SEBA Class 10 Science Important Chapter 3 ধাতু আৰু অধাতু

SEBA Class 10 Science Important Chapter 3 ধাতু আৰু অধাতু Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 3 ধাতু আৰু অধাতু Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.

SEBA Class 10 Science Important Chapter 3 ধাতু আৰু অধাতু

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 3

IMPORTANT QUESTION AND ANSWER

১। ধাতৱ দ্যুতি কি?

উত্তৰঃ ধাতুৰ পৃষ্ঠৰ এক চিকমিকনি বা উজ্বলতা থাকে। ইয়াক ধাতৱ দ্যুতি বোলে।

২। ধাতুৰ ঘাতসহনীয়তা কি?

উত্তৰঃ ধাতুসমূহক হাতুৰীৰে পিটি পাতল, চেপেটা পাতৰ আকৃতি দিব পাৰি। এই ধৰ্মক ধাতুৰ ঘাত সহনীয়তা বোলে।

৩। ধাতুৰ নমনীয়তা কাক বোলে?

উত্তৰঃ ধাতুসমূহক টানি সূক্ষ্ম তাঁৰৰ আকৃতি দিব পাৰি। এই ধৰ্মক ধাতুৰ নমনীয়তা বোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ধাতুৰ কোন দুটা গুণৰ বাবে আমি সিহঁতক আমাৰ প্ৰয়োজন অনুসৰি বিভিন্ন আকৃতি দিব পাৰোঁ?

উত্তৰঃ ধাতুৰ ঘাতসহনীয়তা আৰু নমনীয়তা গুণৰ বাবে আমি সিহঁতক আমাৰ প্ৰয়োজন অনুসৰি বিভিন্ন আকৃতি দিব পাৰোঁ।

৫। আটাইতকৈ ঘাত সহনশীল দুটা ধাতুৰ নাম লিখা।

উত্তৰঃ আটাইতকৈ ঘাত সহনশীল দুটা ধাতুৰ নাম হ’ল- সোণ আৰু ৰূপ।

৬। আটাইতকৈ নমনীয়তা ধাতু কি?

উত্তৰঃ আটাইতকৈ নমনীয়তা ধাতু সোণ।

৭। তাপৰ আটাইতকৈ সুপৰিবাহী দুটা ধাতুৰ নাম লিখা।

উত্তৰঃ তাপৰ আটাইতকৈ সুপৰিবাহী দুটা ধাতুৰ নাম হ’ল- ৰূপ আৰু তাম।

৮। তাপৰ কম পৰিবাহী দুটা ধাতুৰ নাম লিখা।

উত্তৰঃ তাপৰ কম পৰিবাহী দুটা ধাতুৰ নাম হ’ল- সীহ আৰু পাৰা ৷

৯। ধাতুৰ নিনাদী গুণ কি?

উত্তৰঃ কঠিন পৃষ্ঠৰ লগত খুন্দা লাগিলে ধাতুই শব্দ উৎপন্ন কৰে। ইয়াক ধাতুৰ নিনাদী গুণ বোলে।

১০। তৰল অধাতুবিধ কি?

উত্তৰঃ তৰল অধাতুবিধ হ’ল- ব্ৰ’মিন।

১১। সাধাৰণ উষ্ণতাত তৰল ধাতুবিধ কি?

উত্তৰঃ সাধাৰণ উষ্ণতাত তৰল ধাতুবিধ হ’ল- পাৰা।

১২। হাতৰ তলুৱাত ল’লে গলি যোৱা নিচেই কম গলনাংকৰ দুটা ধাতুৰ নাম লিখা।

উত্তৰঃ হাতৰ তলুৱাত ল’লে গলি যোৱা নিচেই কম গলনাংকৰ দুটা ধাতুৰ নাম হ’ল- গেলিয়াম আৰু চিজিয়াম।

১৩। দ্যুতি থকা অধাতুবিধ কি?

উত্তৰঃ দ্যুতি থকা অধাতুবিধ হ’ল- আয়’ডিন।

১৪। বহুৰূপ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ কিছুমান মৌলই প্ৰকৃতিত বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে। ইয়াৰ প্ৰতিটো অৱস্থাক মৌলটোৰ বহুৰূপ বোলে৷ যেনে কাৰ্বনৰ দুটা বহুৰূপ হ’ল হীৰা আৰু গ্রেফাইট।

১৫। প্ৰকৃতিত সকলোতকৈ টান পদার্থবিধ কি?

উত্তৰঃ প্ৰকৃতিত সকলোতকৈ টান পদার্থবিধ হ’ল- হীৰা৷

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top