SEBA Class 10 Science Important Chapter 12 বিদ্যুৎ

SEBA Class 10 Science Important Chapter 12 বিদ্যুৎ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 12 বিদ্যুৎ Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.

SEBA Class 10 Science Important Chapter 12 বিদ্যুৎ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 12

IMPORTANT QUESTION AND ANSWER

১। বিদ্যুৎ প্রবাহ কি?

উত্তৰঃ কোনো পৰিবাহীৰ এটা প্রস্থচ্ছেদৰ মাজেৰে একক সময়ত পাৰ হৈ যোৱা আধানৰ পৰিমাণকে বিদ্যুৎ প্রবাহ বোলে।

২। বিদ্যুৎ প্রবাহৰ গাণিতিক প্ৰকাশটো লিখা।

উত্তৰঃ I = Q/t, য’ত I = প্রবাহ, Q = আধান আৰু t = সময়।

৩। আধানৰ SI একক কি?

উত্তৰঃ আধানৰ SI একক কুলম্ব (C)।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। বিদ্যুৎ প্ৰৱাহৰ SI একক কি?

উত্তৰঃ বিদ্যুৎ প্ৰৱাহৰ SI একক এম্পিয়াৰ (A)।

৫। 1 এম্পিয়াৰ প্ৰবাহৰ সংজ্ঞা দিয়া।

উত্তৰঃ এডাল পৰিবাহীৰ কোনো এক প্রস্থচ্ছেদৰ মাজেৰে । ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ গ’লে প্ৰস্থচ্ছেদটোৰ মাজেৰে চালিত প্রবাহক 1 এম্পিয়াৰ বুলি কোৱা হয়। 1A = 1c/1s।

৬। 1 কুলম্ব আধানত থকা ইলেক্ট্রনৰ সংখ্যা কিমান?

উত্তৰঃ 1 কুলম্ব আধানত থকা ইলেক্ট্রনৰ সংখ্যা 6.25 × 10⁸ টা।

৭। বিদ্যুৎ প্রবাহৰ প্ৰচলিত দিশ কি?

উত্তৰঃ বৈদ্যুতিক বর্তনী এটাৰ বৈদ্যুতিক কোষ বা বেটাৰীৰ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ ৷

৮। বৈদ্যুতিক বর্তনী এটাত ইলেক্ট্ৰনৰ গতিৰ দিশ কি?

উত্তৰঃ বৈদ্যুতিক কোষ বা বেটাৰীৰ ঋণাত্মক মেৰু (কম বিভৱৰ অঞ্চল) ৰ পৰা ধনাত্মক মেৰু (বেছি বিভৱৰ অঞ্চল)লৈ।

৯। পৰিবাহী এডালৰ মাজেৰে আধানৰ পৰিবহণৰ বাবে প্ৰয়োজনীয় চৰ্তটো কি?

উত্তৰঃ পৰিবাহীৰ দুয়ো মূৰৰ মাজত এক বিভৱভেদ স্থাপন।

১০। এমিটাৰ কি?

উত্তৰঃ এমিটাৰ হ’ল বৈদ্যুতিক বর্তনী এটাত বৈদ্যুতিক প্ৰবাহৰ পৰিমাণ জোখা এবিধ সঁজুলি।

১১। বৈদ্যুতিক বর্তনী এটাত এমিটাৰ এটা কেনেদৰে সংযোগ কৰা হয়?

উত্তৰঃ বৰ্তনীৰ উপাদানসমূহৰ লগত শ্ৰেণীৱদ্ধভাৱে।

১২। বৈদ্যুতিক বিভৱ কাক বোলে?

উত্তৰঃ বৈদ্যুতিক ক্ষেত্ৰ এখনৰ কোনো এক বিন্দুলৈ অসীমৰ পৰা এটা একক ধনাত্মক আধান সৰবৰাহ কৰিবলৈ প্ৰয়োজনীয় কাৰ্যৰ পৰিমাণকে উক্ত বিন্দুটোৰ বৈদ্যুতিক বিভৱ বোলে।

১৩। বৈদ্যুতিক বিভৱৰ SI একক কি?

উত্তৰঃ বৈদ্যুতিক বিভৱৰ SI একক ভল্ট (V)।

১৪। বৈদ্যুতিক বিভৱভেদ কাক বোলে?

উত্তৰঃ এখন বৈদ্যুতিক ক্ষেত্ৰৰ কোনো দুটা বিন্দুৰ মাজত এটা একক ধনাত্মক আধান সববহাৰ কৰিবলৈ কৰিবলগীয়া কাৰ্যৰ পৰিমাণকে উক্ত বিন্দু দুটাৰ মাজৰ বৈদ্যুতিক বিভৱভেদ বোলে।

১৫। বৈদ্যুতিক বিভৱভেদৰ প্ৰকাশৰাশি লিখা।

উত্তৰঃ V = W/Q, য’ত V = বিভৱভেদ, W= কাৰ্য আৰু Q = আধান।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top