SEBA Class 10 Science Important Chapter 13 বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

SEBA Class 10 Science Important Chapter 13 বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 13 বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.

SEBA Class 10 Science Important Chapter 13 বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 13

IMPORTANT QUESTION AND ANSWER

১। কোন গৰাকী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল যে ধাতুৰ পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হ’লে ইয়াৰ চাৰিওফালে এখন চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হয়?

উত্তৰঃ হান্স খ্রিষ্টিয়ান অ’ৰষ্টেডে আৱিষ্কাৰ কৰিছিল যে ধাতুৰ পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হ’লে ইয়াৰ চাৰিওফালে এখন চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হয়।

২। চৌম্বক ক্ষেত্র কাক বোলে?

উত্তৰঃ চুম্বক এডালৰ চাৰিওফালৰ যি অঞ্চলত চুম্বকডালৰ বল অনুভূত হয়, তাক চুম্বকডালৰ চৌম্বক ক্ষেত্র বোলা হয়।

৩। চৌম্বক ক্ষেত্ৰৰেখা বা বলৰেখা কি?

উত্তৰঃ এখন চৌম্বক ক্ষেত্ৰত মুক্তভাৱে বিচৰণ কৰিব পৰা এটা কাল্পনিক উত্তৰ মেৰুৱে গতি কৰা পথসমূহ নিৰ্দেশ কৰা ৰেখাবোৰক চৌম্বক ক্ষেত্ৰৰেখা বা বলৰেখা বোলা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। চৌম্বক ক্ষেত্ৰ এখনৰ কোনো বিন্দুত চৌম্বক ক্ষেত্ৰৰ দিশ কেনেদৰে নিৰ্ণয় কৰা হয়?

উত্তৰঃ চৌম্বক ক্ষেত্ৰ এখনৰ কোনো এটা বিন্দুত ৰখা দিগদর্শন যন্ত্ৰৰ কাঁটাৰ উত্তৰ মেৰুটোৱে নিৰ্দেশ কৰা দিশকেই উক্ত বিন্দুত চৌম্বক ক্ষেত্ৰৰ দিশ হিচাপে গণ্য কৰা হয়।

৫। প্রবাহযুক্ত পোন পৰিবাহী এডালৰ চাৰিওফালে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ দিশ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশৰ ওপৰত।

৬। প্রবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ হোৱা নীতিটোৰ নাম কি?

উত্তৰঃ প্রবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ হোৱা নীতিটোৰ নাম হ’ল- সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি। 

৭। প্রবাহযুক্ত পৰিবাহী এডালৰ চাৰিওফালে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ কোনো প্রদত্ত বিন্দুত চৌম্বক ক্ষেত্ৰৰ প্রাবল্য কেনেদৰে সলনি হ’ব যদি পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ মান বঢ়োৱা হয়?

উত্তৰঃ প্রদত্ত বিন্দুত চৌম্বক ক্ষেত্ৰৰ প্রাবল্যৰ মানো বাঢ়িব।

৮। পৰিবাহীৰ পৰা দূৰত্ব বঢ়াৰ লগে লগে কোনো পৰিবাহীৰ প্ৰদত্ত প্রবাহে সৃষ্টি কৰা চৌম্বক ক্ষেত্ৰৰ মান কেনেদৰে সলনি হ’ব?

উত্তৰঃ দূৰত্ব বঢ়াৰ লগে লগে চৌম্বক ক্ষেত্ৰৰ মান কমি যাব।

৯। প্রবাহযুক্ত বৃত্তাকাৰ কুণ্ডলী এটাৰ কেন্দ্ৰত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ প্রবাহযুক্ত বৃত্তাকাৰ কুণ্ডলী এটাৰ কেন্দ্ৰত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম।

১০। এখন সুষম চৌম্বক ক্ষেত্ৰৰ বাবে চৌম্বক বলৰেখাবোৰৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ এখন সুষম চৌম্বক ক্ষেত্ৰৰ বাবে চৌম্বক বলৰেখাবোৰৰ প্ৰকৃতি সমান্তৰাল সৰলৰেখা।

১১। এখন সুষম চৌম্বক ক্ষেত্ৰই কি বুজায়?

উত্তৰঃ এখন সুষম চৌম্বক ক্ষেত্রই বুজায় যে চৌম্বক ক্ষেত্ৰখনৰ সকলো বিন্দুতে চৌম্বক ক্ষেত্ৰৰ প্রাবল্য একে।

১২। চ’লেনইড কি?

উত্তৰঃ চুঙা এটাৰ আকৃতিত ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকযুক্ত কুণ্ডলীক চ’লেনইড বোলে।

১৩। চ’লেনইডৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ চ’লেনইডৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম।

১৪। চ’লেনইডৰ সহায়ত স্থায়ী বিদ্যুৎ-চুম্বক কেনেদৰে তৈয়াৰ কৰিব পাৰি?

উত্তৰঃ প্রবাহযুক্ত চ’লেনইড এটাৰ অন্তৰ্ভাগত মজ্জা হিচাপে কোমল লোৰ সলনি কঠিন তীখাৰ টুকুৰা ৰাখিলে ই স্থায়ী বিদ্যুৎ চুম্বকলৈ পৰিণত হয়।

১৫। ফ্লেমিঙৰ বাঁওহতীয়া নীতিৰ পৰা আমি কি জানিব পাৰো?

উত্তৰঃ চৌম্বক ক্ষেত্ৰ এখন ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top