SEBA Class 10 Science Important Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

SEBA Class 10 Science Important Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.

SEBA Class 10 Science Important Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 8

IMPORTANT QUESTION AND ANSWER

১। প্রজনন এক জীৱন প্ৰক্ৰিয়া হয়নে? তোমাৰ উত্তৰৰ বাবে যুক্তি দর্শোৱা৷

উত্তৰঃ প্ৰজনন এক জীৱন প্ৰক্ৰিয়া নহয়, কাৰণ জীৱৰ জীৱন এটা চলাই নিবৰ বাবে প্ৰজনন অত্যাৱশ্যকীয় নহয়। প্রজননে মাথো জীৱৰ বংশবৃদ্ধিত অৰিহণা যোগায়।

২। জীৱই প্ৰজনন কিয় কৰে?

উত্তৰঃ জীৱই প্ৰজননৰ দ্বাৰা নতুন জীৱৰ সৃষ্টি কৰে, যিবোৰ দেখাত প্ৰায় সিহঁতৰ দৰে হয়। প্ৰজননৰ জৰিয়তে জীৱ এটাৰ অস্তিত্ব ৰক্ষা পৰে।

৩। প্রজনন কি?

উত্তৰঃ প্রজনন হ’ল এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱই নতুন জীৱৰ সৃষ্টি কৰে, যিবিলাক দেখাত প্রায় সিহতৰ দৰেই হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। প্ৰজননৰ দুটা সুবিধা লিখা।

উত্তৰঃ প্ৰজননৰ দুটা সুবিধা হ’ল—

(i) ই জীৱৰ প্ৰজাতিৰ আবাদীৰ স্থিৰতা অক্ষুণ্ণ ৰাখে৷

(ii) যৌন প্রজননে জৈৱ বিবৰ্তনত অৰিহণা যোগায়।

৫। অযৌন প্রজনন কাক বোলে?

উত্তৰঃ যি প্ৰজনন পদ্ধতিত মাথো এটা জীৱৰ পৰা নতুন প্ৰজন্মৰ সৃষ্টি হয় তাক অযৌন প্রজনন বোলে।

৬। যৌন প্রজনন কাক বোলে?

উত্তৰঃ যি প্ৰজনন পদ্ধতিত নতুন প্ৰজন্মৰ সৃষ্টিৰ লগত দুটা ব্যক্তি জড়িত থাকে, তাক যৌন প্ৰজনন বোলে।

৭। জীৱসমূহে প্ৰজননৰ দ্বাৰা নিজৰ হুবহু প্ৰতিৰূপ সৃষ্টি কৰেনে?

উত্তৰঃ জীৱসমূহে প্ৰজননৰ দ্বাৰা নিজৰ হুবহু প্ৰতিৰূপ সৃষ্টি নকৰে। অপত্য জীৱসমূহ পৈতৃক প্ৰজন্মৰ লগত প্রায় একে হলেও হুবহু একে নহয়।

৮। অপত্য জীৱসমূহ পিতৃ-মাতৃৰ সৈতে দেখাত সদৃশ হোৱাৰ লগত জড়িত প্ৰজননৰ প্ৰণালীটোৰ নাম কি?

উত্তৰঃ অপত্য জীৱসমূহ পিতৃ-মাতৃৰ সৈতে দেখাত সদৃশ হোৱাৰ লগত জড়িত প্ৰজননৰ প্ৰণালীটোৰ নাম হ’ল DNA ৰ নকল প্রস্তুতকৰণ।

৯। প্ৰজননৰ লগত জড়িত কোনটো প্ৰক্ৰিয়াৰ বাবে অপত্য জীৱসমূহ পিতৃ-মাতৃৰ লগত সদৃশ হৈও হুবহু একে নহয়?

উত্তৰঃ প্ৰজননৰ সময়ত হোৱা DNA ৰ নকল বা প্ৰতিৰূপ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ ত্রুটিৰ বাবে অপত্য জীৱ সমূহ পিতৃ-মাতৃৰ লগত সদৃশ হৈও হুবহু একে নহয়।

১০। কি প্রজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে?

উত্তৰঃ যৌন প্রজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে।

১১। আমাৰ কোষৰ কোষকেন্দ্ৰৰ কোনটো অংশত পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ অপত্য জনুলৈ উত্তৰাধিকাৰৰ বাৰ্তা থাকে?

উত্তৰঃ আমাৰ কোষৰ কোষকেন্দ্ৰ ক্ৰম ‘জমত পিতৃ-মাতৃৰ চাৰিত্রিক বৈশিষ্ট্যৰ অপত্য জনুলৈ উত্তৰাধিকাৰৰ বাৰ্তা থাকে।

১২। প্রটিন সংশ্লেষণৰ বাবে বাৰ্তাৰ উৎস বুলি কাক কোৱা হয়?

উত্তৰঃ কোষৰ কোষকেন্দ্ৰত থকা DNA ক প্রটিন সংশ্লেষণৰ বাবে বাৰ্তাৰ উৎস বুলি কোৱা হয়।

১৩। প্ৰজননৰ সময়ত DNA ৰ প্ৰতিৰূপ তৈয়াৰ কৰিবলৈ কোষে কি উপায় অৱলম্বন কৰে?

উত্তৰঃ প্ৰজননৰ সময়ত DNA ৰ প্ৰতিৰূপ তৈয়াৰ কৰিবলৈ কোষে ৰাসায়নিক বিক্রিয়া ব্যৱহাৰ কৰে।

১৪। প্ৰজননৰ মৌলিক পৰিঘটনা কোনটো?

উত্তৰঃ DNA ৰ প্ৰতিৰূপ সৃষ্টি প্ৰজননৰ মৌলিক পৰিঘটনা বুলি গণ্য কৰা হয়। 

১৫। বিবৰ্তনৰ ভিত্তি বুলি কাক গণ্য কৰা হয়?

উত্তৰঃ প্ৰজননৰ সময়ত DNA ৰ প্ৰতিৰূপ প্ৰস্তুতকৰণত থকা প্ৰকাৰণৰ সহজাত প্ৰৱণতাক বিৱর্তনৰ ভিত্তি বুলি গণ্য কৰা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top