Class 11 Swadesh Adhyayan Important Chapter 2 অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট্য

Class 11 Swadesh Adhyayan Important Chapter 2 অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Swadesh Adhyayan Important Chapter 2 অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট্য Solutions in Assamese and select need one. Class 11 Swadesh Adhyayan Additional Solutions Assamese Medium Download PDF. HS 1st Year Swadesh Adhyayan Important Question Answer in Assamese.

Class 11 Swadesh Adhyayan Important Chapter 2 অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট্য

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Swadesh Adhyayan Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Swadesh Adhyayan Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 2

প্রথম ভাগ: ভূগোল
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা প্ৰায় কিমান আছিল?

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা প্ৰায় ৩ কোটি ১২ লাখ আছিল।

২। অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?

উত্তৰঃ অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ৩৯৮ জন।

৩। অসমৰ লিঙ্গ অনুপাত কিমান আছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ অসমৰ লিঙ্গ অনুপাত ১০০০ পুৰুষৰ বিপৰীতে ৯৫৮ মহিলা।

৪। অসমৰ জনসংখ্যাৰ অধিকাংশ কোন অঞ্চলত বাস কৰে?

উত্তৰঃ অসমৰ জনসংখ্যাৰ অধিকাংশ গ্ৰামীণ অঞ্চলত বাস কৰে।

৫। অসমৰ জনসংখ্যা কোন কোন দিশৰ পৰা বৈচিত্ৰ্যপূৰ্ণ?

উত্তৰঃ  অসমৰ জনসংখ্যা ধৰ্ম, ভাষা, সংস্কৃতি আৰু জাতিগত দিশৰ পৰা বৈচিত্ৰ্যপূৰ্ণ।

৬। অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰত কেতবোৰ অঞ্চলত কেনে পৰিৱর্তন দেখা গৈছে?

উত্তৰঃ অসমৰ জনসংখ্যা কিছুমান অঞ্চলত জনসংখ্যাৰ বৃদ্ধি উচ্চ হাৰত পৰিৱর্তন দেখা গৈছে।

৭। অধিকাংশ অসমবাসী কোন খণ্ডত নিযুক্ত থাকে?

উত্তৰঃ অধিকাংশ অসমবাসী কৃষি আৰু গৃহস্থলী উদ্যোগ খণ্ডত নিযুক্ত থাকে।

৮।  নগৰীকৰণ আৰু শিক্ষাৰ ক্ষেত্ৰত কি ধৰণৰ পৰিৱর্তন দেখা গৈছে?

উত্তৰঃ নগৰীকৰণ বৃদ্ধি পাইছে আৰু শিক্ষাৰ ক্ষেত্ৰতো উন্নতি হৈছে।

৯। অসমৰ ধৰ্মীয় বৈচিত্ৰ্যত কোন কোন ধৰ্মীয় গোষ্ঠী বাস কৰে?

উত্তৰঃ অসমৰ ধৰ্মীয় বৈচিত্ৰ্যত হিন্দু, মুছলিম, খ্ৰীষ্টান, বৌদ্ধ আৰু অন্যান্য ধৰ্মীয় গোষ্ঠী বাস কৰে।

১০। অসমৰ জনসংখ্যা কেনেধৰণৰ সামাজিক চিত্ৰ দাঙি ধৰে?

উত্তৰঃ অসমৰ জনসংখ্যা এটি ঐক্যবদ্ধ, বৈচিত্ৰ্যময় আৰু সম্প্ৰীতিৰ সামাজিক চিত্ৰ দাঙি ধৰে।

শুদ্ধ নে অশুদ্ধ লিখা।

১। লিঙ্গ অনুপাতৰ দ্বাৰা এটা অঞ্চলত থকা পুৰুষৰ মর্যাদা বা সন্মান নিৰূপণ কৰা যায়।

উত্তৰঃ অশুদ্ধ।

২। মৃত্যুৰ হাৰতকৈ মানুহৰ জন্মৰ হাৰ বেছি হ’লে আৰু লগতে জন প্রব্রজন হ’লে জনসংখ্যা হ্ৰাস হয়।

উত্তৰঃ অশুদ্ধ।

৩। মাটিৰ আয়তন আৰু মানুহৰ সংখ্যাৰ মাজৰ এই অনুপাতকে জনসংখ্যাৰ ঘনত্ব বোলা হয়।

উত্তৰঃ শুদ্ধ।

৪। অসম ৰাজ্যত ২০১১ চনৰ লোকপিয়ল অনুসৰি সাক্ষৰতাৰ হাৰ ৭৮.১৯ শতাংশ।

উত্তৰঃ অশুদ্ধ।

৫। অসমলৈ তৃতীয় গুরুত্বপূর্ণ প্রব্রজনটো স্বাধীনতা লাভৰ পিছত হয়।

উত্তৰঃ শুদ্ধ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top