SEBA Class 10 Science Important Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয়

SEBA Class 10 Science Important Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয় Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয় Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.

SEBA Class 10 Science Important Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয়

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 7

IMPORTANT QUESTION AND ANSWER

১। জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আৱশ্যকতা কি?

উত্তৰঃ জীৱদেহত বিভিন্ন ধৰণৰ চলাচল সংঘটিত হ’বৰ বাবে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আৱশ্যক হয়।

২। প্ৰাণীৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰা দুবিধ কলা কি কি?

উত্তৰঃ প্ৰাণীৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰা দুবিধ কলা হ’ল স্নায়ু কলা আৰু পেশী কলা ।

৩। সোৱাদ চিনাক্ত কৰা গ্ৰাহকবিধৰ নাম কি?

উত্তৰঃ আমাৰ শৰীৰৰ সোৱাদ চিনাক্ত কৰা গ্ৰাহকবিধৰ নাম হ’ল গাছটেট’ৰী (gustatory) গ্রাহক।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। গোন্ধ চিনাক্ত কৰা গ্ৰাহকবিধৰ নাম কি?

উত্তৰঃ গোন্ধ চিনাক্ত কৰা আমাৰ শৰীৰৰ গ্ৰাহকবিধৰ নাম হ’ল অ’লফেক্টৰী গ্ৰাহক (olfactory receptor)।

৫। স্নায়ুকোষৰ মাজেৰে কি উপায়ে বার্তা সঞ্চালিত হয়?

উত্তৰঃ স্নায়ুকোষৰ মাজেৰে বিভিন্ন বাৰ্তা বৈদ্যুতিক প্ৰেৰণা হিচাপে সঞ্চালিত হয়।

৬। স্নায়ুকোষ এটাত কি উপায়ে বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰা হয়?

উত্তৰঃ স্নায়ুকোষৰ ডেনড্ৰাইটৰ অগ্ৰাংশত আহৰণ কৰা পৰিৱেশৰ কোনো তথ্যই এক ৰাসায়নিক বিক্রিয়া সংঘটিত কৰায়, যিয়ে স্নায়ুকোষত এক বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে।

৭। দুটা স্নায়ুকোষৰ মাজৰ ফাকটোৰে কোনো বাৰ্তাই কেনেদৰে পাৰ হয়?

উত্তৰঃ স্নায়ুকোষৰ এক্সনৰ মূৰত, বৈদ্যুতিক প্ৰেৰণাই কিছুমান ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰে। এই ৰাসায়নিক পদার্থসমূহে দুটা স্নায়ুকোষৰ মাজৰ ফাকটোৰে পাৰ হয়।

৮। ছাইনেপ্‌ছ (Synapse) কি?

উত্তৰঃ দুটা আনুক্রমিক স্নায়ুকোষৰ মাজৰ ফাকটোক ছাইনেপ্‌ছ বোলে।

৯। নিউৰণ কি?

উত্তৰঃ স্নায়ু কলা গঠন কৰা প্ৰতিটো কোষকে স্নায়ুকোষ বা নিউৰণ বোলে।

১০। নিউৰণৰ অংশসমূহ কি?

উত্তৰঃ নিউৰণৰ অংশ মুখ্যতঃ দুটা— 

(i) কোষদেহ, য’ত কোষৰ কোষকেন্দ্ৰটো পোৱা যায়। আৰু 

(ii) স্নায়ু প্ৰবৰ্ধ, যি দুইধৰণৰ— এক্সন আৰু ডেনড্ৰাইট।

১১। স্নায়ু কলা কাক বোলে?

উত্তৰঃ যি কলাৰ বিশেষত্বপূর্ণ কোষসমূহে বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ বিভিন্ন বাৰ্তা কঢ়িয়াই নিয়ে, তেনে কলাকু স্নায়ু কলা বোলে।

১২। দুই ধৰণৰ স্নায়ু প্ৰৱৰ্ধকৰ নাম লিখা।

উত্তৰঃ দুই ধৰণৰ স্নায়ু প্ৰৱৰ্ধকৰ নাম হ’ল এক্সন আৰু ডেনড্ৰাইট।

১৩। নিউৰণৰ কোনটো অংশত বিভিন্ন তথ্য আহৰণ কৰা হয়?

উত্তৰঃ নিউৰণৰ বিভিন্ন তথ্য আহৰণ কৰা অংশটি হ’ল ডেনড্রাইট।

১৪। নিউৰণৰ কোনটো অংশৰ মাজেৰে বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত বিভিন্ন বার্তা পরিবাহিত হয়?

উত্তৰঃ বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত বিভিন্ন বার্তা নিউৰণৰ কোষদেহৰ মাজেৰে আৰু এক্সনৰ মাজেৰে ইয়াৰ মূৰলৈ পৰিবাহিত হয়।

১৫। নিউৰণৰ কোনটো অংশত বৈদ্যুতিক প্ৰেৰণা ৰাসায়নিক সংকেতলৈ ৰূপান্তৰিত হয়?

উত্তৰঃ নিউৰণৰ এক্সনৰ মূৰত বৈদ্যুতিক প্ৰেৰণা ৰাসায়নিক সংকেতলৈ ৰূপান্তৰিত হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top