SEBA Class 10 Science Important Chapter 5 মৌলৰ পর্যাবৃত্ত শ্ৰেণীবিভাজন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 5 মৌলৰ পর্যাবৃত্ত শ্ৰেণীবিভাজন Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.
SEBA Class 10 Science Important Chapter 5 মৌলৰ পর্যাবৃত্ত শ্ৰেণীবিভাজন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.
মৌলৰ পর্যাবৃত্ত শ্ৰেণীবিভাজন
Chapter: 5
| IMPORTANT QUESTION AND ANSWER |
১। মেণ্ডেলিভে তেওঁৰ তালিকাখনত মৌলবোৰক কিহৰ ভিত্তিত সজাইছিল?
উত্তৰঃ মৌলবোৰৰ এক মৌলিক ধৰ্ম পাৰমাণৱিক ভৰ আৰু সিহঁতৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত।
২। মৌলসমূহৰ ৰাসায়নিক ধৰ্মৰ পৰীক্ষাৰ বাবে মেণ্ডেলিভে কিহৰ ওপৰত গুৰুত্ব দিছিল?
উত্তৰঃ মৌলবোৰে অক্সিজেন আৰু হাইড্ৰ’জেনৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰত।
৩। ৰাসায়নিক ধর্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰত মেণ্ডেলিভে কিয় গুৰুত্ব দিছিল?
উত্তৰঃ কাৰণ ইহঁত যথেষ্ট সক্রিয় মৌল আৰু অধিকাংশ মৌলৰ সৈতে ইহঁতে যৌগ গঠন কৰে।
৪। মেণ্ডুেলিভে মৌল এটাক শ্রেণীভুক্ত কৰিবলৈ মৌলটোৱে গঠন কৰা কেনে ধৰণৰ যৌগৰ সংকেতক মৌলটোৰ অন্যতম মূল ধর্ম হিচাপে বিবেচনা কৰিছিল?
উত্তৰঃ মৌলটোৱে গঠন কৰা হাইড্ৰাইড আৰু অক্সাইডসমূহৰ সংকেতক।
৫। মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো লিখা।
উত্তৰঃ মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্রমে সলনি হয়।
৬। মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল। ইয়াক তুমি তালিকাখনৰ এক বিসংগতি বুলি ভাবানে? কাৰণ দর্শোৱা।
উত্তৰঃ নাভাবোঁ । কাৰণ এই খালী ঠাইবোৰত সেই সময়লৈকে আৱিষ্কৃত নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে মেণ্ডেলিভে সঠিকভাৱে ভৱিষ্যতবাণী কৰিছিল।
৭। কোনগৰাকী বিজ্ঞানীয়ে পোন প্ৰথমবাৰৰ বাবে দেখুৱাইছিল যে মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক?
উত্তৰঃ হেনৰী ম’জলে নামৰ বিজ্ঞানীগৰাকীয়ে পোন প্ৰথমবাৰৰ বাবে দেখুৱাইছিল যে মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক।
৮। আধুনিক পর্যাবৃত্ত সূত্ৰটো কি?
উত্তৰঃ মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্রমে সলনি হয়।
৯। আধুনিক পর্যাবৃত্ত তালিকাত প্রথম, দ্বিতীয়, তৃতীয় আৰু চতুর্থ পর্যায়ত কিমানটাকৈ মৌল আছে?
উত্তৰঃ প্রথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ পৰ্যায়ত ক্ৰমে 2 টা, ৪ টা, ৪ টা আৰু 18b টা মৌল আছে।
১০। আধুনিক পর্যাবৃত্ত তালিকাত বৰ্গ আৰু পৰ্যায় বুলিলে কি বুজা?
উত্তৰঃ আধুনিক পর্যাবৃত্ত তালিকাত 18 টা থিয় স্তম্ভ আৰু 7 টা আনুভূমিক শাৰী আছে। এইবোৰক ক্ৰমে বৰ্গ আৰু পৰ্যায় বোলে।
১১। আধুনিক পর্যাবৃত্ত তালিকাত প্রথম, দ্বিতীয়, তৃতীয় আৰু চতুর্থ পর্যায়ত কিমানটাকৈ মৌল আছে?
উত্তৰঃ প্রথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ পৰ্যায়ত ক্ৰমে 2 টা, ৪ টা, ৪ টা আৰু 18b টা মৌল আছে।
১২। বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে যোজ্যতা কিদৰে পৰিৱৰ্তিত হয়?
উত্তৰঃ বৰ্গ এটাত মৌলবোৰৰ যোজ্যতা একে থাকে।
১৩। পাৰামণৱিক ব্যাসার্ধ বা আকাৰ কাক বোলে?
উত্তৰঃ মৌলৰ পৰমাণু এটাৰ নিউক্লিয়াছৰ কেন্দ্ৰ আৰু বহিৰতম কক্ষৰ মাজৰ দূৰত্বক মৌলটোৰ পাৰমাণৱিক ব্যাসার্ধ বোলে ৷ মৌলৰ পাৰমাণৱিক ব্যাসার্ধই মৌলটোৰ পাৰমাণৱিক আকাৰ দিয়ে৷
১৪। পর্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ’লে কিদৰে পাৰামাণৱিক ব্যাসার্ধৰ পৰিৱৰ্তন ঘটে?
উত্তৰঃ পর্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ’লে ক্রমান্বয়ে হ্রাস পায়।
১৫। বর্গ এটাত ওপৰৰ পৰা তললৈ গ’লে পাৰমাণৱিক আকাৰৰ পৰিৱৰ্তন কেনেদৰে ঘটে?
উত্তৰঃ বর্গ এটাত ওপৰৰ পৰা তললৈ গ’লে পাৰমাণৱিক আকাৰ ক্রমান্বয়ে বৃদ্ধি পায়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

