SEBA Class 10 Science Important Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ

SEBA Class 10 Science Important Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.

SEBA Class 10 Science Important Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 9

IMPORTANT QUESTION AND ANSWER

১। বংশগতি কাক বোলে?

উত্তৰঃ পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য পৰৱৰ্তী জনুলৈ সঞ্চাৰিত হোৱাকে বংশগতি বোলে।

২। বিৱৰ্তনীয় প্ৰক্ৰিয়াৰ ভিত্তি হিচাপে কাক গণ্য কৰা হয়?

উত্তৰঃ প্রাকৃতিক কাৰকৰ দ্বাৰা প্ৰকাৰণৰ নিৰ্বাচনকেই বিৱৰ্তনীয় প্ৰক্ৰিয়াৰ ভিত্তি হিচাপে কাক গণ্য কৰা হয়।

৩। প্ৰভাৱী লক্ষণ কি?

উত্তৰঃ মেণ্ডেলৰ সংকৰণ পৰীক্ষাত প্ৰথম অপত্য জনু অৰ্থাৎ F₁ জনুত প্ৰকাশ পোৱা লক্ষণটোকে প্ৰভাৱী লক্ষণ বোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। অপ্ৰভাৱী বা পৰাহত লক্ষণ কি?

উত্তৰঃ মেণ্ডেলৰ সংকৰণ পৰীক্ষাত প্ৰথম অপত্য জনু অৰ্থাৎ F₁ জনুত প্ৰকাশ নোপোৱা লক্ষণটোকে অপ্ৰভাৱী বা পৰাহত লক্ষণ বোলে।

৫। একসংকৰণ পৰীক্ষা কি?

উত্তৰঃ যিবোৰ সংকৰণ পৰীক্ষাত এযোৰ মাথো বিপৰীত ধৰ্মী চৰিত্ৰৰ বংশগতি বিচাৰ কৰি চোৱা হয়, তাক একসংকৰণ পৰীক্ষা বোলে।

৬। দ্বিসংকৰণ পৰীক্ষা কি?

উত্তৰঃ যিবোৰ সংকৰণ পৰীক্ষাত দুযোৰ বিপৰীত ধৰ্মী চৰিত্ৰৰ বংশগতি বিচাৰ কৰি চোৱা হয়, তাক দ্বিসংকৰণ পৰীক্ষা বোলে।

৭। কণীৰ ভিতৰত বিকশিত হোৱা কোনো প্রাণী মতা হ’ব নে মাইকী সেয়া কেনেদৰে নিৰ্ধাৰিত হয়?

উত্তৰঃ কণীৰ ভিতৰত বিকশিত হোৱা কোনো প্রাণী মতা হ’ব নে মাইকী হ’ব, সেয়া নিষেচিত কণীটোক ৰখা উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। 

৮। এনে এবিধ প্ৰাণীৰ উদাহৰণ দিয়া যাৰ লিংগ আনুবংশিকভাৱে নিৰ্ধাৰিত নহয়।

উত্তৰঃ আনুবংশিকভাৱে লিংগ নিৰ্ধাৰিত নোহোৱা এবিধ প্ৰাণী হল শামুক। ইহঁতে লিংগ পৰিৱৰ্তন কৰিব পাৰে।

৯। মহিলাৰ ক্ষেত্ৰত যৌন ক্ৰম’জ’মযোৰ কি?

উত্তৰঃ মহিলাৰ ক্ষেত্ৰত যৌন ক্ৰম’জ’মযোৰ হল XX।

১০। পুৰুষৰ ক্ষেত্ৰত যৌন ক্ৰম’জ’মযোৰ কি?

উত্তৰঃ পুৰুষৰ ক্ষেত্ৰত যৌন ক্ৰম’জ’ম হ’ল XY।

১১। বিৱৰ্তন কাক বোলে?

উত্তৰঃ ধীৰ অথচ নিৰৱচ্ছিন্ন পৰিবৰ্তনৰ ফলশ্ৰুতিত পৃথিৱী পৃষ্ঠত নতুন জীৱৰ উৎপত্তি আৰু বিকাশকেই বিৱৰ্তন বোলে।

১২। আর্জিত লক্ষণ কাক বোলে?

উত্তৰঃ জীৱন-কালৰ অভিজ্ঞতাৰ দ্বাৰা কোনো জীৱই লাভ কৰা লক্ষণসমূহক আৰ্জিত লক্ষণ বোলে।

১৩। বংশানুক্রমিক লক্ষণসমূহ কি?

উত্তৰঃ যিবোৰ লক্ষণ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সঞ্চাৰিত হ’ব পাৰে,তাক বংশানুক্রমিক লক্ষণ বোলে৷

১৪। বিৱৰ্তন প্ৰক্ৰিয়াত অৰিহণা যোগোৱা কাৰকসমূহ কি?

উত্তৰঃ বিৱৰ্তন প্ৰক্ৰিয়াত অৰিহণা যোগোৱা কাৰকসমূহ হ’ল— 

(i) প্রাকৃতিক নির্বাচন (Natural selection)। আৰু 

(ii) জিনীয় পথত্যুত (Genetic drift)।

১৫। প্ৰজাতিকৰণ (speciation) কি?

উত্তৰঃ দীর্ঘ সময় ধৰি প্ৰকাৰণৰ সঞ্চয়ৰ ফলত কোনো এটা জীৱৰ প্ৰজাতিৰ পৰা আন এটা নতুন প্ৰজাতিৰ সৃষ্টি হোৱাকে প্ৰজাতিকৰণ (speciation) বোলে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top