Class 11 Swadesh Adhyayan Chapter 6 সমাজ আৰু সামাজিক বৈশিষ্ট্য

Class 11 Swadesh Adhyayan Chapter 6 সমাজ আৰু সামাজিক বৈশিষ্ট্য, স্বদেশ অধ্যয়ন Class 11 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 11 Swadesh Adhyayan Chapter 6 সমাজ আৰু সামাজিক বৈশিষ্ট্য Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 11 Swadesh Adhyayan Chapter 6 সমাজ আৰু সামাজিক বৈশিষ্ট্য Notes covers all the exercise questions in HS 1st Year Swadesh Adhyayan Textbooks. The Assam Board Class 11 Swadesh Adhyayan Chapter 6 সমাজ আৰু সামাজিক বৈশিষ্ট্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সমাজ আৰু সামাজিক বৈশিষ্ট্য

Chapter – 6

TEXTUAL QUESTION ANSWER

অনুশীলনী

১। (ক) তাবাকাৎ – ই – নাচিৰীৰ লেখক কোন?

উত্তৰঃ তাবাকাৎ – ই- নাচিৰীৰ লেখক হ’ল মিনহাজউদ্দিন ছিৰাজ।

(খ) কোনবোৰ পথেৰে মংগোলীয় সকলে কামৰূপত প্রৱেশ কৰিছিল? 

উত্তৰঃ পটকাই পৰ্বতৰত গিৰিপাথবোৰেৰে মংগোলীয় সকলে কামৰূপত প্রৱেশ কাৰিছিল। 

(গ) পাইক প্রথা কোনে প্রৱর্তন কৰিছিল? 

উত্তৰঃ মোমাই তামুলী বৰবৰুৱাত স্বৰ্গদেউ প্রতাপ সিংহৰ দিনত পাইক প্রথা প্রৱর্তন কৰিছিল।

(ঘ) পাইকৰ ভাগ দুটা কি কি? 

উত্তৰঃ পাইকৰ ভাগ দুটা হল–

 কাঁড়ী আৰু চমুৱা।

২৷ উত্তৰ-পূর্বাঞ্চলত সংঘটিত হোৱা জন প্ৰবজনৰ এক সম্যক ‘ধাৰণা দিয়া? 

উত্তৰঃ সমগ্র উত্তৰ-পূৰ্বাঞ্চলত অতি আধুনিক সংস্কৃতিৰ সমাজৰপৰা আৰম্ভ কৰি প্ৰাচীন জনজাতীয় সংস্কৃতিৰ সমাজলৈকে সকলো শ্ৰেণীৰ লোক বসবাস কৰি আছে। সেয়েহে এই গোটেই উত্তৰ-পূৰ্বাঞ্চলটোকে এটা ‘নৃ-তাত্ত্বিক যাদুঘৰ’ বুলি কোৱা হয়। ভৌগোলিকভাৱে সমগ্র উত্তৰ- পূর্বাঞ্চলটোৱেই এক গুৰুত্বপূৰ্ণ জন-প্ৰব্ৰজনৰ পথত অৱস্থিত। গতিকে দক্ষিণ-পূব এছিয়া, দক্ষিণৰ সাগৰীয় ঠাইসমূহ আৰু ভাৰতৰ অন্যান্য ঠাইৰপৰা যুগে যুগে ইয়ালৈ জন-প্ৰব্ৰজন হৈ আহিছে। সম্ভৱতঃ তিনি বা চাৰিটামান প্রৱেশ পথেদি এনে জন-প্রব্রজন সম্ভৱ হৈছিল বুলি পণ্ডিতসকলে অনুমান কৰে। উত্তৰৰ পৰ্বতমালাৰ মাজত থকা গিৰিপথসমূহেদি তিব্বত, নেপাল, ভূটান আৰু চীনদেশৰ লগত অতীত কালৰ পৰাই এই অঞ্চলৰ যোগাযোগ থকাৰ প্রমাণ পোৱা যায়। মিনহাজউদ্দিন ছিৰাজৰ ‘তাবাকাৎ-ই-নাছিৰী’ নামৰ গ্ৰন্থত কামৰূপ, দৰং, গোৱালপাৰা আৰু উত্তৰ বংগৰ লগত তিব্বত আৰু অন্যান্য চুবুৰীয়া দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ যোগাযোগ ৰাখিব পৰা ৩৫ টা গিৰিপথ থকাৰ উল্লেখ পোৱা যায়। আকৌ অসম আৰু ব্ৰহ্মদেশৰ মাজৰ পৰ্বতৰাশিৰ মাজেদিও, বিশেষকৈ পাটকাই পৰ্বতৰ গিৰিপথেদি উত্তৰ-পূৰ্বাঞ্চলৰ লগত ব্রহ্মদেশৰ যোগাযোগ আছিল এই গিৰিপথবিলাকে দিয়েই মংগোলীয় জনগোষ্ঠীৰ তিব্বত-বর্মী লোকসকলৰ প্ৰব্ৰজন হৈছিল।

অসম-ব্রহ্ম আৰু মণিপুৰ বা নগা ৰাজ্যৰ সীমান্তৰে এতিয়াও জন-সংশ্লেষণ আৰু জন-প্ৰব্ৰজন হৈ থকা দেখা যায়। অৱশ্যে এনে জন-প্রব্রজন বা সংশ্লেষণ নিতান্তই সমগোত্রীয় জনগোষ্ঠীসমূহৰ মাজত সামাজিক সম্পৰ্ক ৰক্ষাৰ কাৰণতে মূলতঃ চলি থাকে। উদাহৰণস্বৰূপে, অসম-অৰুণাচলৰ ভিতৰত থকা চিংফৌ জনজাতিসকললৈকে আঙুলিয়াব পাৰি। তেওঁলোক ভাৰত আৰু ম্যানমাৰৰ সীমান্তৰ দুয়োফালে বসবাস কৰি আছে। দ্বিতীয়বিধ পথ আছিল ব্ৰহ্মপুত্ৰ আৰু গংগা উপত্যকাইদি। এই দুই নদীৰ জলৰাশিয়ে যুগ যুগ ধৰি ভাৰতৰ অন্যান্য ঠাইৰ লগত উত্তৰ-পূব ভাৰতৰ যোগাযোগ ৰক্ষা কৰি আহিছে। এই পথেৰেই আর্যভাষীসকলৰ অসমত প্রৱেশ ঘটিছিল। তৃতীয় পথটো সাগৰীয় পথ। দক্ষিণ-পূব এছিয়াৰ দেশসমূহ, দক্ষিণ ভাৰত আৰু সাগৰীয় স্থলভাগৰপৰা বহু লোক বংগোপসাগৰেদি আহি এই অঞ্চলত প্রবেশ কৰিছিলহি। এই পথেদি প্রধানকৈ দ্রাবিড় আৰু নেগ্রিট’ লোকসকলৰ প্ৰব্ৰজন ঘটিছিল।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অধিবাসীসকল বিভিন্ন গোষ্ঠীপ্রসূত লোক। তাৰ ভিতৰত মংগোলীয় গোষ্ঠীৰ ইন্দু-চীন শাখাৰ তিব্বত-বর্মীসকল, দ্রাবিড়, নেগ্রিট’, অষ্ট্র-এছিয়াটিক আৰু আর্যভাষীসকল প্রধান। এইসকল প্রব্রজনকাৰীৰ ভিতৰত অষ্ট্রিক-ভাষী খাচি চিন্তেংসকলেই প্রথম ফৈদৰ প্ৰৱেশকাৰী বুলি পণ্ডিতসকলে ধাৰণা কৰে।

৩। জাতি গঠন প্রক্রিয়াত মংগোলীয়সকলৰ অৱদান সম্পর্কে এক টোকা প্রস্তুত কৰা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰ-ভৈয়ামৰ অধিক সংখ্যক লোকেই মংগোলীয় গোষ্ঠীৰ ইন্দো-চীন ফৈদৰ তিব্বত-বর্মী শাখাৰ লোক। উত্তৰ-পশ্চিম চীনৰ হোৱাংহো উপত্যকা আৰু ইয়াংচিকিয়াং নদীৰ উজনি অঞ্চলেই এই লোকসকলৰ পূৰ্বৰ বাসস্থান আছিল। কিন্তু কোন সময়ত এই লোকসকল ভাৰতৰ উত্তৰ-পূর্বাঞ্চলত প্ৰৱেশ কৰিছিল তাক সঠিককৈ কোৱা টান। বহুতৰ মতে খ্রীঃ পূঃ ২০০০ বছৰৰ আগৰপৰাই বিভিন্ন সময়ত দল বান্ধি এওঁলোক এই অঞ্চলত প্ৰৱেশ কৰে। এওঁলোকৰ কোনো কোনো প্রথমেই আদি বাসস্থানৰপৰা আহি ব্রহ্মপুত্র উপত্যকা আৰু ইয়াৰ কাষৰ পাহাৰীয়া অঞ্চলত সোমায়, আৰু আন কোনো কোনোৱে পোনতে ব্রহ্মদেশলৈ গৈ তাৰপৰা অসমৰ পূব আৰু পূব-দক্ষিণৰ পার্বত্য পথেদি অসমৰ পাহাৰীয়া অঞ্চলত প্ৰৱেশ কৰে। উত্তৰফালে ব্ৰহ্মপুত্ৰ, ইৰাৱতী, চালুইন, মেকং আৰু মেনাম নৈৰ উপত্যকাইদিও এওঁলোকৰ কোনো কোনো শাখাৰ প্ৰব্ৰজন হৈছিল। উত্তৰ-পশ্চিমৰ গোৱালপাৰা, উত্তৰবংগ আদি ঠাইলৈ তিস্তা আৰু ধৰলা নদীৰ উপত্যকাইদি এওঁলোকৰ এটা অংশই প্ৰৱেশ কৰে। তাৰপৰা ক্ৰমান্বয়ে তেওঁলোক উত্তৰ- পশ্চিমৰ পাহাৰ-ভৈয়ামত বিয়পি পৰে। খাচিয়া- জয়ন্তীয়াসকলৰ পাহাৰীয়া বাসস্থান অঞ্চলক বাদ দি অসমৰ বৰ্তমান কাষৰীয়া পার্বত্য এলেকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ অধিকাংশ ঠাই এই মংগোলীয় গোষ্ঠীৰ লোকসকলেৰে এসময়ত ভৰি পৰিছিল। বড়ো, কোচ, কছাৰী, মৰাণ, মটক, চুতীয়া, বৰাহী, ৰাভা, মেচ, তিৱা, হাজং, মিচিং, আদি, আপাতানি আদি এই গোষ্ঠীৰ লোক।

খ্রীঃ ত্রয়োদশ শতিকাৰ প্ৰথম ভাগত প্রব্রজন কৰা অসমৰ আহোমসকলো এই ইন্দু-চীনসকলৰে বংশধৰ। তদুপৰি খাতি, ফাকিয়াল, আইতনীয়া, খামজাং লোকসকলো মংগোলীয় গোষ্ঠীৰে লোক। অসমৰ আদিমতম থলুৱা লোকসকল এই মংগোলীয় প্রজাতিৰেই বুলি অনুমান হয়।

মংগোলীয়সকলক দুটা বহল ভাগত ভগাব পাৰিঃ (ক) উত্তৰ অসমৰ ভাগ আৰু (খ) অসম- ব্রহ্ম ভাগ। বর্তমান অৰুণাচল প্ৰদেশৰ আদি, আপাতনি, নিচি, মিচিং, মিচিমি আদি জনজাতিৰ লোকসকলক উত্তৰ অসম ভাগত ধৰিব পাৰি। দ্বিতীয় ভাগত নগাসকলৰ আও, আংগামি, চেমা, ৰেংমা, লোথা আদিৰ উপৰি বড়োসকলক ধৰিব পাৰি। বড়োসকলৰ অন্তর্গত বহুত জনজাতি আছে। এসময়ত ব্রহ্মপুত্র উপত্যকাৰ শদিয়াৰপৰা ধুবুৰীলৈ আৰু পাহাৰীয়া অঞ্চলসমূহত এই লোকসকল সিঁচৰতি হৈ আছিল। আমি আগতেই উল্লেখ কৰি অহা গাৰো, কছাৰী, চুতীয়া, ৰাভা, কোঁচ, লালুং, মেচ, ডিমাছা, হোজাই, হাজং আদি লোকসকল এই জাতিৰ লোক। প্রাচীন আৰু মধ্যযুগত এওঁলোকৰ বহুতেই ৰাজ্য একোখন পাতি ৰাজনৈতিকভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছিল। প্রাচীন ভাৰতীয় সংস্কৃত সাহিত্যসমূহত উল্লেখ কৰা কিৰাতসকল এই বড়োসকলকে ধৰি সমগ্র মংগোলীয় আৰু অষ্ট্রিক গোষ্ঠীৰ লোক আছিল বুলি পণ্ডিতসকলে কয়।

৪। কামৰূপলৈ ভাৰতীয় সংস্কৃতিৰ আগমনে কেনেধৰণৰ পৰিবর্তন আনিছিল আলোচনা কৰা। 

উত্তৰঃ আর্যভাষী ব্ৰাহ্মণ সকলৰ আগমনৰ লগে লগে সীমিত ভাৱে হ’লেও অসমৰ থলুৱা সংস্কৃতিৰ এক ধাৰাবাহিক পৰিৱর্তন প্রক্রিয়া আৰম্ভ হৈছিল। জনজাতীয় গোষ্ঠীসমূহ নিজ নিজ এলেকাত নিজস্ব আচাৰ অনুষ্ঠানৰ মাজেৰে শক্তিশালী হৈ উঠাৰ লগে লগে আৰ্য গোষ্টী-প্ৰসূত ব্ৰহ্মণসকলে অনাৰ্য মুখিয়াল সকলক হিন্দু ধর্মত দীক্ষিত কৰি বহু ক্ষেত্রত সংস্কৃত কৰে। ইয়াৰ ফলস্বৰূপে ব্রাহ্মণ পুৰোহিত শ্রেণী আৰু এইসকল জন জাতীয় লোকৰ মাজত একপ্রকাৰৰ অবিচ্ছেদ্য সম্পর্ক এটাও স্থাপন হৈছিল। নিজৰ অর্থনৈতিক শক্তি আৰু এই বুদ্ধিমান পুৰোহিত শ্রেণীটোৰ সহায়ত এইদৰেই ব্ৰহ্মপুত্র উপত্যকাত প্রথম ৰাজ্য প্রতিষ্ঠা হয় আৰু আর্য ৰাজতন্ত্রৰ নীতি অনুশৰী অনাৰ্য ৰজাক আর্যকৃত ক্ষত্রিয় কাৰি একা দৈৱীক সূত্ৰৰ লগত তেওঁলোকক সংযুক্ত কৰা হয়।

নতুন ৰাজতন্ত্র প্রতিষ্ঠাৰ লগে লগে সমাজত দুটা প্রবল শক্তিৰ উদয় হৈছিল– 

(ক) বর্ণাশ্রম প্রথা। আৰু

(খ) মানুহৰ মাজৰ শ্রেণীবিভাজন। 

শাসক জনজাতি সকলক হিন্দু ধর্মত দীক্ষিত কৰাৰ লগে লগে এই ধর্মৰ নীতি অনুসৰি তেওঁলোক একো একোটা জাতিত পৰিণত হৈছিল আৰু সেই জাতিসমূহ সদায় শূদ্ৰবৰ্ণৰ অন্তৰ্ভুক্ত হৈছিল। লগে লগে সংস্কৃতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এই নতুনকৈ সৃষ্টি হোৱা জাতিবিলাকৰ ভিতৰত উচ্চ-নীচৰ স্থান সৃষ্টি হৈছিল। সংস্কৃতকৰণৰ শীৰ্ষত উঠাসকল উচ্চ আৰু প্রাথমিক স্তৰত থকাসকল নিম্ন স্থানত থাকিব লগা হৈছিল।

৫। পাইক ব্যৱস্থা কি? মধ্যযুগৰ কৃষিভিত্তিক সমাজ ব্যৱস্থাত এই সংগঠনৰ আৱশ্যকীয়তা কেনে আছিল লিখা। 

উত্তৰঃ ১৬ বছৰৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত সকলো কর্মঠ মুনিহ প্রজাকে পাইক বুলি কোৱা হৈছিল।

আৰু পাল পাতি পাতি প্রতিজন পাইকে বছৰত তিনি মাহকৈ ৰাজ্যৰ বাবে অর্থাৎ ৰজাৰ হৈ কাম কাজ দিব লাগিছিল। এই নিয়মকেই পাইক প্রথা বুলি কোৱা হৈছিল। 

মধ্যযুগৰ কৃষিভিত্তিক সমাজ ব্যৱস্থাত পাইক সংগঠনৰ আৱশ্যকীয় আছিল ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ প্ৰব্ৰজন কৰা আহোমসকলে এক কৃষিভিত্তিক সমাজৰ সংস্কৃতি বহন কৰি আহিছিল। উন্নত কৃষি প্ৰণালীৰ লগত আহোমসকলে প্ৰথমৰ পৰা এই বিস্তীৰ্ণ সাৰুৱা অঞ্চলত স্থায়ীভাৱে খেতিৰ ব্যৱস্থা কৰিছিল। কৃষিৰ বাবে যিবোৰ শাৰীৰিক শ্ৰমৰ আৱশ্যক হৈছিল তেওঁলোকৰ সেইখিনি জনশক্তি নাছিল। সাময়িকভাৱে গঠন কৰিবলগীয়া সামৰিক শক্তিৰ প্ৰয়োজনতো পাইক প্ৰথাৰ সৃষ্টি হৈছিল।  টকা-পইচাৰ বহুলভাৱে প্ৰচলন নথকা অৱস্থাত এহাতে বেতন দি নিয়মিত ভাৱে সেনাবাহিনী ৰাখিব পৰা নাছিল। তেওঁলোকে বেতনৰ পৰিৱৰ্তে মাটি আৰু মঞ্জুৰি দিয়া লগতে কাম কৰিবলৈ মানুহ দিব লাগিছিল।

পাইক পথাৰ মাধ্যমেৰে জনজাতীয় সমাজ ব্যৱস্থাৰ পৰিবৰ্তন হৈ আহোমৰ সামন্তীয় প্ৰথাৰ লগত মিলি গৈছিল। সেই কাৰণে ব্য়ক্তিগত সম্পত্তিৰ বিকাশ ঘটিছিল। এনেদৰে ‘খেল’ প্ৰথাৰ সৃষ্টি কৰি পাইক সংগঠন কৰিছিল। ১৬০৯ খ্ৰীঃত প্ৰথমে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাই পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। সেই প্ৰথাৰ ১৬ বছৰৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত সকলো কৰ্মঠ মুনিহ প্ৰজাকে পাইক বুলি কোৱা হয়। মুদ্ৰা অৰ্থনীতি নথকা সময়ত মাটি আৰু উৎপাদন কৰিবলৈ নিয়োজিত কৰা মানুহবোৰে এজন ব্যক্তি সম্পত্তি আছিল। পাইকসকলক কিছুমান নীতিৰ মাধ্যমেদি সংগঠন কৰি কামত লগোৱা হৈছিল। পাইকসকলে নিজাববীয়াকৈ দুপুৰা মাটিত খাজনা নভৰাকৈ খেতি কৰা সুবিধা পাইছিল। ইয়াৰ উপৰিও এজন পাইকে দেশৰ বাবে ৩ বা ৪ মাহ কাম কৰি দিছিল। পাইক প্ৰথাত পাইকসকলে মাটিৰ মালিকীস্বত্ব নাপাইছিল। ৰজাই মন কৰিলে তেওঁলোকক এঠাই পৰা আন বেলেগ ঠাইলৈ উঠাই নিব পাৰিছিল। 

এজন প্ৰাইকে যিমান বোৰ খেতি মাটি পাইছিল সেইবোৰ তেওঁ ব্যক্তিগত নামত মঞ্জুৰ কৰা নাছিল, সেইবোৰ খেলৰ নামত কৰা হৈছিল। খেলৰ সদস্য় হিচাপে পাইকজনে দুপুৰা মাটিত খেতি কৰা অধিকাৰ পাইছিল। খেতি কৰি উঠা পিছত সেই মাটি বোৰ খেলক দিব লগা হৈছিল।

1 thought on “Class 11 Swadesh Adhyayan Chapter 6 সমাজ আৰু সামাজিক বৈশিষ্ট্য”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top