Class 11 Political Science MCQ Part – I Chapter 4 কাৰ্যপালিকা

Class 11 Political Science MCQ Part – I Chapter 4 কাৰ্যপালিকা Solutions, HS 1st Year Political Science MCQ Solutions, Class 11 Political Science MCQ Part – I Chapter 4 কাৰ্যপালিকা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Political Science MCQ Part – I Question Answer and select needs one.

Class 11 Political Science MCQ Part – I Chapter 4 কাৰ্যপালিকা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Political Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Political Science Objective Type Solutions for All Subject, You can practice these here.

কাৰ্যপালিকা

Chapter – 4

PART – I

MULTIPLE CHOICE QUESTION ANSWER

১। ৰাষ্ট্ৰ এখনৰ চৰকাৰ কিমানটা অংগৰ দ্বাৰা গঠিত?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছয়টা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (ক) তিনিটা।

২। সংসদীয় পদ্ধতিৰ চৰকাৰত কোনে কার্যপালিকাক নিয়ন্ত্রণ কৰে?

(ক) ন্যায়পালিকা।

(খ) সংবাদমাধ্যম।

(গ) বিধানমণ্ডল।

(ঘ) নিৰ্বাচন আয়োগ।

উত্তৰঃ (গ) বিধানমণ্ডল।

৩। বিধানমণ্ডলে প্রণয়ন কৰা আইনসমূহ চৰকাৰৰ যিটো বিভাগে কাৰ্যকৰী কৰে সেই বিভাগটোক কি বোলা হয়?

(ক) ন্যায়পালিকা।

(খ) কাৰ্যপালিকা।

(গ) বিধানমণ্ডল।

(ঘ) নিৰ্বাচন আয়োগ।

উত্তৰঃ (খ) কাৰ্যপালিকা।

৪। তলত দিয়া কোনখন দেশত অর্ধ-ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থা আছে?

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ।

(খ) জাপান।

(গ) কানাডা।

(ঘ) ফ্ৰান্স।

উত্তৰঃ (ঘ) ফ্ৰান্স।

৫। ফ্ৰান্সৰ অর্ধ-ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থাত কোন দুজন ব্যক্তিয়ে শাসন ব্যৱস্থাত ভূমিকা পালন কৰে?

(ক) ৰাষ্ট্ৰপতি আৰু মুখ্যমন্ত্ৰী।

(খ) ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী।

(গ) ৰাণী আৰু প্ৰধানমন্ত্ৰী।

(ঘ) ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি।

উত্তৰঃ (খ) ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী।

৬। ইটালীত কোনজন ব্যক্তি ৰাষ্ট্ৰৰ আনুষ্ঠানিক মুৰব্বী হিচাপে গণ্য?

(ক) সম্রাট।

(খ) মুখ্যমন্ত্ৰী।

(গ) ৰাষ্ট্ৰপতি।

(ঘ) প্ৰধানমন্ত্ৰী।

উত্তৰঃ (গ) ৰাষ্ট্ৰপতি।

৭। তলত দিয়া কোনখন দেশত চেন্সেলৰ (Chancellor) চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্য কৰে?

(ক) জাপান।

(খ) ইটালি।

(গ) জাৰ্মানী।

(ঘ) ৰাছিয়া।

উত্তৰঃ (গ) জাৰ্মানী।

৮। শ্ৰীলংকাৰ সংবিধান কেতিয়া সংশোধন কৰি কার্যবাহী ৰাষ্ট্ৰপতীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল?

(ক) ১৯৭২ চনত।

(খ) ১৯৭৮ চনত।

(গ) ১৯৮৫ চনত।

(ঘ) ১৯৯০ চনত।

উত্তৰঃ (খ) ১৯৭৮ চনত।

৯। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে কাক বাছনি কৰে?

(ক) মুখ্যমন্ত্ৰী।

(খ) উচ্চতম ন্যায়াধীশ।

(গ) প্ৰধানমন্ত্ৰী।

(ঘ) সংসদৰ অধ্যক্ষ।

উত্তৰঃ (গ) প্ৰধানমন্ত্ৰী।

১০। সংসদীয় শাসন ব্যৱস্থাত কাক চৰকাৰৰ মুৰব্বী হিচাপে গণ্য কৰা হয়?

(ক) প্রধানমন্ত্রী।

(খ) সম্রাট।

(গ) ৰাষ্ট্ৰপতি।

(ঘ) চীফ জাষ্টিছ।

উত্তৰঃ (ক) প্রধানমন্ত্রী।

১১। সংসদীয় চৰকাৰ পদ্ধতিত কাক চূড়ান্ত ক্ষমতাধাৰী বুলি গণ্য কৰা হয়?

(ক) ৰাষ্ট্ৰপতি।

(খ) প্ৰধানমন্ত্ৰী।

(গ) সংসদ।

(ঘ) উচ্চতম ন্যায়ালয়।

উত্তৰঃ (গ) সংসদ।

১২। ভাৰতীয় সংবিধান ৰচকসকলে কোনটো আইনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সংসদীয় পদ্ধতি বাছনি কৰিছিল?

(ক) ভাৰত শাসন আইন।

(খ) মিণ্ট-মৰলী সংস্কাৰ।

(গ) ভাৰত চৰকাৰ আইন।

(ঘ) ভাৰত স্বাধীনতা আইন।

উত্তৰঃ (গ) ভাৰত চৰকাৰ আইন।

১৩। সংসদীয় পদ্ধতিত কার্যপালিকাক কোনে নিয়ন্ত্ৰণ কৰে?

(ক) বিধানমণ্ডল বা জনসাধাৰণৰ প্ৰতিনিধি।

(খ) ন্যায়পালিকা।

(গ) ৰাষ্ট্ৰপতি।

(ঘ) প্ৰধানমন্ত্ৰী।

উত্তৰঃ (ক) বিধানমণ্ডল বা জনসাধাৰণৰ প্ৰতিনিধি।

১৪। ৰাষ্ট্ৰপতিক কোনে পৰোক্ষভাৱে নিৰ্বাচিত কৰে?

(ক) সৰ্বসাধাৰণ নাগৰিক।

(খ) বিধায়ক আৰু সাংসদ।

(গ) উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি।

(ঘ) ৰাজ্যপাল।

উত্তৰঃ (খ) বিধায়ক আৰু সাংসদ।

১৫। কেন্দ্ৰীয় চৰকাৰৰ কার্যপালিকাৰ ক্ষমতা আনুষ্ঠানিকভাৱে কাৰ ওপৰত ন্যস্ত থাকে?

(ক) প্ৰধানমন্ত্ৰী।

(খ) উচ্চতম ন্যায়ালয়।

(গ) ৰাষ্ট্ৰপতি।

(ঘ) মুখ্যমন্ত্ৰী।

উত্তৰঃ (গ) ৰাষ্ট্ৰপতি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top