SEBA Class 10 Science Important Chapter 14 শক্তিৰ উৎসসমূহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 14 শক্তিৰ উৎসসমূহ Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.
SEBA Class 10 Science Important Chapter 14 শক্তিৰ উৎসসমূহ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.
শক্তিৰ উৎসসমূহ
Chapter: 14
| IMPORTANT QUESTION AND ANSWER |
১। এটা আদর্শ ইন্ধনৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ এটা আদৰ্শ ইন্ধনৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল—
(i) ই দহনৰ দ্বাৰা অতি বেছি পৰিমাণৰ তাপ উৎপন্ন কৰে।
(ii) ই অতি কম পৰিমাণৰ ধোঁৱা উৎপন্ন কৰে। আৰু
(iii) ই সহজলভ্য হয়।
২। জীৱাশ্ম ইন্ধন কি?
উত্তৰঃ জীৱাশ্ম ইন্ধন হ’ল পৃথিৱীৰ গভীৰ স্তৰত উদ্ভিদ আৰু প্ৰাণীৰ মৃত অৱশিষ্ট অংশৰ পৰা সৃষ্ট এবিধ ইন্ধন। জীৱাশ্ম ইন্ধনৰ উদাহৰণ হ’ল- কয়লা আৰু পেট্ৰ’লিয়াম।
৩। জল বিদ্যুৎ প্রকল্প কি?
উত্তৰঃ জলবিদ্যুৎ প্রকল্পবোৰ হ’ল কিছুমান বিদ্যুৎ উৎপাদন প্রকল্প যাৰ দ্বাৰা নদীত বান্ধ নিৰ্মাণ কৰি পানীক ভেটা দি পানীৰ স্থিতি শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয়।
৪। জৈৱ-ভৰ কি?
উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীজাত পদাৰ্থৰ পৰা পোৱা শক্তিৰ উৎসক জৈৱ-ভৰ বোলে।
৫। জৈৱ-গেছ প্ৰকল্পৰ সুবিধাসমূহ কি?
উত্তৰঃ (i) এনে প্ৰকল্পই পৰিৱেশৰ প্ৰদূষণ সৃষ্টি নকৰে।
(ii) এনে প্ৰকল্পই জৈৱ-ভৰ ব্যৱহাৰ কৰে, যি এক নৱীকৰণযোগ্য শক্তিৰ উৎস।
৬। বায়ুশক্তি পাম (wind energy farm) কি?
উত্তৰঃ যেতিয়া এক বৃহৎ অঞ্চলত, বহুতো বায়ুকল একেলগে স্থাপন কৰা হয়, তেতিয়া তাক এখন বায়ু শক্তি পাম বোলা হয়।
৭। বায়ুশক্তিৰ সুবিধাসমূহ লিখা?
উত্তৰঃ বায়ু শক্তিৰ সুবিধাসমূহ হ’ল—
(i) এইটো এটা নৱীকৰণযোগ্য শক্তিৰ উৎস।
(ii) এনে শক্তিৰ ব্যৱহাৰৰ দ্বাৰা পৰিৱেশ প্ৰদূষিত নহয়।
৮। সৌৰ শক্তি ব্যৱহাৰ কৰা দুবিধ আহিলাৰ নাম লিখা।
উত্তৰঃ সৌৰ শক্তি ব্যৱহাৰ কৰা দুবিধ আহিলা হ’ল—
(i) সৌৰ কুকাৰ (solar cooker)।
(ii) সৌৰ কোষ (solar cell)।
৯। সৌৰ কোষ কি?
উত্তৰঃ সৌৰ কোষ হ’ল এনে এক আহিলা। যিয়ে সৌৰ শক্তিক বিদ্যুতলৈ ৰূপান্তৰিত কৰে।
১০। জোৱাৰ শক্তি কি?
উত্তৰঃ জোৱাৰ আৰু ভাটাৰ সময়ত সৃষ্টি হোৱা সাগৰ-পৃষ্ঠৰ পাৰ্থক্যৰ বাবে আহৰণ কৰিব পৰা শক্তিক জোৱাৰ শক্তি বোলে।
১১। জোৱাৰৰ পৰা শক্তি কেনেদৰে আহৰণ কৰিব পাৰি?
উত্তৰঃ সাগৰলৈ সোমাই যোৱা ঠেক স্থান এডোখৰত বান্ধ নিৰ্মাণ কৰি জোৱাৰ শক্তি আহৰণ কৰা হয়। বান্ধৰ মুখত স্থাপন কৰা টার্বাইনে জোৱাৰ শক্তিক বিদ্যুতলৈ ৰূপান্তৰিত কৰে৷
১২। জোৱাৰ শক্তিৰ অসুবিধা কি?
উত্তৰঃ জোৱাৰ শক্তিৰ মুখ্য অসুবিধা হ’ল সমুদ্রতীৰত বান্ধ নিৰ্মাণ কৰিবলৈ সুবিধাজনক স্থানৰ অভাৱ।
১৩। জোৱাৰ শক্তিৰ দুটা সুবিধা লিখা।
উত্তৰঃ জোৱাৰ শক্তিৰ দুটা সুবিধা হ’ল—
(i) ই এটা নৱীকৰণ যোগ্য শক্তিৰ উৎস।
(ii) ই পৰিৱেশৰ প্ৰদূষণৰ সৃষ্টি নকৰে।
১৪। তৰংগ শক্তি (Wave energy) কি?
উত্তৰঃ সমুদ্রতীৰত ডাঙৰ ডাঙৰ ঢৌৰ গতিশক্তিক আৱদ্ধ কৰি বিদ্যুৎ উৎপাদন কৰিব পাৰি। তৰংগৰ পৰা এনেদৰে আহৰণ কৰা শক্তিক তৰংগ শক্তি বোলে।
১৫। তৰংগৰ পৰা আহৰণ কৰা শক্তিৰ অসুবিধা কি?
উত্তৰঃ তৰংগৰ পৰা আহৰণ কৰা শক্তিৰ মুখ্য অসুবিধা হ’ল এনে শক্তি মাথোঁ তেনে অঞ্চলতহে আহৰণ কৰা সম্ভৱ য’ত ঢৌবোৰ খুবেই শক্তিশালী।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


