SEBA Class 10 Science Important Chapter 15 আমাৰ পৰিৱেশ

resppost2025

SEBA Class 10 Science Important Chapter 15 আমাৰ পৰিৱেশ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 15 আমাৰ পৰিৱেশ Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.

SEBA Class 10 Science Important Chapter 15 আমাৰ পৰিৱেশ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 15

IMPORTANT QUESTION AND ANSWER

১। জীৱ নিম্নীকৰণ যোগ্য পদার্থ কি?

উত্তৰঃ যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰ বিশ্লেষিত হৈ সৰল অৱস্থালৈ ৰূপান্তৰিত হয়, তেনে পদাৰ্থক জীৱ নিম্নীকৰণযোগ্য পদার্থ বোলে।

resppost2025

২। জীৱ নিম্নীকৰণ অযোগ্য (Non-biodegradable) পদাৰ্থ কি? উদাহৰণ দিয়া।

উত্তৰঃ যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষিত হৈ সৰল অৱস্থালৈ ৰূপান্তৰিত নহয়, তেনে পদাৰ্থক জীৱ নিম্নীকৰণ অযোগ্য পদার্থ বোলে৷ যেনেঃ প্লাষ্টিক, ৰবৰ, ধাতু আদি।

৩। পৰিস্থিতিতন্ত্র বা পৰিৱেশতন্ত্ৰ (Ecosystem) কি?

sqare

উত্তৰঃ কোনো এটা অঞ্চলৰ সকলোবোৰ আন্তঃ ক্রিয়াশীল জীৱই পৰিৱেশৰ অজৈৱিক উপাদান সমূহৰ লগত একেলগে এটা পৰিৱেশতন্ত্ৰ গঠন কৰে।

৪। তিনিটা প্রাকৃতিক পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ দিয়া।

উত্তৰঃ তিনিটা প্রাকৃতিক পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ হ’ল– 

(i) অৰণ্য।

sqare

(ii) পুখুৰী। আৰু

(iii) হ্রদ।

৫। দুটা মানৱসৃষ্ট বা কৃত্রিম পৰিৱেশতন্ত্ৰৰ উদাহৰণ দিয়া।

sidebar2026

উত্তৰঃ দুটা মানৱসৃষ্ট বা কৃত্রিম পৰিৱেশতন্ত্ৰৰ উদাহৰণ হ’ল— বাগিছা আৰু শস্য পথাৰ।

৬। উপভোক্তা (Consumers) কি?

2026

উত্তৰঃ যিবিলাক জীৱই উৎপাদকৰ দ্বাৰা প্ৰস্তুত খাদ্য প্ৰত্যক্ষভাৱে উৎপাদকৰ পৰা বা পৰোক্ষভাৱে আন উপভোক্তাক ভক্ষণ কৰি গ্ৰহণ কৰে, তেনে জীৱক উপভোক্তা বোলে।

৭। উপভোক্তাক কি কি ভাগত শ্রেণীবিভাজন কৰা হৈছে?

উত্তৰঃ উপভোক্তাৰ বিভিন্ন ভাগসমূহ হ’ল— তৃণভোজী, মাংসভোজী, সর্বভক্ষী আৰু পৰজীৱী। 

৮। খাদ্যশৃংখল (Food chain) কি? এটা উদাহৰণ দিয়া।

উত্তৰঃ বিভিন্ন জৈৱিক স্তৰ (Biotic level) ত অংশ লোৱা জীৱসমূহৰ এটা শ্রেণীক খাদ্যশৃংখল বোলে। উদাহৰণ: ঘাঁহ → ফৰিং → ভেকুলী → সাপ।

sidebar2026

৯। পৌষ্টিক স্তৰ (Trophic level) কি?

উত্তৰঃ খাদ্যশৃংখল এডালৰ প্ৰতিটো স্তৰ বা পর্যায়ক পৌষ্টিক স্তৰ বোলে।

১০। শক্তি প্রবাহ চিত্র (Energy Flow Diagram) কি?

উত্তৰঃ পৰিৱেশতন্ত্ৰ এটাত বিভিন্ন পৌষ্টিক স্তৰৰ মাজত শক্তিৰ অগ্ৰগামী প্ৰবাহৰ ৰৈখিক প্ৰকাশক শক্তি প্রবাহ চিত্র বোলে।

১১। অ’জন কি?

উত্তৰঃ অ’জন (O,) হ’ল তিনিটা অক্সিজেন পৰমাণুৰ দ্বাৰা গঠিত এক অণু। ই এক বিষাক্ত গেছ আৰু ইয়াক বায়ুমণ্ডলৰ ওপৰৰ স্তৰত পোৱা যায় ৷

১২। অ’জন স্তৰৰ অৱক্ষয় ৰোধ কৰাৰ এটা উপায় উল্লেখ কৰা।

উত্তৰঃ অ’জন স্তৰৰ অৱক্ষয় ৰোধ কৰাৰ এটা উপায় হ’ল এই অৱক্ষয়ৰ বাবে দায়ী ক্ল’ৰফ্ল’ৰ কাৰ্বন (CFC) নামৰ ৰাসায়নিক পদার্থবিধৰ ব্যৱহাৰ বন্ধ কৰা।

খালী ঠাই পূৰ কৰা।

১। পৰিৱেশত __________ পদাৰ্থবোৰ জৈৱিক প্রক্রিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয়।

উত্তৰঃ পৰিৱেশত জৈৱ নিম্নিকৰণীয় পদাৰ্থবোৰ জৈৱিক প্রক্রিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয়।

২। খাদ্য শৃংখলত __________জীৱে সূৰ্যৰ শক্তি সজীৱ পদাৰ্থত ৰূপান্তৰ কৰে।

উত্তৰঃ খাদ্য শৃংখলত উৎপাদক জীৱে সূৰ্যৰ শক্তি সজীৱ পদাৰ্থত ৰূপান্তৰ কৰে।

৩। ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ খাদ্য শৃংখলত প্ৰবেশ কৰি মানুহৰ শৰীৰত __________ বৃদ্ধি কৰে।

উত্তৰঃ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ খাদ্য শৃংখলত প্ৰবেশ কৰি মানুহৰ শৰীৰত জৈৱিক বিবর্ধন বৃদ্ধি কৰে।

2026

৪। স্থলজ পৰিস্থিতি তন্ত্রত সেউজীয়া উদ্ভিদে সিহঁতৰ পাতত পৰা সূৰ্যৰ পোহৰৰ পৰা প্ৰায় __________ ধৰি ৰাখিব পাৰে।

উত্তৰঃ স্থলজ পৰিস্থিতি তন্ত্রত সেউজীয়া উদ্ভিদে সিহঁতৰ পাতত পৰা সূৰ্যৰ পোহৰৰ পৰা প্ৰায় 10% সৌৰশক্তি ধৰি ৰাখিব পাৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top