SEBA Class 10 Science Important Chapter 6 জীৱন প্রক্রিয়া

SEBA Class 10 Science Important Chapter 6 জীৱন প্রক্রিয়া Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 6 জীৱন প্রক্রিয়া Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.

SEBA Class 10 Science Important Chapter 6 জীৱন প্রক্রিয়া

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 6

IMPORTANT QUESTION AND ANSWER

১। জীৱন প্ৰক্ৰিয়া কি?

উত্তৰঃ যিবোৰ প্ৰক্ৰিয়াই একেলগে সংঘটিত হৈ জীৱ এটাৰ জীৱনটোক চলাই নিয়ে, সেই প্রক্রিয়াসমূহক জীৱন প্ৰক্ৰিয়া বোলে।

২। পৰিপুষ্টি কাক বোলে?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ সহায়ত জীৱ এটাৰ শৰীৰৰ বাহিৰৰ পৰা শক্তিৰ উৎস এটা শৰীৰৰ ভিতৰলৈ স্থানান্তৰিত কৰা হয়, তাক পৰিপুষ্টি বোলে।

৩। শ্বসন কি?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰা হয় আৰু তাক কোষীয় প্রয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণত ব্যৱহাৰ কৰা হয়; তাক শ্বসন বোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। জীৱৰ পৰিবহণ বুলিলে কি বুজা?

উত্তৰঃ জীৱৰ শৰীৰৰ ভিতৰত বিভিন্ন দ্রব্য এঠাইৰ পৰা সিঠাইলৈ স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াটোক পৰিবহণ বোলে।

৫। ৰেচন কাক বোলে?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল আৰু হানিকাৰক উপজাত পদাৰ্থসমূহ শৰীৰৰ পৰা আঁতৰ কৰা হয়, তাকে ৰেচন বোলে।

৬। খাদ্য কি?

উত্তৰঃ জীৱই শৰীৰৰ বাহিৰৰ পৰা গ্ৰহণ কৰা শক্তিৰ উৎসকেই খাদ্য বোলে।

৭। স্বপোষিত জীৱ কি? দুটা উদাহৰণ দিয়া।

উত্তৰঃ কিছুমান জীৱে অজৈৱ উৎস যেনে কার্বন-ডাই-অক্সাইড আৰু পানীৰ পৰা প্ৰস্তুত কৰা সৰল খাদ্যদ্রব্য গ্রহণ কৰে। এনে জীৱক স্বপোষিত জীৱ বোলে।

দুটা স্বপোষিত জীৱৰ উদাহৰণ হ’ল— সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া।

৮। উৎসেচক (Enzyme) কি?

উত্তৰঃ উৎসেচকবোৰ হ’ল কিছুমান জৈৱ-অনুঘটক, যিয়ে খাদ্যৰ জটিল অণুসমূহৰ বিশ্লেষণ কৰি সৰল অণুলৈ ৰূপান্তৰিত কৰে।

৯। স্বপোষিত পুষ্টি বুলিলে কি বুজা?

উত্তৰঃ যি পুষ্টিত জীৱই বহিঃ পৰিৱেশৰ পৰা কাৰ্বন-ডাই- অক্সাইড আৰু পানী গ্রহণ কৰি সিহঁতক সঞ্চিত শক্তিৰ উৎস (কাৰ্বহাইড্ৰেট) লৈ ৰূপান্তৰিত কৰে, তাক স্বপোষিত পুষ্টি বোলে।

১০। স্বপোষিত জীৱসমূহৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজন পূৰোৱা প্ৰক্ৰিয়াটোৰ নাম কি?

উত্তৰঃ স্বপোষিত জীৱসমূহৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজন পূৰোৱা প্ৰক্ৰিয়াটোৰ নাম হ’ল— সালোক সংশ্লেষণ। 

১১। উদ্ভিদৰ শৰীৰত ভৱিষ্যতে ব্যৱহাৰ কৰাৰ বাবে আভ্যন্তৰীণ শক্তিৰ ভাণ্ডাৰ হিচাপে সঞ্চিত হোৱা কাৰ্বহাইড্ৰেটবিধৰ নাম কি?

উত্তৰঃ উদ্ভিদৰ শৰীৰত ভৱিষ্যতে ব্যৱহাৰ কৰাৰ বাবে আভ্যন্তৰীণ শক্তিৰ ভাণ্ডাৰ হিচাপে সঞ্চিত হোৱা কাৰ্বহাইড্ৰেটবিধৰ নাম হ’ল— শ্বেতসাৰ (Starch)।

১২। প্ৰাণীৰ শৰীৰত ভৱিষ্যতে ব্যৱহাৰৰ উপযোগীকৈ আভ্যন্তৰীণ শক্তিৰ ভাণ্ডাৰ হিচাপে সঞ্চিত হোৱা কাৰ্বহাইড্ৰেটবিধ কি?

উত্তৰঃ প্ৰাণীৰ শৰীৰত ভৱিষ্যতে ব্যৱহাৰৰ উপযোগীকৈ আভ্যন্তৰীণ শক্তিৰ ভাণ্ডাৰ হিচাপে সঞ্চিত হোৱা কাৰ্বহাইড্ৰেটবিধ হ’ল— গ্লাইক’জেন।

১৩। পত্ৰহৰিৎ সঞ্চিত কৰি ৰখা অংগাণুবিধৰ নাম লিখা।

উত্তৰঃ পত্ৰহৰিৎ সঞ্চিত কৰি ৰখা কোষ অংগাণুবিধৰ নাম হ’ল হৰিকণা।

১৪। পাতত থকা সেউজীয়া বিন্দুবোৰ কি? ইহঁতৰ কাৰ্য লিখা।

উত্তৰঃ হৰিকণা। ইহঁতৰ কাৰ্য হ’ল— সালোক-সংশ্লেষণ সংঘটিত কৰা।

১৫। সালোক-সংশ্লেষণৰ বাবে প্ৰয়োজন হোৱা কাৰ্বন-ডাই-অক্সাইড উদ্ভিদে কেনেদৰে আহৰণ কৰে?

উত্তৰঃ সালোক-সংশ্লেষণৰ বাবে প্ৰয়োজন হোৱা কাৰ্বন-ডাই- অক্সাইড উদ্ভিদে পাতৰ পৃষ্ঠত থকা পত্ৰৰন্ধ্ৰৰ সহায়ত বায়ুমণ্ডলৰ পৰা আহৰণ কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top