SEBA Class 10 Science Important Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

resppost2025

SEBA Class 10 Science Important Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.

SEBA Class 10 Science Important Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 11

IMPORTANT QUESTION AND ANSWER

১। চকুৰ ভিতৰত ক’ত প্ৰতিবিম্ব গঠন হয়?

উত্তৰঃ চকুৰ ভিতৰত অক্ষিপট বা ৰেটিনাত প্ৰতিবিম্ব গঠন হয়।

resppost2025

২। চকুৰ যিটো অংশৰ মাজেৰে পোহৰ চকুত সোমায়, সেই অংশটোৰ নাম কি?

উত্তৰঃ চকুৰ যিটো অংশৰ মাজেৰে পোহৰ চকুত সোমায়, সেই অংশটোৰ নাম হ’ল- কর্ণিয়া।

৩। অক্ষিগোলকৰ ব্যাস কিমান?

sqare

উত্তৰঃ অক্ষিগোলকৰ ব্যাস প্রায় 2.3 ছে.মি.।

৪। চকুৰ স্ফটিকীয় লেন্‌ছখনৰ কাম কি?

উত্তৰঃ চকুৰ স্ফটিকীয় লেন্‌ছখনে বেলেগ বেলেগ দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিবিষ্ট কৰিবলৈ প্ৰয়োজন হোৱা ফ’কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজন ঘটায়।

৫। চকুৰ স্ফটিকীয় লেন্‌ছখনৰ প্ৰকৃতি কি?

sqare

উত্তৰঃ চকুৰ স্ফটিকীয় লেন্‌ছখনৰ প্ৰকৃতি উত্তল।

৬। চকুৰ মণিৰ আকাৰ কিহে নিয়ন্ত্ৰণ কৰে?

উত্তৰঃ চকুৰ মণিৰ আকাৰ চকুৰ পতা বা আইৰিছে নিয়ন্ত্ৰণ কৰে।

sidebar2026

৭। চকুৰ মণি বা পিউপিলৰ কাম কি?

উত্তৰঃ চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।

2026

৮। চকুৰ লেন্‌ছে অক্ষিপটত গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি কি?

উত্তৰঃ চকুৰ লেন্‌ছে অক্ষিপটত গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা।

৯। চকুৰ লেন্‌ছখনৰ বক্তৃতা কিহে নিয়ন্ত্ৰণ কৰে?

উত্তৰঃ চকুৰ লেন্‌ছখনৰ বক্তৃতা চিলিয়াৰী পেশীয়ে নিয়ন্ত্ৰণ কৰে।

১০। স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলিলে কি বুজা?

sidebar2026

উত্তৰঃ চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কষ্টসাধন নকৰাকৈ দেখা পোৱা যায়, তাক স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বোলে।

১১। চকুৰ নিকট বিন্দু কি?

উত্তৰঃ চকুৰ পৰা ন্যূনতম দূৰত্বত থকা যিটো বিন্দুত অৱস্থিত বস্তু এটা চকুৱে স্পষ্টকৈ আৰু কষ্টসাধন নকৰাকৈ দেখা পায়, তাক চকুৰ নিকট বিন্দু বোলে।

১২। প্রাপ্তবয়স্ক ব্যক্তি এগৰাকীৰ সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বা নিকট বিন্দুৰ মান কি?

উত্তৰঃ প্রাপ্তবয়স্ক ব্যক্তি এগৰাকীৰ সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বা নিকট বিন্দুৰ মান চকুৰ পৰা প্ৰায় 25 ছে.মি.।

১৩। চকুৰ দূৰবিন্দু কি?

উত্তৰঃ চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰবিন্দু বোলে।

১৪। সুস্থ চকুৰ বাবে দূৰবিন্দুৰ অৱস্থান কি?

উত্তৰঃ সুস্থ চকুৰ বাবে দূৰবিন্দুৰ অৱস্থান অসীম।

১৫। সুস্থ চকুৰ বাবে দৃষ্টিৰ পৰিসৰ কি?

উত্তৰঃ সুস্থ চকুৰ বাবে দৃষ্টিৰ পৰিসৰ 25 ছে.মি.ৰ পৰা অসীম।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top