SEBA Class 10 Science Important Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

SEBA Class 10 Science Important Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Science Important Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Solutions in Assamese and select need one. Class 10 General Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Science in Assamese.

SEBA Class 10 Science Important Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 General Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 16

IMPORTANT QUESTION AND ANSWER

১। পানীৰ খেতি (Water harvesting) কি?

উত্তৰঃ পানীৰ খেতি হ’ল এনে এক ব্যৱস্থা য’ত বৰষুণৰ পানী সংগ্ৰহ কৰি তাক ভূগর্ভস্থ পানীৰ পুনৰুদ্ধাৰৰ বাবে মাটিৰ তললৈ পঠাই দিয়া হয়।

২। জলবিভাজিকা ব্যৱস্থাপনা বা ৱাটাৰশ্বেড ব্যৱস্থাপনা (Water management) কি?

উত্তৰঃ জৈৱ-ভৰৰ উৎপাদন বৃদ্ধিৰ বাবে মাটি আৰু পানীৰ সংৰক্ষণৰ বিজ্ঞানসন্মত পদ্ধতিকে জলবিভাজিকা ব্যৱস্থাপনা বোলা হয়।

৩। নদী বান্ধৰ এটা সুবিধা লিখা।

উত্তৰঃ নদীবান্ধৰ এটা সুবিধা হ’ল— নদীবান্ধসমূহ বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। পুনঃচক্রীয়কৰণৰ বাবে পদাৰ্থ পৃথক কৰাৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ যাতে পুনঃচক্রীয়কৰণযোগ্য বস্তুবোৰ আন বর্জ্যৰ লগত মিহলি নহয় আৰু পুনৰ ব্যৱহাৰ কৰিব পৰা যায়।

৫। পুনঃব্যৱহাৰ পুনঃচক্রীয়কৰণতকৈ উত্তম কিয়?

উত্তৰঃ পুনঃব্যৱহাৰ পুনঃচক্রীয়কৰণতকৈ উত্তম কিয়নো পুনঃচক্রীয়কৰণত শক্তি খৰচ হয়, কিন্তু পুনঃব্যৱহাৰত একে বস্তু পুনৰ ব্যৱহাৰ কৰি শক্তিৰ অপচয় ৰোধ কৰা হয়।

৬। পুনঃব্যৱহাৰৰ উদাহৰণ দিয়া।

উত্তৰঃ জাম, আচাৰ আদি অনা বটলবোৰ পুনৰ ৰান্ধনিঘৰত ব্যৱহাৰ কৰা।

৭। পৰিৱেশ-অনুকূল সিদ্ধান্ত গ্ৰহণ মানে কি?

উত্তৰঃ এনে সিদ্ধান্ত গ্ৰহণ যিয়ে পৰিৱেশৰ ওপৰত ক্ষন্তেকীয়া, দীৰ্ঘম্যাদী বা সুদূৰ প্রসাৰী প্ৰভাৱ বিবেচনা কৰে।

৮। বহনক্ষম বিকাশ বুলিলে কি বুজা যায়?

উত্তৰঃ এনে বিকাশ যি বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে সম্পদ সংৰক্ষণ কৰে।

৯। জৈৱ বৈচিত্ৰ্য বুলিলে কি বুজা যায়?

উত্তৰঃ এটা অঞ্চলত থকা সকলো জীৱ প্ৰজাতিৰ বৈচিত্ৰ্যক জৈৱ বৈচিত্ৰ্য বোলা হয়।

১০। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উদ্দেশ্য কি?

উত্তৰঃ জীৱ প্ৰজাতিসকল বিলুপ্ত নহয় যেন তাৰ নিৰাপত্তা নিশ্চিত কৰা।

১১। জৈৱ বৈচিত্ৰ্য বিনাশৰ ফল কি?

উত্তৰঃ ই প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰে।

১২। চিপকো আন্দোলনৰ সূচনা ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ চিপকো আন্দোলনৰ সূচনা গাৰোৱালৰ ৰেনি গাঁৱত 1970 চনত হৈছিল।

১৩। চিপকো আন্দোলনত মহিলাসকলে কেনেকৈ প্ৰতিবাদ কৰিছিল?

উত্তৰঃ সিহঁতে গছবোৰক সাবটি ধৰিলে যাতে বনুৱাসকলে গছ কাটিব নোৱাৰে।

১৪। গাঁওবাসীসকলে গছ কেনেকৈ ব্যৱহাৰ কৰিছিল?

উত্তৰঃ গছৰ ডাল কাটি পাত চিঙি পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰিছিল আৰু পুনৰ পোহিবলৈ সময় দিছিল।

১৫। চিপকো আন্দোলনে চৰকাৰক কেনেকৈ প্ৰভাৱিত কৰিছিল?

উত্তৰঃ চৰকাৰে বনসম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হৈছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top