SEBA Class 10 Science Important Chapter 10 পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 10 পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.
SEBA Class 10 Science Important Chapter 10 পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.
পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ
Chapter: 10
| IMPORTANT QUESTION AND ANSWER |
১। পোহৰৰ প্ৰতিফলন কি?
উত্তৰঃ যেতিয়া পোহৰ ৰশ্মি কোনো উৎসৰ পৰা নিৰ্গত হৈ কোনো বস্তুত আপতিত হয়, তেতিয়া ইয়াৰ কিছু অংশ পুনৰ উৎসৰ দিশলৈ উভতি আহে। এই পৰিঘটনাকে পোহৰৰ প্ৰতিফলন বোলে।
২। গোলাকাৰ দাপোণ কি?
উত্তৰঃ যিবিলাক দাপোণৰ প্ৰতিফলন পৃষ্ঠখন কোনো গোলকৰ অংশবিশেষ, তেনে দাপোণক গোলাকাৰ দাপোণ বোলে।
৩। অৱতল দাপোণ কাক বোলে?
উত্তৰঃ যিবিলাক দাপোণৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ ভাঁজ খোৱা,তেনে দাপোণক ‘অৱতল দাপোণ বোলে।
৪। উত্তল দাপোণ কাক বোলে?
উত্তৰঃ যিবিলাক গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ ভাঁজ খোৱা, তেনে দাপোণক উত্তল দাপোণ বোলে।
৫। গোলাকাৰ দাপোণৰ মেৰু কি?
উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰীয় বিন্দুটোক মেৰু বোলে।
৬। গোলাকাৰ দাপোণৰ ভাঁজকেন্দ্র কি?
উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন যিটো গোলকৰ অংশবিশেষ, সেই গোলকৰ কেন্দ্ৰটোকে দাপোণৰ ভাঁজকেন্দ্র বোলে।
৭। গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসার্দ্ধ কি?
উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন যিটো গোলকৰ অংশবিশেষ, সেই গোলকৰ ব্যাসাৰ্দ্ধকে দাপোণখনৰ ভাঁজ ব্যাসার্দ্ধ বোলে।
৮। গোলাকাৰ দাপোণৰ মুখ্য অক্ষ কি?
উত্তৰঃ গোলাকাৰ দাপোণ এখনৰ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা কাল্পনিক সৰলৰেখাডালকে দাপোণৰ মুখ্য অক্ষ বোলে।
৯। গোলাকাৰ দাপোণৰ ছিদ্ৰ বা গৱাক্ষ কি?
উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠৰ ব্যাসক তাৰ ছিদ্ৰ বা গৱাক্ষ বোলে।
১০। গোলাকাৰ দাপোণৰ ফ’কাছ দৈর্ঘ্য কাক বোলে?
উত্তৰঃ গোলাকাৰ দাপোণৰ মেৰু আৰু মুখ্য ফ’কাছৰ মাজৰ দূৰত্বক ফ’কাছ দৈৰ্ঘ্য বোলে।
১১। অৱতল দাপোণৰ মুখ্য ফ’কাছ কি?
উত্তৰঃ মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ অৱতল দাপোণৰ দ্বাৰা প্ৰতিফলনৰ পিছত মুখ্য অক্ষত থকা যিটো বিন্দুলৈ অভিসাৰী হয়, তাক অৱতল দাপোণৰ মুখ্য ফ’কাছ বোলে।
১২। গোলাকাৰ দাপোণে উৎপন্ন কৰা বিবৰ্ধনৰ সংজ্ঞা দিয়া।
উত্তৰঃ প্রতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাতক দাপোণে উৎপন্ন কৰা বিবর্ধন বোলে।
১৩। পোহৰৰ প্ৰতিসৰণ কাক বোলে?
উত্তৰঃ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত পোহৰ হেলনীয়াভাৱে প্ৰৱেশ কৰিলে, দ্বিতীয় মাধ্যমত পোহৰৰ গতিৰ দিশ সলনি হয়। এই পৰিঘটনাক পোহৰৰ প্ৰতিসৰণ বোলে।
১৪। পোহৰৰ প্ৰতিসৰণৰ কাৰণ কি?
উত্তৰঃ এটা স্বচ্ছ মাধ্যমৰ পৰা গৈ আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰোঁতে হোৱা পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তনেই হৈছে পোহৰৰ প্ৰতিসৰণৰ কাৰণ।
১৫। কোনো মাধ্যমৰ প্ৰতিসৰণাংক বা পৰম প্ৰতিসৰণাংকই কি সূচায়?
উত্তৰঃ বায়ুত পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক সেই মাধ্যমটোৰ প্ৰতিসৰণাংক বা পৰম প্ৰতিসৰণাংক বোলে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


