ৰকাৰৰ অণুক আকর্ষণ কৰে।

(9) সংশক্তি: ই হ’ল একে প্ৰকাৰৰ অণুবোৰৰ ইটোৱে সিটোক আকর্ষণ কৰা বল।

(10) ৰসাৰোহণ: ই হ’ল উদ্ভিদৰ জাইলেমৰ মাজেৰে পানী আৰু খনিজ পদাৰ্থৰ উৰ্দ্ধ মুখী গতি।

(11) প্রস্বেদন: ই হ’ল উদ্ভিদৰ বায়বীয় অংশৰ পৰা জলীয় বাষ্পৰ ৰূপত হোৱা পানীৰ ক্ষয় প্রক্রিয়া।

(12) পৰিবহণ: ইয়াৰ দ্বাৰা উদ্ভিদ দেহৰ পাতৰ পৰা অন্যান্য অংশলৈ ফ্লোৱেমৰ মাজেৰে খাদ্যবস্তুৰ পৰিবণকে সূচোৱা হয়। উদ্ভিদৰ প্ৰতিটো অংশক ই শক্তি সংগ্ৰহ কৰাত সহায় কৰে আৰু এই শক্তি উদ্ভিদদেহৰ গঠন আৰু প্রতিপালনত ব্যবহৃত হয়।

(13) প্লাজমা: ৰক্ত কণা বিহীন তেজৰ তৰল অংশটোৱেই হৈছে প্লাজমা। ইয়াত পানী, প্ৰ’টিন, ৰাসায়নিক দ্রব্য আদি থাকে। ইয়াত ৰক্ত কণিকাবোৰ সিঁচৰিত হৈ থাকে।

(14) লোহিত ৰক্ত কণিকা: এইবোৰ কোষকেন্দ্রহীন দ্বি-অৱতল থাল আকৃতিৰ গঠন বিশিষ্ট কোষ। ইয়াত থকা আইৰণ শ্বাসৰঞ্জক হিম’গ্লবিনে হাওঁফাওঁৰ পৰা কলাসমূহলৈ অক্সিজেন আৰু শৰীৰৰ বিভিন্ন প্ৰান্তৰ কলাসমূহৰ পৰা হাওঁফাওঁলৈ কার্বন ডাই-অক্সাইডৰ পৰিবহণত সহায় কৰে। ইয়াৰ জীৱন কাল 120 দিন।

(15) শ্বেতৰক্তকণিকা: এইবোৰ আকাৰত ডাঙৰ, কোষকেন্দ্ৰযুক্ত আৰু বৰণহীন। ইহঁত দুই প্ৰকাৰৰ— দানাযুক্ত ‘শ্বেত ৰক্তকণিকা আৰু দানাবিহীন শ্বেত ৰক্তকণিকা।

1 thought on “Class 10 Science Chapter 6 জীৱন প্ৰক্ৰিয়া”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top