SEBA Class 10 Science Important Chapter 4 কাৰ্বন আৰু তাৰ যৌগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 4 কাৰ্বন আৰু তাৰ যৌগ Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.
SEBA Class 10 Science Important Chapter 4 কাৰ্বন আৰু তাৰ যৌগ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.
কাৰ্বন আৰু তাৰ যৌগ
Chapter: 4
| IMPORTANT QUESTION AND ANSWER |
১। সহযোগী বান্ধনি কাক বোলে?
উত্তৰঃ দুটা পৰমানুৰ মাজত ইলেক্ট্ৰন ভাগ বাটোৱাৰ হৈ গঠন হোৱা বান্ধনিক সহযোগী বান্ধনি বোলে।
২। সহযোজী যৌগ কি?
উত্তৰঃ দুটা পৰমাণুৰ মাজত ইলেক্ট্রন ভাগ-বাটোৱাৰাৰ ফলত উৎপন্ন হোৱা যৌগক সহযোজী যৌগ বোলে।
৩। কেটিনেচন কি?
উত্তৰঃ কাৰ্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি গঠন কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে। এই ধৰ্মটোক কেটিনেচন বোলে৷
৪। সংপৃক্ত কার্বন যৌগবোৰ কি?
উত্তৰঃ যিবিলাক কাৰ্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত কেৱল এক বান্ধনি থাকে, তেনে যৌগক সংপৃক্ত কার্বন যৌগ-বোলে৷ যেনে— ইথেন, প্র’পেন।
৫। অসংপৃক্ত কার্বন যৌগবোৰ কি?
উত্তৰঃ যিবিলাক কাৰ্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল দ্বি-বান্ধনি বা ত্রিবান্ধনি থাকে, তেনে যৌগক অসংপৃক্ত কার্বন যৌগ বোলে।
৬। গঠন সমযোজী যৌগ কাক বোলে?
উত্তৰঃ যিবিলাক যৌগৰ আণৱিক সংকেত একে, কিন্তু গঠন সংকেত বেলেগ বেলেগ, তেনে যৌগক গঠন সমযোজী যৌগ বোলে।
৭। হাইড্ৰ কাৰ্বনবোৰ কি?
উত্তৰঃ যিবিলাক কাৰ্বন যৌগত কেৱল কাৰ্বন আৰু হাইড্ৰ’জেন থাকে, তেনে যৌগক হাইড্ৰ’কার্বন বোলে।
৮। এলকেনবোৰ কি?
উত্তৰঃ যিবিলাক হাইড্ৰ’কাৰ্বনত কাৰ্বন পৰমাণুৰ মাজত কেৱল একবান্ধনি থাকে, সিহঁতক সংপৃক্ত হাইড্ৰ’কার্বন বা এলকেন বোলে। যেনে -ইথেন, প্ৰ’পেন।
৯। এলকিনবোৰ কি?
উত্তৰঃ যিবোৰ হাইড্ৰ’কাৰ্বনত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল দ্বি-বান্ধনি থাকে, তেনে অসংপৃক্ত হাইড্ৰ’কার্বনক এলকিন বোলে। যেনে – ইথিন, প্ৰ’পিন।
১০। এলকাইনবোৰ কি?
উত্তৰঃ যিবোৰ হাইড্ৰ’কাৰ্বনত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল ত্রি-বান্ধনি থাকে, তেনে অসংপৃক্ত হাইড্ৰ’কার্বনক এলকাইন বোলে। যেনে – ইথাইন, প্র’পাইন।
১১। এলকিনৰ সাধাৰণ সংকেত কি?
উত্তৰঃ CₙH₂ₙ (য’ত n = 2, 3, 4,…)
১২। নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰ’জেনযুক্ত কৰি বনস্পতি ঘি প্ৰস্তুত কৰিবলৈ কেনেধৰণৰ বিক্রিয়া সংঘটিত কৰা হয়?
উত্তৰঃ যোগাত্মক বিক্রিয়া।
১৩। হাইড্ৰ’কাৰ্বনৰ এটা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ দিয়া।
উত্তৰঃ CH₄ + Cl₂ → CH₃Cl + HCl (সূৰ্যৰ পোহৰত)।
১৪। ভিনেগাৰ কি?
উত্তৰঃ এচেটিক এচিডৰ 5–8% জলীয় দ্ৰৱণক ভিনেগাৰ বোলে।
১৫। ভিনেগাৰৰ এটা উল্লেখযোগ্য ব্যৱহাৰ লিখা।
উত্তৰঃ আচাৰ সংৰক্ষণত ইয়াক ব্যৱহাৰ কৰা হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


