🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 10 Science Chapter 5 মৌলৰ পৰ্য্যাবৃত্ত শ্রেণীবিভাজন

Class 10 Science Chapter 5 মৌলৰ পৰ্য্যাবৃত্ত শ্রেণীবিভাজন, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science Chapter 5 মৌলৰ পৰ্য্যাবৃত্ত শ্রেণীবিভাজন Question Answer can be of great value to excel in the examination.

Class 10 Science Chapter 5 মৌলৰ পৰ্য্যাবৃত্ত শ্রেণীবিভাজন

SEBA Class 10 General Science Chapter 5 মৌলৰ পৰ্য্যাবৃত্ত শ্রেণীবিভাজন Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science Chapter 5 মৌলৰ পৰ্য্যাবৃত্ত শ্রেণীবিভাজন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

NEW VIDEO CLASSE

দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ ভিডিঅ’ উপলব্ধ

সহজ ব্যাখ্যা, অধ্যায়ভিত্তিক Video আৰু নোটসমূহ পাবলৈ তলৰ বিকল্পসমূহ বাছক

মৌলৰ পৰ্য্যাবৃত্ত শ্রেণীবিভাজন

Chapter – 5

ৰসায়ন বিজ্ঞান

অতিৰিক্ত প্ৰশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

1. মৌলসমূহৰ শ্ৰেণীবিভাজন কৰাৰ প্ৰয়োজনীয়তা কি? 

উত্তৰঃ বর্তমানে আমি 118 টা মৌলৰ বিষয়ে জানো। এই বৃহৎ সংখ্যক মৌলৰ প্ৰতিটোকে ব্যক্তিগতভাৱে অধ্যয়ন কৰাটো কষ্টসাধ্য। ইয়াৰ সলনি ধৰ্মৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি মৌলসমূহক কিছুমান গোষ্ঠীত বিভক্ত কৰিলে, এই গোষ্ঠীসমূহৰ অধ্যয়নৰ দ্বাৰা মৌলসমূহক জানিবলৈ বেছি সহজসাধ্য হয়। এইবাবে মৌলসমূহৰ শ্ৰেণীবিভাজন কৰাটো প্ৰয়োজনীয়।

2. ড’বাৰেইনাৰৰ ট্ৰায়াড কি?

উত্তৰঃ জার্মান ৰসায়নবিদ ডবাৰেইনাৰে এক ধৰ্মবিশিষ্ট মৌলবোৰক একো একোটা গোটত সজাবলৈ যত্ন কৰিছিল। তেওঁ তিনিটাকৈ মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল। এই গোটসমূহক ড’বাৰেইনাৰৰ ট্ৰায়াড বা ত্ৰিক বোলা হৈছিল।

 3. ড’বাৰেইনাৰৰ ট্ৰায়াডৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ 

LiCaCl
NaSrBr
KBaI

4. ড’বাৰেইনাৰৰ ট্ৰায়াড একোটাৰ এক উল্লেখনীয় বৈশিষ্ট্য লিখা। 

উত্তৰঃ ট্রায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজালে মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান হয়।

5. নিউলেণ্ডছৰ অষ্টক সূত্ৰটো কি?

উত্তৰঃ ইংৰাজী বিজ্ঞানী জন নিউলেণ্ডছে সেই সময়লৈকে আৱিষ্কৃত 56 টা মৌলক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। এনেদৰে সজাওঁতে তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ সৈতে একে ধৰণৰ হোৱা লক্ষ্য কৰিছিল। এইটোক তেওঁ সংগীতৰ অষ্টকৰ লগত তুলনা কৰিছিল। ইয়াক নিউলেণ্ডছৰ অষ্টক সূত্ৰ নামেৰে জনা যায়।

6. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা কি?

উত্তৰঃ ৰুছ ৰসায়ন বিজ্ঞানী মেণ্ডেলিভে তেওঁৰ সময়লৈকে জনা যোৱা 63 টা মৌলক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। এনেদৰে সজাওঁতে দেখা গৈছিল যে এক নিৰ্দিষ্ট অন্তৰালৰ মূৰে মূৰে একে ধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধর্ম প্ৰদৰ্শন কৰা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে। এনেদৰে প্ৰস্তুত কৰি উলিওৱা মৌলৰ তালিকাখনক মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা বোলে।

7. মেণ্ডেলিভে তেওঁৰ তালিকাখনত মৌলবোৰক কিহৰ ভিত্তিত সজাইছিল?

উত্তৰঃ মৌলবোৰৰ এক মৌলিক ধৰ্ম, পাৰমাণৱিক ভৰ আৰু সিহঁতৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত।

8. মৌলসমূহৰ ৰাসায়নিক ধৰ্মৰ পৰীক্ষাৰ বাবে মেণ্ডেলিভে কিহৰ ওপৰত গুৰুত্ব দিছিল?

উত্তৰঃ মৌলবোৰে অক্সিজেন আৰু হাইড্ৰ’জেনৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰত। 

9. ৰাসায়নিক ধর্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰ’জেনৰ সৈতে গঠন কৰা যৌগৰোৰৰ ওপৰত মেণ্ডেলিভে কিয় গুৰুত্ব দিছিল?

উত্তৰঃ কাৰণ ইহঁত যথেষ্ট সক্রিয় মৌল আৰু অধিকাংশ মৌলৰেই সৈতে ইহঁতে যৌগ গঠন কৰে।

10. মেণ্ডেলিভে মৌল এটাক শ্রেণীভুক্ত কৰিবলৈ মৌলটোৱে গঠন কৰা কেনে ধৰণৰ যৌগৰ সংকেতক মৌলটোৰ অন্যতম মূল ধর্ম হিচাপে বিবেচনা কৰিছিল? 

উত্তৰঃ মৌলটোৱে গঠন কৰা হাইড্ৰাইড আৰু অক্সাইডসমূহৰ সংকেতক।

Multiple Choice Questions & Answers

1. তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা –

(a) ছ’ডিয়াম।

(b) এলুমিনিয়াম।

(c) ক্ল’ৰিণ।

(d) ব’ৰণ। 

উত্তৰঃ (d) ব’ৰণ। 

2. মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসার্ধ ক্রমান্বয়ে–

(a) বাঢ়ে।

(b) কমে।  

(c) একেই থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) কমে।

3. তলৰ কোনটো এটা ড’বেৰেইনাৰৰ ট্ৰায়াড? 

(a) Li, Na, Ca 

(b) K, Sr, Ba

(c) Ca, Sr, Be

(d) Cl, Br, I

উত্তৰঃ (d) Cl, Br, I

4. মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক— এই কথাষাৰি কোনে আগবঢ়াইছিল? 

(a) মেণ্ডেলিভ।

(b) ড’বেৰেইনাৰ।

(c) ব’ৰ।

(d) হেনৰী ম’জলে।

উত্তৰঃ (d)হেনৰী ম’জলে।

5. দ্বিতীয় পৰ্যায়ৰ মৌলসমূহ একাদিক্রমে Li, Be B, C, N, O, F আৰু Ne – ইহঁতৰ ভিতৰত কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ? 

(a) Li 

(b) Be 

(c) Ne 

(d) F

উত্তৰঃ (a) Li

6. প্ৰথম বৰ্গৰ ধাতুসমূহ একাদিক্রমে Li, Na, K Rh, Cs, Fr ৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰমাণু থকা মৌলটো হ’ল- 

(a) Rb 

(b) Cs 

(c) Li 

(d) Fr

উত্তৰঃ (d) Fr

7. আধুনিক পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ’লে পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে — 

(a) বাঢ়ে। 

(b) কমে।

(c) একে থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) বাঢ়ে।

8. আধুনিক পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে মৌলবোৰৰ যোজ্যতা ক্রমান্বয়ে–

(a) কমে।

(b) বাঢ়ে।

(c) একে থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) একে থাকে।

9. আধুনিক পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ’লৈ মৌলবোৰৰ যোজ্যতা ক্রমান্বয়ে–

(a) কমে।

(b) থাকে।

(c) একে থাকে।

(d) প্রথমে বাঢ়ি পিছত কমে।

উত্তৰঃ (d) প্রথমে বাঢ়ি পিছত কমে।

10. পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত মৌলবোৰৰ পৰমাণুৰ ইলেক্ট্ৰন হেৰুওৱাৰ প্ৰৱণতা (ধাতৱীয় ধর্ম) ক্রমান্বয়ে–

(a) কমে।

(b) বাঢ়ে।

(c) একে থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) বাঢ়ে।

11. পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত মৌলবোৰৰ পৰমাণুৰ ইলেক্ট্ৰন হেৰুওৱাৰ প্ৰৱণতা (ধাতৱীয় ধর্ম) ক্রমান্বয়ে–

(a) কমে।

(b) বাঢ়ে।

(c) একে থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) কমে।

12. পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ’লৈ মৌলবোৰৰ ইলেক্ট্ৰন লাভ কৰাৰ প্রৱণতা (অধাতৱীয় ধর্ম) ক্রমান্বয়ে- 

(a) কমে।

(b) বাঢ়ে।

(c) একে থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) বাঢ়ে।

13. পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত তললৈ আহিলে মৌলবোৰৰ ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা (অধাতৱীয় ধর্ম) ক্রমান্বয়ে –

(a) কমে।

(b) বাঢ়ে।

(c) একে থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) কমে।

14. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা K মৌলৰ অক্সাইডৰ সংকেত হ’ল– 

(a) KO₂

(b) K₂O

(c) K₂O₃

(d) KO

উত্তৰঃ (b) K₂O

15. এটা মৌল Xয়ে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি X₂O সংকেতেৰে যৌগ গঠন কৰে। মৌল X তলৰ কোনটো মৌলৰ সৈতে পর্যাবৃত্ত তালিকাত একেটা বৰ্গত থাকিব?

(a) Na 

(b) Mg 

(c) Al

(d) Si

উত্তৰঃ  (a) Na

16. নিউলেণ্ডছে তেওঁৰ সময়লৈকে জ্ঞাত ৫৬ টা মৌলক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাবলৈ যত্ন কৰিছিল। তেওঁৰ তালিকাৰ প্ৰথম মৌলটো যদি হাইড্ৰ’জেন আছিল, তেন্তে ৫৬ তম মৌলটো আছিল –

(a) জিৰক নিয়াম।

(b) ছেলেনিয়াম।

(c) থ’ৰিয়াম।

(d) ষ্ট্ৰনছিয়াম।

উত্তৰঃ (c) থ’ৰিয়াম।

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

Q. 1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্রায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা। 

Ans. হয়, আছিল। নিউলেগুছৰ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্রায়াড আছিল অর্থাৎ নিউলেণ্ডছৰ “অষ্টক-সূত্ৰ”-ত (Law of Octaves) মৌলবোৰৰ অস্তিত্ব আছে। মৌলবোৰ হ’ল– Li, Na আৰু K

Q. 2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল? 

Ans. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ হ’ল—

[i] বৰ্ত্তি থকা সকলো মৌলসমূহৰ শ্ৰেণীবিভাজন হোৱা নাই। 

[ii] ড’বাৰেইনাৰ অকল তিনিটা মৌল লৈ দল (Group) গঠন কৰিছিল। সুতৰাং এই ‘ত্রি-মৌল’ শ্রেণীবিভাগ সকলো ক্ষেত্ৰত প্ৰয়োগ সম্ভৱ হোৱা নাই।

Q. 3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল? 

Ans. নিউলেণ্ডছৰ অষ্টক সূত্র (Law of Octaves) ৰ সীমাবদ্ধতা হল— 

[i] কেলছিয়াম মৌল (Ca) লৈকে এই সূত্র প্রযোজ্য।

[ii] নতুনকৈ আৱিষ্কাৰ হোৱা মৌলবোৰৰ ক্ষেত্ৰত এই সূত্র প্রয়োগ নহয়। 

[ii] নিউলেগুছে মোটামুটি 21 টাতকৈ বেছী মৌলকে তেওঁৰ সূত্রানুযায়ী শ্রেণীবদ্ধ কৰিব পৰা নাই।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা। – K, C, Al, Si, Ba.

Ans.

মৌলশ্রেণী সংখ্যাসংকেত
K1K₂O
C4CO₂
AI3Al₂O₃
Si4SiO₂
Ba2BaO

Q. 2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনো দুটা) 

Ans. গেলিয়াম (Gallium), জাৰমেনিয়াম (Germanium) আৰু স্কেনডিয়াম (Scandium) আৱিষ্কৃত হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল।

Q. 3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ (Criteria) কি কি আছিল? 

Ans. পৰ্য্যাবৃত্ত তালিকা যুগুতাওঁতে মেণ্ডেলিভে অৱলম্বন কৰা নীতিবোৰ হ’ল–

[i] মৌলবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম মৌলবোৰৰ পাৰমাণৱিক ভব অনুযায়ী পর্যায়ক্রমে পৰিবৰ্তন হয়।

[ii] প্রত্যেক শ্ৰেণীৰ সাধাৰণ ধৰ্মবোৰ একেই। 

[iii] অক্সাইড আৰু হাইড্রাইডৰ সংকেত এটা মৌল দ্বাৰা গঠিত হয়।

Q. 4. সম্ভ্রান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে? 

Ans. পৰ্য্যাবৃত্ত তালিকাৰ 18 নং বৰ্গৰ মৌলবোৰক সম্ভ্রান্ত গেছ মৌল বোলা হয়। ইহঁতৰ বহিঃখোলত ৪-টাকৈ ইলেকট্রন থাকে। অৱশ্যে হিলিয়ামৰ একমাত্র খোলত 2 টা ইলেক্ট্রন থাকে। এই মৌলবোৰ ৰাসায়নিকভাবে নিষ্ক্রিয়। ইহঁতৰ যোজ্যতা শূন্য, আয়নীয়কৰণ শক্তি উচ্চ আৰু ইলেকট্রন আসক্তি শূন্য। এই সম্ভ্রান্ত গেছবোৰ বাকী গেছবোৰৰ ধৰ্মৰ লগত নিমিলে। সেইবাবে এই গেছবোৰক বেলেগ এটা শ্ৰেণীত অন্তর্ভুক্ত কৰা হৈছে।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কিদৰে দূৰ কৰিছিল?

Ans. আধুনিক পৰ্য্যাবৃত্ত তালিকা, মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাৰ আসোঁৱাহবোৰ দূৰ কৰিছে। আধুনিক পৰ্য্যাবৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে।

[i] এই আধুনিক পৰ্য্যাবৃত্ত তালিকা সমস্থানিকৰ সমস্যা দূৰ কৰে, কাৰণ সমস্থানিকৰ একেই পাৰমাণৱিক সংখ্যা থাকে।

[ii] Ar, K, Co, Ni-মৌল সমূহৰ ভুল অনুক্রম দূৰ কৰে। 

Q. 2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাচনিৰ ভিত্তি কি?

Ans. কেলছিয়াম আৰু বেৰিয়াম।

কাৰণ: [i] মেগনেছিয়ামক যি শ্রেণীত অন্তর্ভুক্ত কৰা হৈছে, সেই শ্ৰেণীত কেলছিয়াম আৰু বেৰিয়ামক ৰখা হৈছে। 

[ii] Ba আৰু Ca-ৰ যোজন ইলেক্ট্রন সংখ্যা একেই। সিহঁতে Mg-ৰ ধৰ্মসমূহ দেখুৱায়।

Q. 3. নাম লিখা—

(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্রন থকা তিনিটা মৌলৰ। 

Ans. Li (2. 1); Na (2. 8. 1); K (2. 8. 8. 1)

(b) বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্রন থকা দুটা মৌলৰ।

Ans. Be (2.2) ; Mg (2.8.2)

(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ।

Ans. He (2); Ne (2.8); Ar (2.8.8 )

Q. 4. (a) লিথিয়াম, ছডিয়াম, পটেছিয়াম—এই আটাইকেইটা ধাতু। ইহঁতে পানীৰে সৈতে বিক্রিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুত কিবা সাদৃশ্য আছেনে? 

Ans. প্রদত্ত তিনিটা ধাতুই অতি সক্রিয় আৰু সিহঁতৰ প্রত্যেকৰ যোজক ইলেক্ট্রন সংখ্যা ।। তিনিটা ধাতুই ইলেক্ট্রন ত্যাগ কৰি ধনাত্মক আয়নত পৰিবৰ্তিত হয়। 

(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়নো এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়?

Ans. হিলিয়াম আৰু নিয়ন সিহঁতৰ বহিঃখোলটো সম্পূর্ণভাৱে পূর্ণ কৰে।

Q.5. আধুনিক পর্যাবৃত্ত তালিকাত থকা প্রথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু? 

Ans. লিথিয়াম আৰু বেৰিলিয়াম হ’ল ধাতু।

Q. 6. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতবধর্মী হ’ব বুলি অনুমান কৰিবা? Ga, Ge, As, Se, Bel ধৰ্ম প্ৰদৰ্শন কৰে, কাৰণ

Ans. প্রদত্ত মৌলবোৰৰ ভিতৰত Be অধিক ধাতবীয় ই পৰ্য্যাবৃত্ত তালিকাৰ একেবাৰে বাওঁফালে অৱস্থিত।

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ

Q. 1. পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিবৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয়?

(a) মৌলবোৰ কম ধাতবধর্মী হৈ পৰে।

(b) যোজক ইলেক্ট্রনৰ সংখ্যা বাঢ়ে।

(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়। 

(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।

Ans. (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়। 

Q.2. মৌল X য়ে XCI, সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল x তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?

(a) Na

(b) Mg

(c) Al

(d) Si

Ans. (b) Mg-ৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাবনা সবাতোকৈ বেছি। 

Q. 3. কোনটো মৌলৰ আছে—

(a) ইলেকট্রনপূর্ণ দুটা কক্ষ?

Ans.  Ne (2.8);

(b) 2, 8, 2 ইলেকট্রনীয় বিন্যাস?

Ans. Mg (2.8.2);

(c) যোজক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ? 

Ans. Si (2.8.4);

(d) যোজক কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ দুটা কক্ষ?

Ans. B (2.3),

(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন?

Ans. C (2.4).

Q. 4. (a) পৰ্য্যাবৃত্ত তালিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?

Ans. মৌলবোৰৰ যোজক ইলেক্ট্রন একেই অর্থাৎ যোজ্যতা 3 আৰু সিহঁত পৰ্য্যাবৃত্ত তালিকাৰ একেই স্তম্ভ (Column)-ত থাকে। 

(b) পৰ্য্যাবৃত্ত তালিকাত ফুৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে? 

Ans. পৰ্য্যাবৃত্ত তালিকাৰ সপ্তম শ্ৰেণীৰ B উপশ্ৰেণীত ফ্লুৰিন, ক্লৰিন, ব্ৰ’মিন আৰু আয়ডিন এই চাৰিটা মৌল স্থান পাইছে। এইবোৰৰ ভৌত আৰু ৰাসায়নিক ধৰ্মত বহুতখিনি সাদৃশ্য আছে। সাগৰৰ পানীত ফুৰিন, ক্লৰিন, ব্ৰমিন, আৰু আয়ডিনৰ লৱণ পোৱা যায়। হেল জৈন শব্দৰ অৰ্থ হল যাৰ পৰা সাগৰৰ লৱণ উৎপন্ন হয়। সেই কাৰণে এই চাৰিটা মৌলক হেল’জেন বোলা হয়। ইয়াৰ পৰা উৎপন্ন দ্বি যৌগিক পদাৰ্থবোৰক হেলাইড বোলা হয়। 

Q.5. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল 2, 8, 7 

(a) এই মৌলটোৰ পাৰমাণবিক সংখ্যা কি?

Ans. মৌলটোৰ পাৰমাণৱিক সংখ্যা হ’ব 17।

(b) তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে) N (7) F (9) P (15) Ar (18)

Ans.  F (9) মৌলটোৰ লগত ৰাসায়নিকভাবে, প্রদত্ত মৌলৰ সাদৃশ্য থাকিব। 

Q.6. পৰ্য্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে।

16 বৰ্গ17 বৰ্গ
――
―A
――
BC

(a) মৌল A ধাতুনে অধাতু? 

Ans. মৌল ‘A’ হ’ল অধাতু।

(b) C মৌলটো A তকৈ বেছি সক্রিয়নে কম সক্রিয়?

Ans. ‘C’, ‘A’-তকৈ কম সক্রিয়।

(c) C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু? 

Ans. ‘C’ ‘B’-তকৈ আকাৰত সৰু৷

(d) মৌল A-এ কেনে ধৰনৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব? 

Ans. ‘A’ ঋণাত্মক আধান তৈৰি কৰে, অর্থাৎ এনায়ন গঠন কৰিব। 

Q.7. নাইট্ৰ’জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমাণবিক সংখ্যা 15) পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গ 15ত থাকে। এই মৌল দুটাৰ ইলেকট্রনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ’ব আৰু কিয়?

Ans. নাইট্রাজেনৰ পাৰমাণবিক সংখ্যা –7→2.5 ফছফৰাছৰ পাৰমাণবিক সংখ্যা –15→2.8.5

নাইট্ৰ’জেনৰ যোজক কক্ষ দুটা হোৱাৰ বাবে ই অধিক বিদ্যুৎ ধনাত্মক ; কাৰণ নাইট্ৰ’জৈনৰ আকাৰ সৰু হোৱাৰ বাবে অতি সহজে ইলেক্ট্রন গ্রহণ কৰি বিদ্যুৎ ধনাত্মক মৌলত পৰিণত হয়। আনহাতে ফছফৰাছ অধিক বিদ্যুৎ ঋণাত্মক।

Q. 8. পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পৰ্য্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে?

Ans. মৌলৰ অৱস্থান, ইয়াৰ ইলেক্ট্রনীয় বিন্যাসৰ ওপৰত নিৰ্ভৰ কৰে। যোজক কক্ষ সংখ্যা, পৰ্য্যায় সংখ্যাৰ সমান হয়। যোজক ইলেক্ট্রন, বৰ্গৰ সংখ্যা ঠিক কৰে। যেনে, যি মৌলৰ যোজক ইলেক্ট্রনৰ সংখ্যা 1, ই বৰ্গ-1-ত অন্তভুক্ত হ’ব। যি মৌলৰ যোজক ইলেক্ট্রনৰ সংখ্যা 2, ই বর্গ-2-ত অন্তর্ভুক্ত হ’ব।

Q. 9. আধুনিক পৰ্য্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণবিক সংখ্যা 20) 12, 19, 21 আৰু 38 পাৰমাণবিক সংখ্যা বিশিষ্ট মৌলকেইটাৰদ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে?

Ans. Ca-ৰ পাৰমাণবিক সংখ্যা = 20৷ 

ইলেক্ট্রনীয় বিন্যাস– 2.8.8.2

পাৰমাণৱিক সংখ্যা 12 বিশিষ্ট মৌলবোৰৰ ইলেক্ট্রনীয় বিন্যাস– 2.8.2 আৰু পাৰমাণৱিক সংখ্যা 38 বিশিষ্ট মৌলবোৰৰ ইলেক্ট্রনীয় বিন্যাস – 2.8.18.8.2। এই মৌলবোৰৰ ৰাসায়নিক ধর্ম, Ca-ৰ ৰাসায়নিক ধৰ্মৰ লগত একেই হ’ব, কাৰণ মৌলবোৰৰ যোজক ইলেক্ট্রন সংখ্যা 2৷

Q.10. মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্য্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন (arrangement)-ৰ তুলনা কৰা।

Ans. মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকা আৰু আধুনিত পৰ্য্যাবৃত্ত তালিকাৰ পার্থক্য :

মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাআধুনিক পৰ্য্যাবৃত্ত তালিকা
(1) ৪টা বৰ্গ আৰু 6টা পৰ্য্যায় আছে।(1) 18টা বৰ্গ আৰু 7টা পৰ্য্যায় আছে।
(2) সংক্রমণশীল মৌলবোৰ পৃথক কৰা নাই।(2) সংক্রমণশীল মৌলবোৰ পৃথক কৰা হৈছে।
(3) সম্ভ্রান্ত গেছ নাই।(3) সম্ভ্রান্ত গেছবোৰ প্ৰথম বৰ্গত ৰখা হৈছে।
(4) লেন্টেনাইড আৰু এক্টিনাইড তালিকাত নাই।(4) লেন্টেনাইড আৰু এক্টিনাইড তালিকাত আছে।
(5) বর্গ সংখ্যা (Group number) আৰু পৰ্য্যায় সংখ্যা (Period number) আগৰপৰা কোৱা নে যায়।(5) বর্গ সংখ্যা আৰু পৰ্য্যায় সংখ্যা ইলেক্ট্রনীয় বিন্যাসৰ পৰা কোৱা যায়।
(6) মৌলবোৰৰ ধৰ্ম মৌলবোৰৰ পাৰমাণৱিক ভৰ অনুযায়ী পৰ্য্যায়ক্রমে পৰিবৰ্তন হয়।(6) মৌলবোৰৰ ধর্ম সিহঁতৰ পাৰমাণৱিক সংখ্যা অনুযায়ী পৰ্যায়ক্রমে পৰিৱর্তন হয়।

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

A. Q.1. আধুনিক পর্যাবৃত্ত সূত্রটো লিখা। 

Ans. মৌলসমূহৰ ভৌতিক আৰু বাসায়নিক ধর্ম সিহঁতৰ পৰমাণু ক্রমাংকৰ ঊর্ধ্বক্রম অনুযায়ী পর্যায়ক্রমে সলনি হয়। ইয়াক আধুনিক পর্যাবৃত্ত সূত্র বোলে। 

Q. 2. পর্যাবৃত্ত তালিকাখনৰ বৰ্গ আৰু পৰ্যায় কাক কয়? তালিকাখনত কিমানটা বৰ্গ আৰু পর্যায় আছে? সম্ভ্রান্ত গেছবোৰ কোন বৰ্গৰ মৌল? 

Ans. বর্গ: পর্যাবৃত্ত তালিকাৰ থিয় স্তম্ভবোৰক বৰ্গ বোলা হয়। পর্যায় : পর্যাবৃত্ত তালিকাৰ সমান্তৰাল শাৰীবোৰক পৰ্যায় বোলা হয়। পর্যাবৃত্ত তালিকাখনত 18 টা বৰ্গ আৰু 7 টা পর্যায় আছে। সম্ভ্রান্ত গেছবোৰ 18 নং বৰ্গৰ মৌল। 

Q. 3. চমুটোকা লিখা : 

(a) সাধাৰণ মৌল। 

(b) সম্ভ্রান্ত গেছ।

(c) সংক্রমণশীল মৌল।

(d) আন্তঃসংক্রমণশীল মৌল।

Ans. (a) সাধাৰণ মৌল: পর্যাবৃত্ত তালিকার 1, 2, 13, 14, 15, 16 আৰু 17 বৰ্গৰ মৌলবোৰক সাধাৰণ মৌল বুলি কোৱা হয়। এই বৰ্গবোৰত থকা মৌলবোৰৰ যোজক কক্ষত ক্রমান্বয়ে 1-ৰ পৰা 7 টাকৈ ইলেক্ট্রন থাকে। ইহঁতৰ ভিতৰৰ কক্ষবোৰ ইলেক্ট্রনেবে পূর্ণ থাকে। সাধাৰণ মৌলৰ ৰাসায়নিক ধর্ম মৌলটোৰ বহিঃখোলৰ বা যোজ্যতা খোলৰ ইলেক্ট্রনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে।

(b) সম্ভ্রান্ত গেছ: পর্যাবৃত্ত তালিকাৰ 18নং বৰ্গৰ মৌলবোৰক সম্ভ্রান্ত গেছ মৌল বোলা হয়। ইহঁতৰ বহিঃখোলত ৪টাকৈ ইলেক্ট্রন থাকে। অৱশ্যে হিলিয়ামৰ একমাত্ৰ খোলত 2টা ইলেকট্রন থাকে। এই মৌলবোৰ ৰাসায়নিকভাবে নিষ্ক্রিয়। ইহঁতৰ যোজ্যতা শূন্য, আয়নীকরণ শক্তি অতি উচ্চ আৰু ইলেকট্রন আসক্তি শূন্য।

(c) সংক্রমণশীল মৌল: পর্যাবৃত্ত তালিকাৰ 3-ৰ পৰা 12 নং বৰ্গৰ মৌলবোৰক সংক্রমণশীল মৌল বুলি কোৱা হয়। এই মৌলবোৰৰ বহিঃখোলত 1 টা বা 2টা ইলেক্ট্রন আৰু পূর্ববর্তী খোলত এটাৰ পৰা 18টা লৈকে ইলেক্ট্রন থাকে। এই বোৰৰ আটাইকেইটা ধাতু। এইবোৰে পৰিৱৰ্তী যোজ্যতা দেখুৱায়। ইহঁতে ৰঙীন যৌগ সৃষ্টি কৰে।

(d) আন্তঃসংক্রমণশীল মৌল: মূল পর্যাবৃত্ত তালিকাৰ তলত থকা সমান্তৰাল শাৰী দুটাত স্থান দিয়া মৌলসমূহক আন্তঃসংক্রমণশীল মৌল বোলা হয়। ওপৰৰ শাৰীৰ মৌলকেইটাক লেস্থানাইড বা লেস্থান’ন আৰু তলব শাৰীৰ মৌলকেইটাক এক্টিনাইড বা এক্টিন’ন শ্রেণী বোলা হয়। ইহঁতবোৰ ধাতু। একোটা শ্ৰেণীৰ ভিতৰৰ মৌলসমূহৰ মাজত বাসায়নিক ধৰ্মৰ পাৰ্থক্য নথকা বুলিয়েই ক’ব পাৰি। এইবোৰক বিবল মৃত্তিকা ধাতুও বোলা হয়। 

Q. 4. মৌলৰ যোজ্যতা কাক কয়? পর্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ মৌলবোৰৰ যোজ্যতা কি ধৰণেৰে পৰিৱৰ্তন হয় উদাহৰণসহ বুজাই লিখা। 

Ans. কোনো এটা মৌলৰ যোজ্যতা হৈছে মৌলটোৰ এটা পৰমাণুৰ সৈতে যোজিত হোৱা হাইড্ৰ’জেন পরমাণুর সংখ্যা বা মৌলটোৰ এটা পৰমাণুৰ সৈতে যোজিত হোৱা অক্সিজেন পরমাণুর সংখ্যাৰ দুগুণ।

মৌলসমূহৰ যোজ্যতা পর্যায়ক্রমে সলনি হয়। দ্বিতীয় পর্যায়ব মৌলসমূহে ( 1, 2, 13 – 18 বর্গ) সৃষ্টি কৰা হাইড্রাইডসমূহৰ সংযুতি বিবেচনা কৰিলে দেখা যায় যে 1 নং বর্গত যোজ্যতা 1-ৰ পৰা বাঢ়ি গৈ 14 নং বৰ্গত যোজ্যতা সর্বোচ্চ 4 হয় আৰু পাছত ক্ৰমে কমিগৈ 18 নং বৰ্গত শূন্য হয়। অর্থাৎ 1, 2, 13 আৰু 14. নং বৰ্গৰ মৌলসমূহৰ যোজ্যতা ইহঁতৰ যোজক ইলেকট্রনৰ (G) সমান আৰু 14 – 18 বৰ্গৰ মৌলসমূহৰ বাবে যোজ্যতা G-8 হয়। 

আকৌ ইহঁতৰ অক্সাইড সংযুতি বিবেচনা কৰিলে ইহঁতৰ যোজ্যতা যোজক ইলেক্ট্রনৰ (G) সমান হয়। অর্থাৎ যোজ্যতা 1নং বৰ্গত 1-ৰ পৰা বাঢ়িগৈ 17নং বৰ্গত 7 হয় আৰু 18নং বৰ্গত 0 (শূন্য) হয়।

Q. 5. পাৰমাণৱিক ব্যাসার্ধ বুলিলে কি বুজা? পর্যাবৃত্ত তালিকাৰ 1নং বৰ্গৰ মৌলবোৰৰ পাৰমাণৱিক ব্যাসার্ধৰ কেনেদৰে পৰিবর্তন হয় আলোচনা কৰা। 

Ans. সহযোজী বান্ধনিৰে যোজিত হৈ থকা দুটা পৰমাণুৰ আন্তঃনিউক্লীয় দূৰত্বৰ আধাকে পারমাণৱিক ব্যাসার্ধ বোলা হয়। যদি পৰমাণু দুটা ভিন্ন মৌলৰ হয় আৰু তাৰে এটা পৰমাণুৰ ব্যাসার্ধ জনা থাকে তেনেহলে বাকীটোৰ ব্যাসার্ধ হিচাপ কৰি উলিয়াব পাৰি। বৰ্গ এটাত পৰমাণুক্ৰমাংক বঢ়া মানে নতুন খোল একোটা যোগ হোৱা। সেয়ে পৰমাণুক্রমাংক বাঢ়ি যোৱাৰ লগে লগে অন্যান্য বৰ্গৰ মৌলৰ দৰে 1 নং বৰ্গৰ মৌলবোৰৰও পাৰমাণৱিক ব্যাসার্ধ বাঢ়ি যায়।

Q. 6. আয়নীকৰণ শক্তিৰ সংজ্ঞা লিখা। পর্যায় এটাত আয়নীকৰণ শক্তিৰ কি ধৰণে পৰিবৰ্তন হয়? মৌলবোৰৰ ভিতৰত আটাইতকৈ বেছি আয়নীকরণ শক্তি সম্পন্ন মৌলটোৰ নাম কি আৰু ই কোন বৰ্গত আছে।

Ans. গেছীয় অৱস্থাত থকা নিৰপেক্ষ অকলশৰীয়া পৰমাণু এটাৰ যোজ্যতা খোলৰ পৰা এটা ইলেকট্রন আঁতৰাই ধনাত্মক আয়ন সৃষ্টি কৰিবলৈ আৱশ্যক হোৱা ন্যূনতম শক্তিক পৰমাণুটোৰ আয়নীকরণ শক্তি বোলে। যেনে– Na + 495.7 জুল প্রতি ম’ল Na⁺

সেয়ে Na-ৰ আয়নীকৰণ শক্তি 495.7 কি. জুল প্রতি ম’ল। আটাইতকৈ বেছি আয়নীকৰণ শক্তিসম্পন্ন মৌলটো হ’ল হিলিয়াম (He)। ইয়াৰ আয়নীকৰণ শক্তিৰ মান 2372.1 কি. জুল প্রতি ম’ল।

Q. 7. ইলেক্ট্রন আসক্তিৰ সংজ্ঞা লিখা। পর্যায় ইলেক্ট্রন আসক্তিৰ আধাৰত ছ’ডিয়াম ক্ল’ৰাইডৰ গঠন ব্যাখ্যা কৰা।

Ans. গেছীয় অৱস্থাত নিৰপেক্ষ পৰমাণু এটাই ইয়াৰ যোজ্যতা খোলত ইলেকট্রন এটা গ্ৰহণ কৰি একক ঋণাত্মক আধান যুক্ত আয়নলৈ পৰিণত হওঁতে উদ্ভব হোৱা শক্তিক পৰমাণুটোৰ ইলেকট্রন আসক্তি বুলি কোৱা হয়। 

● NaCl অণুৰ গঠন: ছ’ডিয়ামৰ তুলনাত ক্ল’ৰিণৰ ইলেকট্রন আসক্তিৰ মান অতি বেছি। সেই কাৰণে ছ’ডিয়াম আৰু ক্ল’ৰিণ মিলিত হ’লে Na-ৰ বহিঃখোলত থকা ইলেক্ট্রনটো ক্ল’ৰিণে গ্ৰহণ কৰি ঋণাত্মক আয়নলৈ (CI⁻) আৰু Na-এ ইলেক্ট্রনটো ত্যাগ কৰি ধনাত্মক ছ’ডিয়াম আয়নলৈ (Na⁺) পৰিণত হয়। 

এতিয়া বিপৰীত আধানযুক্ত Na আৰু Cl⁻ আয়ন দুটা পৰস্পৰে কুলম্বীয় আকৰ্ষণৰ দ্বাৰা বান্ধ খাই NaCl যৌগটো উৎপন্ন কৰে। 

Q. 8. পানীৰ অণু কিয় সহযোজী প্ৰকৃতিৰ হয়? ইলেকট্রন আসক্তিৰ সহায়ত ব্যাখ্যা কৰা।

Ans. পানীৰ অণু হাইড্ৰ’জেন আৰু অক্সিজেনৰ দ্বাৰা গঠিত। H₂ আৰু O₂ ৰ মাজৰ ইলেকট্রন আসক্তি খুব কম। ইয়াৰ ফলত ইহঁতৰ মাজত ইলেকট্রনৰ আদান-প্রদান নহয়। সেয়ে এনে ক্ষেত্ৰত মৌল দুটাই ইহঁতৰ যোজক ইলেকট্রন ভাগ-বতৰা কৰি সহযোজী যৌগ উৎপন্ন কৰে। 

Q.9. কোনো মৌল X-ৰ ইলেকট্রনীয় বিন্যাসটো হৈছে 2.8.7।

(a) মৌলটোৰ পাৰমাণবিক সংখ্যা কি?

Ans.  মৌলটোৰ পাৰমাণৱিক সংখ্যা = 2+8+7= 17৷

(b) মৌলটো পর্যাবৃত্ত তালিকাৰ কোন পর্যায় আৰু কোন বৰ্গত আছে। 

Ans. মৌলটোৰ পৰ্যায় 3 আৰু বৰ্গ 7 + 10= 17৷

(c) মৌলটোৰ যোজ্যতা কিমান? 

Ans. মৌলটোৰ যোজ্যতা 1 আৰু 7। 

(d) মৌলটোৰ হাইড্রাইডৰ সংকেত কি হ’ব?

Ans. মৌলটোৰ হাইড্রাইডৰ সংকেত HX৷

Q. 10. তলত দিয়া মৌলকেইটা ইহঁতৰ ৰাসায়নিক সক্ৰিয়তাৰ বৰ্ধিত ক্ৰমত সজোৱা (a) Na, Li, K (b) Na, Mg, AI (c) O, N, F (d) Cl, Br, F 

Ans. (a) Li < Na < K

(b) Al < Mg < Na 

(c) N<O < F

(d) Br< Cl < F

Q. 11. চাৰিটা মৌল A, B, C, D-ৰ পাৰমাণৱিক সংখ্যাবোৰ দিয়া আছে।

মৌলপাৰমাণৱিক সংখ্যামৌলপাৰমাণৱিক সংখ্যা
A9B11
C10D19

(a) কোনটো মৌল সম্ভ্রান্ত গেছ হ’ব আৰু ইয়াৰ নাম কি?

Ans.  C মৌলটো সম্ভ্রান্ত গেছ আৰু ইয়াৰ নাম নিয়ন। 

(b) কোন দুটা মৌলই ইলেকট্রনযোজী যৌগ গঠন কৰিব?

Ans. B আৰু A মৌল দুটাই ইলেকট্রযোজী যৌগ গঠন কৰিব। 

(c) আটাইতকৈ সক্রিয় মৌল কোনটো হ’ব আৰু অক্সাইডৰ সংকেত কি হ’ব? 

Ans. A মৌলটো আটাইতকৈ সক্রিয় মৌল। ইয়াৰ অক্সাইডৰ সংকেত A₂O₇

(d) A মৌলটোৰ ইলেকট্রনীয় বিন্যাস কি আৰু ই কোন বৰ্গত আছে? 

Ans. A মৌলটোৰ ইলেকট্রনীয় বিন্যাস হ’ল– 2.7। ই 17 নং বৰ্গত আছে।

Q. 12. মৌল A পর্যাবৃত্ত তালিকাৰ 2 বৰ্গত আছে।

(a) এই বৰ্গৰ মৌলবোৰৰ সাধাৰণ নাম কি? 

Ans.  2 বৰ্গৰ মৌলবোৰৰ সাধাৰণ নাম ক্ষাৰ-মৃত্তিকা।

(b) মৌলটোৰ ক্ল’ৰাইডৰ সংকেত কি হ’ব?

Ans. ধাতু মৌলটোৰ ক্ল’ৰাইডৰ সংকেত ACL₂l

Q. 13. মৌল A পর্যাবৃত্ত তালিকাৰ 14 বৰ্গৰ মৌল। 

(a) মৌলটোৰ সৰ্বাধিক যোজ্যতা কি হ’ব?

Ans. (a) মৌলটোৰ পাৰমাণৱিক সজ্জা 2.8.4, সেয়ে, ইয়াৰ সৰ্বাধিক যোজ্যতা 4

(b) মৌলটোৱে কেনে ধৰণৰ যৌগ গঠন কৰিব? 

Ans. মৌলটোৱে সহযোজী যৌগ গঠন কৰিব। 

Q. 14. মৌল X পর্যাবৃত্ত তালিকাৰ তৃতীয় পর্যায় আৰু 17 বৰ্গত আছে।

(a) মৌলটোৰ নাম কি?

Ans. মৌলটোৰ নাম হ’ল ক্ল’ৰিণ। 

(b) ইয়াৰ বহিঃকক্ষত কেইটা ইলেকট্রন আছে?

Ans. (b) ইয়াৰ বহিঃকক্ষত 7 টা ইলেকট্রন আছে। 

(c) মৌলটো ধাতু নে অধাতু? 

Ans. (c) মৌলটো অধাতু। 

(d) এই মৌলটোৱে মেগনেছিয়ামৰ সৈতে গঠন কৰা যৌগটোৰ সংকেত কি হ’ব? 

Ans. (d) MgCl₂l

Q. 15. Na, Mg, Al আৰু Si এই মৌলকেইটা সিহঁতৰ বিদ্যুৎ ঋণাত্মক ধৰ্মৰ বৃদ্ধিৰ ক্রম অনুসৰি শুদ্ধ ক্রমটো লিখা। 

Ans. Na, Mg, Al, Si l

Q. 16. ছিলিকন (Si), মেগনেছিয়াম (Mg), বৰণ (B) আৰু লিথিয়ামক (Li), সিহঁতৰ যোজ্যতাৰ ক্রমবৃদ্ধি অনুসাৰে সজোৱা।

Ans. Li<Mg<B<Si l 

Q. 17. পর্যাবৃত্ত তালিকাৰ কোনো এটা পৰ্যায়ৰ বাঁওফালৰ পৰা সোঁফাললৈ গৈ থাকিলে ইয়াৰ মৌলসমূহৰ যোজ্যতা কিদৰে সলনি হয়।

Ans. প্রথমে বাঢ়ে আৰু পাছত কমে। 

Q.18. প্রথম পৰ্যায়ৰ মৌল দুটাৰ নাম লিখা।

Ans. হাইড্ৰ’জেন, হিলিয়াম।

Q. 19. পর্যাবৃত্ত তালিকাত নাইট্ৰ’জেনৰ বৰ্গ আৰু পৰ্যায় উল্লেখ কৰা ৷

Ans. ওঠৰটা।

Q. 20. কার্বনৰ যোজ্যতা কিমান?

Ans. 41

Q.21. SO₂-ত S-ৰ যোজ্যতা কিমান?

Ans. SO₂-ত S-ৰ যোজ্যতা = 4. 

Q.22. একেটা পর্যায়ত পাৰমাণবিক সংখ্যা বাঢ়িলে বিদ্যুৎ ঋণতা বাঢ়ে নে কমে? 

Ans. বাঢ়ে।

Q. 23. পর্যাবৃত্ত তালিকাত বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ মৌলবোৰৰ ধাতৱ গুণ বাঢ়ে নে কমে। 

Ans. বাঢ়ে।

Q. 24. নিয়নৰ বহিঃখোলত থকা ইলেকট্রনৰ সংখ্যা কিমানটা? 

Ans. 8

Q.25. ছ’ডিয়ামৰ ইলেকট্রনীয় সজ্জা লিখা। 

Ans. 2.8.1

Q. 26. ক্লৰিণৰ ইলেকট্রনীয় সজ্জা লিখা।

Ans. 2.8,7

Q. 27. পর্যাবৃত্ত তালিকাত কাৰ্বনৰ বৰ্গ উল্লেখ কৰা।

Ans. 14 বর্গত।

Q. 28. এলুমিনিয়ামৰ ইলেকট্রনীয় সজ্জা লিখা।

Ans. 2.8.3

Q. 29. AI পর্যাবৃত্ত তালিকাৰ তৃতীয় বৰ্গৰ মৌল। ইয়াৰ অক্সাইডৰ ৰাসায়নিক সংকেত কি?

Ans. AI অক্সাইডৰ সংকেত⇒ Al₂O₃

Q.30: Na₂O এবিধ কি অক্সাইড?

Ans. ক্ষাৰকীয় অক্সাইড।

Q. 31. আধুনিক পর্যাবৃত্ত তালিকাৰ ভিত্তি কি?

Ans. পৰমাণুক্রমাংক।

Q. 32. পর্যাবৃত্ত তালিকাৰ সমান্তৰাল শাৰীবোৰক কি বোলে?

Ans. পর্যায়।

Q. 33. পর্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ ক্ৰমে ধাতৱ গুণ কি হয়?

Ans. কমে।

Q. 34. মৌলসমূহৰ ধৰ্ম পর্যায়ক্রমে কিহৰ ওপৰত সলনি হয়?

Ans. পৰমাণুক্রমাংকৰ ওপৰত। 

Q. 35. পর্যাবৃত্ত তালিকাত নাইট্ৰ’জেনৰ বৰ্গ আৰু পৰ্যায় উল্লেখ কৰা। 

Ans. নাইট্ৰ’জেনৰ পৰ্যায় 2 আৰু বৰ্গ 15৷

Q.36. পর্যাবৃত্ত মৌলৰ ধাতবীয় গুণ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ ক্রমান্বয়ে কি হয় আৰু পৰ্যায় এটাৰ বাঁওফালৰ পৰা সোঁফাললৈ ক্রমান্বয়ে কি হয়। 

Ans. বৰ্গত বাঢ়ে আৰু পৰ্যায়ত কমে।

Q. 37. এটা মৌলৰ পৰমাণু ক্ৰমাংক 20 ; মৌলটোৰ নাম আৰু যোজ্যতা লিখা। 

Ans. মৌলটোৰ নাম কেলছিয়াম (Ca) ইয়াৰ যোজ্যতা = 2 ।

Q.38. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ ভিত্তি কি? 

Ans. মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হ’ল পাৰমাণৱিক ভৰ আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ ভিত্তি হ’ল পৰমাণুক্রমাংক। 

Q.39. মেগুেলিডে কিহৰ ওপৰত ভিত্তি কৰি পর্যাবৃত্ত তালিকা সজাইছিল? মেণ্ডেলিভৰ পর্যাবৃত্ত সূত্ৰটো লিখা।

Ans. মৌলৰ পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি মেণ্ডেলিভে পর্যাবৃত্ত তালিকাখন সজাইছিল। 

মেণ্ডেলিভৰ সূত্ৰ: মৌল আৰু সিহঁতৰ যৌগবোৰৰ ধৰ্মসমূহ পাৰমাণৱিক ভৰৰ লগত পর্যায়ক্রমে সলনি হয়।

Q. 40. পর্যাবৃত্ত তালিকাৰ বৰ্গ II আৰু বৰ্গ ‘0’-ৰ মৌলবোৰৰ যোজ্যতা কিমান? এই তালিকাৰ ৪ৰ্থ পর্যায়ত মুঠ কিমানটা মৌল আছে? পর্যাবৃত্ত তালিকাৰ কোনো এটা পৰ্যায়ৰ মৌলসমূহৰ ধাতৱ গুণ কেনেদৰে সমান হয়? লিথিয়াম আৰু ছ’ডিয়াম মৌল দুটাৰ ইলেকট্রন বিন্যাস লিখা।

Ans. বৰ্গ II-ৰ মৌলবোৰৰ যোজ্যতা 2 আৰু ‘0’ বৰ্গৰ মৌলবোৰৰ যোজ্যতা শূন্য। ৪র্থ পর্যায়ত মুঠতে 18টা মৌল আছে। 

পৰমাণুক্রমাংক বৃদ্ধি অনুযায়ী পৰ্যায় এটাত মৌলসমূহৰ ধাতৱ গুণ কমি যায় আৰু অধাতৱ গুণ বৃদ্ধি পায়। লিথিয়াম 2.1; ছডিয়াম 2.8.1. 

Q. 41. পর্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ত কেইটা মৌল আছে? এই পৰ্যায়ত থকা আটাইতকৈ বিদ্যুৎ ধনাত্মক আৰু আটাইতকৈ বিদ্যুৎ ঋণাত্মক মৌল দুটাৰ নাম লিখা।

Ans. দ্বিতীয় পর্যায়ত ৪টা মৌল আছে। 

বিদ্যুৎ ধনাত্মক মৌল হ’ল লিথিয়াম আৰু বিদ্যুৎ ঋণাত্মক মৌল হ’ল ফ্লু’ৰিন।

Q. 42. বিদ্যুৎ ধনাত্মক আৰু বিদ্যুৎ ঋণাত্মক মৌল কাক বোলে? 

Ans. বিদ্যুৎ ধনাত্মক মৌল: ধাতুৰ পৰমাণুৱে সহজে ইলেকট্রন ত্যাগ কৰি ধনাত্মক আধানযুক্ত আয়নত পৰিণত হয়। এনেদৰে ধনাত্মক আধানত পৰিণত হ’ব পৰা গুণৰ বাবে এইবিলাক মৌলক বিদ্যুৎ ধনাত্মক মৌল বোলে।

যেনে: Na→ Na⁺+e 

বিদ্যুৎ ঋণাত্মক মৌল: কিছুমান মৌলই ইলেকট্রন গ্রহণ কৰি সহজে ঋণাত্মক আধানযুক্ত আয়নত পৰিণত হয়। এনেবোৰ মৌলকে বিদ্যুৎ ঋণাত্মক মৌল বোলে। যেনে— Cl+e→ CI⁻.

Q. 43. পর্যাবৃত্ত তালিকাত মুঠ পৰ্যায় আৰু বৰ্গৰ সংখ্যা কিমান? হাইড্ৰ’জেনৰ স্থান পর্যাবৃত্ত তালিকাৰ ক’ত?

Ans. পর্যাবৃত্ত তালিকাত সাতোটা পর্যায় আৰু ওঠৰটা বৰ্গ আছে। হাইড্ৰজেনৰ স্থান পর্যাবৃত্ত তালিকাৰ প্ৰথম পৰ্যায়ৰ প্ৰথম বৰ্গত। 

Q. 44. মৌলৰ সংখ্যা কিমান? স্বাভাৱিক উষ্ণতাত তৰল অৱস্থাত থকা দুবিধ মৌলৰ নাম লিখা। 

Ans. বর্তমানে আমি 114 টা মৌলৰ বিষয়ে জানো। ইহঁতক গোটা, জুলীয়া আৰু গেছীয় এই তিনিটা অৱস্থাত পোৱা যায়। স্বাভাৱিক উষ্ণতাত তৰল অৱস্থাত থকা মৌল দুবিধ হ’ল ব্ৰ’মিণ আৰু মাৰ্কাৰি (পাৰা)।

Q. 45. আধুনিক পর্যায়বৃত্ত তালিকাৰ ব্যৱহাৰ কি? এটা মৌলৰ কেন্দ্ৰত ৪টা প্ৰটন আৰু ৪টা নিউট্রন আছে। মৌলটোৰ নাম, বৰ্গ, পৰ্য্যায়, পাৰমাণৱিক-ক্ৰমাংক, পাৰমাণবিক ভৰ আৰু যোজ্যতা লিখা।

Ans. [i] পর্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি মৌলবোৰৰ ধৰ্ম কিছুমান গোট হিচাপে অধ্যয়ন কৰিব পৰা যায়।

[ii] পর্যাবৃত্ত তালিকাত মৌল এটাৰ স্থানৰ পৰা মৌলটোৰ ধৰ্ম বা মৌলটোৰ যৌগৰ ধৰ্মৰ বিষয়ে জানিব পাৰি। মৌলটোৰ কেন্দ্ৰত থকা প্ৰ’টন = ৪, নিউট্রন = ৪.

মৌলটোৰ নাম: অক্সিজেন (পৰমাণুক্রমাংক ৪)। 

বর্গ: VI, পর্যায় 2, পাৰমাণৱিক ক্রমাংক ৪, পাৰমাণৱিক ভৰ 16, যোজ্যতা 2.

Q. 46. তলত দিয়া মৌলসমূহৰ যোজ্যতা লিখা

Na, Si, P, O, F, Be, Ne, Mg, S আৰু CI

Ans.

মৌলযোজ্যতামৌলযোজ্যতা
Na1Si4
P3O2
F1Be2
Ne0Mg2
s2Cl1

Q. 47. এলুমিনিয়াম আৰু নাইট্ৰ’জেনৰ ইলেকট্ৰনীয় সংজ্ঞা লিখা। এই মৌল দুটা পর্যাবৃত্ত তালিকাৰ কোন বৰ্গ আৰু কোন পর্যায়ত থাকে?

Ans. এলুমিনিয়ামৰ ইলেকট্রনৰ সংখ্যা 13, ইলেকট্রনীয় বিন্যাস 2.8.3 

নাইট্ৰ’জেনৰ ইলেকট্রনৰ সংখ্যা 7. ইলেকট্রনীয় বিন্যাস 2.5 

এলুমিনিয়ামৰ বৰ্গ 13 আৰু পর্যায় 3

নাইট্ৰ’জেনৰ বৰ্গ 15 আৰু পর্যায় 2 

Q. 48. পৰমাণুৰ খোল কাক বোলে?

Ans, পৰমাণু এটাৰ নিউক্লিয়াছৰ চাৰিওফালে বিভিন্ন কক্ষপথত ইলেকট্রনবোৰ ঘূৰি থাকে। এই কক্ষপথবোৰকেই পৰমাণুৰ খোল বোলা হয়। এই খোলবোৰৰ নাম হ’ল K, L, M, N, O আদি।

Q. 49. যোজক কক্ষ আৰু যোজক ইলেকট্রন বুলিলে কি বুজায়? 

Ans. পৰমাণু এটাত বাহিৰতম কক্ষটোক যোজক কক্ষ আৰু ইয়াত থকা ইলেকট্রনবোৰক যোজক ইলেকট্রন বুলি কোৱা হয়। যেনে– Na-ৰ ইলেকট্রনীয় সজ্জা– 2.8.1, অর্থাৎ ইয়াৰ K কক্ষত 2 টা, L কক্ষত 8 আৰু M কক্ষত 1 টা ইলেকট্রন থাকে। ইয়াৰ বাহিৰতম কক্ষটো হ’ল M। সেয়ে Na-ৰ যোজক কক্ষ হ’ল M খোল আৰু যোজক ইলেকট্রনৰ সংখ্যা 1

Q. 50. পাৰমাণৱিক ব্যাসার্ধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে চমুকৈ আলোচনা কৰা। 

Ans. পাৰমাণৱিক ব্যাসার্ধ প্ৰধানকৈ- 

[i] নিউক্লীয় আধান।আৰু 

[ii] শক্তি কক্ষৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। 

[i] নিউক্লীয় আধান: পৰমাণু এটাৰ নিউক্লীয় আধান অর্থাৎ নিউক্লিয়াছত থকা প্ৰটন’ৰ সংখ্যা যিমানে বেছি হয় নিউক্লিয়াছ আৰু ইলেকট্রনৰ মাজত আকর্ষণ সিমান বেছি হয়, ফলত পাৰমাণৱিক ব্যাসার্ধ হ্রাস পায়।

[ii] শক্তি কক্ষৰ সংখ্যা: পৰমাণু এটাত শক্তি কক্ষৰ সংখ্যা বাঢ়িলে নিউক্লিয়াছ আৰু বহিঃকক্ষৰ মাজৰ দূৰত্ব বেছি হয়। ফলত পাৰমাণৱিক ব্যাসার্ধও বৃদ্ধি হয়। 

Q. 51. তলত দিয়া মৌলবোৰ ব্যাসার্ধৰ ঊর্ধ্বক্রমত সজোৱা। 

[i] C, Be, O, N [ii] F, N, B, C [iii] K, Na, Rb, Li

Ans. [i] O <N < C < Be [ii] F <N < C<B [iii] Li < Na <K <Rb

Q. 52. আয়নীকৰণ শক্তিৰ বর্ধিত ক্ৰমত সজোৱা। 

[i] B, C, Li, Be [ii] Ne, O, F, N [iii] Rb, Na, K, Li 

Ans. [i] Li < B < Be < C [ii] O < N<F < Ne [iii] Rb <K < Na < Li

Q. 53. সাধাৰণ উষ্ণতাত তিনিটা জুলীয়া অৱস্থাত থকা আৰু তিনিটা গেছীয় অৱস্থাত থকা সহযোজী যৌগৰ নাম লিখা।

Ans. সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা জুলীয়া সহযোজী যৌগ হ’ল– পানী (H₂O), ইথানল (C₂ H₅ OH) আৰু বেনজিন (C₆H₆) আৰু গেছীয় অৱস্থাত থকা সহযোজী যৌগ হ’ল– মিথেন (CH₄), এম নিয়া (NH₃) আৰু হাইড্ৰ’জেন ক্ল’ৰাইড (HCI)।

Q. 54. দুটা ধাতুকল্পৰ নাম লিখা। পর্যাবৃত্ত তালিকাত ইহঁতৰ স্থান ক’ত? 

Ans. ব’ৰণ আৰু চিলিকণ দুটা ধাতুকল্প। পর্যাবৃত্ত তালিকাত ধাতু আৰু অধাতুৰ মাজত ইহঁতৰ স্থান।

Q. 55. একে বৰ্গৰ মৌলবোৰৰ যোজ্যতা একে হয় কিয়? 

Ans. মৌলৰ যোজ্যতা মৌলৰ যোজক ইলেকট্রনৰ ওপৰত নিৰ্ভৰ কৰে। কোনো বৰ্গৰ মৌলবোৰৰ ইলেকট্রনীয় বিন্যাসত যোজন কক্ষত সমসংখ্যক ইলেকট্রন থাকে। ইয়াৰ বাবেই একে বৰ্গৰ মৌলবোৰৰ যোজ্যতা একে হয়।

B. তলত দিয়া প্রশ্নবোৰৰ চাৰিটাকৈ উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো উলিওৱা।

[i] মৌলসমূহক শ্রেণীবিভাজন কৰা পর্যাবৃত্ত তালিকাৰ উদ্ভাৱকজন হ’ল

(a) লোথাৰ মেয়াৰ।

(b) ই. ৰাডাৰফৰ্ড।

(c) জে. ডব্লিউ ডবাৰেইলাৰ। 

(d) ডি. আই. মেণ্ডেলিভ।

Ans. (d) ডি. আই. মেণ্ডেলিভ।

[ii] এলকালি মৌলসমূহৰ বাহিৰতম খোলত থকা ইলেকট্রনৰ সংখ্যা হৈছে

(a) 1

(b) 2

(c) 8

(d) 4

Ans. (a) 1.

[iii] সবাতোকৈ বিদ্যুত ঋণাত্মক মৌলটা হৈছে—

(a) O

(b) F

(c) CI

(d) Na

Ans. (b) F.

[iv] পর্যাবৃত্ত তালিকাৰ দ্বিতীয় আৰু চতুর্থ পৰ্যায়ৰ মৌলৰ সংখ্যা যথাক্রমে–

(a) 2,8

(b) 8, 8

(c) 8, 18

(d) 18, 18

Ans. (c) 8, 18.

[v] তলত দিয়া মৌলসমূহৰ আয়নীকৰণ শক্তি কোনটোৰ আটাইতকৈ বেছি?

(a) Li

(b) B

(c) N

(d) O

Ans. (c) N.

[vi] Na, K. Rb আৰু Cs ব ধাতৱীয় গুণৰ বৰ্ধিত ক্ৰমটো হৈছে— 

(a) Cs <Rb<K< Na 

(b) Na <K<Rb <Cs

(c) Cs <Na < K<Rb

(d) Na<Cs<K <Rb

Ans. (b) Na <K<Rb<Cs.

(C) শুদ্ধ উত্তৰটো বাছি উলিওৱা:

[i] মৌল এটাৰ পৰমাণুত থকা ইলেকট্রনৰ সংখ্যাই মৌলটোৰ—

(a) পাৰমাণৱিক সংখ্যা। 

(b) পাৰমাণৱিক ভৰ।

(c) আণৱিক সংখ্যা।

(d) আণৱিক ভৰ।

Ans. (a) পাৰমাণৱিক সংখ্যা।

[ii] একেটা পর্যায়ত পাৰমাণৱিক সংখ্যা বাঢ়িলে বিদ্যুৎ ঋণতা– 

(a) কমে।

(b) একেই থাকে।

(c) বাঢ়ে।

(d) নাইকিয়া হয়।

Ans. (c) বাঢ়ে।

[iii] পর্যাবৃত্ত তালিকাত বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ মৌলবোৰৰ ধাতৱ গুণ–

(a) বাঢ়ে।

(b) প্রথমতে বাঢ়ে আৰু পছত কমে।

(c) কমে।

(d) প্রথনকে কমে আৰু পাছত বাঢ়ে।

Ans. (a) বাঢ়ে।

[iv] অষ্টম বা শূন্য বর্গত থকা মৌলসমূহৰ যোজ্যতা–

(a) শূন্য।

(b) এক।

(c) দুই।

(d) চাৰি।

Ans. (d) চাৰি।

[v] তলৰ কোনটো মৌলৰ পাৰমাণৱিক ব্যাসার্ধ বেছি—

(a) B 

(b) Li 

(c) Be

(d) C

Ans. (b) Li ৷

[vi] প্রথম পর্যায়ৰ মৌল দুটা হ’ল–

(a) হাইড্ৰ’জেন আৰু লিথিয়াম।

(b) হাইড্ৰ’জেন আৰু হিলিয়াম।

(c) হিলিয়াম আৰু বেৰিলিয়াম।

(d) হাইড্ৰ’জেন আৰু নিয়ন।

Ans. (b) হাইড্ৰ’জেন আৰু হিলিয়াম৷

[vii] পর্যাবৃত্ত তালিকাত মুঠ বৰ্গৰ সংখ্যা—

(a) পাঁচটা।

(b) ছয়টা।

(c) সাতটা।

(d) ওঠৰটা।

Ans. (d) ওঠৰটা।

[viii] কাৰ্বনৰ যোজ্যতা–

(a) 1

(b) 2

(d) 4

(c) 3

Ans. (d) 4.

[ix] পর্যাবৃত্ত তালিকাৰ কোনো এটা পৰ্যায়ৰ বাঁওফালৰ পৰা সোঁফাললৈ গৈ থাকিলে ইয়াৰ মৌলসমূহৰ যোজ্যতা ক্রমান্বয়ে— 

(a) প্রথমে বাঢ়ে আৰু পাছত কমে। 

(b) প্রথমে কমে আৰু পাছত বাঢ়ে।

(c) বাঢ়ে।

(d) কমে।

Ans. (a) প্রথমে বাঢ়ে আৰু পাছত কমে। 

[x] Li-ৰ পৰা Na আৰু Na-ৰ পৰা K-ৰ পৰমাণুক্রমাংকৰ পাৰ্থক্য—

(a) 8

(b) 7

(c) 6

(d) 5

Ans. (a) 8.

[xi] নিয়নৰ বহিঃখোলত থকা ইকেট্ৰনৰ সংখ্যা

(a) 2

(b) 3

(c) 6

(d) 8

Ans. (d) 8.

[xii] তলৰ কোনটো প্ৰথম বৰ্গৰ মৌল–

(a) Na

(b) Be

(c) C

(d) Mg

Ans. (a) Na.

[xiii] ক্ল’ৰিণৰ ইলেকট্রনীয় সজ্জা—

(a) 2.8.1

(b) 1.8.4

(c) 2.8.6

(d) 2.8.7

Ans. (d) 2.8.7৷

[xiv] তলৰ কোনটো মৌল বিদ্যুৎ ঋণাত্মক গুণসম্পন্ন–

(a) F

(b) K

(c) Br

(d) Cl

Ans. (a) F.

[xv] তলত দিয়া কোনটো এলুমিনিয়ামৰ ইলেকট্রনীয় সজ্জা—

(a) 2.8.1

(b) 2.8.3

(c) 2.8.6

(d) 2.8.8

Ans. (b) 2.8.3.

[xvi] Na₂O এবিধ–

(a) আম্লিক অক্সাইড 

(b) প্রশম অক্সাইড

(c) ক্ষাৰকীয় অক্সাইড

(d) উভধর্মী অক্সাইড

Ans. (c) ক্ষাৰকীয় অক্সাইড। 

[xvi] পর্যাবৃত্ত তালিকাৰ কোনো এটা বৰ্গৰ মৌলসমূহৰ—

(a) পৰমাণুক্রমাংক একে 

(b) পৰমাণু ভৰ একে 

(c) যোজ্যতা ইলেকট্রনৰ সংখ্যা একে

(d) ধাতৱ ধর্মসমূহ একে।

Ans. (c) যোজ্যতা ইলেকট্রনৰ সংখ্যা একে।

D. I. খালী ঠাই পূৰণ কৰা:

[i] আৰ্জনৰ ইলেকট্রনীয় বিন্যাস হৈছে _________৷

Ans. আৰ্জনৰ ইলেকট্রনীয় বিন্যাস হৈছে 2.8.8 ;

[ii] 23/11 Na -ৰ পাৰমাণৱিক সংখ্যা _________ আৰু ইয়াৰ নিউক্লিয়াছত _________ নিউট্রন আছে। 

Ans. 23/11 Na -ৰ পাৰমাণৱিক সংখ্যা 11 আৰু ইয়াৰ নিউক্লিয়াছত 12 নিউট্রন আছে। 

[iii] পর্যাবৃত্ত তালিকাখনৰ থিয় স্তম্ভবোৰক _________ বুলি কোৱা হয় আৰু এইবোৰৰ সংখ্যা _________৷

Ans. পর্যাবৃত্ত তালিকাখনৰ থিয় স্তম্ভবোৰক বৰ্গ বুলি কোৱা হয় আৰু এইবোৰৰ সংখ্যা 18 ৷

[iv] পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত মৌলসমূহৰ গলনাংক ওপৰৰপৰা তললৈ ক্রমান্বয়ে _________ যায়। 

Ans. পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত মৌলসমূহৰ গলনাংক ওপৰৰপৰা তললৈ ক্রমান্বয়ে কমি যায়। 

[v] পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত মৌলবোৰৰ ইলেকট্রন আসক্তি আৰু আয়নীকৰণ শক্তিৰ মান ক্রমান্বয়ে _________ যায়। 

Ans. পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত মৌলবোৰৰ ইলেকট্রন আসক্তি আৰু আয়নীকৰণ শক্তিৰ মান ক্রমান্বয়ে বাঢ়ি যায়। 

[vi] মৌলৰ ধাতৱীয় গুণ পর্যায় এটাৰ বাঁওফালৰ পৰা সোঁফাললৈ ক্ৰমে _________ আৰু বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ ক্ৰমে _________৷

Ans. মৌলৰ ধাতৱীয় গুণ পর্যায় এটাৰ বাঁওফালৰ পৰা সোঁফাললৈ ক্ৰমে কমে আৰু বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ ক্ৰমে বাঢ়ে ৷

[vii] ধাতৱীয় আৰু অ-ধাতৱীয় দুয়োটা ধর্ম প্রদর্শন কৰা মৌলবোৰক _________ বোলে।

Ans. ধাতৱীয় আৰু অ-ধাতৱীয় দুয়োটা ধর্ম প্রদর্শন কৰা মৌলবোৰক ধাতুকল্প বোলে।

[viii] শূন্যবৰ্গৰ মৌলবোৰক _________ বুলি জনা যায়। 

Ans. শূন্যবৰ্গৰ মৌলবোৰক নিষ্ক্ৰিয় গেছ মৌল  বুলি জনা যায়। 

[ix] পর্যাবৃত্ত তালিকাৰ তৃতীয় পর্যায়ত থকা মৌলৰ সংখ্যা হ’ল _________ আৰু চতুর্থ পৰ্য্যায়ত থকা মৌলৰ সংখ্যা হ’ল _________৷

Ans. পর্যাবৃত্ত তালিকাৰ তৃতীয় পর্যায়ত থকা মৌলৰ সংখ্যা হ’ল 8 আৰু চতুর্থ পৰ্য্যায়ত থকা মৌলৰ সংখ্যা হ’ল 18

[x] শ্ৰেণীটোৰ হেৰাই যোৱা মৌলকেইটা হ’ল— Na Mg Al, _________ P, S, _________ Ar. 

Ans. শ্ৰেণীটোৰ হেৰাই যোৱা মৌলকেইটা হ’ল— Na Mg Al Si P, S Cl Ar.

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “Class 10 Science Chapter 5 মৌলৰ পৰ্য্যাবৃত্ত শ্রেণীবিভাজন”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top